Monday, November 30, 2015


" হানী ইন ট্ৰেপ!"




স্মাৰ্ট ফোনটোৰ স্ক্ৰীণত তৃতীয় বাৰৰ বাবে "neeta calling" ভাঁহি অহাত বিৰক্তিত মুখখন কোঁচ খাই গ'ল নীলাভৰ। বহাৰ পৰা উঠিল।ৰোহন আৰু মুস্তাকক পিঠিত থপৰিয়াই কৈ উঠিল…"মই যাওঁ ৰে দোস্তি। হোমমিনিষ্টাৰে কামুৰি আছে। দেৰি কৰিলে অশান্তি কৰে অ'! "
:"বহনা যাবি। আৰু এটা লৈ যা"
:"নাই নাই"
আজি ৰোহন আৰু মুস্তাকে নীলাভতকৈ দেৰিকৈ আহিছে। শণিবৰীয়া বিশেষ টাইম পাচ। বাৰ কাম ৰেষ্টুৰেন্টখনত শণিবৰীয়া ভিৰ। ৰঙীণ পৰিবেশ। সকলো ব্যস্ত। ছাঁ পোহৰ, মিউজিক, পানীয় আৰু সংগীৰ সাণ্ণিধ্যত মতলীয়া।
গাড়ীৰ ছাবিটো তৰ্জনী আঙুলীৰে ঘূৰাই ঘূৰাই চিৰিৰে দ্বিতীয় মহলাৰ পৰা লাহে লাহে নামি আহি আছে নীলাভ। তাতকৈ অলপ আগে আগে গৈ আছে পেন্চিল হিল পৰিহিতা এক সুন্দৰী।পিন্ধনত আঠুৰ ওপৰত পৰা গাত লিপিট খাই পৰা ফ্ৰক। দীঘল চুলিয়ে কঁকালৰ উৰ্ধাংশ ঢাকি ৰাখিছে। সুৰাৰ গোন্ধক তল পেলোৱা সুগন্ধি বাহিৰ হৈছে দেহৰ পৰা।
অফিচৰ পৰা বাহিৰে বাহিৰে সোমাইছিল সি। ঘৰত সাতবছৰীয়া কন্যাৰ জ্বৰ। পত্নী ঘৰত কন্যাটিৰ লগত অকলে।খৰখৰকৈ নামিল সি। সুন্দৰীয়ে ঢলং পলং খোজেৰে চিৰিটোৰ ইফালৰ পৰা সিফালে খোজ দিছে। সেয়ে সি পিচ পেলাই যাব পৰা নাই। কাষেৰে পাৰ হৈ গ'লেই গাত খুন্দা খোৱাৰ সম্ভাবনা প্ৰবল। তাতে চিৰিটোত সিহঁত দুটাৰ বাহিৰে কোনো মানুহ নাই। খুন্দা খালে কি বিহু দেখুৱাব থিক নাই! তাতে এনে ঠাইত টিভি চেনেলৰ শিয়ালবোৰে খাপ পিতি থাকে। অগত্যা সি পাছে পাছে গৈ থাকিল। আগত সেই গুলাপী নিচাত মচগুল যুৱতী খোজত ঢৌ তুলি তুলি গৈ থাকিল লাহে লাহে। চিৰিলানিৰ শেষৰটোত ভৰি দিওঁতেই মোচোকা খাই সুন্দৰী পৰোঁ পৰোঁ হ'ল। ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি পিছলৈ হাউলি পৰা সুন্দৰীক যন্ত্ৰবৎ সি থাপ মাৰি ধৰিলে। ইমান দেৰি পিচফালৰ পৰা দেখি থকা সুন্দৰীৰ কমনীয় মুখখন দেখি তবধ মানিলে সি।
°°°°°
নিমিষাক লগ পাই নিজকে ধন্য মানিলে সি ।যিমান ধুনীয়া তাই সিমান বুধিয়ক মানে ইন্টেলিজেন্ট।কিন্তু তাইৰ ইমান দুখ! কফি হাউচৰ টেবুলত মূৰ থৈ ইমান ধুনীয়া ছোৱালীয়ে এনেই কান্দিব নোৱাৰে!
তাইৰ বয়ফ্ৰেণ্ডৰ প্ৰতি সি অতি কৃতজ্ঞ হ'ল।যিয়ে প্ৰবঞ্চনা কৰা বাবে তাই আজি তাৰ সন্মুখত। বাৰখনৰ সন্মুখত ঢলি পৰাৰ পাছত সি নি তাইক তাইৰ ভাৰাঘৰত থৈ আহিছিল।তাইৰ তিনিবছৰ পুৰণা প্ৰেমিক ৰাহুলে প্ৰীতিৰ লগত সময় কটাবলৈ আৰম্ভ কৰিবলৈ ধৰিছিল।তাই যিমানে কান্দিছিল ৰাহুলে সিমানে তাই বেয়া পোৱা কামবোৰ কৰিছিল। শেষত শান্তি বিচাৰি তাই বাৰখনত আশ্ৰয় লৈছিল।
°°°°°°
আজি কেইবাদিনো হ'ল নীলাভে তাইৰ লগত কফি খোৱা। তাৰ কিবাকিবি বাহানা উলিয়াই আজিকালি কেৱল নিমিষাৰ লগত সময় কটাবলৈ মন যায়। ঘৰত অসুখীয়া ছোৱালী থৈ হ'লেও !
ৰাতিপুৱাৰ পৰা নিৰবে মোবাইলটোৱে তাইৰ বাৰ্তা আনি দি থাকে… গুডমৰ্নিং মেছেজ আদান প্ৰদানৰ পৰা আৰম্ভ কৰি গুড্ নাইট ছুইটহাৰ্টলৈকে । সদায়ৰ দৰে। নীতাই গম নোপোৱাকৈ। আজিকালি নীতাই তাক সিমান সন্দেহো নকৰা হৈছে।আগৰ দৰে সামান্য দেৰি হ'লেই বাৰেপতি ফোন কৰিও নাথাকে।কথাটোৱে নিমিষাৰ লগত তাৰ দূৰত্ব কমাইছে।
নিমিষাৰ লগত সি আজি নতুন হাইৱেটোৰ ফালে ধাবা এখনলৈ আহিছে।দুটা বিয়েৰৰ কেন শেষ কৰাৰ পাছতে পাকখোৱা জিভাখন সি কোনোমতে চম্ভালি অন্তৰ উজাৰি দিলে নিমিষাৰ ওচৰত……
"ইমান দুখ মোৰ নিমি! কেতিয়াবা মৰি যাব মন যায় জানা।দিনটো কষ্ট কৰি ঘৰ সোমাবা …ঘৰত খেচ্ খেচ্! খেচ্ খেচ্!! ভাল লাগে নেকি…ইমান চাচপিচিয়াচ ৱাইফৰ লগত …। '
……… সি ধাবাত ডিনাৰ কৰি নিমিক তাইৰ ভাড়াঘৰত ড্ৰপ কৰি আহে মানে নীতা সিহঁতৰ কণমানিজনীক বুকুত সাৱটি লৈ দুৰ্ঘোৰ নিদ্ৰাত। আজিকালি তাক সন্দেহ নকৰা নীতালৈ বৰ মৰম লাগি গ'ল তাৰ। গাৰুৰ ওচৰতে ম'বাইলটো থৈ টোপনি যোৱা নীতাৰ মুখত পৰি থকা চুলিকিডাল আঁতৰাই সি ম'বাইলটো চাইলেন্ট ম'ডলৈ নি বিচনাৰ চাইড টেবুলত থ'লে!!নীতাই যে সদায় য'তে ত'তে তাইৰ ম'বাইলটো পেলাই থ'য়!!
……………চি.চি.ডি.ৰ টেবুলত তাইলৈ ৰৈ থাকি সি তাইক কি কি ক'ব আওঁৰাই থাকিল! এসময়ত নিমিষা আহি বহি পৰিল। কাষৰ চকীত । সি মতলীয়া হৈ পৰিব খুজিও নিজকে অতি কষ্টেৰে চম্ভালি থাকিল। বাহুত বাহু লাগিব খোজাত সি তাৰ চকীখন অলপ দূৰলৈ নি বহিল।
"কি হ'ল জান?"
"নাই অ'…মোৰ মনটো বেয়া" সি সেপ ঢুকি কোনোমতে ক'লে।
"কিয় জান?" তাইৰ মাতটো যেন অন্তৰখন গলি ওলাইছে!
"নাই অ'…মোৰ খুউব গিল্টি ফিল হৈছে। আই লাভ মাই ৱাইফ এণ্ড মাই ফেমিলি
…মোৰ ভুল হৈছে…তোমাৰ লগত মোৰ এই ৰিলেশ্বন মেইনটেইন কৰিব নোৱাৰিম আৰু…প্লিজ মোক মাফ কৰা। মই কোনো কাৰনত ৱাইফক ঠগিব নোৱাৰোঁ… বাই" সি কফিৰ দামতকৈ কিছু টকা বেছিকৈ এৰি উঠিল। উঠিল মানে তাইক তাতে এৰি গাড়ীত বহি স্টাৰ্ট দিলে ঘৰলৈ বুলি।
…………
ঘৰলৈ গৈ মিমি,তাৰ মাইনাজনীৰ লগত বহুপৰ খেলিলে! ঘোঁৰা হৈ তাৰ পিঠিত তাইক উঠাই মানে নীতা সাজু! "মেইনলেণ্ড চাইনা"ত তিনিও ডিনাৰ কৰি আহে মানে ৰাতি চাৰে এঘাৰ বাজিল!
……………
বাৰে প্ৰতি সি "এম ডি"ক মানে মলয়া ডেকাক ফ'ন কৰি আছে , কিন্ত তাই কাটি কাটি দি আছে। পোন্ধৰবাৰ ফোন কৰাৰ পাছত তাই ৰিচিভ কৰিলে।
"জানো নহয় তুমি মোক এভইড কৰা আজিকালি। মোক কিয় ফোন কৰিছা? নতুনজনীয়ে এৰিলে নেকি?"
"অহ্ জান তুমি বুজি নোপোৱা! যি কৰিছোঁ তোমাৰ আৰু মোৰ কাৰণে কৰিছোঁ… তুমি জানা মোৰ ওপৰত সন্দেহ কৰি নীতাই মোৰ পিছত স্পাই লগাইছিল। কোনোমতে মেনেজ কৰিছোঁ! আই লাভ য়ু ডিয়েৰ!"
………
প্ৰায় এমাহৰ পাছত পুৰণি প্ৰেমিকা মলয়াক লৈ সি বৰাপানীলৈ গাড়ী পোনালে।এই মলয়াৰ লগত সন্দেহ কৰি সৃষ্টি হোৱা নাটকৰ যৱনিকা পেলাইছে তাৰ তীক্ষ্ণ মগজুৱে।
নিমিষাক তাক পৰীক্ষা কৰিবলৈ লগোৱা নীতাৰ মুখখন মনত পেলাই সি ফোন কৰিলে
"অফিচৰ মিটিং আছে জান। ৰাতি আহোঁতে দেৰি হ'ব। তুমি ভাত খাই শুই যাবা। বাই! আই লাভ য়ু।"
ফোনটো অফ্ কৰি থৈ এম. ডি মানে ডিভৰ্চী কলিগ্ মলয়াৰ সোঁহাতখন বাওঁহাতেৰে খামুচি ধৰি গাড়ীৰ এক্সিলেটৰ ডবাই দিলে …।
……
নিমিষাৰ ওচৰত তাৰ স্বীকাৰোক্তিৰ পাছত সি নতুনকৈ নীতাৰ বিশ্বাস জিনিছে! বেচেৰী নীতা!!

Sunday, October 4, 2015

http://www.xahitya.org/2015/09/15/%E0%A6%B8%E0%A7%8B%E0%A6%A3%E0%A7%B0-%E0%A6%96%E0%A6%BE%E0%A7%B0%E0%A7%81-%E0%A6%A8%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%97%E0%A7%87-%E0%A6%AE%E0%A7%8B%E0%A6%95-%E0%A6%89%E0%A7%8E/
"মুখাৰ আঁৰৰ মুখ"(দীঘল গল্প!)
"চা না…মুখখন কেনে দেখিছ?
"কিয় কিবা কৰি আহিলি ছাগে?"
"ওওও… ফেচিয়েল কৰি আহিলোঁ…ক্ৰীস্টেল ক্লিয়েৰ ফেচিয়েল।"
"ভাল হৈছে দে! …তই পিছে এনেই ধুনীয়া!"
"হমম্… সেইটো হয় । কিন্তু মেইন্টেইন কৰিলেহে সদায় ধুনীয়া হৈ থাকিম! নহ'লে তোৰ নিচিনা……"
"হ'ব দে…মই চাহ বনাওঁ ৰহ…একেলগে খাম!"
"মই কিন্তু …"
""চাহত চেনি নাখাৱ" পৰীৰ মুখৰ কথা কাঢ়ি হাঁহি মাৰি ৰিমিয়ে ক'লে।
শৈশবৰ অভিন্ন লগৰী।
……………
আটিল সুগঢ়ী দুইখন ভৰি ছালখনৰ পাছতে সাৱটি ধৰা জীণচ আৰু গাত ভাঁজে ভাঁজে খাপ খাই পৰা ৰঙা টপ্ এটা পিন্ধি পৰী সোমাই আহিল চিধাই শোৱণি কোঠালৈ। ৰিমিয়ে ৰাতিপুৱা বায়ে ধুই চপাই থৈ যোৱা কাপোৰবোৰ জাপি আছিল।তাই সোমায়েই ষ্টীল আলমাৰীটোত লাগি থকা আইনাখনখনত ঘূৰি পকি সকলো কোণৰ পৰা নিজকে চালে।
"ক'ৰ পৰা আহিলি অ'"
"এ আহিলো দে……অলপ শ্বপিং কৰিলোঁ…জীণচ ফ্ৰক ইয়েৰিং কিনিলোঁ…চানীৰো কিবাকিবি কিনিলোঁ। তাক টিউচনত ড্ৰপ কৰি বোলো এই এঘ্ণ্টা তোৰ তাতে বহোঁ… "
"ভালেই কৰিলি… বহ!"
ৰিমিৰ ল'ৰা ছোৱালী কেইটা শুইছে ।স্কুল বন্ধ কাৰণে ৰিমিয়ে ঘৰৰ দুই এটা চাফাই কাম কৰিছে।কাগজৰ মোনাটোৰ পৰা বিধে বিধে কাপোৰ উলিয়াই পৰীয়ে দেখুৱালে।
"চা না ভাল লাগিছে নে?"
"লাগিছে দে"
"তয়োতো পিন্ধিব পাৰ …কি যে 'বেহেনজী' টাইপ ড্ৰেছবোৰ কৰি থাক! অলপ স্মাৰ্টলী থাকিব লাগে !"
"কিয়?"
"কি কিয়? তোকে দেখুৱাই সি বেলেগ ছোৱালীৰ লগত ঘূৰি ফুৰিব পাৰে তইনো কিয় নোৱাৰ ?"
"কিয় স্মাৰ্টনেচ এইবোৰ কাপোৰতহে থাকে নেকি?আৰু মই যদি তাৰ দৰেই হওঁ তাৰ আৰু মোৰ পাৰ্থ্ক্য ক'ত থাকিল নো?"
"এইবোৰ লেকচাৰ মাৰোতেই তোৰ জনম যাব!"
"ভাত খালি নে নাই? " কথাটো সলাবলৈ তাই সুধিলে।
অলপ দেৰি খঙত ফুচফুচাই থাকি পৰীয়ে ক'লে "নাই পিজ্জা খালোঁ চানীৰ লগত"।
…………………………
পৰী যোৱাৰ পাছত তাই তেনেই উদাস হৈ পৰিল। কেইবাবছৰৰ প্ৰেমৰ পৰিনতিত তাই ঘৰৰ অমতত প্ৰশান্তৰ লগত বিয়া হৈছিল।নিবনুৱা প্ৰশান্ত তাইৰ বহু মানসিক অাৰু অৰ্থনৈতিক সাহাৰ্যৰ বিনিময়ত নিজৰ ভৰিত থিয় হৈছিল। নিজৰ সৰু সৰু সপোনবোৰ বিসৰ্জন দিছিল তাই! ব্যক্তিগত স্কুলৰ দৰমহাৰে, টিউচনৰ উপাৰ্জনেৰে পুৰাব পৰা সপোনবোৰ… কেৱল দুটকা বচাবলৈ ! ঘৰ চলাই ৰৈ যোৱাখিনি প্ৰশান্তৰ হাতত তুলি দিছিল।কষ্ট কৰিছিল দুয়ো! বিয়াৰ কেইবছৰমানৰ পাছত যেতিয়া প্ৰশান্ত কিছু প্ৰতিস্থিত হৈছিল তেতিয়াই প্ৰথম পুত্ৰক এই পৃথিৱীলৈ আনিছিল দুয়ো ।টকাৰ অভাৱ পূৰ হ'লত তাই চাকৰিটোও এৰি দিছিল প্ৰশান্তৰ কথামতে এসময়ত। তিনিবছৰ পাছত কণমাণিজনীয়েও সিহঁতৰ সংসাৰত ভূমূকি মাৰিছিল। কেচুঁৱাৰ লগত লাগি থাকোতে তাই গমেই নাপালে তাইৰ নিজৰ মানুহজন কেতিয়ানো অচিনাকি এজনলৈ পৰিবৰ্তন হ'ল ! তাৰ কথা, কাপোৰ পিন্ধাৰ ধৰণ-কৰণ…সকলো যেন সলনি হ'ল। কথা নহয় যেন অহংকাৰৰ ফুলজাৰি ! তাৰ চৰিত্ৰও সলনি হ'ল!
তাইৰ মাজে মাজে এতিয়াও বিশ্বাস নহয় তাইৰ বাহিৰে সি কেনেকৈ বেলেগ একোজনী ছোৱালীৰ শৰীৰত হাত দিব পাৰিছিল ? কামৰ বাহানা কৰি কলেজীয়া সস্তীয়া ছোৱালী কিছুমান কাষত বহুৱাই ছিলং/ সোণাপুৰ যোৱাটো কেতিয়াৰ পৰা সাধাৰণ কথা হৈ পৰিল ? তাইক ভাল পাই কাৰণেই, তাইক হেৰুৱাব নোখোজে বাবেই সি তাইৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিল হেনো! যেতিয়া গম পাইছিল তেতিয়া বহু দেৰি হৈ গৈছিল। ইমানদিনে সি পিন্ধি থকা প্ৰেমৰ মুখাখন প্ৰবঞ্চনাৰ জুইত জ্বলি ছাঁই হৈ গৈছিল।হিংস্ৰ হৈ পৰিছিল সি!
…………………
পৰীৰ বহল চেপেতা ম'বাইলটোত চৰাই এটাই কলকলাই উঠিল।তাই মেনিকিউৰ কৰা আঙুলিটো বোলাই বোলাই ম'বাইলটো চাই থাকোঁতে ঈষৎ হাঁহিৰে সৈতে গুলাপী আভা এচাটিয়ে মুখখনত ভিৰ কৰিলেহি।
"কোনে মেচেজ দিছে অ' ? জোতিৰ্ময় নেকি?"
"নহয়!! ক'ত সময় আছে জোতিৰ্ময়ৰ মোক মেচেজ দিবলৈ? কামৰ পৰাই সময় নাই বেচেৰাৰ!"
অকণমান হাঁহি পৰীয়ে ক'লে "জোতিৰ্ময়ৰ বচে দিছে…"
" জোতিৰ্ময়ৰ বচে আকৌ তোক কি মেচেজ দিছে যে পঢ়ি তই একদম পিংকি পিংকি হৈ গ'লি?"
"হু নিজে চাই ল' "
ম'বাইলটো লৈ তাই চালে
"hi beautiful. ..hw r u..missing you heart emoticon "
আৰ্শ্বয্যচকিত ৰিমিক ক'লে পৰীয়ে
"ভেবা লাগিলি দেখুন তই? আজিকালি এইবোৰ সৰু কথা…"
" জোতিৰ্ময়ৰ বচে বিয়া পতা নাই নেকি? "
"পাতিছে , ৱাইফ দেলহীত থাকে…দুইটা ল'ৰাছোৱালী তাতে ক'লেজত পঢ়ে।"
"কলেজত পঢ়া ল'ৰা ছোৱালী থকাৰ পাছতো বুঢ়াটো ইমান 'হেৰি' নে?"
"থ'! অকলে থাকে মানুহজন ইয়াত…কেতিয়াবা মেচেজ, কথা হয় আৰু।লগ চগ নধৰো নহয়, এদিনেই মাত্ৰ লান্স কৰিছিলোঁ…অবশ্যে বুঢ়াই চান্স নিবিচৰা নহয় লগ ধৰিবলৈ… মই বাহানা দেখুৱা ই পিছুৱাই থাকোঁ!"
"তাৰ ঘৈণীয়েকে আহি কাণতলীয়া দিবহি ৰ'…গম পাবি"
শেঁতা হাঁহি এটা তাইৰ ওঁঠেৰে বাগৰি গ'ল।
…………
"তয়ো ব'য়ফ্ৰেণ্ড এটা গোটাই ল' "
"কিয়?"
"কিয় তাকো ক'ব লাগিব নেকি? কিমান অকলে থাকিবি আৰু?"
"এই বয়সত ব'য়ফ্ৰেণ্ড বিচাৰি কাৰোবাৰ ঘৰ ভাঙিলেহে হ'ব মই। প্ৰশান্তৰ লগত ঘূৰিফুৰা ছোৱালীবোৰ আৰু মই একেই হৈ যাম দেখুন?"
"থ' তোৰ বেছি সব কথাতে।"
প্ৰশান্তই সিহঁতক এৰি সেই প্ৰাইভেট হোষ্টেলত থকা ছোৱালীজনীৰ লগত লিভ-ইন কৰাৰে পৰা তাইৰ সৰু সৰু ল'ৰাছোৱালী কেইটাই দেউতাকৰ কথা মনত পেলাই, দেউতাকক বিচাৰি কিমান দিন কান্দিছে সেয়া মনত পৰিলে তাইৰ কেনেকুৱা লাগে সেয়া যেন পৃথিৱীত কোনেও নুবুজিব।"দে'তা আহিলে ভাত খাম" বুলি উচুপি উচুপি লঘোণে টোপনি যোৱা কণমানি পুত্ৰৰ মুখখন মনত পৰিলে তাইৰ নিজকে পাগল হৈ যাম যেন লাগে।সন্তান দুটা তাইৰ সপোনৰ ঘৰখনলৈ অহা দেৱদূতহে আছিল যেন । কাৰো সন্তানে যেন তেনে দুখ নাপাওক বা কোনো মাতৃয়ে সন্তানৰ তেনে দুখ চাবলৈ নাপাওক!
………………
পৰীৰ ঘৰলৈ ৰিমিৰ তেনেকৈ অহা নহয়।তাইৰহে ৰিমিৰ ঘৰৰ আগেদি গ'লেই এপাক মাৰি যোৱাটো অভ্যাস হৈ গৈছে।কিন্তু আজি ৰিমি পৰীৰ ঘৰলৈ আহিছে।যোৱাৰাতি তাই বাথৰুমত পিচল খাই পৰি ভৰিত ফ্ৰেক্চাৰ হৈছে।তাৰে খবৰ ল'বলৈ আহিছে।স্কুলৰ পৰা আহিয়েই ভাত কেইটামান নাকে কাণে গুজি অ'টো এখন লৈ ওলাই অাহিছে তাই।বেমাৰীৰ খবৰ ল'বলৈ সুদাহাতে যাবলৈ ভাল নালাগে কাৰণে অ'টোত উঠাৰ আগতে অটোস্টেণ্ডৰ বিপৰীতফালে থকা ডাঙৰ ডিপাৰ্টমেন্টেল ষ্ট'ৰখনলৈ বুলি ৰাস্তাটোৰ এফাল পাৰ হওঁতেই বহুসময় লাগিল। ডিভাইডাৰৰ সিফালে আৰু গাড়ীৰ ভিৰ। তাই উপায় নাপায় ডিভাইডাৰৰ ওপৰতে থিয় হৈ দিলে…প্ৰচণ্ড ট্ৰেফিক জাম।ৰাস্তাত ভৰি দিবলৈ ঠাই নাই। তাইৰ সন্মুখতে ক'লা স্কৰপিঅ' এখন …চিনাকি চিনাকি যেন লাগিছে।চালকৰ আসনত থকাজনক চালে। জ্যোতিৰ্ময় …তাই ধুনীয়াকৈ হাঁহি এটা মাৰি তাৰ মুখলৈ চালে।কিন্তু সি একেবাৰে অচিনাকিৰ দৰে মুখখন ঘূৰাই দিলে।আচৰিত হৈ ৰিমিয়ে বহুদেৰি তাৰফালে চাই থাকিল।সি মাজতে আকৌ এবাৰ চালে তাইৰ ফালে…একেবাৰে অচিনাকিৰ দৰে। আবেলিৰ ৰ'দ শেষ হোৱাৰ পাছতো সি চানগ্লাছ পিন্ধি আছে।তাই খুউব দোধোৰ-মোধোৰত পৰিল।হয়নে নহয় !নহয় ছাগে! ন'হলে প্ৰিয় পত্নীৰ প্ৰিয় বান্ধৱীক চিনি নাপাইনে? সন্মুখৰ সিটো চিটত বেলেগ এজনী ছোৱালীও বহি আছে। ……………
"কেনেকৈ পৰিলিনো?"
পৰীৰ বিচনাত ভৰি উঠাই বহি ৰিমিয়ে সুধিলে।
" জ্যোতিৰ্ময়ৰ বছৰ ঘৰত পাৰ্টী এটা আছিল। তাতে কালি দুপেগ বেছি হ'ল বুইছ। বাথৰুমৰ মজিয়াখন যে অলপ ওখ গম পোৱা নাছিলোঁ …উজুটি খালোঁ…বেচিনটোত ধৰিলো বুলিহে বাচিলোঁ …নহ'লে যোৱাকালিয়েই মই চেটেপ্!" তাই হাঁহি হাঁহি ক'লে।
ৰিমিৰ খং উঠিছে পৰীৰ কথা শুনি। সেয়ে মনে মনে থাকিল।সদায় মানা কৰে তাই এই বেয়া স্বভাৱবোৰ এৰি দিবলৈ …নোৱাৰে তাই! ৰিমিৰ দৰে কথাবোৰ নাভাবে তাই। নৈতিকতাক ধৰি থকাতকৈ জীৱনটোক যিকোনো ধৰণে উপভোগ কৰাটোক বেছি সমীচিন বুলি ভাবে।তথাপি তাই পৰীক এৰিব নোৱাৰে যেনেকৈ তাইৰ ঠাইত নিজৰ ভনীয়েক এজনী হ'লে এৰিব নোৱাৰিলেহেঁতেন!
" জ্যোতিৰ্ময়লৈ মোৰ খুউব বেয়া লাগিছে জান। বেচেৰা কালি আহিছিলহে বাহিৰৰ পৰা। কালি ৰাতিৰ পৰা মোৰ লগতে লাগি আছে। খুব আৰ্জেণ্ট মিটিং এখন আছে কাৰণে মই জোৰকৈ পঠিয়াই দিছোঁ। সিতো যাবই খোজা নাছিল।মই ইমান চঞ্চল …তথাপি সি মোক ইমান ট'লাৰেট কৰে!চব মতা মানুহ প্ৰশান্ত নহয় জান? জ্যোতিৰ্ময় দুনীয়াখন ঘূৰি ফুৰিলেও মোকেই কেৱল ভাল পাই জান ? "
"তোৰ ভাগ্য ভাল দে" কথাটো সলাবলৈ তাই কৈ উঠিল। প্ৰশান্তৰ কথা পাতি পুৰণা ঘাঁ খুচৰিব নোখোজে তাই!
ৰিমিৰ ক'লা স্কৰপিঅ'খনলৈ পুনৰ মনত পৰিল। সেয়া জ্যোতিৰ্ময় নাছিল যদি কোন আছিল? নাই জোতিৰ্ময় কেনেকৈ হ'ব? তাইক চিনি নাপাব নে সি? পত্নীৰ প্ৰিয় বান্ধৱীক দেখিলে নমতাকৈ নাথাকে নিশ্চয় সি ! কথা পাতোঁতে পাতোঁতে তিনিঘণ্টা কেনেকৈ গ'ল ৰিমিয়ে গমেই নাপালে। যাবলৈ ওলাওঁতেই জ্যোতিৰ্ময় আহি ওলাল।তাইৰ লগত বেচ হাঁহি হাঁহি কথা পাতিলে। তাইক বহুদিন দেখা নাই সেয়া ক'লে সি…তাই যে আগতকৈ অলপ শকত হৈছে সেয়াও ক'লে।অৱশেষত পৰীক সময় দিব লাগে কাৰনে যে তাইক ড্ৰপ কৰিব যাব নোৱাৰিলে তাৰ বাবে অন্তৰৰ পৰা দুখ প্ৰকাশ কৰি সি বাথৰুমত সোমাল। ড্ৰাইভাৰৰ লগত স্কৰপিঅ'খনত বহি ঘৰলৈ আহি থাকোঁতেও তাই আগৰ ছিটটোলৈ চাই থাকিল।
……………
অকলশৰীয়া মাতৃৰ জীৱন কিমান সংঘৰ্ষৰে ভৰপূৰ সেয়া ৰিমিৰ দৰে ভূক্তভোগীয়েহে জানে! পূৱা চকু মেলাৰ পৰা ৰাতি চকু মুদ খোৱালৈ! তথাপি অাত্মগৌৰৱ, আত্মসন্তুষ্টি আৰু আত্মসন্মানেৰে ভৰপূৰ এইজীৱন! কোনো মিছাৰ লগত সহবাস কৰিবলগা হোৱা নাই অন্তত:।
ক'ণমানিদুটিক মাক দেউতাক দুয়োৰে মৰম দিয়া, সিহঁতৰ সকলো দায়িত্ব অকলে পালন কৰা! টকা পইচাৰ জোৰা মাৰা, এটা ভাল উন্নত জীবনশৈলী দিয়া! তাইৰ যুক্তি তথা সাহসী দৃঢ় মনটোৰ আগত তিস্থিব নোৱাৰি প্ৰশান্ত নিজেই ওলাই গ'ল সিহঁতৰ ফ্লেটটোৰ পৰা। তাক মুক্ত আধুনিক জীৱন লাগে! প্ৰায়েই তাৰ গাত দীঘল চুলি, লেডীজ পাৰ্ফিউমৰ গোন্ধ, গাড়ীত ছোৱালীৰ কাণফুলিয়ে সিহঁতৰ কথা বতৰাক উতপ্ত তৰ্ক বিতৰ্কলৈ ৰূপান্তৰিত কৰিব ধৰিছিল। তাইক অত্যন্ত সন্দেহবাদী বুলি, চাকৰি এৰি ঘৰত সোমাই সোমাই তাই পাগল হ'ল বুলি, তাইৰ লগত ''ভাল'' মানুহ তিস্থিব নোৱাৰে বুলি সমাজক জনাই সি আন এটা ফ্লেট ভাৰাতলৈ থাকিবলৈ লোৱা আজি চাৰিবছৰ হ'ল।নিজে হাতেৰে সজোৱা ঘৰখনতে খোপনি পুতি থাকিল তাই! দুকোঠোলীৰ ভাৰাঘৰৰ পৰা এইবিলাসী ফ্লেটলৈ যাত্ৰাটোত তাইৰ বহুত আশা,বহুত সপোন জলান্জলি দিছে।ঘৰটোৰ প্ৰতিটো অংশত তাইৰ ঘাম সোমাই আছে যেন। এইঘৰ তাৰ যিমান তাইৰো সিমান, অবুজ শিশুদুটিৰ নিৰাপদ ঠিকনা এয়া! এতিয়া নিজৰ মাককো লগত ৰাখিছে তাই।নিজৰ মতত প্ৰশান্তৰ লগত বিয়া হোৱাৰ সিদ্ধান্তত অটল হৈ থকাৰ সময়ত এইমাকেই কৈছিল 'অচিন কাঠৰ থোৰা নলগাবি ' ।সেই মাকেই চাকৰিলৈ ওলাই গ'লে ঘৰখন অাৰু কণমানি দুটিৰ প্ৰহৰী হৈ থাকে আজিকালি! সেয়ে নিচিন্ত হৈ পঞ্চাশ কিলোমিটাৰ দূৰৰ বিদ্যালয়ত শিক্ষয়িত্ৰী হ'ব পাৰিছে।
প্ৰশান্তই মাহে মাহে কিছু টকা পইচা ভৰাই দিয়ে তাইৰ একাউন্টত।এয়া তাৰ বোলে তাৰ "ফিউচাৰ লিগেল প্ৰবলেমচ্ এভইদ্ কৰাৰ কৌশল" …সি নিজ মুখেৰে কোৱা কথা। নহ'লে এই পোৱালিবোৰে খাব পাইছে বা নাপাইছে সেই লৈ সি কনচাৰ্ণ নহয়…পাগলীৰ পোৱালী পাগলেই হ'বগৈ! কথাটো মনত পৰি তাইৰ আকৌ তাৰ মুখত থুৱাবলৈ মন গ'ল।
……………………
দেওবাৰে সোনকালে উঠিবলৈ একদম ভাল নাপায় ৰিমিয়ে। সপ্তাহৰ আনবোৰ দিনত ৰাতিপুৱা যেন উশাহ ল'বলৈও সময় নাই।
দেওবাৰৰ দিনটোত চাৰে পাঁচবজাতে কলিংবেলৰ শব্দত তাই উঠিবলৈ বাধ্য হ'ল। দুৱাৰমুখত নমিতাক দেখি ৰিমিৰ মুখৰ বিৰক্তি অাশ্বৰ্য্যলৈ পৰিবৰ্তিত হ'ল। ৰিমিক ঠেলা মাৰি ভিতৰ সোমাই নমিতাই দুৱাৰখন নিজে জপাই দিলে।
বিধ্ধস্ত অাউল বাউল ৰূপ তাইৰ!
"বাইদেউ , মই তাত নাথাকো আৰু…মোক আপুনি ঘৰত থৈ আহক"
'কিয়' বুলি সোধা প্ৰশ্নৰ উত্তৰত তাই যিখিনি ক'লে ৰিমি থৰ লাগিল শুনি। ভয়, শংকা নিদ্ৰাহীনতাত বিধ্ধস্ত নমিতা বোলা সোতৰ বছৰীয়া ছোৱালীজনী।যথেষ্ট শান্তনা দিয়াৰ পাছত তাই অলপ সুস্থিৰ হ'ল। মাকৰ কোঠাত থকা আনখন বিচনাত তাইক শুবলৈ দিলে।
ৰিমিয়ে প্ৰাত:কৰ্ম কৰি পৰীক ফোন লগালে।
"এতিয়াই মোৰ ঘৰলৈ আহ!"
ফোনটো কাটি চাহ একাপ বনাবলৈ পাকঘৰ নৌপাওঁতেই পৰীয়ে কলিংবেল বজালেহি।
"তই ফোন কৰাৰ আগতেই মই ওলায় আহিছিলোৱেই তোৰ ঘৰলৈ বুলি…"
"প্লিজ, কথাটো কাকো নকবি।মই জ্যোতিৰ্ময়ক খুব ভাল পাওঁ অ'। মই তোৰ দৰে স্ট্ৰং নহয়। তোৰ দৰে মোৰ নিজৰ ইনকাম ও নাই।প্লিজ মোক মাফ কৰি দে। জ্যোতিৰ্ময়ে মোক এৰি দিলে মই মানুহক কি মুখ দেখুৱাম ক'ছোন। মই কেনেকৈ চলিম? চানীৰ কি হ'ব? …প্লিজ, তই নমিতাক বুজা "তাইৰ হতাশ কণ্ঠ! তাইৰ সন্মুখত পৰীৰ এয়া নতুন ৰূপ!
"তাৰমানে তই জানিছিলি সকলোবোৰ? তথাপি চকুমুদি তাইক তই এৰি দিছিলি তাৰ ওচৰত?"
"মই কি কৰিম কছোন?তাই কৈ আছিল কেইবাদিনৰ পৰা । মই কথাটো ইগ্ন'ৰ কৰি আছিলোঁ জানিবুজি।"
"কিয়?"
"মই তাক একো কথাত প্ৰ'টেষ্ট কৰিব নোৱাৰোঁ "
"কিয়??"
"সি মোক যি লাইফ দিছে সেয়া এৰি মই তোৰ দৰে কষ্ট কৰিব নোৱাৰোঁ ।"
তাই পাবলগা দৰমহা আৰু অতিৰিক্ত কেইহাজাৰ মান হাতত গুজি দি পৰী ঘৰলৈ গুছি গ'ল।
……………
চোতালতে বহি নমিতাৰ মাকে নাৰিকল গছৰ পাতৰ পৰা বাঢ়নী চাঁচি আছিল। দেউতাকে কাঁহি কাঁহি কাষতে ভঙামূঢ়া এটাত জুপুকা মাৰি বহি আছিল। জৰাজীৰ্ণ ঘৰটোৰ নঙলাখুলি সোমাই যোৱা ৰিমিহঁতক দেখি আচৰিত হৈ পৰিল দুয়ো। নমিতাই মাকৰ ডিঙিত ধৰি ভালকৈয়ে কান্দিলে।মাকেও এসোঁতা কান্দিলে।
………অহাৰ সময়ত ৰিমিয়ে দেউতাকক, তাই স্কুলৰ চকিদাৰজনৰ ককায়েকক হাতযোৰ কৰি ক'লে " খুৰা, মোক ক্ষমা কৰিব।এতিয়া আপোনালোকে যি সিদ্ধান্ত ল'য় তাতেই মই আপোনালোকৰ লগত অাছোঁ।আপোনাৰ ছোৱালী আপোনাক গতালোঁ।ক'ৰ্ট কাছাৰীলৈ যাব লাগে যদিও যাম " নমিতাক আহোঁতে হাতত পইচা বেছিকৈ দিয়াৰ কথাটো কওঁতে উজলি উঠা পোহৰ ছাটি দেউতাকৰ মুখত দুপকৈ নুমাই যোৱা তাই মন কৰিলে।
পৰীৰ ঘৰত কাম কৰিবলৈ দৰিদ্ৰ, ৰুগীয়া এই পিতৃৰ গাভৰু কন্যাক তাই লৈ গৈছিল নিজৰ দ্বায়িত্বত……
ঘৰলৈ উভটনি যাত্ৰাত বাছত বহি চিলিমিলি টোপনিত তাই সপোন এটা দেখিলে…… ধোঁৱাময় ৰাস্তা এটাৰে ক'লা স্কৰ্পিঅ' এখনত জ্যোতিৰ্ময় বহি গৈছে।কাষত নমিতা। পৰীৰ দৰে সুন্দৰ পোছাকত। লাহে লাহে জ্যোতিৰ্ময়ৰ শিং দুডাল গজিছে…দাঁতবোৰ নখবোৰ ওলায় আহিছে…আৰু …।।
(উৎপলা কৌৰ/ ২/১০/২০১৫)

Sunday, August 2, 2015

                                                       (অলপ সঁচা অলপ কল্পনা) 


                                WRONG  NUMBER !!
 

ৰাতিপূৱাৰ পৰা ৰূহীৰ গাত তৎ নাই।সোনকালে শুই উঠি যোৱা সপ্তাহত বিক্ৰমৰ লগত গৈ
শ্বহামৰ পৰা কিনা ৰঙা টপটো অাৰু পালাজ্জ' পেন্টটো ইস্ত্ৰি মাৰিথৈ বাথৰূমত
সোমাল।বহুদেৰি গাধুলে , ছেম্পুও কৰিলে।
.

এসপ্তাহ মান হৈছে তাই নতুন মুৰ্গা এটা জালত পেলাইছে।খুউব "মালদাৰ" বোলে! কথাতে
গম পায়।দেউতাকে খুউব ডাঙৰ চৰকাৰী চাকৰি কৰে। পুতেকৰ পকেট অনবৰতে গৰম!

এসপ্তাহমান অাগতে ৰং নম্বৰৰ ফোনকল্ এটাৰে দুয়োৰে কথোপকথন অাৰম্ভ হৈছিল।কিন্তু
মিচ্ কল দি দি কথা পাতি পাতি তাক (মানে ডেকা ল'ৰাক) কেনেকৈ প্ৰেমত পেলাব লাগে
ৰূহীয়ে ভালদৰে জানে! এসপ্তাহৰ দিন ৰাতি এক কৰি কথাপতাৰ ফলস্বৰূপে অাজি তাই তাৰ
লগত সোনাপুৰৰ ফালে "ডেট"ত যাব।দহমান বজাত ওলাই যাব অাৰু ৰাতি ঘূৰি অাহিব।

স্ট্ৰেইট অাৰু হাইলাইট্ কৰা চুলিখিনিত ব্ৰাচ মাৰি মাৰি তাই ভাবিলে দেখিবলৈ ভাল
ন'হলেও বাক্ চতুৰতাৰ বাবেই  বহুতক নচুৱাই অাছে।খুৰাকৰ উপাৰ্জনেৰে চলা বিধবা
মাক অাৰু খুৰীয়েকৰ অাগতে কাজিয়া হ'লে খুৰীয়েকে তাইক "কাউৰী" বুলি গালি
পাৰিছিল।ক'লা, ক্ষীণ দীঘলীয়া মুখ ,জপৰা চুলি গাতলৈ সোমোৱা চকু! ওঁঠেৰে বেঁকা
ক্ষীণ হাঁহি এটাবাগৰি গ'ল তাইৰ।
ফোনতেই প্ৰেম চলি থাকিলে অাজন্ম তাইৰ প্ৰেমিক হৈ থাকিল হয় তাইৰ সংস্পৰ্শত অহা
সকলো ল'ৰা।কিন্ত লগ পোৱাৰ পাছতহে লৰাবোৰে লাহে লাহে "কাটি খাব" খোজে তাইৰ পৰা
।পুষ্টিহীনতাত ভোগা শৈশবৰ চাপ বিউটি পাৰ্লাৰে গুচাব পৰা নাই তাইৰ মুখৰ পৰা!

তাই ওলাই হ'ল।তাইৰ ফোনটো বেয়া হোৱাৰ কাৰণে বিক্ৰমে মানে তাইৰ অাগৰ
বয়ফ্ৰেণ্ডজনে তাইক তাৰ পুৰণা ছেমছাঙৰ ফোনটো দিছিল কিছুদিন ব্যৱহাৰ কৰিবলৈ।
কিন্তু ফ'নটো লোৱাৰ কিছুদিন পাছতেই তাইৰ ৰোহনৰ লগত চিনাকি হ'ল …ফলত ফ'নটো তাই
একেবাৰে নিজৰ কৰি ল'লে।
…………

ফৰ্চুনাৰ খন লৈ ঠিক দহ বজাত ৰোহন গনেশগুৰিৰ হনুমান মন্দিৰৰ ওচৰত ৰৈ তাৰ
iPhone6+ টোৰে ফোন লগালে "ক'তপালা হানি"?

এইবিলাক ক্ষেত্ৰত সি খুউব টাইম মেইনটেইন্ কৰে।
নতুন ব'ম্ব এটা পটাইছে সি এসপ্তাহ মানৰ পৰা।তাৰ বন্ধু বিক্ৰমে দিছিল তাক তাইৰ
নম্বৰটো।জানিবুজি সেই "ৰংনম্বৰত" সি ফোন লগালে এদিন।সেয়া এসপ্তাহৰ অাগৰ কথা।
……

ৰঙা টপ,পালাজ্জ' পেন্ট পিন্ধি তাৰ নতুন প্ৰেমিকা ৰৈ অাছে তালৈ।সিও তাতেই ৰৈ
অাছে।ধৰিবহে পৰা নাই।কোনজনীনো ৰূহী।
টিট্ কৈ বাজি ফোন কল এটা কাটি গ'ল।ৰূহীৰ মিচ্ কল।সি ফোন লগালে।
"কিমান দেৰি ৰখিম অাৰু।অাহানা জল্দি।ইম্মান গৰম!"
"মই তোমাক দেখা নাই, মোৰ AS01 000* নাম্বাৰৰ বগা ফৰ্চুনাৰখন দেখিছা যদি অাহি
যোৱা।"
কাষতে থিয় হৈ থকা , তেতিয়াৰ পৰা তালৈ "খাওঁ খাওঁ নজৰ দি থকা ক'লাম'লা অাপী এটা
গাড়ীৰ অাগৰ চিটত সাউৎকৈ বহি ল'লে।
"ইচ্ বহুত দেৰি কৰিলা পাই! ব'লা এতিয়া …খুৰাৰ অফিচ এইফালেই…"

ৰোহনে গাড়ীৰ ক্লাট্চ এৰিলে লাহে…কেৰাকৈ ৰূহীলৈ চালে ।তাই ৰুমাল এখন উলিয়াই
মুখখনত থপথপাইছে লাহে লাহে।কি যে কৰা যায় এতিয়া!
……
ৰুমাল উলিয়াই উলিয়াই তাই ৰোহনলৈ চালে …"তামাম দেখুন ই! ইয়াক যেনেতেনে ৰাখিবই
লাগিব।দেখিলে জ্বলি জ্বলি মৰিব মিলিহঁত।অাকৌ এটা হাঁহি বাগৰিল তাইৰ ওঁঠেদি!
…ছয়মাইল পালে সিহঁত। ৰোহনে ফোনটো কাণত লগাই কথা পাতিছে…"অ' পাপা…মই অকণ
ফ্ৰেণ্ডৰ লগত…ন' পাপা এতিয়া যাব নোৱাৰিম…কি ড্ৰাইভাৰ নাই?……অ'কে অ'কে
পাপা……এম্ কামিং…"

ফোনটো থৈ ৰূহীৰ ফালে চাই
"অাই এম চ'ৰী ডিয়েৰ…অাজি অাৰু যোৱা নহ'ব। পাপাক এয়াৰপ'ৰ্ট ড্ৰপ কৰিব যাব
লাগিব। অলপ ইমাৰ্জেনচি য়ু ন'।প্লীজ ড'ন্ট মাইণ্ড হা।"

খানাপাৰাত গাড়ী ঘূৰাই গনেশগুৰিত য'ৰ পৰা উঠাইছিল তাতে তাইক নমাই দিলে।বিক্ৰমক
ফোন লগাই গাড়ী অাকৌ দৌৰালে
" কি মক্কেল বে তই! কাৰ নম্বৰ দিছিলি? যেনেতেনে 'কাটি' খুৱাই থৈ আহিছোঁ
শূপৰ্নখাটোক"
সিমূৰত বিক্ৰমৰ ৰখাব নোৱাৰা হাঁহি
……

উৎকট গৰমত ফুটপাথত থিয় খঙত জ্বলি থাকিল কিছু দেৰি।কিন্তু তাইৰ খঙতকৈ প্ৰখৰ
জুলাইমাহৰ ৰ'দ!
মাতটো কোমল কৰি তাই বিক্ৰমক ফোন লগালে
"হানি, ক'ত অাছা?ইম্মান দিন তোমাৰ খবৰ নাই"!
            ♣♣♣♣
                                                      স্মৃতিৰ  সফুৰাপৰা






অসম জাতীয় বিদ্যালয়ত কাম কৰিবলৈ সুযোগ পোৱাটো জীৱনৰ এটা অন্যতম প্ৰাপ্তি বুলি ভাবোঁ।সেইকেইটা বছৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্মৃতি অাৰু সহকৰ্মীসকলৰ এতিয়ালৈকে লাভ কৰা অকৃত্ৰিম মৰম তথা বন্ধুত্ব মোৰ অমূল্য সম্পদ!
এটা অামোদজনক ঘটনা সকলোৰে অাগত ক'ব ওলাইছো যি ঘটনাৰ স্মৃতিয়ে মোক এতিয়াও হঁহুৱাই, সেয়া চিটিবাছতেই হওক বা ঘৰত ছোৱালীক ভাত খুৱাই থাকোতেই হওক grin emoticon
মই চাকৰিত যোগ দিয়াৰ দুই তিনিদিন পাছৰ কথা। নতুন বাইদেও অাহিছে বুলি ল'ৰা-ছোৱালীহঁতৰ উৎসাহৰ অন্ত নাই!
বিৰতিৰ সময়ত টিফিন খাই অাছোঁ তৃতীয় মহলাৰ জিৰণি কোঠাত।হঠাৎ দেখিলোঁ দুৱাৰৰ চৌকাঠত দুখন সৰু হাতে বাহিৰৰ পৰা খামুচি ধৰিছে।দুটামান সৰু সমবয়সীয়া ল'ৰাই সমস্ত জোৰেৰে চেষ্টা কৰিও হাতৰ গৰাকীক দুৱাৰৰ পৰা পৃথক কৰিব পৰা নাই! ল'ৰাহঁতে টানি থকাৰ লগতে চিঞৰিছে "ব'ল ব'ল"… আহ অাহ!"
শেষত অানিব নোৱাৰি মোক মাতিলে ধনজিতে (@Dhanjit deka) লগত চফদৰ , মৃদুষ্মান ,debaraj  ( গোটেইকেইটা দ্বিতীয়মানত পঢ়ে তেতিয়া।)
"উৎপলা বাইদেও এইফালে আহক"
মই উঠি গৈ কৃত্ৰিম খং দেখুৱাই সুধিলো "কি হৈছে? কিহৰ ইমান হুলস্থূল?"
ধনজিতে একে উশাহে ক'লে " বাইদেও প্ৰীতিষাই অাপোনাক বেয়া কথা কৈছে!" প্ৰীতিষাৰ কান্দোন। প্ৰীতিষা এজনী শকত অাৱত খুব মৰমলগা ছোৱালী। কান্দি কান্দি কৈছে "বাইদেও সচাঁকে কৈছোঁ মই কোৱা নাই!"
মই ধনজিতক সুধিলোঁ"কি কৈছে অ'?"
গোটেই কেইটাই একেলগে ক'লে "বাইদেও তাই অাপোনাক পাণ্জাবী বুলি কৈছে!!!!
(:D" সেইটো কথাৰ কাৰণে সিহঁতে প্ৰথম মহলাৰ পৰা তাইক টানি টানি লৈ অাহিছিল!)
                                                             শৈশব ২







অামাৰ গাওঁখনৰ ওচৰতে কাকতি গাওঁ বুলি এখন গাওঁ অাছিল য'ত অসমীয়া মুছলমান সম্প্ৰদায়ৰ মানুেহ বাস কৰিছিল। মানুহখিনি অাৰ্থিকভাবে অতি দুৰ্বল অাছিল অাৰু কাষৰ গাওঁবোৰত দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰিছিল। তেওঁলোকৰ কেইজনমান কামত ইমান নিপুণ অাছিল যে তেওঁলোকৰ দ্বাৰা কাম কৰাবলৈ বহুতদিন অাগতেই কৈ থ'ব লাগিছিল । ৰোজাই ৰাখক বা শীতকালেই হওক বা অন্যদিনেই হওক কাম কৰাৰ উদ্যম সদায় একে অাছিল।
গৌৰীকাই, হবিকাই অাৰু নুৰকাই নামৰ তিনিজন ককাই-ভাইয়ে বনোৱা বাঁহৰ বেৰ কমেও পাঁচবছৰ মান মেৰামতিৰ নামত চুবই দৰকাৰ নহৈছিল।তেওঁলোকে কাম কৰোঁতে সদায় মোক মিহি বাঁহৰ স্কেল বনাই দিছিল।
সৰু ল'ৰাবোৰে গৰখীয়া কাম কৰিছিল। গৰুবোৰ চৰিবলৈ এৰি দি দিনৰ দিনটো খেলিছিল বাবে গধূলিৰ পৰা টোপনিয়াবলৈ অাৰম্ভ কৰিছিল।অামাৰ ঘৰত থকা তেনেই সৰু লৰা এটাক মায়ে টোপনিৰ পৰা জগুৱাই ভাত খাবলৈ দি নিজে অাঠুৱা টানি দিছিল।
মোৰ সমবয়সীয়া মনু নামৰ লৰাটো মই মেট্ৰিক দিওমানে এজনী ছোৱালীৰ দেউতাক হৈছিল! তাক কোনোবাই যদি সোধে "তোৰ কইনাজনী কেনেকুৱা অ'?" সি সগৰ্বে উত্তৰ দিছিল "একদম বেদেৰ মেয়ে জ্যোৎস্না" smile emoticon এতিয়াও মোক দেখিলে সি ওচৰলৈ অাহি মাত দিয়ে...বৰ ভাল লাগে! মোৰ শৈশব এওঁলোকৰ অবিহনে তেনেই অসম্পূৰ্ণ ।
                    
                                                   
                                                                 শৈশৱ ১





মই জীৱ জন্তু খুউব ভাল পাওঁ। সৰুতে লগৰ ল'ৰা-ছোৱালীতকৈ জীব-জন্তুৰ লগত বন্ধুত্ব বেছি অাছিল।
গৰখীয়াকেইটাই নিৰ্দয় ভাবে গৰুক কোবালে মই সিহঁতৰ লগত তৰ্ক কৰিছিলোঁ।
অামাৰ ঘৰত ছাগলী ঢেৰ অাছিল। পঠা ছাগলী,খাহী ছাগলী , চেউৰী , মাক কেইজনী আৰু
নতুনকৈ হোৱা পোৱালীকেইটা!ইমান মৰম লাগে!!
মোৰ লগত মিতিৰালি আটাইতকৈ বেছি অাছিল নতুনকৈ হোৱা পোৱালীকেইটাৰ। কাৰণ সিহঁতে মাকৰ লগত ঘাঁহ খাবলৈ নগৈছিল।গাখীৰ খুৱাই মাকজনী ঘাঁহ খাবলৈ গুছি গৈছিল।
আমাৰ ঘৰত টমি নামৰ ভটুৱা কুকুৰ এজনীও থাকে।তাই বৰ বিশ্বাসী আৰু মৰমিয়াল।
সাধাৰন দিনবোৰত তাইৰ লগত ছাগলীবোৰৰ বৰ মিতিৰালি।তাই দাঁতেৰে সিহঁতৰ গাত থকা
চিকৰা বাছি দিয়ে।গধুলি চৰি অাঁহোতে সিহঁতক আধা ৰাস্তাৰ পৰা আগবঢ়াই অানেগৈ।কিন্তু পোৱালী হোৱাৰ কেইদিন ছাগলীকেইজনীয়ে ঘৰৰ চৌহদত টমিৰ প্ৰবেশ নিষেধ কৰি দিয়ে। দূৰত দেখিলেই শিং জোকাৰি খেদি যায়।এই ক্ষেত্ৰত বুঢ়ী ডাঢ়ীয়া ছাগলী কেইজনীৰ কোবটো বেছি আছিল।
অপত্য স্নেহ বন্ধুত্বতকৈ ডাঙৰ! :)

কিন্তু ছাগলী কেইজনী পোৱালী দিয়াৰ কিছুদিন পাছত ঘাঁহ খাবলৈ বহু দুৰলৈ গৈ অাবেলিলৈকে কেতিয়াবা ঘূৰি নাহে। পোৱালীকেইটাই ভোকতে মাকক বিচাৰি থাকে। সেইসময়ত টমিক অাগত পালে দৌৰি গৈ খুন্দিয়াই খুন্দিয়াই তাইৰ গাখীৰকে খায়।তাই একো নকৰে……কেৱল মাজে মাজে শুঙে অাৰু চেলেকে!
কেইবাটাও দুখৰ অাৰু কেইবাটাও অামোদজনক ঘটনাৰে সিহঁতৰ লগত মোৰ শৈশৱ জড়িত হৈ
অাছে।

এবাৰ আমাৰ গৰু এজনীয়ে বৰ ধুনীয়া নোদোকা পোৱালী এটা জন্ম দিছিল।পাতল মুগাবৰণীয়া, কাজল লগোৱা যেন নিমাখিত চকু!মৰম কৰিব গ'লে নেজ ডাঙি ঘোঁৰাৰ দৰে চেঁকুৰে। অামাৰ ঘৰৰ পিচফালে ৰেলৰ লাইন, তাৰ সিফালে দলনি।
গৰুৰ পোৱালীবোৰো অলপ চালুকীয়া নোহোৱালৈ ঘৰতে ৰখা হয়।মাকে চৰি থকাৰ মাজতে অাহি
গাখীৰ খুৱাই থৈ যায়।এদিন গুৰু নানকদেৱৰ তিথি উপলক্ষে গুৰুদ্বাৰাত লংগৰ
অাছিল।মা আৰু মই ঘূৰি অাহি দেখো দেউতা খুউব দুখেৰে অাগফালৰ বাৰান্দাত বহি
অাছে। তেওঁ বেলেগ কামত অইনফালে ওলাই গৈছিল। মায়ে কি হ'ল বুলি সোধোতে খঙেৰে
ক'লে " পোৱালীটো কিয় মাকৰ লগত যাবলৈ দিছিলা?"
"কিয়?"

"ৰেলৰ লাইনত চাই অাহাগৈ যোৱা।"
মই একে লৰে ৰেল লাইন পালোঁগৈ। পিছ পিছে মা। তাত গৈ যি দেখিলোঁ সেয়া এতিয়াও
অন্তৰত জীৱন্ত হৈ আছে!
গৰু পোৱালীটো ৰেলে কাটিছিল…কাণৰ কাষতে অ'কমান।মূৰত দুখ পোৱা কাৰণে সি নাবাছিল।
মাক জনীয়ে পোৱালীটো শুঙি শুঙি দেদাউৰি পাৰি অাছিল। তাইক খেদি খেদিও পোন্ধৰ
দিনমান গোহালিলৈ আনিব পৰা নাছিলোঁ অামি!দিনটো চৰিছিল ওচৰে পাজৰে অাৰু ৰাতি
বেবাই আছিল ৰেল লাইনৰ সেই ঠাইত!
(অামি নথকাত পোৱালীটো মাকৰ ল'গে ল'গে গুছি গৈছিল।গৰখীয়াটোৱে সমনীয়াৰ লগত
মাৰ্বল খেলি অাছিল)
……
ছাগলীবোৰ গাভিনী অবস্থাত বৰ লুভীয়া হয়।কাৰোলৈ ভয় নকৰে।
অামাৰ ওচৰৰ মানুহ এঘৰে ৰাস্তাৰ কাষতে কঠীয়া পেলাইছিল কোনো ধৰণৰ জেওৰা নিদিয়াকৈ। গৰু ছাগলীবোৰে ঠাইতে পায় খাই তহিলং কৰিছিল।মানুহঘৰ ইমান নিষ্ঠুৰ অাছিল যে গাভিনী গৰু ছাগলীক সদায় পেটত মাৰিছিল।এদিন /দুদিন প্ৰসৱ বেদনাত বেবাই থাকি ভূমিষ্ঠ
কৰিছিল নোম নগজা চকু নুফুটা মৃত পোৱালী! পেলাই দিবলৈ নিয়া পোৱালিকেইটাৰ পাছে
পাছে চিঞৰি চিঞৰি ঢাপলি মেলিছিল। দিনে ৰাতিয়ে কেইবাদিনো বেবাই থাকিছিল। কচাইয়ে কাটিবলৈ নিয়া ছাগলীৰ বেবনি শুনি নিজৰ পোৱালী বুলি ৰাস্তালৈ দৌৰিছিল।কেনেকুৱা
হৃদয় বিদাৰক দৃশ্য অাছিল সেইয়া! দেখি মই কান্দিছিলোঁ।
………
এবাৰ বৰ অামোদজনক ঘটনা এটা ঘটিল। মনত পৰিলে এতিয়াও হাঁহি উঠে।মই এল পি স্কুলত পঢ়ি আছোঁ। গাওঁবোৰত আধি বুলি ব্যৱস্থা এটা আছিল।সেইমতে এঘৰৰ ছাগলী/গৰু অান
এঘৰে পুহিবলৈ নিয়ে।গাখীৰ , পোৱালী সকলো অাধা অাধা হয়।পুহিব নোৱাৰিলে অাকৌ
ঘূৰাই দিয়াৰ নিয়ম আছে। গাঁৱত ছাগলী মুৰ্গী চোৰো ঢেৰ। এবাৰ অাধিলৈ নি দুবছৰমান
ৰখাৰ পাছত ওচৰৰ মানুহ এঘৰে ছাগলী এজনী আমাক ঘূৰাই দিলে।অামাৰ বাকী ছাগলীৰ লগত
তাই একেটা গড়ালতে থাকিছিল।
সেইসময়ত গাঁৱৰ দুই একৰ ঘৰৰ পৰা পঠা/খাহী ছাগলী, মূৰ্গী আদি চুৰ হ'বলৈ ধৰিছিল বাবে দেউতা দাদাহঁতে সতৰ্ক হৈ শুইছিল। এদিন শেষ ৰাতি কিবা শব্দ শুনি দেউতা দাদাহঁত উঠিল অাৰু লাইট জ্বলাই সকলো ঠিকেই আছে নে নাই চালে। ছাগলী গড়ালটো চাই সকলো ভেবা লাগিল…গড়ালত ছাগলী এটাও নাছিল।
সম্ভাব্য সকলো ঠাইতে বিচৰা হ'ল, ৰাস্তাটো অাগবাঢ়ি বিচৰা গ'ল কিন্তু ক'তোৱেই এটাও ছাগলী নাছিল।এটা সময়ত নিশ্চিত হ'লোঁ যে গোটেইজাক ছাগলীক চুৰে নিলে।
মায়ে হায়ৈ বিয়ৈ কৰি ছাগলী চোৰক গালি দিব ধৰিলে।মই কান্দিবলৈ ধৰিলোঁ।কাৰণ মোৰ সংগী, মোৰ মৰমৰ কেইবাটাও পোৱালী জাকটোৰ মাজত অাছিল।
লাহে লাহে অামাৰ কাষৰ মানুহ ঘৰো সাৰ পাই ৰাস্তালৈ ওলাই অাহিল।আটায়ে কথা পাতি পাতি ৰাস্তাতে পোহৰ হোৱালৈ বহি থাকিলোঁ।চোৰৰ বিষয়ে বিভিন্ন অালোচনা বিলোচনাৰ মাজতে পূবে ধলফাট্ দিলে। অামিও নিৰাশ হৈ উঠি অাহিব খোজোতেই অাচৰিত দৃশ্য এটা দেখিলো সকলোৱে।
পোহৰ হোৱাৰ লগে লগে অামাৰ গোটেইজাক ছাগলী আধি দিয়া মানুহ ঘৰৰ পৰা পাগুলি পাগুলি ওলাই আহিছে আৰু ঘাঁহ খাবলৈ বুলি নদীৰ পাৰলৈ গতি কৰিছে।
আচলতে জীৱ-জন্তু অভ্যাসৰ দাস। হয়তো চোৰে পঠাকেইটা নিবলৈ চেষ্টা কৰিছিল।কিন্তু পিছে পিছে বাকীবোৰ ছাগলীও ওলাই আহিল।গৈ থাকোঁতে অাধি দিয়া ছাগলীজনীয়ে চিনাকি পদুলি পাই সোমাই গ'ল।তাইৰ পাছে পাছে বাকীবোৰ ছাগলী সোমাল।
চিঞত-বাখৰ কৰিলে ধৰা পৰাৰ ভয়ত চোৰেও ছাগলীৰ অাশা বাদ দি গুছি গ'ল।
ঘটনাটোত অামি খুউব ফুৰ্তি পালোঁ…মনত পৰিলে সিহঁতক এতিয়াও কোলাত লৈ মৰম কৰিব মন যায়!
লিখাখিনি পঢ়ি কোনোবাই বিৰক্তি পাব পাৰে। কিন্তু মোৰ শৈশৱৰ অভেদ্য
অংশটোৰ বিষয়ে লিখিবলৈ পাই মই ইমান সন্তুষ্টি পাইছো বুজাব নোৱাৰিম!
                                                                 "ঠিকনা"



কি যে হ'ব! অকলে থাকিলেই কিয় যে সদায় মনটো বেয়া লাগে।বুজি নাপায় তাই।
……
গ্ৰীষ্মৰ ভৰ দুপৰীয়া।সকলো ভাত খায় দীঘল দিছে। বাচনকেইটা ধুই তায়ো বহিছে অকণ পাছফালৰ দুৱাৰদলিতে ।বুঢ়ীজনীয়ে দেখিলে দুৱাৰমুখত বহিব নাপায় বুলি চিঞৰ বাখৰ লগালেহেঁতেন।
মামী, ভাইটিমামা শুই অাছে মাইনাদুজনী লৈ।
তাইৰ অাগতেই বৰলা ভাইটি মামাই বিয়াও পাতিলে, ছোৱালীও হ'ল দুজনী।ডাঙৰজনী তাইৰ হাততেই কে জি ক্লাছ পালেগৈ! তাইৰহে বিয়াখন নহ'লগৈ।ভাবিলেই খং উঠি যায়।নিপেনলৈ তেতিয়াই গুছি যোৱা হ'লেই ভাল অাছিল।পিছে সি নিজেই নিনিলে। ক'লে বোলে অাগতে ৰূম এটা বঢ়াই লওঁ।ন'হলে তোক অানি ক'ত ৰাখিম।অহাবছৰ বিয়াখন পাতিম দে ন'হলে!
হয়তো ! তাইয়েই যদি নুবুজে তাৰ কথা কোনে বুজিব?
তাই অাকৌ বুঢ়ীৰ অালপৈচান ধৰিবলৈ দুঘণ্টাৰ বাট ৰেলত উঠি গুছি অাহিল।
……… পিছৰ বছৰ ঘৰলৈ যাওঁতে তাৰ খবৰ ল'বলৈ তাৰ ঘৰলৈ গৈছিল তাই ।অচিনাকি বোৱাৰী এজনী ওলাই তাইক বহিব দিছিল।পিছে পিছে নিপেন ওলাই আহিছিল। তাঁহাতৰ কথাৰ পৰাহে গম পালে তাই তাৰ ঘৈণী!!

" হেই! তই মোক এৰি তাইক কিয় অানিলি?
"চুপ চালি! ভাগ ইয়াৰ পৰা…বেঁকী পাগলী যা…অাকৌ আহিবি ঠেং ভাঙিম তোৰ "
তায়ো কম নহয়। সি ভালপাওঁ বুলিও কৈছিল…বিয়া কৰাম বুলিও কৈছিল।অাৰু কৈছিল গিৰিয়েক ঘৈণীয়েক হ'মেই যেতিয়া ঘৰত মাই নেথাকিলে তই অাহিবিচোন ! তাই গৈছিলোঁ তিনি চাৰিবাৰ! অঁকৰা খংটো উঠি অাহিল তাইৰ।সমানে চিঞৰিবলৈ ধৰিলে
"অই! চালা ******ৰ পুতেক! মায়েৰে নাথাকোঁতে মাতিছিলি যে তেতিয়া দেখা নাছিলি বেকাঁ মুখন মোৰ? ঘৈণীয়েৰৰ অাগত বৰমতা দেখুৱাইছ?অই…… ডিচপেনচয়িত নি দৰৱ খুৱাওঁতে দেখা পোৱা নাছিলি?"
তাইৰ চিঞৰ শুনি সি কথা বিষম যেন দেখি ঘৈণীয়েকক ঠেলি ঠেলি ভিতৰলৈ লৈ গ'ল অাৰু নিজেও ভিতৰ সোমাই দুৱাৰ মাৰি দিলে।তাই খঙতে মাটিৰ পৰা দ'লিচপৰা এটা বুটলি বন্ধ দুৱাৰখনলৈ মাৰি পঠালে
" যা যা…মাইকীৰ নিচিনা সোমাই থাক ঘৈণীয়েৰৰ 'হেৰি' পিন্ধি"।
তথাপি খংটো নকমিল।থুৱাই বুলি গাৰ সমস্ত জোৰেৰে থু অকণ ঘৰটোৰ ফালে পেলাই তাই উলটিল।ইমান যে দুৰ্বল লাগিছিল ভৰি দুখন তেতিয়া…যেন অাগেই নাবাঢ়িব।

হাতৰ মুঠিটোত মামীয়েকে দিয়া ৰুমালত বান্ধি পঞ্চাশ টকা এটা লৈ আহিছিল মাছ অকণ নিবলৈ বুলি ৰাতিৰ কাৰণে।ৰুমালখন মেলি চালে।নাই পইচাটো।নিপেনৰ চোতালতে পৰিল ছাগে।তাইৰ ঢেক ঢেক কৈ হাঁহি উঠি গ'ল।অাজি নিেপনে তাইৰ পইচাৰে মাছ কিনি খুৱাব ঘৈণীয়েকক।অকলে অকলে হাঁহি হাঁহি তাই ঘৰ সোমাল।
চোতালতে মাকে নাৰিকলৰ পাত চুঁচি আছিল বাঢ়নীৰ কাৰণে।তাইক দেখি ক'লে "পাগলী মাছ আনিবলৈ গৈ কাজিয়া লাগি খালী হাতেৰে ঘূৰি অাহিছ? মৰণনহৈতী"
আকৌ টিঙিচকৈ উঠিল তাইৰ খংটো! দিলে এজাউৰি মাকক "মোৰ কাৰণে চিন্তা নকৰ অকণ, মই তোক মাছ আনি খুৱাব লাগে ? নাথাকোঁ মই ইয়াত।থৈ আহিবি কালি গুৱাহাটীত।ভাল নাপাওঁ মই তোক… ভাইটিমামাই ল'ৰা থিক কৰি দিব মোক!"
……
সেইবিলাক ঘটি যোৱাৰ পাছত পোন্ধৰটা বিহু গ'ল, পূজা গ'ল।কেইবা বছৰো ছোৱালী বিচাৰি নোপোৱা ভাইটিমামাই ছোৱালী পালে, বিয়াও পাতিলে।তাইহে তেনেকৈ থাকিল। গাঁৱত কাৰোবাৰ ঘৰত কিবা পাতিলে ঘৰৰ মানুহ যাব নোৱাৰিলে তাইয়েই ঘৰখনৰ মানুহৰ সলনি মাত এষাৰ দিয়েগৈ…সিমান দিন এইখন গাঁৱত অাছে তাই!

সৰু আইনা এখন খিৰীকিৰ
চৌকাঠত ওলমাই লৈছে তাই।কাষৰ পুৰনা ভগা কাঠৰ অালমাৰীটোৰ ওপৰত তাইৰ ফণিখন, পণ্ডচ ক'ল্ড ক্ৰীমটো(ঠাণ্ডা হওক, গৰম হওক সদায় ক'ল্ড ক্ৰীম!), কাজলটো।আইনাখনত দিনটো মুখখন ঘূৰাই পকাই কিমানবাৰ যে চাই! ৰংটো সিমান চাফা নহয় যদিও চেলাউৰি কেইডাল দীঘলীয়া।চকুকেইটাও ধুনীয়া! কেৱল মুখখনৰ বেঁকা ফালটোৰ ফালে থকা চকুটো সৰু অানটোতকৈ।ওঁঠযোৰো পাতল, কেৱল বেঁকাহে…নিপেনৰ লগত সেই ঘটনাৰ পাছত মুখখনো শুকাই গ'ল ।
সৰুতেই মূঢ়াৰ পৰা পৰিছিল তাই…তেতিয়াৰ পৰা বোলে তাইৰ মুখখন বেঁকা হৈ গ'ল।মূঢ়াৰ পৰা পৰিলেনো মুখ বেঁকা হয়নে? সেইকাৰণে মাকক দেখিব নোৱাৰে তাই! কিয় মূঢ়াত বহাই দিছিল তাইক ওচৰত থাকিব নোৱাৰে যদি।

"কিমান অাৰু অাইনাখনৰ অাগত থিয়দঙা দি থাক? যাচোন চেনি নিদিয়াকৈ চাহ অকণ দে…ঔষধ খাব লাগে"
"হেই বুঢ়ী! তোক ভাল নাপাওঁ মই…তোৰ কাম কৰিবলৈ থকা নাই ইয়াত।সেইকাৰণে পুতেৰ বোৱাৰীয়েৰে দেখিব নোৱাৰে তোক…থৈ আহিবি মোক ঘৰত।মই বিয়া হ'ব লাগে। তহঁতৰ লেদেনা উকটি থাকিলে মোৰ নচলে।"
"হ'ব দে! বাইদ' অাহিব দেওবাৰে।গুছি যাবি।যা এতিয়া চাহ অকণ দে"
"নোৱাৰো মই!"
পুনৰ তাইৰ দৃষ্টি অাইনাত।
খিৰীকিৰ কাষেৰে কোনোবা এটা সাউৎকৈ পাৰ হৈ গ'ল।
সেইটো বাবুল।এবাৰ জেওৰা দিয়াৰ কামত তাক হাজিৰা লগাইছিল।তেতিয়াৰ পৰা সি আহিলেই তাইৰ খবৰ সোধে।ভাইটিমামাই কোৱা মতে সিও বোলে তাইৰ নিচিনা কামিলা ছোৱালী এজনীকে বিচাৰি আছে।গতিকে সি অাহিলে তাক ভালকৈ মাত কথা, চাহ পানী দিয়ে তাই।তালৈ চাহ বনাওঁতে বুঢ়ীকো অকণ দিলেগৈ।বেচেৰী বুঢ়ীজনীৰ বুকুত মেচিন এটা লগোৱা আছে।মাহে মাহে গুৱাহাটীত গৈ ডাক্টৰক দেখাই অাহে জীয়েকৰ লগত।দিনৰ দিনটো ঢেৰ ঔষধকে খাব লাগে।

"মই চাহ অকণ খোজোতে হ'লে নিদিলি।সি অহাৰ লগে লগে চাহ বনাবলৈ দৌৰ দিলি?
কেতিয়া লাজ হ'ব তোৰ?"

"মই কৈছো নহয় নাথাকো মই … "
এনেকৈ লাগি বহুতবাৰ তাই ঘৰলৈ গুছি গৈছে।দৰমহাৰ পইচা আধা ৰাখি অাধা দিয়ে তাইক মামীয়েকে।
কাপোৰৰ বেগটো দেখি মামাকে ক'য় গোটেইসোপা লৈছ যে ডাঙিব পাৰিবি? অাধাথৈ যা। মই গুৱাহাটী গ'লে লৈ যাম।তাই আধা কাপোৰ উলিয়াই থৈ যায়।
ঘৰলৈ যোৱাৰ দিনা তাই মাংস অকন চ'কৰ পৰা লৈ যায়।নিজে ৰান্ধে।বেগৰ বেলেগ বেলেগ কাপোৰৰ ফাঁকৰ পৰা কাগজেৰে মেৰিওৱা মনে মনে লৈ যোৱা মিট্ মচলা, জিৰা, ধনিয়া উলিয়াই বুঢ়ীৰ ঘৰত বনোৱাদি মাংসকণ বনায়।
দাদাকে "দেচোন টকা এশ, তোক ঘূৰাই দিম"
ভায়েকে" বাই দেচোন ৰিচাৰ্জ কৰিম পঞ্চাশটকা এটা"
ওচৰতে পলাই বিয়া হোৱা বায়েকৰ জীয়েকে "দেচোন মাহী চ'কত চিপচ খাম বিশ টকা এটা"
মাকে "দেচোন বিষৰ মলম এটা আনিম…কঁকালটো পোনাব নোৱাৰোঁ"
তাইৰ বেগৰ কাপোৰৰ তলৰ পইচাকিটা বালিত পানী ঢলাৰ নিচিনা নিমিষতে নোহোৱা হৈ যায়।
পইচা শেষ হোৱাৰ পিছৰ কেইদিন ককায়েক ভায়েকে মদ খাই ৰাতি ৰাতি তাইৰ নিপেনৰ লগত হোৱা দুৰ্ঘটনাটোৰ কাৰনে সিহঁতে যে কিমান যে লাজ পাইছিল সেইবোৰ মনত পেলায়।তাইৰ নিচিনা ভনীয়েক জীয়াই থকাতকৈ মৰি থকাই ভাল বুলি যেতিয়া দালৈ কাটিবলৈ খেদে তাই পলাই গৈ বাৰীৰ কলগছৰ ফাঁকত লুকাই থাকেগৈ। শেষৰাতি মাকে কলগছৰ গুৰিৰ পৰা জগুৱাই ভিতৰলৈ লৈ আনেগৈ তাইক।তেনেকৈ দুদিনমান যোৱাৰ পাছত এদিন কাষৰ খুৰীয়েকৰ পৰা টকা পঞ্চাশটা ধাৰ কৰি গুৱাহাটীৰ বুঢ়ীৰ জীয়েকৰ ঘৰত থৈ আহেগৈ।
পুনৰ দুঘণ্টা ৰেলত উঠি বুঢ়ীৰ ঘৰ পায় তাই!
………………………
"বাবুলে বিয়া পাতিলে গম পাৱনে তই?" হাঁহি হাঁহি তাইৰ লগত একেলগে বহা কাষৰ ৰীতাবৌৱে সুধিলে তাইক।

"হয়??"
চকুৰ অাগতে জন্ম হৈ ডাঙৰ হোৱা অাইজনীৰ তোলনীবিয়াৰ ৰসগোল্লাটো একেবাৰে সোৱাদহীন যেন লাগিল তাইৰ।
কথাটো শুনাৰ পাছত লুচি তৰকাৰীবোৰো ভাল নালাগিল খাবলৈ।
গোটেই শাওণ মাহৰ সোমবাৰ বোৰত মাইনালৈ অনা গাখীৰ চান কাঢ়ি ব্ৰত ৰাখি ৰাখি শিৱলিংগত ঢালিলেগৈ। তথাপি শিৱ সন্তুষ্ট ন'হল তাইৰ ওপৰত।

আগচোতালতে তিনিমহীয়া কেঁচুৱাকণক লৈ মামী ৰৈ আছিল।
"কিয় কান্দিছে মাইনাই মামী?" নিজে দৰৱ খাওঁতে তাই ভবা নাছিল নিজৰ বুলি কেঁচুৱা এটা কেতিয়াও ন'হবগৈ বুলি।
সেইকাৰণে মাইনাকইজনীৰ
কান্দোন শুনিলে তাই গলি যায়।
"ঘৰত কাম নাই তোৰ? ক'ৰবাত যাবলৈ পালে চব পাহৰি থাক ? এক্কে চৰে……"
তাইক কোনোবাই বকিব আৰু তাই মনে মনে থাকিব?হুহ!!

"হেই এইজনী যা ! নিজৰ চলিকিটা চম্ভালিব নোৱাৰ।সেইকাৰণে বুঢ়ীয়ে দেখিব নোৱাৰে তোক! বেৰিয়া দাঁতিনী! নাথাকো মই,থৈ আহিবি মোক ঘৰত। লোকৰ চলি চম্ভালি থাকিম নেকি সদায়?"
বুঢ়ীজনী ওলায় আহিল নিজৰ ৰূমৰ পৰা।কেঁচুৱাটো বোৱাৰীয়েকৰ পৰা লৈ পুনৰ নিজৰ ৰূমলৈ গ'ল।বুঢ়ীৰ কেঁচুৱালোৱা মানা আছে…হাতৰ বিষ ।গধুৰ বস্তু ডাঙিবলৈ মানা কৰিছে ডাক্টৰে।তথাপি তাই আৰু মামীয়েকৰ হুলস্থূল শুনিলে ল'ব লগা হয় ।
তাই বিয়া খাবলৈ যোৱা কাপোৰ সলাই থাকোতেই ভাইটীমামাৰ মটৰ চাইকেল অাহি ৰোৱাৰ শব্দ হ'ল। কেচুঁৱাটোৱে কান্দিয়েই আছে।
তাই গৈ কেচুঁৱাটো বুঢ়ীৰ কোলাৰ পৰা ল'লে। অকল মামাকৰ প্ৰতিয়েই ভয় ভাৱ অকণ আছে।পাছফালৰ বাৰান্দাত জোকাৰি জোকাৰি লওঁতেই শুই পৰিল অকমাণি পুতলাটো!
"ইমানকৈ জোকাৰি লৈছ কিয়? গোটেই গাখীৰকণ উলিয়াই দিব এতিয়া"
"মনে মনে থাক বুঢ়ী……"
ঠাচকৈ চৰ এটা পৰিল গালত তাইৰ…
"কাৰ লগত মুখ চলাৱ তই ইমান?
"যা যা…বুঢ়ীক বকিলে একো নকৱ, ঘৈণীয়েৰক বকিছোটো …চাল্লা মেখেলা পিন্ধা …সেইকাৰণে তোক…!" মুখেদি গুলিৰ নিচিনা স্বভাৱবশত: ওলাই গ'ল!
কেঁচুৱাটো মামীয়েকে অাহি লৈ গ'ল তাইৰ কোলাৰ পৰা, যাওঁতে বকি বকি গ'ল…"বৰ মুখ হৈছে এইৰ…পাগলী চালি"
আকৌ এটা চৰ পৰিল গালত। "নামাৰিবি যা" বুলি বুঢ়ীয়ে টানি নিজৰ ৰূমৰ ভিতৰলৈ লৈ গ'ল তাইক পুতেকৰ ওচৰৰ পৰা। তাতে ইনাই বিনাই গছৰ পাত সৰোৱালে তাই…"নাথাকোঁ, মই নাথাকোঁ…থৈ আহ মোক কালি……"
…………………
পিছদিনা পুৱা
তাই উঠি নিজৰ বিচনাৰ আঁঠুৱাখন জাপি অাছিল।তাইৰ ৰূমৰ পৰ্দাখন ডাঙি বাহিৰৰ পৰাই ভাইটি মামাই ক'লে "অ'ই ওলা…তোক থৈ আঁহোগৈ ঘৰত"
.
তাই বাহী বাচনবোৰ ধুই পাকঘৰলৈ বুলি দমকলৰ পাৰৰ পৰা আহি আছিল… আকৌ সন্মুখত মামা……"ওলালিনে? নোলাৱ কিয়?ট্ৰেইন আহিব এতিয়া"
থেকেচ্ মাৰি বাচনখিনি থ'লেহি তাই পাকঘৰত।অাকৌ ওলাই গ'ল।
এইবাৰ বাঢ়নীডাল লৈ ভাইটীমামাৰ অাগত থিয় হ'ল
"কিয়া যাম এ? তোৰ কথামতে।চলিকিটা ডাঙৰ কৰি থৈহে যাম। হে হে হে…… তই কলিয়ে যাম না"
…………………………
ঢেক্ ঢেক্ কৈ হাঁহি হাঁহি চোতালখন সাৰি হাত ধুই ডাঙৰ মাইনাৰ ওচৰ পালেগৈ "মাইনা, অ' মাইনা উঠা।ইচকুল অাছে!"
…………………………
উৎপলা কৌৰ