Thursday, May 17, 2018



পাহৰিব নোৱাৰা কথা :

মোৰ হেঁপাহৰ চাইকেলখন!




তেতিয়া তৃতীয় নে চতুৰ্থ শ্ৰেনীত মই। জহকালিৰ কথা। জহকালি মানে পিৰালি কাঁঠীতে সাপৰ ৰাজ্য, যেতিয়াই তেতিয়াই নিজৰ দুৰ্বলতা বা অসাবধানতাবশতঃ সাপৰ পেটলৈ গমন কৰিবলগীয়া হোৱা বেঙৰ মৰণকাতৰ মাত, কাড়ডালৰ দৰে সাউৎকৈ ওলাই মাটিৰ সমান্তৰাল হৈ এফুটমানলৈ আগবাঢ়ি আহিব পৰা কাৰ্শলাকেইডাল! উৎকট গৰমৰ দিনকেইটা দিনৰ ভাগত বাৰীলৈ যোৱাত নিষেধাজ্ঞা। সেয়ে স্কুলৰ পৰা অহাৰ পাছতে ভাত খুৱাই মায়ে লগতে শুৱাই ল'য়। টোপনি নাহে মোৰ। মাৰ-দেউতাৰ টোপনিত নাক বজালৈ বাট চাই থাকোঁ। টোপনি অহা বুলি নিশ্চিত হ'লেই হাতত সাৰে ভৰিত সাৰে শোৱাৰ পৰা উঠি আহোঁ।

একে শ্ৰেণীত পঢ়া বন্ধু সঞ্জীৱে "আমাৰ বাৰীত ঢেৰ নেমু আৰু লেচেৰামাহ লাগিছে আহিবি আবেলি খাম" বুলি স্কুলতে দি থোৱা নিমণ্ত্ৰণ ৰক্ষা কৰিবলৈ ওলাওঁ। সাৰথি দেউতাৰ ছব্বিছ ইঞ্চি ওখ চাইকেলখন। তিনিকোণীয়া ফ্ৰেমৰ মাজেৰে সোঁভৰি সোমোৱাই (তলত) হাফ পেডেল মাৰি চলাব জানোঁ । মনে মনে ওলাই যাওঁ। সঞ্জীৱৰ ঘৰলৈ যাওঁতে দুটা কেঁকুৰি ঘুৰি মোৰ বৰদেউতাৰ ঘৰ পাৰ হৈ যাব লাগোত  একেলগে পঢ়া বৰদেউতাৰ ছোৱালী মামু বৰদেউতাৰ চাইকেল লৈ ৰৈ থাকে। আমাৰ  গাঁওখন এৰিয়েই সঞ্জীৱৰ গাঁও। সিও আমি গৈ পোৱালৈ ৰৈ থাকে। তাৰ মাকো ভাত খাই শুৱে দুপৰীয়া। তাৰ সৰু ভনীয়েকজনী কেঁচুৱা আছিল তেতিয়া। ভৰদুপৰীয়া কেঁচুৱা অকলে এৰিব নাপায় কাৰণে মাকে বাহিৰ নোলায়। তেনে সময়তে আমি মাৰ কাম কৰোঁ। আন্ধাৰ হ'লে এটা কোঠাৰ পৰা আনটোলৈ অকলে যাবলৈ ভয় কৰা আমিবোৰৰ ভৰদুপৰীয়া ৰ'দত সাপলৈও ভয় নালাগে। বননি ভাঙি সৰসৰকৈ শব্দ কৰি যোৱা সাপ,  ভেঁকুলীৰ প্ৰাণকাতৰ কান্দোনেও ৰখাব নোৱাৰে আমাক। হেঁদালিখনত ওলমি থকা কোমল, ঈষৎ সেউজীয়া লেচেৰা মাহবোৰ। চিঙি চিঙি খাওঁ। লেচেৰা ভাজি নোখোৱাৰ কাৰণে খোৱা মাৰ গালিবোৰ পাহৰি যাওঁ। নেমুবোৰ কলিতে  চিঙি খাওঁ। ৰস নাথাকিলে দলিয়াই পেলাওঁ, আকৌ এটা চিঙোঁ। পেলাওঁ...। কেতিয়াবা বিছাই ডাকি বখলা-বখল কৰে। কাণত চূণ সানি গা শাঁত পেলাওঁ। তেনেকৈ আমাৰ অভিযান চলাই থাকোঁতে এদিন আমাৰ কাষৰ গছবোৰতে জাৰৌপ জাৰৌপ এচাৰিৰ কোব পৰিছিল। সেইফালে চাই দেখো হাতত দীঘল আগলি বাঁহৰ এচাৰি লৈ সঞ্জীৱৰ মাক। আমি দৌৰি পলালোঁ, সঞ্জীৱৰ মাকে পিছে পিছে অলপ দূৰলৈ দৌৰাইছিল, মাজে মাজে মাটিতে এচাৰিৰ কোব এটা মাৰে! কাৰো গাত কোব নপৰিল যেনিবা,  কিন্তু সঞ্জীৱলৈ যিকেইটা গালি আৰু ধমকি ওফৰি আহিল, সেইদিনা গধূলি সি কেনেকৈ ঘৰ সোমাইছিল সিহে জানে!

তেনেকুৱা ঘটনাৰ পাছত দুই তিনিদিন নোযোৱাকৈ থাকোঁ, পাছত আকৌ যাওঁ..দেউতাৰ চাইকেলত হাফ পেডেল মাৰি মাৰি.। ঘৰলৈ ঘুৰি আহি দেখোঁ মা-দেউতাই আগফালৰ বাৰান্দাত বহি থাকে, কেতিয়াবা চাহ খাই থাকে। তেনেকৈ হাফ পেডেল মাৰোঁতে মাৰোঁতে মই গম নোপোৱাকৈয়ে কেতিয়া ফুল পেডেল মাৰিবলৈ ধৰিলোঁ নিজেই গম নাপালোঁ..।

এদিন ঘৰলৈ ঘুৰি আহি পদূলি পাইছোঁ, মায়ে সদায় মতাৰ দৰে বচন ফাঁকি মাতিলে, '"সৌজনী দেখিছে? 'ত ৰ'দখনত টলৌ টলৌকৈ ঘুৰি ফুৰিছে। দিয়কচোন দুচাটমান!" বাহিৰত হাজাৰ দুষ্টামি কৰিলেও ঘৰলৈ ঘুৰি আহি থকাৰ সময়ত ভয় এটা সাৰ পাই উঠে। মনে মনে শোৱাৰ পৰা উঠি যোৱাৰ কাৰণে মাৰ খকৰা-মুকুটিকেইটা নোপোৱালৈ ভয়টো থাকে। দেউতা থাকিলে মায়ে কামটো দেউতালৈ পাচে যদিও কোনোদিন এইটো কামৰ কাৰণে  দেউতাৰ পৰা 'এচাটো' পাই নাপালোঁ। অৱশ্যে কেতিয়াবা সাপৰ কথা কৈ 'মিছা'  মকি একোটা নিদিয়া নহয়। মই বুজি পাওঁ সেইটো মাৰ মন ৰাখিবলৈ দিয়া বুলি!

সেইদিনা দেউতাৰ মাৰ কথালৈ কাণসাৰ নাই। ভয়ে ভয়ে চাইকেলখন লৈ ঘৰ সোমোৱা মোলৈ চাই আছে, মুখত মিচিকিয়া হাঁহি!
"তই ফুল পেডেল মাৰিব পৰা হ'লি?."
", পাৰিলোঁ" মোৰ মুখত বিশ্বজয়ৰ হাঁহি।
"...'ব দে, হাইস্কুল পালে লেডিজ চাইকেল এখন কিনি দিম, স্কুল অহা-যোৱা কৰিব পাৰিবি বৃত্তি পাৱ যদিহে দিম"
তেতিয়া মই চতুৰ্থ শ্ৰেণীত। চতুৰ্থ শ্ৰেণীৰ বৃত্তি পালোঁ। নিজাকৈ এখন চাইকেল পোৱাৰ আশাটো পূৰণ হোৱাৰ আশাত দেউতাক সুধিলোঁ "বাবা চাইকেল কেতিয়া দিবা?"
সদায় চমু উত্তৰ "দিম ৰ'হ...চিক্স পাই ল।"
ক্লাছ চিক্সত, "বাবা চাইকেল দিবানে?", উত্তৰ "দিম ৰ'হ...চেভেন পাই ল" । ক্লাছ চেভেনতো একেই উত্তৰ। অষ্টম মানলৈ নোসোধা হ'লোঁ। জানো, নিদিয়ে। এনেই ইমান আশা দেখুৱাই থাকিল।

অষ্টমমানৰ ছয়মাহিলি পৰীক্ষা দি থাকোঁতে এদিন গম পালোঁ মই আৰু বান্ধৱী পৰিনীতাই  সপ্তমমানৰ বৃত্তি লাভ কৰিছোঁ তাৰ দুবছৰ আগতে এগৰাকী বাইদেৱে বহু বছৰৰ মূৰত আমাৰ স্কুলৰ পৰা বৃত্তি পাইছিল। দুজনীয়ে একেলগে বৃত্তি পোৱা কাৰণে আনন্দৰ পৰিবেশ... স্কুলতো, ঘৰতো!

তাৰ এমাহমান পাছতে এদিন গধূলি সময়ত দেউতাই 'চেকেণ্ডহেণ্ড'  চাইকেল এখন আনি দিলে মোক।  গাঢ় সেউজীয়া, বাইছ ইঞ্চি উচ্চতাৰ, 'হাফ চেইন কভাৰ' থকা 'হিৰো' কোম্পানীৰ চাইকেল। বৰ আৰামী ছীট এটা লগাই আনিছিল। পুৰণা যদিও চিকচিকাই আছিল চাইকেলখন, তেল-গ্ৰীজ লগাই এনে ধুনীয়াকৈ আনিছিল যে চলালে নতুন নে পুৰণি চাইকেল গমেই নাপায়। আচলতে কেইবাদিনৰ আগতেই কিনি মেৰামতি কৰিবলৈ দি থৈছিল যাতে পুৰণা চাইকেলখন নতুনৰ দৰে কৰি মোক দিবহি পাৰে। প্ৰথমে খং উঠিছিল ইমানদিন আশা দি দি পুৰণা চাইকেল এখনহে দিলে বুলি! সপোন আছিল ৰঙা- নীলা, আগত বাস্কেট থকা লেডীবাৰ্ড চাইকেল এখন পোৱাৰ। তথাপি নতুন যেন কৰি অনা পুৰণা চাইকেলখন দেখি কেনেকুৱা যে ফুৰ্তি লাগিছিল! অৱশেষত নিজাকৈ এখন চাইকেল হ'ল মোৰ।

মোৰ এতিয়াও মনত আছে, চাইকেলখন অনাৰ দিনা মই ভিতৰলৈ সোমোৱাই ড্ৰেছিং টেবুলৰ সন্মুখলৈ লৈ গৈছিলোঁ আৰু বিভিন্ন ভংগীত চাইকেলত উঠি আৰু নামি আইনাত নিজকে চাইছিলোঁ। মুখত মোৰ স্বতঃস্ফুৰ্ট হাঁহি! কাৰণ মধ্যবিত্ত পৰিয়ালত জন্ম হোৱা, চাৰি-পাঁচটা সন্তানৰ মাজত ডাঙৰ হোৱাৰ আমাৰ নিচিনা  মানুহৰ আশা-আকাংক্ষা খুউব কমেইহে পূৰণ হয়। আশা কৰা আৰু সপোন দেখাটোৱে আচলতে আমাৰ বাবে বিলাসিতা আছিল, পূৰণ হোৱাৰ পাছৰ অনূভৱ ক'বই নালাগে! কেতিয়াও নাপাহৰোঁ সেইদিনটো। 

(Published on Dainik Asam' 13th May'2018)


***

No comments:

Post a Comment