Monday, July 25, 2016


সোণোৱালী শৈশৱ!



জহকালিৰ কথা। স্কুলৰ পৰা অহাৰ পাছত ভাত খুৱাই মায়ে লগতে শুৱাই ল'য়। টোপনি নাহে মোৰ। মাৰ টোপনি অহালৈ বাট চাই থাকোঁ।টোপনি অহা বুলি নিশ্চিত হ'লেই হাতত সাৰে ভৰিত সাৰে উঠি আহোঁ।
একেশ্ৰেণীত পঢ়া বন্ধু সঞ্জীৱে " আমাৰ বাৰীত ঢেৰ নেমু আৰু লেচেৰামাহ লাগিছে, আহিবি আবেলি খাম" বুলি স্কুলতে দি থোৱা নিমণ্ত্ৰণ ৰক্ষা কৰিবলৈ ওলাওঁ। সাৰথি দেউতাৰ ২৪" ওখ চাইকেলখন। ফ্ৰেমৰ মাজেৰে সোঁভৰি সোমোৱাই (তলত) হাফ পেডেল মাৰি চলাব জানোঁ । মনে মনে ওলাই যাওঁ। সঞ্জীৱৰ ঘৰলৈ যাওঁতে মোৰ বৰদেউতাৰ ঘৰ পাৰ হৈ যাব লাগে । তাত একেলগে পঢ়া বৰদেউতাৰ ছোৱালী মামু বৰদেউতাৰ চাইকেল লৈ ৰৈ থাকে। আমাৰ গাঁওখন এৰিয়েই সঞ্জীৱৰ গাঁও। সিও আমি গৈ পোৱালৈ ৰৈ থাকে।তাৰ মাকো ভাত খাই শুৱে দুপৰীয়া। তেনে সময়তে আমি অামাৰ কাম কৰোঁ ।আন্ধাৰ হ'লে এটা কোঠাৰ পৰা আনটোলৈ অকলে যাবলৈ ভয় কৰা আমাৰ ভৰদুপৰীয়া ৰ'দত সাপলৈও ভয় নালাগে ।সৰসৰকৈ শব্দ কৰি যোৱা সাপ, ভেঁকুলীৰ প্ৰাণকাতৰ কান্দোনেও ৰখাব নোৱাৰে আমাক। হেঁদালিখনত ওলমি থকা কোমল, ঈষৎ সেউজীয়া লেচেৰা মাহবোৰ। চিঙি চিঙি খাওঁ। লেচেৰা ভাজি নোখোৱাৰ কাৰণে খোৱা মাৰ গালিবোৰ পাহৰি যাওঁ ।নেমুবোৰ কলিতে চিঙি খাওঁ। ৰস নাথাকিলে দলিয়াওঁ, আকৌ এটা চিঙোঁ।তেনেকৈ আমাৰ অভিযান চলাওঁতে এদিন সঞ্জীৱৰ মাকে চিকনি লৈ আমাক দৌৰাইছিল, কাৰো গাত কোব নপৰিল, কিন্তু সঞ্জীৱলৈ যিকেইটা ধমকি ওফৰি আহিল সি গধূলি কেনেকৈ ঘৰ সোমাইছিল সিহে জানে!
দুই তিনিদিন নোযোৱাকৈ থকাৰ পাছত আকৌ যাওঁ...।ঘৰলৈ ঘুৰি আহি দেখোঁ মা দেউতাই আগফালৰ বাৰান্দাত বহি থাকে, কেতিয়াবা চাহ খাই থাকে।তেনেকৈ হাফ পেডেল মাৰোঁতে মাৰোঁতে মই গম নোপোৱাকৈয়ে কেতিয়া ফুল পেডেল মাৰিবলৈ ধৰিলোঁ নিজেই গম নাপালোঁ..।
এদিন ঘৰলৈ ঘুৰি আহি পদূলি পাইছোঁ, মায়ে সদায় মতাৰ দৰে বচন ফাঁকি মাতিলে... '"সৌজনী দেখিছে? ক'ত ৰ'দখনত টলৌ টলৌকৈ ঘুৰি ফুৰিছে। দিয়কচোন দুচাটমান !"
দেউতাৰ মাৰ কথালৈ কাণসাৰ নাই। ভয়ে ভয়ে সোমোৱা মোলৈ চাই আছে, মুখত মিচিকিয়া হাঁহি!
"তই ফুল পেডেল মাৰিব পৰা হ'লি?....হ'ব দে, হাইস্কুল পালে লেডিজ চাইকেল এখন কিনি দিম বৃত্তি পাৱ যদি ।"
তেতিয়া মই চতুৰ্থ শ্ৰেণীত।
চতুৰ্থ শ্ৰেণীৰ বৃত্তি পালোঁ।
দেউতাক সুধিলোঁ "বাবা চাইকেল?"
সদায় চমু উত্তৰ "দিম ৰ'হ...চিক্স পাই ল।"
ক্লাছ চিক্সত "বাবা চাইকেল?", উত্তৰ "দিম ৰ'হ...চেভেন পাই ল" ।
ক্লাছ চেভেনতো একেই উত্তৰ।
অষ্টম মানলৈ নোসোধা হ'লোঁ।
অষ্টমমানৰ ছয়মাহিলি পৰীক্ষা দি থাকোঁতে এদিন গম পালোঁ মই আৰু পৰিনীতাই বৃত্তি পাইছোঁ ।তাৰ দুবছৰ আগতে উৎপলা ভাস্কৰবায়ে বহু বছৰৰ মূৰত আমাৰ স্কুলৰ পৰা বৃত্তি পাইছিল। দুজনীয়ে একেলগে বৃত্তি পোৱা কাৰণে আনন্দৰ পৰিবেশ... স্কুলতো, ঘৰতো!
তাৰ এমাহমান পাছতে দেউতাই চেকেণ্ডহেণ্ড চাইকেল এখন কিনি আনি দিলে মোক। প্ৰথমে খং উঠিছিল ইমানদিন আশা দি দি পুৰণা চাইকেল এখনহে দিলে বুলি ! কিন্তু নতুন যেন কৰি অনা পুৰণা চাইকেলখন দেখি কেনেকুৱা যে ফুৰ্তি লাগিছিল !
মোৰ এতিয়াও মনত আছে, চাইকেলখন অনাৰ দিনা মই ভিতৰলৈ সোমোৱাই ড্ৰেছিং টেবুলৰ সন্মুখলৈ লৈ গৈছিলোঁ আৰু বিভিন্ন ভংগীত চাইকেলত উঠি আৰু নামি আইনাত নিজকে চাইছিলোঁ! 

আপোন মানুহ


অামাৰ গাওঁখনৰ ওচৰতে কাকতি গাওঁ বুলি এখন গাওঁ অাছে য'ত অসমীয়া মুছলমান সম্প্ৰদায়ৰ মানুেহ বাস কৰে। মানুহখিনি অাৰ্থিকভাবে অতি দুৰ্বল অাৰু কাষৰ গাওঁবোৰত দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰে। কোনোৱে শাক পাচলি বিক্ৰি কৰে, কোনোৱে দলনিত ধৰা মাছ। মই সৰু থাকোঁতে তেওঁলোকৰ কেইজনমান কামত ইমান নিপুণ অাছিল যে তেওঁলোকৰ দ্বাৰা কাম কৰাবলৈ বহুতদিন অাগতেই কৈ থ'ব লাগিছিল । ৰোজাই ৰাখক বা শীতকালেই হওক বা গ্ৰীষ্মই হওক কাম কৰাৰ উদ্যম সদায় একে অাছিল।
গৌৰীকাই, হবিকাই অাৰু নুৰকাই নামৰ তিনিজন ককাই-ভাইয়ে বনোৱা বাঁহৰ বেৰ কমেও পাঁচবছৰ মান মেৰামতিৰ নামত চুবই দৰকাৰ নহৈছিল। তেওঁলোকে কাম কৰোঁতে সদায় মোক মিহি বাঁহৰ স্কেল বনাই দিছিল। মহিলাসকলে আনৰ ঘৰত ধান চাউল জৰা, সৰহীয়া কাপোৰ ধোৱা, সকাম আদি পাতিলে বাচন ধোৱা আদি কাম কৰিছিল । ঘৰলৈ ঘুৰি যোৱাৰ সময়ত শুকান, সৰি পৰা ডাল, তামোল গছৰ পাত/ঢকুৱা আদি বুটলি লৈ গৈছিল। ছোৱালীবোৰ বাৰ তেৰ বছৰতে বিয়া দি দিয়ে। সৰু ল'ৰাবোৰে গৰখীয়া কাম কৰিছিল। গৰুবোৰ চৰিবলৈ এৰি দি দিনৰ দিনটো খেলিছিল বাবে গধূলিৰ পৰা টোপনিয়াবলৈ অাৰম্ভ কৰিছিল। অামাৰ ঘৰত থকা আইনুল নামৰ তেনেই সৰু লৰা এটাক মায়ে টোপনিৰ পৰা জগুৱাই ভাত খাবলৈ দি নিজে অাঁঠুৱা টানি দিছিল। মোৰ সমবয়সীয়া মনু নামৰ লৰাটো মই মেট্ৰিক দিওঁমানে এজনী ছোৱালীৰ দেউতাক হৈছিল!
(তাক কোনোবাই যদি সোধে "তোৰ কইনাজনী কেনেকুৱা অ'?"
সি সগৰ্বে উত্তৰ দিছিল "একদম বেদেৰ মেয়ে জ্যোৎস্না" !)
এতিয়াও মই ঘৰলৈ গ'লে গম পালে সি আহি মাত দিয়ে, বৰ ভাল লাগে !
সিহঁতৰ ঈদ মানে আগদিনা হাজিৰা কৰি পোৱা টকাকেইটা, গৰখীয়াৰ কাম কৰাসকলে পাওনা দৰমহাকেইটা !
সিহঁতকে আদি কৰি সকলোলৈকে ঈদৰ শুভেচ্ছা জনালোঁ । হিংসা-হত্যাত বিশ্বাসীসকলৰ বাবে খাটি খোৱাসকল সাঙুৰ নাখাওঁক! ইয়াকে কামনা কৰিলোঁ ।



মাতৃত্বৰ ইটো সিটো!(কণমাণিজনীৰ সৰু-সৰু কথাবোৰ)

#অঘাইটং চিৰিজ


সৰুছোৱালীজনিক কোনোবাই দিয়া বিশ টকা মোৰ তাত আছিল। মোৰ খুচুৰা নথকাত ক'ৰবাত খৰচ কৰিলোঁ। সিদিনা মোক চিপচ খুজি নাপাই কৈছে মোৰ ২০টকাটো দিয়া। তেতিয়াও মই ভাত খোৱাৰ আগত চিপচ খোৱা বন্ধ কৰিবলৈ খুচুৰা নাই বুলি কৈ থ'লোঁ।কন্দা-কটা কৰোঁতে বায়েকে তাইক ধমক দিলে "কিনো মাক পইছা খুজি থাকা" বুলি।
তাই লাজতে ক'লে "হ'ব দিয়া নালাগে, সেইটো তোমাক দিছোঁ দেই!(লেনিয়াই)"
গ'ল কথা গুছিল। ময়ো পাহৰিলোঁ। এদিন দেওবাৰে দুপৰীয়া আৰ্ট স্কুলৰ পৰা আনি থাকোঁতে আকৌ চিপচ খুজিলত ঘৰত ভাত নাখাব বুলি নিদোঁ বুলি কলোঁ।
তাই কৈছে " তেনেহ'লে মোৰ ২০ টকাতো দিবা, মই তাৰে চিপচ কিনিম।"
মই কলোঁ "ইমান টকা স্কুলত ফিজ দি আহিলোঁ এইমাত্ৰ , তুমি মোক ২০ টকা একেবাৰে দি দিব নোৱাৰা নে?"
নৰম সুৰত " দিমতো! সেই ২০ টকা তোমাক দিলোয়েই....আজি আৰু ২০ টকা দিম তোমাক! তুমি মোক ৫০ টকা দিবা, তাৰে ৩০ টকাৰে মই চিপচ কিনিম বাকী ২০ টকা তোমাক দিম হ'ব (লেনিয়াই)?
এইহে যদি মোক একঠা খুৱাই ডাঙৰ হৈ!! 
                                                       ************************************
আজি পুৱা (3/12/2016)
-মা টিভি চাওঁ অকণ?
-পঢ়াগৈ যোৱা, পৰীক্ষা আহিছে
-মন নাই পঢ়িবলৈ
-টিভি চাব নোৱাৰা মুঠতে পঢ়াৰ সময়ত
-নপঢ়োঁও ..টিভিও নাচাও যোৱা
-মই গধুলি টেষ্ট লম
- লৈ থাকিবা.. উল্টা-পুল্টা লিখি দিম !
😂 

                                                       ****************************************

এইকেইদিন পুৰণা নোট বন্ধ হোৱাৰ পৰা ছোৱালীহঁতৰ বৰ আপত্তি। কিবা খুজিলেই মোৰ ক'বলৈ ভাল হৈছে "খুচুৰা নাই" বা "পইছা নাই"।
এদিন ডাঙৰ ছোৱালীৰ আপত্তি

: কিয়নো নোটবোৰ বন্ধ কৰি দিব লাগে
মই: হব দিয়াছোন..দুদিনমান চকলেট নাখালে একো নহয়..বহুত ভাল হৈছে নোটবোৰ বন্ধ কৰি দিয়াই..কিছুমান মানুহে বেয়া কাম কৰি পইছা ইনকাম কৰে। আমি যি ইনকাম কৰোঁ তাৰ ওপৰত চৰকাৰক এটা টেক্স দিব লাগে। বেংকত থ'লে চৰকাৰে গম পাই যায় কাৰণে টেক্স দিব লাগে বুলি বেয়া কাম কৰা মানুহবোৰে ঘৰৰ ফুলৰ টাবত, গাৰুৰ ভিতৰত আদি বেলেগ বেলেগ জেগাত পইচা লুকুৱাই...
অঘাইটং: জানো জানো...এইটো ষ্টৰী মই ড'ৰেমনত চাইছো। নবিতাৰ পাপাকে মাকৰ পৰা পইছা লুকুৱাই.. বুকৰ মাজত পইছা থ'লে মাকৰ বুক পঢ়িব মন যায়। বুকৰ পৰা পইছাটো উলিয়াই পেইন্টিঙৰ পিছফালে থ'য় নবিতাৰ মাকে আকৌ পেইন্টিংখন চাফা কৰিবলৈ ওলায়। মুঠতে নবিতাৰ পাপাকে মাকৰ পৰা ক'ত্তো পইছা থ'ব নোৱাৰে.....!!!(21/11/2016)

                                                        ********************************************* 

বেগটো স্কুলৰ লবীৰ বেঞ্চত থৈ মানুহ নাই.. বায়েকে বিচাৰি আনিলগৈ।
:টইলেট গৈছিলোঁ
:ইস্. ইমান দেৰি লাগে টইলেটত?
:নহয়, আমাৰ ক্লাছৰ ভাইচ মনিটৰৰ মূৰত কোনোবাই বল মাৰিছে,মোক অকণ হেল্প কৰিব দিছিল...
:কি হেল্প কৰিলানো?
:নাই জাষ্ট সুধিলো কোনে বলটো মাৰিলে... ডাঙৰ ডাঙৰ ল'ৰা, গালি দিব নোৱাৰি 
😁😁**************😁**


:D( :D
                                                          ********************************************* 

যোৱাকালি গধুলি বাইদেউৰ ঘৰলৈ গৈ থাকোতে
: মা, আমি জেঠাইৰ ঘৰলৈ আহিলে ইমান কম কিয় খাবলৈ দিয়ে? ..যিয়েই নিদিয়ক খোৱাৰ পাছতো ভোক লাগিয়েই থাকে..
:নাপায় নহয় তেনেকৈ ক'বলৈ, ইমান বস্তু দিয়ে খাবলৈ তোমালোকক..তোমালোকেহে নোখোৱা? ঘৰত যি থাকে চব দিয়েছোন..
: দিয়ে... but.. লুচি ভাজি, চিকেন ফ্ৰাই, চাউ চাউ এইবোৰ আমি ভাল নাপাওঁ..
:আৰু কি দিব খাবলৈ গধুলিখন? (মোৰ খং উঠিছিল অকণ)
:কাৰ্লি কাৰ্লি মেগী নিদিলে ভোকটোেয়েই নমৰে কিবা.. ন মিমিবা? (7/11/2016)

                                                           **********************************************
স্কুলৰ পৰা আহিয়েই কাজিয়া কোনে আগে গা ধুব। সেইটো ঠিক হোৱাৰ পাছত ভাত খোৱাৰ টেবুলত কাজিয়া। মই বোলো তহঁত স্কুলত থকাই ভাল। ইমান অশান্তি !
:বায়ে মোক 'অমুক' বুলি কৈছে
:কি হ'ল তাতে? ক'লেই তই "অমুক" হৈ গ"লি নে?
:কিয় ক'বনো?.... ভেঁ...এ এ এ এঁ..
:ইগন'ৰ ক'ৰ
:(কন্দা বন্ধ কৰি) ইগন'ৰ কেনেকৈ কৰে?

: সেই যে বাহিৰত চৰাইটোৱে চিঞৰি আছে, তথাপি তুমি নুশুনাৰ ভাও ধৰি নিজৰ মতে আছানে নাই?

:কিন্ত্ত বায়ে, "কা কা" কৰা নাই ন? অসমীয়াত কথা কৈ আছে? মই "কা কা" বুজি নাপাওঁ, বাট বা'ৰ কথা বুজি পাওঁ...
ভেঁ... continued
.. 😇😇😒😒88

                                                ************************************************

গাটো বেয়া। অকণ শুবলৈ লৈ মুগ্ধাক মাতি ক'লো
মই শুম অকণ, চিঞৰ-বাখৰ নকৰিবাঁ।
: অ কে নকৰোঁ, খালী কীবোৰ্ড(খেলনা) লৈ গান গাই থাকিম
:নালাগে, মোৰ গা বেয়া লাগিছে। গানো গাব নালাগে।
:গা বেয়া লাগিছে? ৰ'বা জ্বৰটো চাই দিওঁ ..থাৰ্মোমিটাৰডাল ক'ত বুলি যেনেকৈ দৰৱৰ বেগটো খুচৰিবলৈ ধৰিলে মই বোলো যা
"গানকে গা গৈ"
    





                                             *************************************************

কাষৰ ৰুমৰ পৰা,
:মা মুগ্ধাই কটাৰী লৈছে
মই: মুগ্ধা হাত কাটিব, থৈ দিয়া
:অ থৈ দিয়া হাত কাটিলে মানুহ মৰি যায়.. দেখা নাই টিভিত?.. অ মা লৈয়ে আছে
মই: মুগ্ধা, থোৱা কটাৰী, হাত কাটিব
:মুগ্ধা হাত কাটিলে বেজীও ল'ব লাগিব কিন্তু
:হয়?? অ কে থৈ দিলোঁ
.
😂
                                                        **********************************************


আজি Dangal চাব গলোঁ.. (ইমান দেৰিকৈ চোৱাৰ বাবে নাহাঁহিব| মিলাব পৰা নাছিলোঁ ) চাই আহি থাকোতে দুইজনীকে বুজালোঁ "সফল হোৱাৰ আগৰ সময়খিনি বহুত কষ্টকৰ। সফল হোৱাৰ পাছত জীৱনটো বৰ সুখ আৰু আৰামদায়ক আৰু মাক দেউতাকৰ সমান পৃথিৱীত কোনো হ'ব নোৱাৰে।"
আহি "ৱাৰ ৱমেমৰিয়েল"ত সোমালোঁ। অলপ চলপ চাই মুগ্ধাই ক'লে
-মা আমাৰ স্পৰ্টচ ডে' আহি আছে, মই অকণমান দৌৰাৰ প্ৰেক্টিচ কৰোঁ ইয়াতে।
মই বোলো নালাগে দেই আন্ধাৰ হৈছে, পৰিবা ক'ৰবাত!
-হ'ব নকৰোঁ। পাছত প্ৰাইজ নাপালে মোৰ দোষ নাই!! 


                                                       **********************************************

#অঘাইটং
বায়েক: তোৰ নামটো যে কি ৰাখিলে.. তাতকৈ ধুতি বা গন্তু ৰাখিলেই ভাল আছিল
:মা, চোৱানা..কেনেকৈ কৈ থাকে সদায়
বায়েক: হাঁহি
:অ মা মুগ্ধা মানে কি নো? মোৰ নাম যে মুগ্ধা ৰাখিলা?
:মুগ্ধা মানে..উম ম.. ধৰা তুমি গান এটা শুনি আছা আৰু শুনি ইমান ভাল পাইছা যে তুমি গানটোৰ বাহিৰে চব পাহৰি গৈছা.. সেই যে তুমি ভাল পাই মনপুতি শুনি আছা তাকেই মুগ্ধ হোৱা বুলি কয়..আৰু তুমি যে ছোৱালী সেইকাৰণে তোমাৰ নাম মুগ্ধা
:আচ্ছা.. হেপ্পী হোৱাটোকে মুগ্ধ বুলি কয়..
: ঠিক তেনেকুৱাই আৰূ
:আচ্ছা মা..মোৰ যে ফ্ৰেণ্ড আছে মুস্কান.. মুস্কান নামৰ মিনিং কি
:মুস্কান মানে স্মাইল কৰা, হাঁহি ..মিচিকিয়া হাঁহি.
:অ হয় নেকি? মই আকৌ ভাবিছিলোঁ ডাড়ি যে মোচ আৰু কাণ যে আমি শুনো, সেয়া মানে মুস্কান..ধেৎ তেৰি !!
[অঘাইটঙৰ বয়স চাৰে সাত বছৰ]

                                          *************************************************





😂




*************************************


মৰমৰ দেউতা! (১)


মই পঢ়া এল পি স্কুলখন আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ মান দূৰত আছিল ।কেতিয়াবা কোনোবাই ঘৰৰ পৰা চাইকেলেৰে থৈ আহিছিল। বেছিভাগদিন লগৰ পদুমী, ভোগেশ্বৰী, কাষৰ খুৰাৰ ছোৱালী ৰুবী ,ববী ৰুমি আদিৰ লগত খোজকাঢ়ি গৈছিলোঁ।আমাৰ ঘৰৰ পৰা ডেৰশমিটাৰমান পকী ৰাস্তা, বাকীডোখৰ শিলগুটি-বালি দিয়া ৰাস্তা।
পদুমীহঁতে খালী ভৰিৰে স্কুল যায়। মোক যাবলৈ নিদিয়ে দেউতাই। মোৰ ইমান মন যায়, তথাপি নিদিয়ে।
এদিন কি কৰিলোঁ, দেউতাক দেখুৱাই চেণ্ডেল পিন্ধি ঘৰৰ পৰা ওলাই ৰৈ আছোঁ পদুমীহঁতলৈ, সিহঁত আহি পোৱাৰ লগে লগে ৰাস্তাৰ কাষত থকা জাৰ্মানী বনৰ জোপোহাৰ মাজত হাৱাই চেণ্ডেলযোৰ লুকুৱাই সিঁহতৰ লগত খোজ ললোঁ। ডেৰশমিটাৰ যোৱাৰ পাছত মোৰ স্পীড কমি আহিল, সিহঁত একেই স্পীডত গৈ থাকিল। খুপি খুপি গৈ আছোঁ। সিহঁত স্কুল পাওঁ পাওঁ হ'ল। মই দুশমিটাৰমান অতিক্ৰম কৰিছোহে! হঠাৎ জাৰ্মানী বনৰ মাজত লুকুৱাই থৈ অহা চেণ্ডেলযোৰ আহি মোৰ আগত থপকৈ পৰিল।
কাষতে ব্ৰেক মাৰি চাইকেল এখনো ৰ'লহি।
"বাবা"!
ক'লে 'উঠ'
চেণ্ডেল পিন্ধি উঠিলোঁ, সময়ত চাইকেলৰ পৰা স্কুলৰ সন্মুখত নামিলোঁগৈ।
(এনেকুৱা নহয় যে মই পদুমীহঁতৰ নিচিনা খালী ভৰিৰে থাকিব নোৱাৰিছিলোঁ, তাৰ কাৰণ আছিল।)
************************
চাৰি-পাঁচ বছৰ মান বয়সত মোৰ " ৰিউমেটিক ফিভাৰ" বুলি কিবা এটা বেমাৰ হৈছিল।(এতিয়া সেইটোক বেমাৰ বুলি নাভাবে কোনেও) বিৰাট ভৰিৰ বিষ। ইকাটি সিকাটি হ'ব নোৱাৰোঁ।শীতকালি। দেউতাই ৰ'দ ল'লে বিষটো কমিব বুলি ঘণ্টাৰ পাছত ঘণ্টা ৰ'দত মোক কোলাত লৈ বহি থাকিছিল। মানুহে খবৰ ল'বলৈ আহি
" আয়ৈ দেহি.. অমুক তমুক " বুলি মাহঁতক শান্ত্বনা দিছিল। (যেন সেয়া মোৰ অন্তিম সময়)
ৰহা চাপৰমুখৰ নিচিনা ঠাইত উন্নত চিকিৎসাৰ ব্যৱস্থা নাছিল।কোনোবা এজন ডাক্টৰে বোলে কৈছিল " আজি ৰাতিটো ভালকৈ চাই থাকিব...ভাল দেখা নাই"!
ডাক্টৰ কৃষ্ণ বৰা বুলি নগাওঁ চিভিল হস্পিতেলৰ ডাক্টৰ এজনক মাতি আনিলে দেউতাই। তেওঁৰ ঘৰ আমাৰ গাঁৱতে। বেমাৰৰ লক্ষণ শুনি তেওঁ আহিয়েই মোক বেজী এটা দিলে(মোৰ মনত নাই) সেই ৰাতিয়েই মই নিজেই ইকাটি সিকাটি হ'ব পাৰিলোঁ।তেওঁৰ দিহামতে এবছৰ মাহে মাহে "পেনিদিউৰ" ইন্জেকশ্বন লৈ সুস্থ হলোঁ।
ইন্জেকশ্বনটো দিওঁতে হাড় ভেদি যোৱা যেন লাগে।
যিদিনা দেউতাই হিচাপতকৈ বেছি মৰম কৰে, ৰহালৈ ফুৰিবলৈ ওলাবলৈ কয় আৰু চাইকেলৰ আগত কুশ্বন বান্ধি লয় মোৰ বুকুৱে ধান বানিবলৈ আৰম্ভ কৰে।
তেনেকৈয়ে ৰহা ডিচপেনচেৰী পাওঁ, কম্পাউণ্ডাৰে মোৰ লগত ধেমালি কৰে। অলাগতিয়াল কথা কৈ ফুচুলাব আৰম্ভ কৰে। মোৰ চকু মস্ত সেই চিৰিন্জটোত।আইনাৰ সৰু দৰৱৰ খোলাটো টঙনিয়াই টঙনিয়াই ভাঙে, চিৰিন্জটোলৈ ঔষধখিনি শুহি আনে, তাৰপাছত সৰু বটলটোৰ ৰবৰৰ সাঁফৰখনৰে বেজীটো সোমোৱাই
দিয়ে। লাহেকৈ মোক দেউতাই কান্ধত পেলাই কোলাত লয়। পিঠিত আৰু আঁঠুৰ ওচৰত টিপা মাৰি ধৰে লৰচৰ কৰিব নোৱাৰাকৈ।
কান্দি কান্দি এটা সময়ত আইনাৰ ৰবৰৰ সাঁফৰৰ বটলটো শ্লেট মচিবলৈ পানী নিম বুলি কৈ লৈ চাইকেলত উঠি গুছি আহোঁ ঘৰলৈ।
সেইৰাতি জ্বৰ উঠে। কেতিয়াবা মা টোপনি যায়। দেউতা সাৰে থাকি মোৰ জ্বৰ চাই থাকে!
‪#‎বাবা‬!!