Thursday, May 17, 2018



পাহৰিব নোৱাৰা কথা :

মোৰ হেঁপাহৰ চাইকেলখন!




তেতিয়া তৃতীয় নে চতুৰ্থ শ্ৰেনীত মই। জহকালিৰ কথা। জহকালি মানে পিৰালি কাঁঠীতে সাপৰ ৰাজ্য, যেতিয়াই তেতিয়াই নিজৰ দুৰ্বলতা বা অসাবধানতাবশতঃ সাপৰ পেটলৈ গমন কৰিবলগীয়া হোৱা বেঙৰ মৰণকাতৰ মাত, কাড়ডালৰ দৰে সাউৎকৈ ওলাই মাটিৰ সমান্তৰাল হৈ এফুটমানলৈ আগবাঢ়ি আহিব পৰা কাৰ্শলাকেইডাল! উৎকট গৰমৰ দিনকেইটা দিনৰ ভাগত বাৰীলৈ যোৱাত নিষেধাজ্ঞা। সেয়ে স্কুলৰ পৰা অহাৰ পাছতে ভাত খুৱাই মায়ে লগতে শুৱাই ল'য়। টোপনি নাহে মোৰ। মাৰ-দেউতাৰ টোপনিত নাক বজালৈ বাট চাই থাকোঁ। টোপনি অহা বুলি নিশ্চিত হ'লেই হাতত সাৰে ভৰিত সাৰে শোৱাৰ পৰা উঠি আহোঁ।

একে শ্ৰেণীত পঢ়া বন্ধু সঞ্জীৱে "আমাৰ বাৰীত ঢেৰ নেমু আৰু লেচেৰামাহ লাগিছে আহিবি আবেলি খাম" বুলি স্কুলতে দি থোৱা নিমণ্ত্ৰণ ৰক্ষা কৰিবলৈ ওলাওঁ। সাৰথি দেউতাৰ ছব্বিছ ইঞ্চি ওখ চাইকেলখন। তিনিকোণীয়া ফ্ৰেমৰ মাজেৰে সোঁভৰি সোমোৱাই (তলত) হাফ পেডেল মাৰি চলাব জানোঁ । মনে মনে ওলাই যাওঁ। সঞ্জীৱৰ ঘৰলৈ যাওঁতে দুটা কেঁকুৰি ঘুৰি মোৰ বৰদেউতাৰ ঘৰ পাৰ হৈ যাব লাগোত  একেলগে পঢ়া বৰদেউতাৰ ছোৱালী মামু বৰদেউতাৰ চাইকেল লৈ ৰৈ থাকে। আমাৰ  গাঁওখন এৰিয়েই সঞ্জীৱৰ গাঁও। সিও আমি গৈ পোৱালৈ ৰৈ থাকে। তাৰ মাকো ভাত খাই শুৱে দুপৰীয়া। তাৰ সৰু ভনীয়েকজনী কেঁচুৱা আছিল তেতিয়া। ভৰদুপৰীয়া কেঁচুৱা অকলে এৰিব নাপায় কাৰণে মাকে বাহিৰ নোলায়। তেনে সময়তে আমি মাৰ কাম কৰোঁ। আন্ধাৰ হ'লে এটা কোঠাৰ পৰা আনটোলৈ অকলে যাবলৈ ভয় কৰা আমিবোৰৰ ভৰদুপৰীয়া ৰ'দত সাপলৈও ভয় নালাগে। বননি ভাঙি সৰসৰকৈ শব্দ কৰি যোৱা সাপ,  ভেঁকুলীৰ প্ৰাণকাতৰ কান্দোনেও ৰখাব নোৱাৰে আমাক। হেঁদালিখনত ওলমি থকা কোমল, ঈষৎ সেউজীয়া লেচেৰা মাহবোৰ। চিঙি চিঙি খাওঁ। লেচেৰা ভাজি নোখোৱাৰ কাৰণে খোৱা মাৰ গালিবোৰ পাহৰি যাওঁ। নেমুবোৰ কলিতে  চিঙি খাওঁ। ৰস নাথাকিলে দলিয়াই পেলাওঁ, আকৌ এটা চিঙোঁ। পেলাওঁ...। কেতিয়াবা বিছাই ডাকি বখলা-বখল কৰে। কাণত চূণ সানি গা শাঁত পেলাওঁ। তেনেকৈ আমাৰ অভিযান চলাই থাকোঁতে এদিন আমাৰ কাষৰ গছবোৰতে জাৰৌপ জাৰৌপ এচাৰিৰ কোব পৰিছিল। সেইফালে চাই দেখো হাতত দীঘল আগলি বাঁহৰ এচাৰি লৈ সঞ্জীৱৰ মাক। আমি দৌৰি পলালোঁ, সঞ্জীৱৰ মাকে পিছে পিছে অলপ দূৰলৈ দৌৰাইছিল, মাজে মাজে মাটিতে এচাৰিৰ কোব এটা মাৰে! কাৰো গাত কোব নপৰিল যেনিবা,  কিন্তু সঞ্জীৱলৈ যিকেইটা গালি আৰু ধমকি ওফৰি আহিল, সেইদিনা গধূলি সি কেনেকৈ ঘৰ সোমাইছিল সিহে জানে!

তেনেকুৱা ঘটনাৰ পাছত দুই তিনিদিন নোযোৱাকৈ থাকোঁ, পাছত আকৌ যাওঁ..দেউতাৰ চাইকেলত হাফ পেডেল মাৰি মাৰি.। ঘৰলৈ ঘুৰি আহি দেখোঁ মা-দেউতাই আগফালৰ বাৰান্দাত বহি থাকে, কেতিয়াবা চাহ খাই থাকে। তেনেকৈ হাফ পেডেল মাৰোঁতে মাৰোঁতে মই গম নোপোৱাকৈয়ে কেতিয়া ফুল পেডেল মাৰিবলৈ ধৰিলোঁ নিজেই গম নাপালোঁ..।

এদিন ঘৰলৈ ঘুৰি আহি পদূলি পাইছোঁ, মায়ে সদায় মতাৰ দৰে বচন ফাঁকি মাতিলে, '"সৌজনী দেখিছে? 'ত ৰ'দখনত টলৌ টলৌকৈ ঘুৰি ফুৰিছে। দিয়কচোন দুচাটমান!" বাহিৰত হাজাৰ দুষ্টামি কৰিলেও ঘৰলৈ ঘুৰি আহি থকাৰ সময়ত ভয় এটা সাৰ পাই উঠে। মনে মনে শোৱাৰ পৰা উঠি যোৱাৰ কাৰণে মাৰ খকৰা-মুকুটিকেইটা নোপোৱালৈ ভয়টো থাকে। দেউতা থাকিলে মায়ে কামটো দেউতালৈ পাচে যদিও কোনোদিন এইটো কামৰ কাৰণে  দেউতাৰ পৰা 'এচাটো' পাই নাপালোঁ। অৱশ্যে কেতিয়াবা সাপৰ কথা কৈ 'মিছা'  মকি একোটা নিদিয়া নহয়। মই বুজি পাওঁ সেইটো মাৰ মন ৰাখিবলৈ দিয়া বুলি!

সেইদিনা দেউতাৰ মাৰ কথালৈ কাণসাৰ নাই। ভয়ে ভয়ে চাইকেলখন লৈ ঘৰ সোমোৱা মোলৈ চাই আছে, মুখত মিচিকিয়া হাঁহি!
"তই ফুল পেডেল মাৰিব পৰা হ'লি?."
", পাৰিলোঁ" মোৰ মুখত বিশ্বজয়ৰ হাঁহি।
"...'ব দে, হাইস্কুল পালে লেডিজ চাইকেল এখন কিনি দিম, স্কুল অহা-যোৱা কৰিব পাৰিবি বৃত্তি পাৱ যদিহে দিম"
তেতিয়া মই চতুৰ্থ শ্ৰেণীত। চতুৰ্থ শ্ৰেণীৰ বৃত্তি পালোঁ। নিজাকৈ এখন চাইকেল পোৱাৰ আশাটো পূৰণ হোৱাৰ আশাত দেউতাক সুধিলোঁ "বাবা চাইকেল কেতিয়া দিবা?"
সদায় চমু উত্তৰ "দিম ৰ'হ...চিক্স পাই ল।"
ক্লাছ চিক্সত, "বাবা চাইকেল দিবানে?", উত্তৰ "দিম ৰ'হ...চেভেন পাই ল" । ক্লাছ চেভেনতো একেই উত্তৰ। অষ্টম মানলৈ নোসোধা হ'লোঁ। জানো, নিদিয়ে। এনেই ইমান আশা দেখুৱাই থাকিল।

অষ্টমমানৰ ছয়মাহিলি পৰীক্ষা দি থাকোঁতে এদিন গম পালোঁ মই আৰু বান্ধৱী পৰিনীতাই  সপ্তমমানৰ বৃত্তি লাভ কৰিছোঁ তাৰ দুবছৰ আগতে এগৰাকী বাইদেৱে বহু বছৰৰ মূৰত আমাৰ স্কুলৰ পৰা বৃত্তি পাইছিল। দুজনীয়ে একেলগে বৃত্তি পোৱা কাৰণে আনন্দৰ পৰিবেশ... স্কুলতো, ঘৰতো!

তাৰ এমাহমান পাছতে এদিন গধূলি সময়ত দেউতাই 'চেকেণ্ডহেণ্ড'  চাইকেল এখন আনি দিলে মোক।  গাঢ় সেউজীয়া, বাইছ ইঞ্চি উচ্চতাৰ, 'হাফ চেইন কভাৰ' থকা 'হিৰো' কোম্পানীৰ চাইকেল। বৰ আৰামী ছীট এটা লগাই আনিছিল। পুৰণা যদিও চিকচিকাই আছিল চাইকেলখন, তেল-গ্ৰীজ লগাই এনে ধুনীয়াকৈ আনিছিল যে চলালে নতুন নে পুৰণি চাইকেল গমেই নাপায়। আচলতে কেইবাদিনৰ আগতেই কিনি মেৰামতি কৰিবলৈ দি থৈছিল যাতে পুৰণা চাইকেলখন নতুনৰ দৰে কৰি মোক দিবহি পাৰে। প্ৰথমে খং উঠিছিল ইমানদিন আশা দি দি পুৰণা চাইকেল এখনহে দিলে বুলি! সপোন আছিল ৰঙা- নীলা, আগত বাস্কেট থকা লেডীবাৰ্ড চাইকেল এখন পোৱাৰ। তথাপি নতুন যেন কৰি অনা পুৰণা চাইকেলখন দেখি কেনেকুৱা যে ফুৰ্তি লাগিছিল! অৱশেষত নিজাকৈ এখন চাইকেল হ'ল মোৰ।

মোৰ এতিয়াও মনত আছে, চাইকেলখন অনাৰ দিনা মই ভিতৰলৈ সোমোৱাই ড্ৰেছিং টেবুলৰ সন্মুখলৈ লৈ গৈছিলোঁ আৰু বিভিন্ন ভংগীত চাইকেলত উঠি আৰু নামি আইনাত নিজকে চাইছিলোঁ। মুখত মোৰ স্বতঃস্ফুৰ্ট হাঁহি! কাৰণ মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা, চাৰি-পাঁচটা সন্তানৰ মাজত ডাঙৰ হোৱাৰ আমাৰ নিচিনা  মানুহৰ আশা-আকাংক্ষা খুউব কমেইহে পূৰণ হয়। আশা কৰা আৰু সপোন দেখাটোৱে আচলতে আমাৰ বাবে বিলাসিতা আছিল, পূৰণ হোৱাৰ পাছৰ অনূভৱ ক'বই নালাগে! কেতিয়াও নাপাহৰোঁ সেইদিনটো। 

(Published on Dainik Asam' 13th May'2018)


***

Friday, May 4, 2018

মিলন


বাহিৰত দপদপীয়া বৰষুণ দি বতৰটো ঠাণ্ডা কৰি তুলিলেও ঘৰখনৰ ভিতৰভাগৰ উষ্ণতা ক্ৰমান্বয়ে বাঢ়িছিলহে!  মাক আৰু জীয়েকৰ তৰ্কা-তৰ্কিয়ে উষ্ণতা বঢ়াইছিল ৷ তেতিয়া পুৱা নমান বাজিছিল ৷
– ‘তই সেইটোক ভাল পালি বুলিয়েই তোক তালৈ দিব নোৱাৰোতো! ক’ৰ ঘোকোট গাঁৱত ঘৰ তাৰ৷’
– ‘সেইবোৰ মোক কৈ লাভ নাই৷ তাক মই কথা দিছো, কেতিয়াবা বিয়া হওঁ যদি তাৰ লগতে হ’ম!’
– ‘যি কৰ কৰি থাক!’  বুলি সুৰমায়াই ৰাউচি জুৰি কান্দিবলৈ ধৰিলে৷
সুৰমায়াৰ কান্দোনটো বৰ শ্ৰুতিকটু৷ আনকি জীয়েক ৰসিকাও মাকৰ কান্দোনত তিষ্ঠিব নোৱাৰি কেতিয়াবা ঘৰৰ পৰা ওলাই যায় আৰু তিনি/চাৰিঘণ্টাৰ পাছত কান্দোন কমিলে ঘৰ সোমায়৷ আজি আকৌ কথা বেলেগ৷ সৰুৰে পৰা বৰ কঠুৱা হৃদয়ৰ বুলি নাম থকা ৰসিকাই  গাড়ীখনৰ ছাবিটো লৈ মাকৰ কান্দোন বন্ধ হোৱাৰ আগতেই ওলাই গল৷ তাই গাড়ী চলাবলৈ শিকা বেছি দিন হোৱা নাই৷ তথাপি তাইৰ ভয়-ভীত কম, অকলে গাড়ীখন লৈ ওলায় যায়৷ লগত নগদ ধন সৰহকৈ লৈ ওলায় যাতে বাটত কিবা অঘটন ঘটিলে পইছাৰে ’মেনেজ’ কৰিব পাৰে৷ কলেজত একেলগে পঢ়া নগেনৰ লগত তাইক মাকে বিয়া নিদিও বুলিছে! বাপেকৰটো মুখৰ মাতেই নাই৷ খঙেই উঠি যায় তাইৰ দেউতাকৰ কথা ভাবিলে,  ইমান ভয়াতুৰ মানুহ থাকেনে! গাড়ীখন লৈ এক কিলোমিটাৰমান গৈ কিবা এটা মনত পৰি তাই আকৌ উভতি আহিল৷
তাই ওলাই যোৱাৰ পাছতে সুৰমায়াই কন্দা বন্ধ কৰি ৰাতিৰে ৰৈ যোৱা ভাত-আঞ্জা গৰম কৰি খাই আছিল৷ কাৰণ তেওঁ জানে ৰসিকা ঘূৰি আহি বিয়াৰ প্ৰসঙ্গ লৈ আকৌ তেওঁৰ লগত তৰ্ক লাগিব আৰু তেওঁ তাইক ’ইমোচনেল ব্লেকমেইল’ কৰিবলৈ দিনত ভাত নোখোৱাকৈ থাকিব লাগিব৷ গতিকে তাৰ আগতে এপেট মাৰি লৈ ল’লে ভাল হয়৷ গাড়ীখন গেটত আহি ৰোৱাৰ শব্দ শুনাৰ লগে লগে সাউৎকৈ কাঁহীখন পাকঘৰৰ কেবিনেটবোৰৰ এটাত সুমুৱাই হাতখন ধুই আকৌ ইনাই-বিনাই কান্দিবলৈ ধৰিলে৷ সুৰমায়াই যেতিয়াই-তেতিয়াই আৰু হঠাৎ কোনো কাৰণ নোহোৱাকৈ ইনাই-বিনাই কৰ্কশ মাতেৰে কান্দিব পাৰে৷ ভাল ভাষাত এইটো তেওঁৰ জন্মগত প্ৰতিভা৷ এই প্ৰতিভাৰ জোৰত তেওঁ সৰুতে মাক-দেউতাকক আৰু বিয়াৰ পাছত গিৰিয়েকক আঙুলিৰ ঠাঁৰত নচুৱাই ঘৰখনত প্ৰভুত্ব বিস্তাৰ কৰিছিল৷ কিন্তু ৰসিকা তেওঁৰহে জীয়েক কিবা!
গাড়ীৰ পৰা নামি দুপদুপাই নিজৰ কোঠাত সোমাই এয়াৰবেগ এটাত নিজৰ কাপোৰ-কানি কেইটামান, মোবাইল চাৰ্জাৰ আদি আৰু প্ৰসাধনৰ বস্তু ভৰাই লৈ মাকক কোনো গুৰুত্ব নিদিয়াকৈ অহাবাটে উভতি গ’ল৷ তাইৰ অস্বাভাবিক মতি-গতি দেখি সুৰমায়াই তভক মাৰি কন্দা বন্ধ কৰি গুছি যোৱা গাড়ীখনলৈ চালে, ভাতকেইটা যে উলিয়াই খাব লাগে তাকো পাহৰিলে!
গাড়ীৰ চিটবেল্টডাল মাৰি, ঘৰৰ কাষৰে পেট্ৰল পাম্প এটাত ফুল টেংকি তেল ভৰাই তাই মোবাইলটোত ৭৮%চাৰ্জ থকাৰ পাছতো চাৰ্জত দি ল’লে৷ তাৰ পাছত জি. পি. এচ.টো অন কৰি নগেনৰ গাওঁখন চালে জুম(zoom) কৰি৷ তাৰ গাওঁখন “ডেষ্টিনেচন“ত চেট কৰি “ভইচ নেভিগেচন“ অন কৰি তাই যাত্ৰা আৰম্ভ কৰিলে৷ মনত দুখো লাগিল৷ মাক-দেউতাকলৈ মনত পৰিব, উপায় নাই৷ পাছত ল’ৰা-ছোৱালী কিবা এটা হ’লে নাতিৰ মুখ চাই চব পাহৰি আকোঁৱালি ল’ব৷ এতিয়া জীৱনৰ সিদ্ধান্ত লোৱাৰ সময়৷
গৈ আছে ৰসিকা৷ মোবাইলৰ পৰা কোনোবা অচিন সুন্দৰীয়ে (সুন্দৰীয়ে হ’ব চাগৈ, গুগুলত কাম কৰে যেতিয়া! ) “টাৰ্ণ লেফ্ট“, “টাৰ্ন ৰাইট“ কৈ আছে৷ এবাৰ “টাৰ্ণ লেফ্ট“ বোলোতে বাওঁফালে গাড়ী সুমুৱাই দিয়াত দেখে সেইটো পথৰ মূৰত ডাঙৰ পুখুৰী এটাহে আছে৷ গৰুৱে পানী খাবলৈ অহা-যোৱা কৰি হ’বলা ৰাস্তা এটাৰ সৃষ্টি কৰি পেলাইছিল৷ ভাগ্যে তাই ৰাস্তাটো খলা-বমা দেখি গাড়ী লাহে লাহে চলাইছিল বাবে পুখুৰীত গাড়ীৰে সৈতে জলকেলি কৰাৰ পৰা বাছিল৷ ঠেক ৰাস্তাটোত সাতবাৰ  ’N’ turn লৈ তাই পুনৰ মূল ৰাস্তাত উঠিলগৈ৷
মূল পথত উঠাৰ লগে লগে গুগুল ভণ্টিয়ে “ইউ আৰ গয়িং ইন দা ৰাইট ডাইৰেকচ্যন“ বুলি সঁকিয়াই দিলে৷ সকাহ পাই তায়ো গাড়ী উৰুৱাই দিলে৷ “টাৰ্ণ লেফ্ট“, “টাৰ্ন ৰাইট“ অনুকৰণ কৰি তাই গৈ আছে৷ এঘণ্টামান যোৱাৰ পাছত গুগুলে কৈ উঠিল “ইউ আৰ ওৱান এণ্ড হাফ আৱাৰ এৱে ফ্ৰম ইয়ৰ ডেষ্টিনেচ্যন“৷  তাই ঘড়ীটো চালে৷ দিনৰ বাৰ বাজিছে৷ ভোকো লাগিছে, পুৱা কাজিয়াৰ কোবত একো খোৱাই নহ’ল৷ চাহ বিস্কুট খোৱাই আছে তাই৷ তেতিয়া মানে তাই “হাইৱেই“ত উঠিছিল৷ ইফালে সিফালে চালে, ক’ৰবাত ধাবা আদিত সোমাই কিবা এটা খাই লোৱাৰ কথাও ভাবিলে৷ কিন্তু পিছ মুহূৰ্ততে মনটো সলালে৷ সোনকালে নগেনৰ ঘৰ পাবগৈ লাগে৷ তাক চাৰপ্ৰাইজ দিব তাই৷ গৈয়ে মাক-দেউতাকক সেৱা কৰিব লাগিব হিন্দী ধাৰাবাহিকবোৰত কৰাৰ দৰে৷ লাজ অকণো কৰিব লাগিব, কথাটো ভাবিয়েই গাল দুখন গৰম গৰম লাগিল তাইৰ৷ আজিৰ পৰা তাই আৰু নগেন এক হ’ল, পৃথিৱীৰ কোনো শক্তিয়ে সিহঁতক পৃথক কৰিব নোৱাৰে৷
কল্পনাৰ সাগৰত উটি-বুৰি থাকোঁতে গুগুল ভণ্টিয়ে কৈ উঠিছিল “টাৰ্ণ ৰাইট“, কিন্ত তাই কথাষাৰ বুজি উঠে মানে নিৰ্দিষ্ট পথটিৰ পৰা বেচ কিছুদূৰ আগুৱাই গ’ল৷ কি কৰো, কি নকৰো ভাবি নাপাই কাষলৈ নি গাড়ীখন ৰখালে তাই, কি কৰিব ভাবি থাকোঁতে তীব্ৰবেগী গাড়ী কিছুমানে তাইৰ সৰু গাড়ীখনত কঁপনি উঠাই পাৰ হৈ গ’ল৷ সেয়ে গাড়ীখন ডিভাইদাৰৰ এইপাৰেই ঘূৰাই নিয়াটো তাইৰ দৰে স্মাৰ্ট ছোৱালীৰ কাম নহ’ব বুলি ভাবি তাই আগুৱাই গ’ল৷ ক’ৰবাত ঘূৰাই, পিছুৱাই আহি সেই নিৰ্দিষ্ট পথেৰে সোমোৱাৰ সিদ্ধান্ত লৈ তাই চাৰি কিলোমিটাৰ আগুৱাই গৈ U turn লৈ কিছুদূৰ উভতি আহি আন এটা U turn লৈ আগুৱাই গৈ থাকিল৷ অলপ আগতে এৰি থৈ যোৱা পথটিৰ দৰে পথ এটা দেখি তাত গাড়ী সুমুৱাই দিলে আৰু লগে লগে গুগুল ভণ্টিয়ে কৈ উঠিল “ইউ আৰ গয়িং  ইন দা ৰাইট ডাইৰেকচ্যন“৷ আত্মবিশ্বাস বাঢ়িল তাইৰ, মাকে এনেই সৰুৰে পৰা তাইৰ মগজ কম বুলি মানুহৰ আগত বদনাম কৰি থাকে!  মাকৰ প্ৰতি অভিমানেৰে ভৰি  পৰিল মনটো তাইৰ৷ তাইক যে কেতিয়াও অকণো নুবুজিলে! নহ’লে আজি এনেকৈ তাই…! বাওঁহাতখনেৰে কাষৰ চিটৰ পৰা ৰুমালখন খেপিয়াই আনি সেমেকি পৰা নাকটো মোহাৰি উজায় ল’লে তাই৷ দুখ লাগিলে তাইৰ চকুতকৈ নাকৰ পানী আগতে ওলায়৷
“ইউ আৰ টু এণ্ড হাফ আৱাৰ এৱে ফ্ৰম ইয়ৰ ডেষ্টিনেচ্যন“ বুি শুনি তাইৰ ভোকটো এইবাৰ বৰ জোৰেৰে লাগিল৷ ধেইত! এক বাজিল, কিবা এটা খাই লোৱা যাওক, নহলে মুখখন শুকাই টেটেৰা মাৰিলে গাঁৱৰ মানুহে কি বুলি ক’ব তাইক? ক’ব “হেণ্ডচাম“ হোজা ল’ৰাটোক তাই ফঁচালে! কিছুদূৰ আগুৱাই গৈ তাই সৰু ধুনীয়া চহৰ এখনত সোমাল৷ নগাঁও চহৰ! ধুনীয়া! সেউজীয়া৷ নগেনৰ গাওঁখন মৰিগাঁও জিলাত আছিল৷ ওচৰেই কিজানি৷
তাই লিপষ্টিক অকণ আৰু সানি লৈ চুলিখিনি আঙুলিৰে ঠিক কৰি ৰেষ্টুৰেণ্ট এখনত সোমাল৷ গুগুলে কিবা কৈ আছিল যদিও তাই ৱাটচএপটোহে চাবলৈ  জিপিএচ টো অফ কৰিলে আৰু সাতটা গ্ৰুপৰ মেচেজ চাই তাই “ডেটা“ অফ কৰি থ’লে৷ চেল্ফি দুখনমান ল’ব লাগিব৷ গোটেইবোৰ টেবুল ফুল হৈ আছে,  কোনোবাখনত প্ৰেমিক-প্ৰেমিকা বহি প্ৰেমালাপত ব্যস্ত৷ এখন টেবুলত এজনী তাইৰ সমানে ছোৱালী বহি আছে৷  তাই লাহেকৈ সেইখন টেবুলৰ চকী এখন টানি সিজনী ছোৱালীৰ সন্মুখতে বহিলগৈ৷ সিজনী ছোৱালীয়ে তাইৰ ফালে চোৱাই নাই, পুৰণা মোবাইল এটাত থৰ লাগি কিবা চাই আছে৷  ওঁঠযোৰ সামান্য বেঁকা কৰি ৰসিকাইও তাইৰ নতুন মোবাইলটো উলিয়াই আনি কিবা কিবি চাবলৈ ধৰোতেই তাইক পানী আৰু মেন্যুখন দিবলৈ অহা ৱেইটাৰজনৰ চিঞৰত দুইজনী চক খাই উঠিল৷
-হাৰে! ! ৰাণীমা বাইদেউ! আপোনাৰ ’জুড়ৱা বেহেন’ক লৈ আনিছে ন?
দুইজনীয়ে তাৰ ফালে আচৰিত হৈ চালে৷
-কি কৈছা? সিজনী ছোৱালীয়ে সুধিলে৷
-হাৰে! এইয়া আপোনাৰ যঁজা ভণ্টি ন?
ৰসিকাই সিজনীলৈ, আৰু সিজনীয়ে ৰসিকালৈ আচৰিত হৈ চালে৷

ৰসিকা ঘৰত নাথাকিলে এঞ্জেল নেউলীয়ে ভালেই পায়৷  বুঢ়ীজনীক ভাত থালি সিজাই খুৱাই ল’লেই তাই আজৰি৷ দুপৰীয়া সময়কণ তাইৰ বৰ প্ৰিয়, কাৰণ এইখিনি সময়তে তাইৰ বয়ফ্ৰেণ্ড “দাদা বুলি নামাতিবা প্লিজ“ অনলাইন হয় ফেচবুকত৷ সি হোটেল এখনৰ মালিক চহৰৰ৷ তায়ো বেটী কম নহয়, ৰসিকা ঘৰত নাথাকিলে তাইৰ কোঠাত কাপোৰ জাপিবলৈ গৈ তাইৰ কাপোৰ পিন্ধি চেল্ফি তুলি নিজৰ ফেচবুক প্ৰফাইলত দি থাকে৷ মাজে মাজে তাইৰ গাড়ীখনতো আউজি ফটো দিছে৷ তাই বয়ফ্ৰেণ্ডক কোৱা নাই তাই যে আচলতে বনকৰা ছোৱালীহে৷ কিনো দৰকাৰ!
ভাতখোৱা বাচনকেইটা মাজি থাকোঁতেই মোবাইলৰ ’ ন’টিফিকেচন’ৰ শব্দত তাই হাতখন ধুই, টাৱেলখনত মচি মোবাইলটো চালে৷ “দাদা বুলি নামাতিবা প্লিজ is live now“ বুলি অহা ন’ঠটিফিকেচন দেখি তাই বাচন তাতে এৰি দৌৰি নিজৰ কোঠাত সোমালগৈ৷ বিছনাত পেট পেলাই ভৰিদুখ শূন্যত নচুৱাই তাই মোবাইলৰ স্ক্ৰীণত চকু দিলে, দুজনী ছোৱালী কান্ধত ধৰা-ধৰিকৈ বহি কান্দি আছে,  মাজে মাজে দুয়ো কান্দি কান্দি কিবা কথা পাতে, ইজনীয়ে সিজনীৰ চকুপানী মচি দিয়ে৷
“ই….য়ে….এ..এ! ! এইজনী দেখোন আমাৰ ৰসিকা বাইদেউ! ইয়ে…..এ..এ….. এয়া দেখোন দুজনী ৰসিকা বাইদেউ! “ তাইৰ মেলা মুখ মেলাতে থাকিল৷ হঠাতে হুচ অহা মানুহৰ নিচিনা নেউলী সুৰমায়াৰ কোঠালৈ গ’ল আৰু নাক বজাই শুই থকা সুৰমায়াক হেঁচুকি জগুৱাই দিলে৷ কেঁচা টোপনিৰ পৰা সাৰ পাই ধৰ মৰাই উঠি বহিল সুৰমায়া আৰু একো বুজি নোপোৱাৰ দৰে এঞ্জেল নেউলীলৈ চালে৷
-খুৰী চাওক, দুজনী ৰসিকা বাইদেউ
সুৰমায়াই মোবাইলটো লৈ চাই আকৌ হঠাৎ ৰাউচি জুৰি কান্দিবলৈ ধৰিলে৷ এপাকত মোবাইলটো থপিয়াই  বুকুতে সোমাৱাই ল’লে৷ সুৰমায়াৰ মানুহজনো আহি কাষতে বহিলহি, তাই আকৌ কি কাৰণত কান্দিছে ধৰিব নোৱাৰি!
-হেৰি, চাওঁক! ভগবানে মোৰ প্ৰাৰ্থনা শুনিলে৷ আমাৰ হেৰোৱা ছোৱালীজনী ভগবানে আমাক ঘূৰাই দিলে৷ মানুহজনে  ভিডিঅটো চালে, হয়তো একেবাৰে ৰসিকাৰ দৰে ছোৱালী এজনী তাইৰ লগত ৰেষ্টুৰেণ্ট এখনত বহি আছে৷ এইজনী ৰসিকাৰ হেৰুৱা যঁমজ ভগ্নী৷ তেওঁ ল’ৰাল’ৰিকৈ জীয়েকলৈ ফোন লগালে বোলে সোনকালে দুইজনী ঘৰলৈ ঘূৰি আহ৷
তাৰ পাছৰ ঘটনা তেনেই চমু৷
গধূলিলৈ দুইজনী ’দাদা বুলি নামাতিবা প্লিজ’ নামৰ দুই যমজ ভগ্নীক একেলগে প্ৰত্যক্ষ কৰা ৱেইটাৰজনৰ সৈতে ৰসিকাহঁতৰ ঘৰলৈ ঘূৰি আহিল৷ ৰসিকাহঁতৰ চাৰি বছৰ বয়সত খানাপাৰাৰ পশু চিকিৎসালয়ৰ খেলপথাৰত চাৰ্কাছ চাবলৈ গৈ দুই যঁমজ ভগ্নী ৰসিকা আৰু ৰাণীমাৰ ৰাণীমাক হেৰুৱাই থৈ অহা ঘটনাটো কান্দি কান্দি আকৌ মনত পেলালে সুৰমায়াই৷ ৰাণীমাক বুকুত সুমুৱাই মৰম কৰি থকা সুৰমায়াক ৰসিকাই ক’লে –
-যি হৈছে অকল নগেনৰ কাৰণে হৈছে মা৷ এইবাৰ মোক নগেনলৈ বিয়া দিবই লাগিব
“মোৰ কাৰণে একো হোৱা নাই ৰসিকা“- কাৰোবাৰ গহীন মাত এটা শুনি সকলোৱে পাছলৈ ঘূৰি চালে৷ সুদৰ্শন ডেকা এজন থিয় হৈ আছে, হাতত বহল কিবা এখন ৰঙীন কাগজেৰে মেৰিয়াই লৈ আহিছে৷ কাষ চাপি যোৱা ৰসিকাক গুৰুত্ব নিদি নগেন সুৰমায়াৰ কাষলৈ গৈ ভৰিৰ ওচৰতে বহিল, হাতত থকা বস্তুটো সুৰমায়াৰ কোলাত দি ক’লে-
– মা, যি হৈছে গুগুল মেপৰ কাৰণে হৈছে৷ আজি যদি ৰসিকাই মেপৰ সহায় লৈ মোক বিচাৰি নগলেহয় তেনেহলে গুগুলে কেতিয়াও সঠিক পথ দেখুৱাই তাইক মোৰ খুলশালীজনীৰ কাষলৈ লৈ যাব নোৱাৰিলেহয়৷ গতিকে অল ক্ৰেডিট গৌজ টু গুগুল মেপ!
-সেইটো কিনো?
নগেনে সুৰমায়াৰ হাতৰ পৰা ৰঙীন বস্তুটো লৈ কাগজখন ফালি পেলালে৷  সকলোৱে দেখিলে গুগুল মেপৰ “আইকন“টোৰ ডাঙৰ ছবি এখন৷
-ৰসিকাৰ পৰা সকলো গম পোৱাৰ লগে লগে এইটো ডাউলোড কৰি মই লগে লগে বন্ধাবলৈ দি হোৱাৰ লগে লগে লৈ গুচি আহিলো৷
-আজিৰ পৰা গুগুল মেপ মোৰ ভগৱান৷ হেৰি ৰচিকাৰ বাপেক, যাওকছোন ফটোখন গোঁসাই ঘৰত লগাই দিয়কগৈ! বোপাই তুমি মোৰ লক্ষ্মী জোঁৱাই! মূৰত হাত থৈ আশীষ দিলে সুৰমায়াই নগেনক৷
’দাদা বুলি নামাতিবা প্লিজ’এ সকলোৱে শুনাকৈ ডাঙৰকৈ ক’লে,
-ইচ খুছী মেই এক চেল্ফি ত’ বনতা হ্যেই! “
এঞ্জেল নেউলীকে আদি কৰি সকলো অহাকৈ চেল্ফি তুলিলে সি “ক্লিক! “ “ক্লিক! ! “ “ক্লিক! ! ! “■■

Tuesday, May 1, 2018

শুভ সমাপ্তি

আগৰেপৰা বোলে জেঠুৱে জেঠাইক কৈ আছিল “এইবাৰ আমাৰ এনিভাৰ্চেৰীত তোমাক ডাঙৰ, আঙুলিৰে চলাব পৰা মোবাইল এটা দিম। লগতে ফেচবুক আৰু ‘হোৱাটচ্এপ’ এটাও দিম।” দুমাহমান আগতে দিল্লীৰ পৰা অহা মাইনুৰ খবৰ এটা লওঁ বুলি সোমাওঁতে জেঠাইয়ে মোক কথাটো কৈছিল। কথাটো শুনি মোৰ মুখৰ পৰা চাহৰ লগত চোবাই থকা পিঠা ওলাই দৌৰ মাৰিব খুজিছিল৷ কোনোমতেহে কৃত্ৰিম কাঁহ দুটামান মাৰি নিজকে সংযত কৰি থ’লোঁ।

সেই কথাৰ এসপ্তাহমানৰ পিছত দেওবাৰ এটাত দুপৰীয়া ভাতকেইটা খাই থকাৰ সময়তে জেঠাইৰ ফোন আহিল- “মইনা, গধূলি বেলেগ কাম নাই যদি আমাৰফালে এপাক মাৰিবিচোন।” সেইদিনা নগ’লোঁ যদিও জেঠাইৰ ওপৰা-উপৰি ফোনত উপায় নাপাই দুদিনৰ পাছত সেইফালে যাওঁতে জেঠাইৰ ঘৰত সোমালোঁ। দুই-এটা কথা পতাৰ পাছত জেঠুৱে গৌৰৱৰ হাঁহি এটা চেপা মাৰি ধৰি থাকি জেঠাইক ক’লে, “যোৱা আকৌ৷ আনি দেখুওৱা বস্তুটো।” কথাটো শুনি চেপা হাঁহিটো জেঠাইৰ মুখলৈ স্থানান্তৰিতহে হ’ল যেন! মুখখন টিপি টিপি হাঁহি মাৰি জেঠাই উঠি গ’ল আৰু অলপ পাছত কাগজৰ চাৰিকোণীয়া বাকচ এটাৰ পৰা আলফুলে কিবা এটা উলিয়াই মোৰ আগত পানীকেচুঁৱা দঙাদি দাঙি ধৰিলে। “চাচোন ! এইটো বাবাই দি পঠাইছে। ইণ্টাৰনেটৰ মানুহে ঘৰতে দি গৈছে।”

বাবা জেঠাইৰ ল’ৰা। বাংগালোৰত চাকৰি কৰে। ছোৱালীজনীও বিয়া হৈ দিল্লীত তাইৰ স্বামীৰে সৈতে থাকে। জেঠুৰ সৰু চাকৰিটোৰে তেওঁলোকৰ দুইটা সন্তানক কোনো অভাৱ-অনাটন অনুভৱ কৰিবলৈ নিদিয়াকৈ পঢ়াই-শুনাই উপযুক্ত কৰি তুলিছে। অভাৱ-অনাটন নাছিল যদিও কোনোধৰণৰ বিলাসিতাও নাছিল সিহঁতৰ জীৱনত। সিদিনালৈকে কণমানি ক’লা-বগা মোবাইল ফোন ব্যৱহাৰ কৰি থকা জেঠাইয়ে এতিয়া পুতেকে ‘অনলাইন পাৰ্চেজ’ কৰি পঠাই দিয়া স্মাৰ্টফোন চুবলৈ পাইছে, মুখত গৌৰৱৰ হাঁহিয়ে খুন্দিয়া-খুন্দি নকৰাটোহে তেনেই অস্বাভাৱিক কথা। মই চালোঁ ফোনটো৷ ভাল কোম্পানীৰ নতুন মডেলৰ স্মাৰ্টফোন এটা। চাই পেলাই ‘বৰ ধুনীয়া ফোন’ বুলি শলাগি ঘূৰাই দিলোঁ।

জেঠাইয়ে বোলে “ধুনীয়া বুলি মই জানো ৰ’হ, আমাৰ বাবাই বেয়া বস্তু নিকিনে।” নিজৰ ল’ৰা-ছোৱালীহাল পঢ়াত চোকা বুলি মাজে-মাজে জেঠুহঁতে আমি,পৰিয়ালৰ মধ্য-বুদ্ধিৰ কেইজনক ‘ডাউন’ দি কথা কোৱা স্বভাৱটো পুনৰ প্ৰকট হৈ উঠিল। জেঠু আগতে আমাৰ ঘৰলৈ অহাৰ পাছত আমি তিনিওটা বাই-ভায়ে দেউতাৰ গালি শুনাটো খাটাং আছিল। আগতে খং উঠিছিল যদিও আজিকালি খং নুঠে মোৰ। কিয়নো বুদ্ধি নহ’লেও মোৰ দেউতাই আমাক দিয়া উচ্চবিত্তৰ জীৱনে এইবোৰ কথা আমাক গ্ৰাহ্য কৰিবলৈ শিকালে। দেউতাৰ জহত আমি বহুতো ডিগ্ৰীৰে শিক্ষিত নহ’লেও টকা-পইচাৰে বৰ্তমান প্ৰতিস্থিত। আমাৰ আয়ে বহুদিনৰ পৰাই এইটোতকৈ দামী ফোনত হোৱাটচ্এপ ব্যৱহাৰ কৰি আছে । তিনিবছৰৰ আগতে ভাইটিয়ে খুলি দিয়া ফেচবুক প্ৰফাইল এটাও আছে। সেয়ে জেঠাইক একো কোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলোঁ। ফোনটো মোৰ হাতলৈ তুলি দি জেঠায়ে ক’লে-“মোৰ চিমকাৰ্ডখন ইয়াত ভৰাই কেনেকৈ কি কৰিব লাগে শিকাই দে। বাবাই কৈ পঠাইছে, মাইনাক(অৰ্থাৎ মোক) মাতি আনি শিকি ল’বি।” পেটে পেটে এইবাৰহে খং উঠিল মোৰ। যেন ‘মাইনা’ৰ অইন একো কামেই নাই! সি ক’লেই মই চব কাম-বন বাদ দি দৌৰি আহিব লাগিব। কিন্তু মুখেৰে কোনোধৰণৰ অভিব্যক্তি প্ৰকাশ নকৰি মই ফোন দুটা ল’লোঁ। মনৰ বিৰক্তি মুখলৈ আহিলেই ‘আমি বাবাক হিংসা কৰোঁ’ বুলি অপবাদ এটা পুনৰাই পাই যাব পাৰোঁ। পুৰণা ফোনটোৰ পৰা চিমখন উলিয়াই লগাবলৈ চাই দেখোঁ নতুন ফোনটোৰ চিমৰ ‘শ্লট’টোৰ তুলনাত সেইখন বহু ডাঙৰ। ৰাস্তাত মোৰ গাড়ীৰ ভিতৰত বহি মই ওলাই যোৱালৈ বাট চাই থকা মোৰ ড্ৰাইভাৰটোক ফোন কৰি মাতি আনি ওচৰৰ কোনোবা মোবাইল ৰিচাৰ্জ কৰা দোকান এখনলৈ পঠাই দিলোঁ। প্ৰায় বিশ মিনিটৰ পাছত সি চিমখন কাটি আনি দিলেহি। সেইখন নতুন ফোনটোত সুমুৱাই দি ‘অন’ কৰিবলৈ চুইচটো টিপি জেঠাইৰ মুখখনলৈ চালোঁ। তেওঁ এনেকৈ চাই আছে মোবাইলটোলৈ যেন অলপ পাছতেই তাত আলাদিনৰ চাকিটোহে জ্বলি উঠিব! জীৱনত প্ৰথমবাৰলৈ বিলাসী বস্তু এটি নিজাকৈ লাভ কৰাৰ অনুভৱকণে পোহৰাই তুলিছে জেঠাইৰ মুখ। মৰম লাগি গ’ল জেঠাইলৈ..!

চিমখন লগাই এবাৰ মাইনু আৰু এবাৰ বাবাৰ লগত পাঁচ মিনিটমানকৈ দুয়োজনে কথা পাতি থকাৰ সময়তে হাতেৰে বিদায় দিয়াৰ ইংগিত দি মই উঠিব খুজিলোঁ। জেঠাইৰ ঘৰত মই অহাৰ ডেৰ ঘণ্টাৰো অধিক সময় ইতিমধ্যে পাৰ হৈ গৈছিল। ঘৰত ল’ৰা-ছোৱালীহাল স্কুলৰ পৰা অহাৰ সময় হৈছে। কথা পাতি পাতিয়েই জেঠাইয়ে ইঙ্গিতেৰে মোক বহি থাকিবলৈ ক’লে। অগত্যা বহি থাকিলোঁ। কথা পতাৰ হোৱাৰ পাছত মোক ক’লে বোলে-“তোৰ ফোনটোৰে মোক ফোন কৰি চাচোন, মই ৰিচিভ কৰিব পাৰোঁনে নাই!” মোলৈ পুনৰ ফোনটো তেওঁ আগবঢ়াই দিলে।
“কেমেৰা আছেনে এইটোত?”-এইবাৰ নতুন কৌতূহল মুখত।

“আছেতো!”

দেখুৱাই দিলোঁ কেমেৰাটোৰে কেনেকৈ ফটো উঠিব পাৰি। তাৰ পাছত বেলেগ বেলেগ প’জত দুয়ো কেইবাখনো ফটো উঠিলে। মোকো উঠালে। প্ৰতিখন ফটো উঠাৰ পাছত কেনে হৈছে চালে। কোনোবাখনত ইজনে সিজনৰ মুখ দুখন চাই হাঁহিলে। কোনোবাখন চাই সগৌৰৱেৰে হাঁহিলে, কোনোবাখন চাই লাজ কৰি হাঁহিলে। তেওঁলোকৰ হাঁহিবোৰ দেখি ‘ফ্ৰণ্ট কেমেৰা’টো অন্ কৰি চেল্‌ফি কেনেকৈ লয় দেখুৱাই দিলোঁ। গেলাৰীটো খুলি তুলি যোৱা ফটোবোৰ কেনেকৈ চাব লাগে সেয়াও শিকি ল’লে। ডিলিট কৰিবলৈ শিকি দুখনমান ইচ্ছাকৃতভাবে বেয়াকৈ উঠি ডিলিটো কৰি চালে। সৰু ল’ৰা-ছোৱালীয়ে নতুন খেলনা পালে সকলো পাহৰি সেইটোক লৈ ব্যস্ত থকাৰ দৰে তেওঁলোকেও মাজে মাজে মোৰ উপস্থিতিক অগ্ৰাহ্য কৰি ফোনটো লৈ ব্যস্ত থাকিল।মোৰ ঘৰলৈ চেৰেং চেৰেঙকৈ মনত পৰিবলৈ ধৰিছে। স্কুলৰ পৰা ওভতাৰ সময়ত মই ঘৰত নাথাকিলে ল’ৰা-ছোৱালীহালে বেয়া পায়।

জেঠায়ে বিচৰামতে শিকাই দি লাহেকৈ উঠিবলৈ লৈছোঁ৷ আকৌ দাবী, “ৰ’হ! হোৱাটচ্এপ আৰু ফেচবুক নে কি সেইকেইটা শিকাই দি থৈ যা।” উপায় নাপাই ঘৰত ফোন কৰি স্কুলৰ পৰা আহি পোৱা ল’ৰা-ছোৱালীদুটিক ফোন কৰি ক’লোঁ বোলো-“বৰ দৰকাৰী কামত ফঁচি গ’লোঁ। তোমালোকে খাই বৈ জিৰণি ল’বা।” মই জানো,সিহঁতে ভাতো ভালকৈ নাখায় আৰু জিৰণি ল’বলৈ এৰি চিধাই টিভিৰ সন্মুখত বহিব। আজিলৈ সিহঁতৰ ভোক, ভাগৰ জেঠাইৰ মোবাইল ফোনৰ নামত উছৰ্গা কৰিলোঁ।

ফেচবুক আৰু হোৱাটচ্এপ ডাউনলোড কৰি একাউণ্ট খুলি দিলোঁ। মোৰ সন্মুখতে পুতেক-জীয়েকলৈ জেঠাইয়ে ফটো পঠিয়ালে। পোহনীয়া কুকুৰটোৰ ভিডিঅ’ এটা কৰিও জীয়েকলৈ পঠালে। এনেই ‘পাকটো মাৰিবলৈ’ সোমোৱা মইজনী প্ৰায় তিনিঘণ্টাৰ মূৰত তাৰ পৰা ওলালোঁ।

দিনবোৰ গৈ থাকিল। জেঠাইক য’তেই লগ পাওঁ, তাতেই ফোনটো আগুৱাই দিয়ে-“চাচোন, মোৰ ফেচবুকত একো নহা হৈছে।”একো নহা হৈছে মানে একো ন’টিফিকেচন নহা হৈছে। মই এপটো প্লে’ ষ্ট’ৰলৈ গৈ আপডেট কৰি দিয়াৰ ওপৰিও নিজে কেনেকৈ কৰিব লাগে শিকাই দিলোঁ।
**

আবেলি অকণমান বিচনাত দীঘল দি উঠি ছাইলেণ্ট কৰি থোৱা মোবাইলটো হাতত লৈছোঁ, দেখিলোঁ জেঠাইৰ চাৰিটা মিছকল। ‘কল বেক’ কৰিলোঁ, ৰিচিভ কৰিয়েই-‘তই কিয় ফোন নুঠাৱ, ইমান ফোন মাৰি আছো।’ বুলি ভোৰভোৰাই উঠিল।

“কি হৈছে কওক এতিয়া” বুলি সুধিবহে পালোঁ, যিখিনি কথা ক’লে শুনি অতি বিৰক্ত হ’লোঁ। কথাখিনিৰ সাৰমৰ্ম হ’ল, জেঠাইয়ে কেইবাটাও ফেচবুক গ্ৰুপত বিগত সময়ছোৱাত জইন কৰিছে। তাৰে দুটামান গ্রুপত এডমিনে ফটোসহ ‘গুড মৰ্নিং’, ‘গুড আফটাৰনুন’ দিয়ে আৰু তাত গ্রুপৰ কিছুমান সদস্যই ফটোৰে কমেণ্ট দিয়ে। জেঠাইয়ে লিখিহে উত্তৰ দিয়ে, অৰ্থাৎ দিব জানে। জেঠাইক এতিয়া ফটো,কমেণ্ট কেনেকৈ দিয়ে শিকাই দিব লাগে নহ’লে সেইফালে গ’লে এপাক সোমাই যাব লাগে। ফোনতে বহুতবাৰ বুজালোঁ-নাই নুবুজে। সেয়ে সেইফালে অইন কিবা এটা কামত যাওঁতে তেওঁলোকৰ ঘৰত ‘এপাক সোমালোঁ’। ফটো-কমেণ্ট দিয়াৰ ক্লাছ ল’লোঁ, প্ৰেক্টিকেলো কৰালোঁ। তাৰ পাছত ঘৰলৈ আহিলোঁ। পিছদিনা পুৱা চাহকাপ লৈ বহিছোঁ;জেঠাইৰ ফোন, ‘শুনচোন, মেছেঞ্জাৰৰ পৰা ফটো কেনেকৈ কমেণ্টত পঠাম নক’লি নহয় কালি!’

“উসঃ!”

“এপাক সোমাবিচোন এইফালে অইন কিবা কামত আহিলে।” কথাকেইটা আজি সিমান জোৰ দি ক’ব পৰা নাই, কিয়নো কালি ক্লাছ লৈ আহিছিলোঁহে!

লাহে লাহে জেঠাই ফেচবুক, হোৱাটচ্এপত ‘আধা পকা’ হ’ল। যেনে-নিজে ফটো আপলোড কৰিব পৰা, অইনৰ ফটোত কমেণ্ট দিয়া, অইনৰ পোষ্ট শ্বেয়াৰ কৰা ইত্যাদি নিজে কৰিব পৰা হ’ল।

আজিকালি জেঠাইৰ ঘৰলৈ গ’লে জেঠুৱে আমাৰ ওচৰত বহি আগৰ দৰে কথা নাপাতে। মুখখন গোমোঠা কৰি বাহিৰত বহি থাকে নতুবা টিভিৰ সন্মুখত বহি খুউব ব্যস্ত দেখুৱাই চেনেল সলাই থাকে বা ওচৰ-পাজৰৰ অস্তিত্ব একেবাৰে নস্যাৎ কৰি পেপাৰ পঢ়ি থাকে। জেঠাইয়ে মোক চাহ কাপ যাঁচি মোবাইলটো লৈ নতুন নতুন কথা শিকে। জেঠাইয়ে ক’লে, “আজিকালি জেঠুয়ে মোৰ হাতত মোবাইলটো দেখিলেই মুখখন ফুলাই এপাচি কৰে। ৰিটায়াৰ হৈ মানুহটোৰ মগজটো অলপ গণ্ডগোল হৈছে বুইছ? খালী কাজিয়া.. খালী কাজিয়া মোৰ লগত। সিদিনা বাবাক ফোনত চব জনাই দিছোঁ। তেতিয়াৰ পৰাই বুঢ়াই মোক মতাই নাই।”

প্ৰথমে ওচৰৰ বৰুৱাৰ উজনিত থকা জীয়েকৰ ফটো দুয়ো একেলগে চাইছিল। বৰুৱাৰ জীয়েক মাইনুৰ সহপাঠী আছিল। বৰুৱাৰ জীয়েকে কলেজত পঢ়ি থাকোঁতেই উজনিৰ ল’ৰা এটালৈ পলাই গৈছিল। তাকে লৈ বৰুৱাই জেঠাইহঁতৰ আগত দুখ কৰিছিল যদিও জেঠাইৰ জীয়েকে ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড হৈ বিএছচি পাছ কৰাৰ দিনা বৰুৱাক ঘৰলৈ মাটি আনি চাহ-মিঠাই খুৱাই জীয়েকৰ কথা মনত পেলাই দিবলৈ পাহৰা নাছিল জেঠুৱে। পলাই গ’লেও জীয়েকে চাকৰিয়াল জোঁৱায়েকৰ সৈতে ছমাহৰ পাছতে নিজা চাৰিচকীয়াৰে মাকৰ ঘৰলৈ আহোঁতে জেঠাইৰ ঘৰলৈও এপাক আহিছিল। তাইৰ কাপোৰ-অলংকাৰ জেঠাইৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাছিল ৷ সেই কথা গম পালোঁ তেতিয়া,যেতিয়া জেঠায়ে ক’লে-‘সোণৰ নে নকলেই আজিকালি ধৰিবই নোৱাৰি’ । আচলতে পলাই গৈ তাই যি পৰিস্থিতিত থাকিব বুলি মনে মনে আশা কৰি আছিল,তাইক দেখি জেঠাইৰ আশাত চেঁচা পানী পৰিছিল। জীয়েকৰ শহুৰেকৰ ঘৰত চাহ বাগিছা থকাৰ কথা কওঁতে জেঠাইয়ে কোৱা মোৰ মনত আছে, বোলে উজনিৰ মানুহে টাবত চাহ গছ এজোপা লগালেও চাহ বাগান থকা বুলি কয়। সেয়ে ফেচবুকত সিহঁতৰ ফটোৰ বেকগ্ৰাউণ্ডবোৰ জুম কৰি কৰি চাই জেঠাইয়ে ফূৰ্তি কৰে অথবা বুকুত হিংসাৰ জুই একুৰা জ্বলাই লয়। কেতিয়াবা জেঠুকো দেখুৱায় ৷ তেওঁ কেতিয়াবা মনপুতি চায়৷ কেতিয়াবা ভেঁকাহি মাৰি উঠে বোলে-‘তাই আৰু মাইনু কি বেলেগনো? তুমি যে তাইৰ ভালটো দেখিব নোৱৰা?’ সেয়ে হেনো আজিকালি জেঠাইয়ে হাতত মোবাইলটো ল’লে জেঠুৰ মগজে কাম নকৰা হয়। ওচৰত থাকিলে চাহ একাপ দিয়া, পানী এগিলাচ দিয়া ইত্যাদিৰ পৰা সৰু-সুৰা কাজিয়া হ’বলৈ ধৰিলে। সেয়ে হাতত মোবাইল থকা অৱস্থাত আজিকালি দুয়ো দূৰে-দূৰে অৱস্থান কৰে। জেঠাইৰ আপত্তি-“গোটেই জীৱন বাপেক-জীয়েক-পুতেকৰ লেদেনা ওকটোতেই গ’ল, এতিয়া নিজৰ কাৰণে পাঁচ মিনিট বহিলেও চকুৰ কুটা হেন জ্ঞান কৰে। এনে জীৱন জীয়াই থকাতকৈ নথকাই ভাল।” কাজিয়াবোৰৰ কথা এখন কাণে দি শুনি সিখনেদি উলিয়াই এটা সময়ত মই গুচি আহোঁ। কাৰণ জেঠুৱে কেতিয়াবা বজাৰলৈ ওলাই গ’লে মোক ফোন কৰে, বোলে-“আজিকালি জেঠাইয়ে ৰন্ধা-বঢ়াটো সিমান মন কাণ নিদিয়ে ৷ কেৱল মোবাইলটো লৈ ব্যস্ত। তাকে ক’লেই কথাই কোনোবাখিনি পায়গৈ! শইকীয়াৰ ঘৈণীয়েকে বোলে তেওঁৰ ফটো লাইক নকৰে, সেইকাৰণে অতবছৰে লগালগিকৈ থকা মানুহজনীক তেওঁ নামাতে আজিকালি। দেখিলে মুখ ঘূৰাই দিয়ে। এইবোৰ কথা হ’ল নেকি ক’চোন?”

মোবাইলৰ কাৰণেই আজিকালি জেঠাই আৰু জেঠুৰ শোৱনি কথা বেলেগ বেলেগ হ’ল। জেঠুৱে পোহৰ হৈ থকা ৰূমত শুব নোৱাৰে৷ ইফালে জেঠাইৰ মোবাইলে মাজৰাতিলৈ গোটেইখন পোহৰ কৰি ৰাখে। কিবা এটা ক’লেই বিয়াৰ পিছৰ পৰা কি কি কথাত জেঠুৱে জেঠাইক কথা দি কথা ৰাখিব পৰা নাছিল,কেইবাৰ জ্বৰ হওঁতে অফিচৰ পৰা দেৰিকৈ আহিছিল,শাহুৱেকে গালি দিওঁতে কেইবাৰ মুখেৰে মতা নাছিল ইত্যাদিৰে তেওঁ জেঠাইৰ জীৱনটো কেনেকৈ ধ্বংস কৰিলে তাৰ বকলা মেলা আৰম্ভ কৰি দিয়ে।

লাহে লাহে আমাৰ পোষ্টত প্ৰথম লাইক আৰু কমেণ্টটো জেঠাইৰ পৰাই পোৱা হ’লোঁ। জেঠাইয়ে আপলোড কৰা বুটৰ ডাইল, ৰঙালাওৰ ফুলৰ পকোৰা,বাৰাণ্ডাৰ টাবত নতুনকৈ ফুলা গোলাপপাহত লাইক-কমেণ্ট কৰিবলৈ জেঠাইৰ পৰা ফোন পোৱা হ’লোঁ। জেঠুৰ আপত্তি চলিয়েই থাকিল। জেঠাইয়ে সেইয়া অৱসৰৰ পাছৰ অৱসাদ বুলি ভাবি থাকিল। মোক লগ পালেই জেঠুৰ পৰা ওজৰ-আপত্তি আহিয়েই থাকিল।

মোৰ ফেচবুক একাউণ্টটোত বন্ধুৰ তালিকাখন বৰ দীঘলীয়া হৈ গৈছে। সেয়ে যেতিয়াই ফেচবুকত লগ-ইন কৰোঁ তেতিয়াই দুই তিনিঘণ্টা কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। জেঠাইৰ একাউণ্টটো ময়ে খুলি দিছিলোঁ, সেয়ে আই ডি-পাছৱৰ্ড মই জানো। আজিকালি জেঠাইক কিবা সহায় কৰিব লগা হ’লে মোৰ ফোনৰ পৰাই একাউণ্টটোত লগ-ইন কৰি দিওঁ। যেনে-এবাৰ জেঠাইৰ ফটোত কোনোবাই অশ্লীল ফটো,কমেণ্ট এটা দিছিল। জেঠাই আছিল কোনোবা এখন বিয়াত, জেঠুৰ সৈতে। ভয় খাই সেয়ে মোক মেচেজ দিলে, কমেণ্টটো ডিলিট কৰি সেইজনক ব্লক কৰিবলৈ। কেতিয়াবা নিশা ইনবক্সত মহিলা ৰূপধাৰী পুৰুষে দিয়া মেচেজ দেখি ভয় খাই মোক গালি দুটামান দি ব্লক কৰি দিবলৈ কয়। মই কৰি দিওঁ। তেনেকৈ একাউণ্ট খুলোঁতেই এবাৰ জেঠাইৰ প্ৰফাইলৰ পৰা মোৰ প্ৰফাইলটো খুলি চালোঁ। বহুখিনি মিউচুৱেল ফ্রেণ্ড আছে আমাৰ। সিহঁতৰ আপডেটবোৰ নীৰৱে চাই থৈ দিওঁ। লাহে লাহে সময় বচাবলৈ তাকেই কৰা হ’লোঁ।

সিদিনা জেঠাইৰ ঘৰলৈ যাওঁতে দুয়ো হাঁহি হাঁহি কথা পাতি আছিল। বহু দিনৰ মূৰত আগৰ দৰে সুন্দৰ পৰিৱেশ এটা দেখা পালোঁ। মনটো ভাল লাগিল। জেঠায়ে মোলৈ চাহ বনাবলৈ পাকঘৰত সোমাওঁতে ময়ো পিছে পিছে সোমালোঁ কথা পাতি পাতি। তাত থকা সৰু ডাইনিং টেবুলখনৰ চকীত বহি থাকোঁতে মোৰ মোবাইলত মেচেজ অহাৰ শব্দ শুনি মোবাইলটো হাতত তুলি ললোঁ। তাকে দেখি জেঠায়ে ক’লে, “মোৰ ফেচবুকটোত একো নহা হ’ল জাননে?”

:এপটো আপডেট কৰিব আকৌ

:কৰিয়েই থাকোঁ। চাই দেচোন তই

বহুদিনৰ মূৰত জেঠাইৰ মোবাইলটো চালোঁ। এপটো আপডেট কৰা হৈ আছে। কিয় নাই অহা বা একো,ধৰিবই নোৱাৰিলোঁ! চাহ খাই তেওঁলোকৰ পৰা বিদায় লৈ নিজৰ গাড়ীত বহি ফেচবুক খুলিলোঁ। দুটা ন’টিফিকেচন। কোনোবাই জেঠাইৰ বহুদিনৰ আগতে জীয়েক মাইনুৰ সৈতে উঠা-‘Me with my daughter’ বুলি কেপচন দি যোৱাৰাতি আপলোড কৰা ফটো এখনত “লুকিং বিউটিফুল’, ‘ৱাও’ বুলি কমেণ্ট দুটা দি থৈছে। মই কমেণ্টৰ ‘reply’ দিবলৈ ওলাওঁতেহে মন কৰিলোঁ, সেয়া জেঠাইৰ একাউণ্টহে! আজিলৈকে তেনেকৈয়ে ৰিপ্লাই দি আহিছোঁ। এতিয়াহে মই জেঠাইৰ কথাষাৰৰ অৰ্থ বিচাৰি পাবলৈ সক্ষম হ’লোঁ। প্ৰায়ে তেওঁৰ একাউণ্টৰে মই ফেচবুক চাই থাকিলে তেওঁ ক’ত নতুন ন’টিফিকেচন দেখা পাব! সেয়েহে আমনি লাগি জেঠুৰ সৈতে আগৰ দৰে চাহ-মেল পাতিছে। হওক, তেনেকৈয়ে থাককচোন। দুজনীয়া সদস্যৰ ঘৰখনত মোৰ এই মনে মনে লোকৰ ফেচবুক একাউণ্ট ব্যৱহাৰ কৰাৰ কাৰণেই যদি শান্তি,চেনেহ আৰু সাহচৰ্য ঘূৰি আহিছে তেনেহ’লে এইটো ‘সত্য’ মোৰ সৈতেই থাকক! হাঁহি উঠা কথা মনত পৰিলে অকলে অকলে হঁহা মোৰ স্বভাৱটো পুনৰ এবাৰ প্ৰমাণ কৰি অবাধ্য হাঁহি এটা ফিচিককৈ মুখেৰে ওলাই আহিল৷ ড্ৰাইভাৰটোৱে ৰিয়েৰ মিৰ’ৰখনত মোলৈ কেৰাহিকৈ চালে। মই তাক দেখুৱাই গহীন হ’বলৈ চেষ্টা কৰিলোঁ যদিও সফল হ’বলৈ আৰু কিছু সময় লাগিল মোক!
  • ***