Sunday, August 2, 2015

                                                                 "ঠিকনা"



কি যে হ'ব! অকলে থাকিলেই কিয় যে সদায় মনটো বেয়া লাগে।বুজি নাপায় তাই।
……
গ্ৰীষ্মৰ ভৰ দুপৰীয়া।সকলো ভাত খায় দীঘল দিছে। বাচনকেইটা ধুই তায়ো বহিছে অকণ পাছফালৰ দুৱাৰদলিতে ।বুঢ়ীজনীয়ে দেখিলে দুৱাৰমুখত বহিব নাপায় বুলি চিঞৰ বাখৰ লগালেহেঁতেন।
মামী, ভাইটিমামা শুই অাছে মাইনাদুজনী লৈ।
তাইৰ অাগতেই বৰলা ভাইটি মামাই বিয়াও পাতিলে, ছোৱালীও হ'ল দুজনী।ডাঙৰজনী তাইৰ হাততেই কে জি ক্লাছ পালেগৈ! তাইৰহে বিয়াখন নহ'লগৈ।ভাবিলেই খং উঠি যায়।নিপেনলৈ তেতিয়াই গুছি যোৱা হ'লেই ভাল অাছিল।পিছে সি নিজেই নিনিলে। ক'লে বোলে অাগতে ৰূম এটা বঢ়াই লওঁ।ন'হলে তোক অানি ক'ত ৰাখিম।অহাবছৰ বিয়াখন পাতিম দে ন'হলে!
হয়তো ! তাইয়েই যদি নুবুজে তাৰ কথা কোনে বুজিব?
তাই অাকৌ বুঢ়ীৰ অালপৈচান ধৰিবলৈ দুঘণ্টাৰ বাট ৰেলত উঠি গুছি অাহিল।
……… পিছৰ বছৰ ঘৰলৈ যাওঁতে তাৰ খবৰ ল'বলৈ তাৰ ঘৰলৈ গৈছিল তাই ।অচিনাকি বোৱাৰী এজনী ওলাই তাইক বহিব দিছিল।পিছে পিছে নিপেন ওলাই আহিছিল। তাঁহাতৰ কথাৰ পৰাহে গম পালে তাই তাৰ ঘৈণী!!

" হেই! তই মোক এৰি তাইক কিয় অানিলি?
"চুপ চালি! ভাগ ইয়াৰ পৰা…বেঁকী পাগলী যা…অাকৌ আহিবি ঠেং ভাঙিম তোৰ "
তায়ো কম নহয়। সি ভালপাওঁ বুলিও কৈছিল…বিয়া কৰাম বুলিও কৈছিল।অাৰু কৈছিল গিৰিয়েক ঘৈণীয়েক হ'মেই যেতিয়া ঘৰত মাই নেথাকিলে তই অাহিবিচোন ! তাই গৈছিলোঁ তিনি চাৰিবাৰ! অঁকৰা খংটো উঠি অাহিল তাইৰ।সমানে চিঞৰিবলৈ ধৰিলে
"অই! চালা ******ৰ পুতেক! মায়েৰে নাথাকোঁতে মাতিছিলি যে তেতিয়া দেখা নাছিলি বেকাঁ মুখন মোৰ? ঘৈণীয়েৰৰ অাগত বৰমতা দেখুৱাইছ?অই…… ডিচপেনচয়িত নি দৰৱ খুৱাওঁতে দেখা পোৱা নাছিলি?"
তাইৰ চিঞৰ শুনি সি কথা বিষম যেন দেখি ঘৈণীয়েকক ঠেলি ঠেলি ভিতৰলৈ লৈ গ'ল অাৰু নিজেও ভিতৰ সোমাই দুৱাৰ মাৰি দিলে।তাই খঙতে মাটিৰ পৰা দ'লিচপৰা এটা বুটলি বন্ধ দুৱাৰখনলৈ মাৰি পঠালে
" যা যা…মাইকীৰ নিচিনা সোমাই থাক ঘৈণীয়েৰৰ 'হেৰি' পিন্ধি"।
তথাপি খংটো নকমিল।থুৱাই বুলি গাৰ সমস্ত জোৰেৰে থু অকণ ঘৰটোৰ ফালে পেলাই তাই উলটিল।ইমান যে দুৰ্বল লাগিছিল ভৰি দুখন তেতিয়া…যেন অাগেই নাবাঢ়িব।

হাতৰ মুঠিটোত মামীয়েকে দিয়া ৰুমালত বান্ধি পঞ্চাশ টকা এটা লৈ আহিছিল মাছ অকণ নিবলৈ বুলি ৰাতিৰ কাৰণে।ৰুমালখন মেলি চালে।নাই পইচাটো।নিপেনৰ চোতালতে পৰিল ছাগে।তাইৰ ঢেক ঢেক কৈ হাঁহি উঠি গ'ল।অাজি নিেপনে তাইৰ পইচাৰে মাছ কিনি খুৱাব ঘৈণীয়েকক।অকলে অকলে হাঁহি হাঁহি তাই ঘৰ সোমাল।
চোতালতে মাকে নাৰিকলৰ পাত চুঁচি আছিল বাঢ়নীৰ কাৰণে।তাইক দেখি ক'লে "পাগলী মাছ আনিবলৈ গৈ কাজিয়া লাগি খালী হাতেৰে ঘূৰি অাহিছ? মৰণনহৈতী"
আকৌ টিঙিচকৈ উঠিল তাইৰ খংটো! দিলে এজাউৰি মাকক "মোৰ কাৰণে চিন্তা নকৰ অকণ, মই তোক মাছ আনি খুৱাব লাগে ? নাথাকোঁ মই ইয়াত।থৈ আহিবি কালি গুৱাহাটীত।ভাল নাপাওঁ মই তোক… ভাইটিমামাই ল'ৰা থিক কৰি দিব মোক!"
……
সেইবিলাক ঘটি যোৱাৰ পাছত পোন্ধৰটা বিহু গ'ল, পূজা গ'ল।কেইবা বছৰো ছোৱালী বিচাৰি নোপোৱা ভাইটিমামাই ছোৱালী পালে, বিয়াও পাতিলে।তাইহে তেনেকৈ থাকিল। গাঁৱত কাৰোবাৰ ঘৰত কিবা পাতিলে ঘৰৰ মানুহ যাব নোৱাৰিলে তাইয়েই ঘৰখনৰ মানুহৰ সলনি মাত এষাৰ দিয়েগৈ…সিমান দিন এইখন গাঁৱত অাছে তাই!

সৰু আইনা এখন খিৰীকিৰ
চৌকাঠত ওলমাই লৈছে তাই।কাষৰ পুৰনা ভগা কাঠৰ অালমাৰীটোৰ ওপৰত তাইৰ ফণিখন, পণ্ডচ ক'ল্ড ক্ৰীমটো(ঠাণ্ডা হওক, গৰম হওক সদায় ক'ল্ড ক্ৰীম!), কাজলটো।আইনাখনত দিনটো মুখখন ঘূৰাই পকাই কিমানবাৰ যে চাই! ৰংটো সিমান চাফা নহয় যদিও চেলাউৰি কেইডাল দীঘলীয়া।চকুকেইটাও ধুনীয়া! কেৱল মুখখনৰ বেঁকা ফালটোৰ ফালে থকা চকুটো সৰু অানটোতকৈ।ওঁঠযোৰো পাতল, কেৱল বেঁকাহে…নিপেনৰ লগত সেই ঘটনাৰ পাছত মুখখনো শুকাই গ'ল ।
সৰুতেই মূঢ়াৰ পৰা পৰিছিল তাই…তেতিয়াৰ পৰা বোলে তাইৰ মুখখন বেঁকা হৈ গ'ল।মূঢ়াৰ পৰা পৰিলেনো মুখ বেঁকা হয়নে? সেইকাৰণে মাকক দেখিব নোৱাৰে তাই! কিয় মূঢ়াত বহাই দিছিল তাইক ওচৰত থাকিব নোৱাৰে যদি।

"কিমান অাৰু অাইনাখনৰ অাগত থিয়দঙা দি থাক? যাচোন চেনি নিদিয়াকৈ চাহ অকণ দে…ঔষধ খাব লাগে"
"হেই বুঢ়ী! তোক ভাল নাপাওঁ মই…তোৰ কাম কৰিবলৈ থকা নাই ইয়াত।সেইকাৰণে পুতেৰ বোৱাৰীয়েৰে দেখিব নোৱাৰে তোক…থৈ আহিবি মোক ঘৰত।মই বিয়া হ'ব লাগে। তহঁতৰ লেদেনা উকটি থাকিলে মোৰ নচলে।"
"হ'ব দে! বাইদ' অাহিব দেওবাৰে।গুছি যাবি।যা এতিয়া চাহ অকণ দে"
"নোৱাৰো মই!"
পুনৰ তাইৰ দৃষ্টি অাইনাত।
খিৰীকিৰ কাষেৰে কোনোবা এটা সাউৎকৈ পাৰ হৈ গ'ল।
সেইটো বাবুল।এবাৰ জেওৰা দিয়াৰ কামত তাক হাজিৰা লগাইছিল।তেতিয়াৰ পৰা সি আহিলেই তাইৰ খবৰ সোধে।ভাইটিমামাই কোৱা মতে সিও বোলে তাইৰ নিচিনা কামিলা ছোৱালী এজনীকে বিচাৰি আছে।গতিকে সি অাহিলে তাক ভালকৈ মাত কথা, চাহ পানী দিয়ে তাই।তালৈ চাহ বনাওঁতে বুঢ়ীকো অকণ দিলেগৈ।বেচেৰী বুঢ়ীজনীৰ বুকুত মেচিন এটা লগোৱা আছে।মাহে মাহে গুৱাহাটীত গৈ ডাক্টৰক দেখাই অাহে জীয়েকৰ লগত।দিনৰ দিনটো ঢেৰ ঔষধকে খাব লাগে।

"মই চাহ অকণ খোজোতে হ'লে নিদিলি।সি অহাৰ লগে লগে চাহ বনাবলৈ দৌৰ দিলি?
কেতিয়া লাজ হ'ব তোৰ?"

"মই কৈছো নহয় নাথাকো মই … "
এনেকৈ লাগি বহুতবাৰ তাই ঘৰলৈ গুছি গৈছে।দৰমহাৰ পইচা আধা ৰাখি অাধা দিয়ে তাইক মামীয়েকে।
কাপোৰৰ বেগটো দেখি মামাকে ক'য় গোটেইসোপা লৈছ যে ডাঙিব পাৰিবি? অাধাথৈ যা। মই গুৱাহাটী গ'লে লৈ যাম।তাই আধা কাপোৰ উলিয়াই থৈ যায়।
ঘৰলৈ যোৱাৰ দিনা তাই মাংস অকন চ'কৰ পৰা লৈ যায়।নিজে ৰান্ধে।বেগৰ বেলেগ বেলেগ কাপোৰৰ ফাঁকৰ পৰা কাগজেৰে মেৰিওৱা মনে মনে লৈ যোৱা মিট্ মচলা, জিৰা, ধনিয়া উলিয়াই বুঢ়ীৰ ঘৰত বনোৱাদি মাংসকণ বনায়।
দাদাকে "দেচোন টকা এশ, তোক ঘূৰাই দিম"
ভায়েকে" বাই দেচোন ৰিচাৰ্জ কৰিম পঞ্চাশটকা এটা"
ওচৰতে পলাই বিয়া হোৱা বায়েকৰ জীয়েকে "দেচোন মাহী চ'কত চিপচ খাম বিশ টকা এটা"
মাকে "দেচোন বিষৰ মলম এটা আনিম…কঁকালটো পোনাব নোৱাৰোঁ"
তাইৰ বেগৰ কাপোৰৰ তলৰ পইচাকিটা বালিত পানী ঢলাৰ নিচিনা নিমিষতে নোহোৱা হৈ যায়।
পইচা শেষ হোৱাৰ পিছৰ কেইদিন ককায়েক ভায়েকে মদ খাই ৰাতি ৰাতি তাইৰ নিপেনৰ লগত হোৱা দুৰ্ঘটনাটোৰ কাৰনে সিহঁতে যে কিমান যে লাজ পাইছিল সেইবোৰ মনত পেলায়।তাইৰ নিচিনা ভনীয়েক জীয়াই থকাতকৈ মৰি থকাই ভাল বুলি যেতিয়া দালৈ কাটিবলৈ খেদে তাই পলাই গৈ বাৰীৰ কলগছৰ ফাঁকত লুকাই থাকেগৈ। শেষৰাতি মাকে কলগছৰ গুৰিৰ পৰা জগুৱাই ভিতৰলৈ লৈ আনেগৈ তাইক।তেনেকৈ দুদিনমান যোৱাৰ পাছত এদিন কাষৰ খুৰীয়েকৰ পৰা টকা পঞ্চাশটা ধাৰ কৰি গুৱাহাটীৰ বুঢ়ীৰ জীয়েকৰ ঘৰত থৈ আহেগৈ।
পুনৰ দুঘণ্টা ৰেলত উঠি বুঢ়ীৰ ঘৰ পায় তাই!
………………………
"বাবুলে বিয়া পাতিলে গম পাৱনে তই?" হাঁহি হাঁহি তাইৰ লগত একেলগে বহা কাষৰ ৰীতাবৌৱে সুধিলে তাইক।

"হয়??"
চকুৰ অাগতে জন্ম হৈ ডাঙৰ হোৱা অাইজনীৰ তোলনীবিয়াৰ ৰসগোল্লাটো একেবাৰে সোৱাদহীন যেন লাগিল তাইৰ।
কথাটো শুনাৰ পাছত লুচি তৰকাৰীবোৰো ভাল নালাগিল খাবলৈ।
গোটেই শাওণ মাহৰ সোমবাৰ বোৰত মাইনালৈ অনা গাখীৰ চান কাঢ়ি ব্ৰত ৰাখি ৰাখি শিৱলিংগত ঢালিলেগৈ। তথাপি শিৱ সন্তুষ্ট ন'হল তাইৰ ওপৰত।

আগচোতালতে তিনিমহীয়া কেঁচুৱাকণক লৈ মামী ৰৈ আছিল।
"কিয় কান্দিছে মাইনাই মামী?" নিজে দৰৱ খাওঁতে তাই ভবা নাছিল নিজৰ বুলি কেঁচুৱা এটা কেতিয়াও ন'হবগৈ বুলি।
সেইকাৰণে মাইনাকইজনীৰ
কান্দোন শুনিলে তাই গলি যায়।
"ঘৰত কাম নাই তোৰ? ক'ৰবাত যাবলৈ পালে চব পাহৰি থাক ? এক্কে চৰে……"
তাইক কোনোবাই বকিব আৰু তাই মনে মনে থাকিব?হুহ!!

"হেই এইজনী যা ! নিজৰ চলিকিটা চম্ভালিব নোৱাৰ।সেইকাৰণে বুঢ়ীয়ে দেখিব নোৱাৰে তোক! বেৰিয়া দাঁতিনী! নাথাকো মই,থৈ আহিবি মোক ঘৰত। লোকৰ চলি চম্ভালি থাকিম নেকি সদায়?"
বুঢ়ীজনী ওলায় আহিল নিজৰ ৰূমৰ পৰা।কেঁচুৱাটো বোৱাৰীয়েকৰ পৰা লৈ পুনৰ নিজৰ ৰূমলৈ গ'ল।বুঢ়ীৰ কেঁচুৱালোৱা মানা আছে…হাতৰ বিষ ।গধুৰ বস্তু ডাঙিবলৈ মানা কৰিছে ডাক্টৰে।তথাপি তাই আৰু মামীয়েকৰ হুলস্থূল শুনিলে ল'ব লগা হয় ।
তাই বিয়া খাবলৈ যোৱা কাপোৰ সলাই থাকোতেই ভাইটীমামাৰ মটৰ চাইকেল অাহি ৰোৱাৰ শব্দ হ'ল। কেচুঁৱাটোৱে কান্দিয়েই আছে।
তাই গৈ কেচুঁৱাটো বুঢ়ীৰ কোলাৰ পৰা ল'লে। অকল মামাকৰ প্ৰতিয়েই ভয় ভাৱ অকণ আছে।পাছফালৰ বাৰান্দাত জোকাৰি জোকাৰি লওঁতেই শুই পৰিল অকমাণি পুতলাটো!
"ইমানকৈ জোকাৰি লৈছ কিয়? গোটেই গাখীৰকণ উলিয়াই দিব এতিয়া"
"মনে মনে থাক বুঢ়ী……"
ঠাচকৈ চৰ এটা পৰিল গালত তাইৰ…
"কাৰ লগত মুখ চলাৱ তই ইমান?
"যা যা…বুঢ়ীক বকিলে একো নকৱ, ঘৈণীয়েৰক বকিছোটো …চাল্লা মেখেলা পিন্ধা …সেইকাৰণে তোক…!" মুখেদি গুলিৰ নিচিনা স্বভাৱবশত: ওলাই গ'ল!
কেঁচুৱাটো মামীয়েকে অাহি লৈ গ'ল তাইৰ কোলাৰ পৰা, যাওঁতে বকি বকি গ'ল…"বৰ মুখ হৈছে এইৰ…পাগলী চালি"
আকৌ এটা চৰ পৰিল গালত। "নামাৰিবি যা" বুলি বুঢ়ীয়ে টানি নিজৰ ৰূমৰ ভিতৰলৈ লৈ গ'ল তাইক পুতেকৰ ওচৰৰ পৰা। তাতে ইনাই বিনাই গছৰ পাত সৰোৱালে তাই…"নাথাকোঁ, মই নাথাকোঁ…থৈ আহ মোক কালি……"
…………………
পিছদিনা পুৱা
তাই উঠি নিজৰ বিচনাৰ আঁঠুৱাখন জাপি অাছিল।তাইৰ ৰূমৰ পৰ্দাখন ডাঙি বাহিৰৰ পৰাই ভাইটি মামাই ক'লে "অ'ই ওলা…তোক থৈ আঁহোগৈ ঘৰত"
.
তাই বাহী বাচনবোৰ ধুই পাকঘৰলৈ বুলি দমকলৰ পাৰৰ পৰা আহি আছিল… আকৌ সন্মুখত মামা……"ওলালিনে? নোলাৱ কিয়?ট্ৰেইন আহিব এতিয়া"
থেকেচ্ মাৰি বাচনখিনি থ'লেহি তাই পাকঘৰত।অাকৌ ওলাই গ'ল।
এইবাৰ বাঢ়নীডাল লৈ ভাইটীমামাৰ অাগত থিয় হ'ল
"কিয়া যাম এ? তোৰ কথামতে।চলিকিটা ডাঙৰ কৰি থৈহে যাম। হে হে হে…… তই কলিয়ে যাম না"
…………………………
ঢেক্ ঢেক্ কৈ হাঁহি হাঁহি চোতালখন সাৰি হাত ধুই ডাঙৰ মাইনাৰ ওচৰ পালেগৈ "মাইনা, অ' মাইনা উঠা।ইচকুল অাছে!"
…………………………
উৎপলা কৌৰ

No comments:

Post a Comment