Sunday, August 2, 2015

                    
                                                   
                                                                 শৈশৱ ১





মই জীৱ জন্তু খুউব ভাল পাওঁ। সৰুতে লগৰ ল'ৰা-ছোৱালীতকৈ জীব-জন্তুৰ লগত বন্ধুত্ব বেছি অাছিল।
গৰখীয়াকেইটাই নিৰ্দয় ভাবে গৰুক কোবালে মই সিহঁতৰ লগত তৰ্ক কৰিছিলোঁ।
অামাৰ ঘৰত ছাগলী ঢেৰ অাছিল। পঠা ছাগলী,খাহী ছাগলী , চেউৰী , মাক কেইজনী আৰু
নতুনকৈ হোৱা পোৱালীকেইটা!ইমান মৰম লাগে!!
মোৰ লগত মিতিৰালি আটাইতকৈ বেছি অাছিল নতুনকৈ হোৱা পোৱালীকেইটাৰ। কাৰণ সিহঁতে মাকৰ লগত ঘাঁহ খাবলৈ নগৈছিল।গাখীৰ খুৱাই মাকজনী ঘাঁহ খাবলৈ গুছি গৈছিল।
আমাৰ ঘৰত টমি নামৰ ভটুৱা কুকুৰ এজনীও থাকে।তাই বৰ বিশ্বাসী আৰু মৰমিয়াল।
সাধাৰন দিনবোৰত তাইৰ লগত ছাগলীবোৰৰ বৰ মিতিৰালি।তাই দাঁতেৰে সিহঁতৰ গাত থকা
চিকৰা বাছি দিয়ে।গধুলি চৰি অাঁহোতে সিহঁতক আধা ৰাস্তাৰ পৰা আগবঢ়াই অানেগৈ।কিন্তু পোৱালী হোৱাৰ কেইদিন ছাগলীকেইজনীয়ে ঘৰৰ চৌহদত টমিৰ প্ৰবেশ নিষেধ কৰি দিয়ে। দূৰত দেখিলেই শিং জোকাৰি খেদি যায়।এই ক্ষেত্ৰত বুঢ়ী ডাঢ়ীয়া ছাগলী কেইজনীৰ কোবটো বেছি আছিল।
অপত্য স্নেহ বন্ধুত্বতকৈ ডাঙৰ! :)

কিন্তু ছাগলী কেইজনী পোৱালী দিয়াৰ কিছুদিন পাছত ঘাঁহ খাবলৈ বহু দুৰলৈ গৈ অাবেলিলৈকে কেতিয়াবা ঘূৰি নাহে। পোৱালীকেইটাই ভোকতে মাকক বিচাৰি থাকে। সেইসময়ত টমিক অাগত পালে দৌৰি গৈ খুন্দিয়াই খুন্দিয়াই তাইৰ গাখীৰকে খায়।তাই একো নকৰে……কেৱল মাজে মাজে শুঙে অাৰু চেলেকে!
কেইবাটাও দুখৰ অাৰু কেইবাটাও অামোদজনক ঘটনাৰে সিহঁতৰ লগত মোৰ শৈশৱ জড়িত হৈ
অাছে।

এবাৰ আমাৰ গৰু এজনীয়ে বৰ ধুনীয়া নোদোকা পোৱালী এটা জন্ম দিছিল।পাতল মুগাবৰণীয়া, কাজল লগোৱা যেন নিমাখিত চকু!মৰম কৰিব গ'লে নেজ ডাঙি ঘোঁৰাৰ দৰে চেঁকুৰে। অামাৰ ঘৰৰ পিচফালে ৰেলৰ লাইন, তাৰ সিফালে দলনি।
গৰুৰ পোৱালীবোৰো অলপ চালুকীয়া নোহোৱালৈ ঘৰতে ৰখা হয়।মাকে চৰি থকাৰ মাজতে অাহি
গাখীৰ খুৱাই থৈ যায়।এদিন গুৰু নানকদেৱৰ তিথি উপলক্ষে গুৰুদ্বাৰাত লংগৰ
অাছিল।মা আৰু মই ঘূৰি অাহি দেখো দেউতা খুউব দুখেৰে অাগফালৰ বাৰান্দাত বহি
অাছে। তেওঁ বেলেগ কামত অইনফালে ওলাই গৈছিল। মায়ে কি হ'ল বুলি সোধোতে খঙেৰে
ক'লে " পোৱালীটো কিয় মাকৰ লগত যাবলৈ দিছিলা?"
"কিয়?"

"ৰেলৰ লাইনত চাই অাহাগৈ যোৱা।"
মই একে লৰে ৰেল লাইন পালোঁগৈ। পিছ পিছে মা। তাত গৈ যি দেখিলোঁ সেয়া এতিয়াও
অন্তৰত জীৱন্ত হৈ আছে!
গৰু পোৱালীটো ৰেলে কাটিছিল…কাণৰ কাষতে অ'কমান।মূৰত দুখ পোৱা কাৰণে সি নাবাছিল।
মাক জনীয়ে পোৱালীটো শুঙি শুঙি দেদাউৰি পাৰি অাছিল। তাইক খেদি খেদিও পোন্ধৰ
দিনমান গোহালিলৈ আনিব পৰা নাছিলোঁ অামি!দিনটো চৰিছিল ওচৰে পাজৰে অাৰু ৰাতি
বেবাই আছিল ৰেল লাইনৰ সেই ঠাইত!
(অামি নথকাত পোৱালীটো মাকৰ ল'গে ল'গে গুছি গৈছিল।গৰখীয়াটোৱে সমনীয়াৰ লগত
মাৰ্বল খেলি অাছিল)
……
ছাগলীবোৰ গাভিনী অবস্থাত বৰ লুভীয়া হয়।কাৰোলৈ ভয় নকৰে।
অামাৰ ওচৰৰ মানুহ এঘৰে ৰাস্তাৰ কাষতে কঠীয়া পেলাইছিল কোনো ধৰণৰ জেওৰা নিদিয়াকৈ। গৰু ছাগলীবোৰে ঠাইতে পায় খাই তহিলং কৰিছিল।মানুহঘৰ ইমান নিষ্ঠুৰ অাছিল যে গাভিনী গৰু ছাগলীক সদায় পেটত মাৰিছিল।এদিন /দুদিন প্ৰসৱ বেদনাত বেবাই থাকি ভূমিষ্ঠ
কৰিছিল নোম নগজা চকু নুফুটা মৃত পোৱালী! পেলাই দিবলৈ নিয়া পোৱালিকেইটাৰ পাছে
পাছে চিঞৰি চিঞৰি ঢাপলি মেলিছিল। দিনে ৰাতিয়ে কেইবাদিনো বেবাই থাকিছিল। কচাইয়ে কাটিবলৈ নিয়া ছাগলীৰ বেবনি শুনি নিজৰ পোৱালী বুলি ৰাস্তালৈ দৌৰিছিল।কেনেকুৱা
হৃদয় বিদাৰক দৃশ্য অাছিল সেইয়া! দেখি মই কান্দিছিলোঁ।
………
এবাৰ বৰ অামোদজনক ঘটনা এটা ঘটিল। মনত পৰিলে এতিয়াও হাঁহি উঠে।মই এল পি স্কুলত পঢ়ি আছোঁ। গাওঁবোৰত আধি বুলি ব্যৱস্থা এটা আছিল।সেইমতে এঘৰৰ ছাগলী/গৰু অান
এঘৰে পুহিবলৈ নিয়ে।গাখীৰ , পোৱালী সকলো অাধা অাধা হয়।পুহিব নোৱাৰিলে অাকৌ
ঘূৰাই দিয়াৰ নিয়ম আছে। গাঁৱত ছাগলী মুৰ্গী চোৰো ঢেৰ। এবাৰ অাধিলৈ নি দুবছৰমান
ৰখাৰ পাছত ওচৰৰ মানুহ এঘৰে ছাগলী এজনী আমাক ঘূৰাই দিলে।অামাৰ বাকী ছাগলীৰ লগত
তাই একেটা গড়ালতে থাকিছিল।
সেইসময়ত গাঁৱৰ দুই একৰ ঘৰৰ পৰা পঠা/খাহী ছাগলী, মূৰ্গী আদি চুৰ হ'বলৈ ধৰিছিল বাবে দেউতা দাদাহঁতে সতৰ্ক হৈ শুইছিল। এদিন শেষ ৰাতি কিবা শব্দ শুনি দেউতা দাদাহঁত উঠিল অাৰু লাইট জ্বলাই সকলো ঠিকেই আছে নে নাই চালে। ছাগলী গড়ালটো চাই সকলো ভেবা লাগিল…গড়ালত ছাগলী এটাও নাছিল।
সম্ভাব্য সকলো ঠাইতে বিচৰা হ'ল, ৰাস্তাটো অাগবাঢ়ি বিচৰা গ'ল কিন্তু ক'তোৱেই এটাও ছাগলী নাছিল।এটা সময়ত নিশ্চিত হ'লোঁ যে গোটেইজাক ছাগলীক চুৰে নিলে।
মায়ে হায়ৈ বিয়ৈ কৰি ছাগলী চোৰক গালি দিব ধৰিলে।মই কান্দিবলৈ ধৰিলোঁ।কাৰণ মোৰ সংগী, মোৰ মৰমৰ কেইবাটাও পোৱালী জাকটোৰ মাজত অাছিল।
লাহে লাহে অামাৰ কাষৰ মানুহ ঘৰো সাৰ পাই ৰাস্তালৈ ওলাই অাহিল।আটায়ে কথা পাতি পাতি ৰাস্তাতে পোহৰ হোৱালৈ বহি থাকিলোঁ।চোৰৰ বিষয়ে বিভিন্ন অালোচনা বিলোচনাৰ মাজতে পূবে ধলফাট্ দিলে। অামিও নিৰাশ হৈ উঠি অাহিব খোজোতেই অাচৰিত দৃশ্য এটা দেখিলো সকলোৱে।
পোহৰ হোৱাৰ লগে লগে অামাৰ গোটেইজাক ছাগলী আধি দিয়া মানুহ ঘৰৰ পৰা পাগুলি পাগুলি ওলাই আহিছে আৰু ঘাঁহ খাবলৈ বুলি নদীৰ পাৰলৈ গতি কৰিছে।
আচলতে জীৱ-জন্তু অভ্যাসৰ দাস। হয়তো চোৰে পঠাকেইটা নিবলৈ চেষ্টা কৰিছিল।কিন্তু পিছে পিছে বাকীবোৰ ছাগলীও ওলাই আহিল।গৈ থাকোঁতে অাধি দিয়া ছাগলীজনীয়ে চিনাকি পদুলি পাই সোমাই গ'ল।তাইৰ পাছে পাছে বাকীবোৰ ছাগলী সোমাল।
চিঞত-বাখৰ কৰিলে ধৰা পৰাৰ ভয়ত চোৰেও ছাগলীৰ অাশা বাদ দি গুছি গ'ল।
ঘটনাটোত অামি খুউব ফুৰ্তি পালোঁ…মনত পৰিলে সিহঁতক এতিয়াও কোলাত লৈ মৰম কৰিব মন যায়!
লিখাখিনি পঢ়ি কোনোবাই বিৰক্তি পাব পাৰে। কিন্তু মোৰ শৈশৱৰ অভেদ্য
অংশটোৰ বিষয়ে লিখিবলৈ পাই মই ইমান সন্তুষ্টি পাইছো বুজাব নোৱাৰিম!

No comments:

Post a Comment