Friday, December 16, 2016

(একমিনিটৰ গল্প)
বাৰ বছৰতে ৰূপান্তৰ হোৱা গাওঁখনত সোমায়েই তাই অনুভৱ কৰিলে একোয়েই স্থৱিৰ নহয় পৃথিৱীত, একমাত্ৰ তাইৰ মনটোৰ বাহিৰে..
কৈশোৰৰ হাঁহিবোৰ চুকে-কোণে ভাঁহি থকা গাঁওখন অচিনাকিৰ দৰে লাগিেছ।
জীৱনত কেতিয়াও আকৌ ভৰি নিদোঁ বুলি ভবা ঘৰখনলৈ মাকৰ সেই দুখত টল্ মল্ চকুদুটিয়ে টানি লৈ আনিলে তাইক। তাইক বয়সস্থ মানুহজনৰ জীয়েকজনীৰ মাক হ'বলৈ বাধ্য কৰি দেউতাক জিকিল। তাইৰ মুখ নোচোৱাকৈ পৃথিৱী এৰি গুছি যোৱা দেউতাকৰ
জেদ !
তাইৰ লাজ লাজ লাগিছে ওপজা ঘৰখনত ভৰি দিবলৈ।
সেইটো ৰাজু। নীহকূলীয়া ৰাজু। তাইৰ পদূলি, ৰাজুহঁতৰ পদূলি সমুখা-সমুখি। তাইক দেখি অচিনাকি মানুহৰ দৰে চাইছে সি। লাহে-লাহে তাৰ চেলাউৰিযোৰ নাচিছে। হয়, খং উঠিলে তাৰ চেলাউৰিকেইডাল নাচে ! জানিছিল নহয় এতিয়াও মনত আছে তাইৰ ৰাজুৰ লগত তাৰ পেহীয়েকৰ ঘৰত কটোৱা সেই সপোন যেন সাতোটা দিন আৰু সাতোটা ৰাতি !
সেই যে কৈছিল তাই কাঠগৰাত উঠি ---"মোৰ বয়স সোতৰ বছৰ ,..সি মোক ফুচুলাই লৈ গৈছিল.."
.........হেণ্ডকাফ লগাই টানি নিয়া ৰাজুৰ তাইলৈ ঘুৰি চোৱা কৰুণ চকুযূৰি ..সেইযুৰিয়ে এতিয়াও দহে তাইক, তাক কেনেকৈ বুজাই তাই, তাইৰ মমতাময়ী হাতত সেই বয়সস্থ মানুহজনৰ পুত্ৰৰ হাত!

No comments:

Post a Comment