Saturday, May 14, 2016



শুকান খৰখৰীয়া ফাগুণৰ দিনবোৰৰ শেষত অহা বসন্তৰ ৰিমঝিম বৰষুণৰ পৰশত নৈৰ পাৰটো তেনেই কোমল সেউজীয়াৰে ভৰি পৰিছে।হওঁতে বৰষুণ টুকটুকিয়ে বেয়া পায়।কিন্তু বৰষুণে সেউজী পোচাক পিন্ধোৱা পৃথিৱীখন তাইৰ অতি মৰমৰ! সেই সেউজীয়াৰ মোহতে নৈৰ পাৰত মগ্ন হৈ থাকোঁতেই কাণিমুণি আন্ধাৰৰ পাতল চামনি এটাই পৃথিৱীখন আৱৰি ধৰাত তাই কোবাকোবিকৈ ঘৰলৈ খোজ দিলে।
কিনকিনিয়া বৰষুণ এজাক দিছে । তাই বৰষুণত ভিজি খুউব বেয়া পায়। সেয়ে মাজে মাজে খৰখৰকৈ খোজ দিছে! মাজে মাজে দৌৰিছে।বেছি দূৰ দৌৰিবলৈ দেহাই নাটানে আজিকালি। তাতে ল’ৰা ছোৱালী জন্ম দি দি পেটটো ডাঙৰ হৈ ওলমি পৰিছে। দৌৰিলে লৰি লৰি যায়। ভাগৰ লাগিছে তাইৰ। কিহে পাইছিল ইমান দূৰ আহিবলৈ! দৌৰি দৌৰি দলঙত ভৰি দিলে তাই। বৰষুণৰ কোব মাজে মাজে কমিছে মাজে মাজে বাঢ়িছে। মাজতে ভাবিলে কাৰোবাৰ ঘৰত সোমাব নেকি? কিন্তু নাই আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। এনেকুৱা বৰষুণৰ বতৰতে বেছিভাগ বেয়া কাম সিহঁতৰ লগত ঘটে। যোৱাবছৰ এনেকুৱা বৰষুণৰ বতৰতে তাইৰ ডেকা নোদোকা নাতিটো নোহোৱা হৈছিল।তাই বুঢ়ী হ’লেও জানে যে সিহঁতৰ মঙহেই সিহঁতৰ বৈৰী!
ভাগৰে জোগৰে এটা সময়ত তাই ঘৰ পালেহি।আগফালৰ বাৰাণ্দাত কোনোৱেই নাই, তাই যে ইমান দেৰি ঘৰলৈ ঘূৰি অহা নাই সেই কথাত কাৰো ভ্ৰূক্ষেপ নাই! বয়স হল বুলি ঘৰখনত তাইৰ গুৰুত্ব এনেদৰে কমি যাব লাগে নে?
কেইদিনমান আগতে বৰদৈচিলা মাকৰ ঘৰলৈ আহোঁতে মহতিয়াই থৈ যোৱা গছৰ ডালকেইটা ফালি শুকাবলৈ ৰ’দত দি থোৱা আছিল। বৰষুণত তেনেই ভিজিল! খৰিৰ দ’মটোৰ ওপৰৰ পৰা অতি মিঠা গোন্ধ এটা আহিছে।গোন্ধটো বৰ চিনাকি। হাতেৰে খৰিৰ দমটোৰ ওপৰৰফালে খোপনি পুতি তাই গোন্ধটোৰ উৎসটোৰ সন্ধানত মুখখন আগুৱাই দিলে। খৰিৰ ওপৰত সেয়া আচাৰৰ বাবে ৰ’দায় থোৱা নিমখ সনা নেমু! মোক খা মোক খা কৰি আছে।চপাবলৈ পাহৰিলে হবলা। তাই ভালকৈ ঢুকি নাপায় হে নাপায়! বেঙা মেলি চেষ্টা কৰোঁতে কৰোঁতে এপাকত নেমুখিনি চালনীৰে সৈতে মাটিতে বাগৰি পৰিল। বোকামাটি নলগা নেমুখিনি বাচি বাচি তাই খালে। এইকণ সোৱাদৰ কাৰণে তাইৰ গৰ্ভৱতী অৱস্থাত কমখন লটি ঘটি হৈছিলনে? হ’লেও তাই কাকো খাতিৰ নকৰে! চুৰ কৰি হ’লেও আচাৰ খাই হে এৰিব!
বাৰান্দাত এতিয়াও কোনো নাই। জেওৰাখনৰ সিপাৰে খুৰীহঁতৰ বাৰান্দা। বাৰান্দাৰ লগতে সেয়া ফুলনি। ফুলনিত ৰমক জমক কৈ গোলাপ ফুলিছে।থোপাকৈ ফুলি থকা গোলাপখিনি দেখি টুকটুকি ৰ’বই নোৱাৰিলে। সাউৎকৈ গেটৰ বাহিৰ হ’ল। ফুলনি আৱৰি থকা জেউৰাত ভৰ দি তাই জিভাখন যিমান পাৰে দীঘলকৈ উলিয়াই ঘূৰাই দিলে। জিভাৰ পাকত ফুলি থকা গোলাপৰ থোপাটো নিমিষতে তাইৰ পেটত সোমাল।এইবাৰ জিভাখন ঘূৰাই হে ঘূৰাই, ফুলৰ কলিকেইটা ঢুকি নাপায়! …………
“হেই হেই যা: যা:…
অ’ মা ছাগলীয়ে গোটেই ফুল খালে। “
খুৰীয়েকৰ পুতেকে কিবা এটা তাইৰ ফালে দলিয়াই দিলে, ভাগ্যে গাত নপৰিল। তাই কলিৰ আশা বাদ দি দৌৰি ঘৰ সোমাল।
বাৰান্দাত আইতা।
“এনে দাংকাটি ছাগলী এইজনী! লোকৰ বাৰী নুলুৰিকিলে পেট নভৰে… কোন আছ এইক গড়ালত ভৰাই থ’ অ’ ।”
টুকটুকিয়ে অগত্যা গড়ালৰ ফালে মূৰ পোনালে। কিনকিনিয়া বৰষুনৰ বতাহৰ বাবে ঠাণ্ডা ঠাণ্ডা ভাব! গঁড়ালৰ দুৱাৰমুখত শুকান মাটিত গোলকৈ বহি থকা, বছৰি ছয়টামানকৈ পোৱালি দি পেটৰ দুইফাল ৰাজহাড়ৰ তলত লগ লাগোঁ লাগোঁ হোৱা কেটেঙী বগীলৈ বুলি তলমূৱা হৈ শিংকেইটা টোৱাই এক বিশেষ ভংগীত টুকটুকী চাৎকৈ ওপৰমূৱা হ’ল। দুহাতমান দূৰত থকা বগীয়ে দুই পিছঠেঙৰ মাজত নেজডাল ভৰাই “কেং” কৈ শব্দ এটা কৰি দৌৰি পলালত তাই গড়ালৰ ভিতৰ সোমাল। তাইক দেখাৰ লগে লগে যোৱা বছৰ ফুলগুৰি বজাৰৰ পৰা কিনি অনা ৰচকীজনী “বেহেহে…হে” বুলি গড়ালৰ সিটো মূৰত থকা টুকটুকিৰ ডেকা নাতিটোৰ ওচৰ পালেগৈ!
তাই লাহে ধীৰে বহিল। বাহিৰত সেয়া তাইৰ মালিক আৰু গোলাপৰ মালিকৰ ওখনা ওখনি লাগিছে। তাই লাহেকৈ উগাৰ এটা মাৰি গোলাপৰ লগতে নেমুৰ আচাৰ অকণো উলিয়াই আনিলে। চকু মুদি মুদি পাগুলি থাকোঁতে তাইৰ কজলা বৰণৰ ধুনীয়া দাড়িখিনি আন্ধাৰতে দাঁতৰ লগত ছন্দ মিলাই দুলি থাকিল
!
।। তোমালোকক ভাল পাওঁ।।
ভুলতে মই কামটো কৰি পেলালোঁ…মানে উত্তেজিত হৈ কোন মূহুৰ্তত কৰি পেলাওঁ মই গমকে নাপাওঁ ! নোপোৱা কথাও। সদায় আৰু সহ্য কৰি থাকিব নোৱাৰি। কিন্তু সেয়াই মোৰ ভাগ্য।
সদায় মোক এৰি যায় সিহঁতে। মোৰ ইমান মন যায় বাহঁতৰ লগত ফুৰিবলৈ যাবলৈ।কিন্তু এদিনো যাবলৈ নাপাওঁ। এবাৰেই যি নিছিল মোক। জেঠাইৰ ঘৰত কিবা পাতিছিল। মায়ে গাড়ী চলোৱা মই প্ৰথম দেখিছোঁ।মোৰ মাৰ লগত আগৰ চিটত বহি যাবলৈ ইমান মন গৈছিল। কিন্তু মই উঠিবলৈ নাপাওঁতেই চাকি আৰু জোনাকি বাই থেপাথেপিকৈ আগৰ চিটটোত বহি ল'লে।মই উপায় নাপায় পাছৰ চিটতে বহি ল'ব লগা হ'ল। গাড়ীখন মায়েনো কেনেকৈ চলাই চাবলৈ মাৰ চিটটোৰ কাষেৰে মুখখন সোমাই দিওঁতে মায়ে ক'লে "বেটা, নকৰিবা"। মই মাৰ বাধ্য ল'ৰা। সেয়ে মনে মনে বহি গৈ আছিলোঁ।কিন্তু মই আকৌ তেনে কৰিম বুলি ভাবি নেকি মেনকাবাই সাবট মাৰি যি ধৰিলে মোক জেঠাইৰ ঘৰতহে এৰি দিলেগৈ!
জেঠাইৰ ঘৰতো সকলো মোৰ লগতে ব্যস্ত হৈ পৰিছিল। সকলোৰে কথাৰ কেন্দ্ৰবিন্দু যেন মই! "ইমান ধুনীয়া, ইমান মৰমলগা" শুনি শুনি গঙ্গাটোপ টো যেন হৈ পৰিছিলোঁ মই!
কথাবোৰ ভাবি থাকোতে কেতিয়ানো টোপনি অকণ আহিল গমেই পোৱা নাছিলোঁ… বাৰান্দাখনৰ পুৰনা খবৰ কাগজৰ দমটোৰ পৰা কেচুঁৱাৰ কেলকেলনি শব্দত টোপনিটো কেঁচাতে ভাঙিল! এই কঁঠালগুটীয়াহঁতৰ পৰা শান্তি নাই আৰু ! উঠি গৈ এজাউৰি দিওঁ বুলি থিয় হলোঁ। পেপাৰখিনিৰ ওচৰলৈ গৈ ধমক দিলোঁ
: " হেৰৌ, ল'ৰা ছোৱালী তুলিছ ভাল কথা।সেইবুলি বেলেগৰ শান্তি ভংগ কৰিবি নেকি? শান্তিত টোপনি অকণ মাৰিব নিদিঅ? এইবাৰ হুলস্থূল কৰিবি গোটেইকেইটাক নেফানেফ কৰিম হ'"
এইবাৰ যেনিবা গোটেই কেইটা তাপ মাৰিলে। হি: …আত্মগৌৰৱ এটাও হ'ল।
কিন্তু কি হ'ল??
ইমান দেৰি মাহঁত অহাই নাই যে ?? মোক যে ঘৰত এৰি গৈছে পাহৰিলে হবলা। ৰেলিঙৰ ফাঁকেৰে জুমি তললৈ চালোঁ…গাড়ীখন আহিছে নেকি? নাই !! ইমান দেৰি হ'ল মই ঘৰৰ মানুহখিনিক নেদেখা।
মোৰেই দোষ। আগতে মোক ভিতৰতেই থৈ গৈছিল। অকল মোৰ দোষৰ কাৰনে আজিকালি বাৰান্দাত থাকিবলৈ দিয়ে। মাহঁতে মোৰ এৰি থৈ যোৱাৰ খং মই কিবাকিবি দুষ্টামি কৰি পলোৱাওঁ ! এবাৰ জোনাকিৰ চচ্মা এযোৰ চোবাই গুড়ি কৰি দিলোঁ। এবাৰ আকৌ টিভিৰ ৰিম'টটো চোবাই ভাঙিলোৱেই তাৰোপৰি বেটাৰীকেইটা খাই দিয়াৰ ফলত পোন্ধৰবাৰ বমি কৰাৰ পাছত চেলাইন লৈ কোনোমতে প্ৰাণটো বাছিল মোৰ ! তেতিয়াৰ পৰা মোক কোনেও বিশ্বাস নকৰা হ'ল।
অকলে থাকি থাকি আমনি লাগিছে আৰু !টোপনিটোও নহা হ'ল । মোৰছোন পুৰণা কথাবোৰহে মনত পৰিবলৈ ধৰিছে। মোৰ জন্মদাত্ৰী মায়ে যে ডেৰমাহ বয়সতে বুকুৰ গাখীৰ খাই থকা অৱস্থাতে ত্যাগ কৰিছিল মোক ! সেইযে ট্ৰেইনেৰে কৰা বহু দীঘলীয়া যাত্ৰাটোত উচুপি উচুপি মালৈ আৰু বাইভনী চাৰিটালৈ মনত পেলাই পেলাই আহিছিলোঁ… তেতিয়া লাগিছিল যেন তেওঁতকৈ হৃদয়হীনা পৃথিৱীত কোনো নাই! এই বিশাল পৃিথৱীলৈ আনিলে তেওঁ… পাছত অচিনলোকৰ মাজলৈ ঠেলি দিলে।ইমান অকলশৰীয়া কৰি পেলালে মোক! মোৰ মাৰ মমতা ক'ত হেৰাল ?
কিন্তু সেই যাত্ৰাই যে মোৰ জীৱনক এটা নতুন মাত্ৰা দিলে।
ট্ৰেইনৰ দীঘলীয়া যাত্ৰাটোৰ অন্ত পৰাৰ পাছত মোক মোৰ এইজন দেউতাই আথেবেথে লৈ আহিল মোৰ এইঘৰলৈ য'ত মোৰ স্থান ৰাজকুমাৰ এজনতকৈ কোনো গুণে কম নহয়। অহাৰ দিনা যে মোক কোলাত ল'বলৈ মা চাকিবা আৰু জোনাকিবাই কেনেখন কৰিছিল।মনত পৰিলে আনণ্দতে কেনেবাখন লাগি যায়! ইমান সৌভাগ্য লৈ জনম পালোঁনে মই? সামান্য আমনি কৰিলেই কোনোবাই আহি কোলাত তুলি ল'য়, ভোক নালাগোতেই গৰম গৰম চেৰেলাক সন্মুখত হাজিৰ!
মোৰ নতুন মাজনীয়ে নিজৰ পেটৰ পোৱালীতকৈয়ো বেছি মোক মৰম কৰে।বাহঁতে মোক শোৱাৰ সময়ত দিগদাৰি কৰিলে সিহঁতক ধমকি দিয়ে। খেলোতে মই দুখ পালে নিজৰ পেটৰ পোৱালীতকৈ মোক আগতে কোলাত তুলি ল'য় । হাতভৰিকেইটা পিটিকি পিটিকি চাই ক'ৰবাত বেয়াকৈ দুখ পাইছো নেকি কাৰণ মই যে কথা ক'ব নজনা তেনেই অকমাণি শিশু ! তেনে অৱস্থাত মোৰ জোনাকিলৈ বৰ বেয়া লাগে।মায়ে দুয়োটাকে একেলগে কোলাত ল'লে কিনো হয়? কোলাৰ পৰা নমাৰ পাছত মই জোনাকিৰ পৰা দুই এপিটন নোপোৱা নহয় মায়ে গম নোপোৱাকৈ। হবইতো তেনেকুৱা কাৰণ মাকে মৰম নকৰিলে কেনেকুৱা লাগে মই নজনা নহয়! সেয়ে মই তাইক কেতিয়াও বেয়া নাপাওঁ।
এবাৰ যে মোক চাকিবাই পিটিছিল। ঘটনাটো মনত পৰিলে মনটো দুখ লাগে। মই তেনেকুৱা বেয়া কাম কৰিব নালাগিছিল। কিন্তু সৰু আছিলোঁ, অবুজ আছিলোঁ। আজিকালি তেনে নকৰো নহয়। চেন্ডুইচ এটা সৰু চাপৰ টেবুলখনত লৈ খাই আছিল।মোৰ ইমান খাবলৈ মন গৈছিল।ৰূপালী ৰঙৰ কাগজৰ টোপোলাৰ পৰা চিকুটি চিকুটি খাই আছিল। এই বাজনীয়ে খাবলৈ বৰ বেয়া পায়।সদায় সেই কাৰণে মাৰ গালি খায়। হয়তো!! মাংস ভাতো কোনোবাই মুখত সোমোৱাই গিলিবলৈ পাহৰেনে? জিভাৰ পানী সেপ ঢুকি ঢুকি চাই আছিলোঁ। এবাৰত বায়ে পাকঘৰৰ পৰা কিবা এটা আনিবলৈ উঠি গ'ল।মই সেই সুযোগতে একে ল'ৰে ৰূপালী কাগজৰ টোপোলাটো লৈ বেলেগ ৰুমলৈ উঠি গ'লোঁ। চাকিয়ে দেখা পায় চিঞৰ বাখৰ লগালে নহয়! মায়ে উঠি আহি তাইকে আকৌ ঠিকচে গালি দিলে। মাকৰ গালি খাই তাই কাঠৰ স্কেল এডালেৰে মোৰ পিঠিত… টিকাত… উ: । কোনোবাই থপিয়াই নিয়ে বুলি ল'ৰাল'ৰিকৈ খাওঁতে ফইল পেপাৰখনো খাই থ'লোঁ। পিছদিনা "পটী" কৰাৰ সময়ত কি যে কষ্ট পাইছিলোঁ!! ঈশ্বৰ ঔ!!!
আগতে কেতিয়াবা মায়েও মোক মাৰিছিল। মই মাৰ কথা নুশুনাৰ বাবে। কিন্তু ময়ো কম দুষ্ট নেকি? বাৰে প্ৰতি চ'ফাত সজাই থোৱা কুছনবোৰ মজিয়ালৈ আনি খেলোঁ।মায়ে মানা কৰে, মই পাহৰি যাওঁ। কোমল আৰু পাতল কুছনবোৰ খেলিবলৈ যে কি মজা! মই খেলোতে বোলে দুটা ছেট্ ফালিল।তাৰ পাছত নতুন ধুনীয়া ছেট এটা আনি লগাইছে। লগাই থাকোঁতে মোক চকু পকাই এনেকৈ চাইছে যেন মোৰ হাত ভৰিবোৰ ভয়তে পেটতে লুকাব! সেইবোৰ থিকে আছে বাৰু। মই নুচুলেই হ'ল।কিন্তু মাজে মাজে পাহৰি পেলাওঁ যে! কুছনবোৰ নমাই লওঁ। সেইকাৰণে মাৰ পৰাও মছলা পাওঁ মাজে মাজে ! মাৰ কোবকেইটাৰ আকৌ জোৰেই বেলেগ। বহুত দেৰি ফৰফৰাই থাকে! সেইকাৰণে আজিকালি সেইফালে চকু নিদোঁ, সংযমী হ'বলৈ শিকিছোঁ। এটা কথাই বেয়া পাওঁ মই…মই কুছন কেইটামান নষ্ট কৰিলোৱেই বাৰু তাকে ফোনত যাৰে তাৰে আগত মোৰ বদনাম কৰি থাকিব লাগেনে? সৰু থাকোঁতে নিজে বা কি কৰিছিলে!
হু:!!
জিৰজিৰকৈ কি শব্দ হৈছে ঔ!! একে ল'ৰে ছাদৰ ওপৰ পালোগৈ! এ:…হ'ল আৰু! বৰষুণ দিছে। এতিয়া মা আৰু বাহঁত কেনেকৈ আহিব? খঙেই উঠিল। এসেকা দিওঁ বুলি বৰষুণৰ টোপালবোৰক এফালৰ পৰা গিলি গলোঁ! মাটিত পৰিলৈয়ে নিদিলোঁ… নিজেও ভিজিলোঁ যদিও সুদাই নেৰিলোঁ সিহঁতক। এতিয়াহে শান্তি লাগিছে মোৰ ! মোৰ মা আৰু বাহঁতক দিগদাৰি দিয়ে? মোৰ নিচিনা পুত্ৰ/ভাই থাকোঁতে?…কভী নেহী…! ভাগৰ লাগিল। কিমাননো অকলে যুঁজিম আৰু? ভোকো লাগিছে।কিন্তু মাহঁত থাকিলে মোক পানী চুব নিদিয়ে। হেঁপাহ পলোৱাই বৰষুণত ভিজিছোঁ আজি! অলপ মোৰ ঠাণ্ডা ঠাণ্ডা লাগিছে। পানীেখলাটো বেছিয়েই হ'ল যেন পাইছোঁ। জ্বৰ উঠিলে দেখুন আকৌ বেজী ল'ব লাগিব ! মই সেই বেজীৰ খোচকেইটা কেনেকৈ পাহৰি গ'লোঁ বাৰু ?
তললৈ নামি আহিলোঁ…ই কি?? বাৰান্দাত শাৰী পাতি আছে মা বাহঁতে পিন্ধি যোৱা চেণ্ডেলবোৰ। প্ৰতিযোৰৰ ঘ্ৰাণ লৈয়েই কৈ দিব পাৰোঁ কোনযোৰ কাৰ চেণ্ডেল। মাহঁত ঘূৰি আহিল? মই দেখুন গমেই নাপাওঁ! ইমান দেৰিৰ মূৰত আহিও মোক এবাৰ বিচৰা নাই ? এবাৰো মোলৈ মনত পৰা নাই? অন্তৰখন মোচৰ খাই উঠিল।চকু সেমেকি উঠিল। পুনৰ আগৰ ঠাইতে বহি পৰিলোঁ। ইমান যাবলৈ মন গৈছে ভিতৰলৈ।কাণ দুখন উনাই থাকিলোঁ…কোনোবাই মোৰ কথাপাতে নেকি শুনিবলৈ।
"মেনকা"
"অ বাইদেউ"
"ই ক'ত অ' … দেখাদেখি নাই যে?"
"ক'ত যাব আৰু? ওপৰত বৰষুণত খেলি আছে ছাগে "
এইকাৰণেই মই মেনকাবাক বেয়া পাওঁ…কেৱল মোৰ বদনাম কৰি থাকে। তাই কিবা ভাঙিলেও আজিকালি মোৰ বদনাম দিয়ে।
ভিতৰত বাহঁতে খেলিছে, মাজে মাজে দুপদুপাই এটা কোঠাৰ পৰা আনটো কোঠালৈ দৌৰিছে, বিচনাত জঁপিয়াইছে… মায়ে ধমকিয়াইছে । সিহঁতে খেলি থাকিলে মই কৰবাত অকলে বহি থাকিব নোৱাৰোঁ দেই, মোকো সিহঁতৰ পাছে পাছে দৌৰিব লাগে! মোক কোনেও নিবিচাৰিলে কি হ'ল।মইতো তেওঁলোকক এৰি থাকিব নোৱাৰোঁ…সেয়ে সদায় হোৱাৰ দৰে নিজে সৰু হৈ সিহঁতৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ললোঁ…নতুন পাটৰ কাপোৰ পিন্ধি ওলাই যোৱা মাৰ গাত যে যোৱাৰ সময়ত জঁপিয়াই দিছিলোঁ …কাপোৰত যে মোৰ হাতৰ পৰা বোকা লাগিছিল। খংটো কমিল নে নাই বা ! কিন্তু নকমিলেও মই যাম।
দুৱাৰখন বন্ধ আছে। কলিংবেলটো ইমান ওপৰত আছে। মই ঢুকি নাপাওঁ। সেয়ে মাতিবলৈ ধৰিলোঁ মাতটো যিমান পাৰি মিহি কৰি……ভুক্ ভুক্ ভুক্……… ভৌঔঔঔঔ!!!!
।।জাঁপ।।


অৱস ভৰি দুখন চুঁচৰাই চুঁচৰাই নিয়াদি কোনোমতে গাৰ্লচ্ কমনৰুম সোমালগৈ তাই।
    কোলাহল! কমনৰুমৰ এচুকৰ বেঞ্চখনত ফাৰ্ষ্ট চেমৰ দুজনীমানে গিৰ্জনী মাৰি হাঁহিছে… হাঁহিজাক শেল কিছুমান হৈ তাইৰ হিয়া বিদীৰ্ণ কৰি গৈছে।তাইৰ এনেকুৱা লাগিল যেন সকলোৱে তাইৰ কথাটো জানে, সেয়ে ঠাট্টা কৰিছে। ওচৰলৈ ফোঁ ফোঁৱাই গৈ দুচৰমান লগাই দিব যেন তাই!
    নিজকে সম্বৰণ কৰি টইলেটত সোমালগৈ। ওকালি আহিব খুজিলে তাইৰ…ইমান লেতেৰা এই ছোৱালীবোৰ! ইমান লেতেৰা কৰি থৈছে টইলেটটো।তাই পুনৰ ওলাই আহিল। বেচিনৰ আইনাত মুখখন চালে। আইলাইনাৰ আৰু চকুৰ
পানী একাকাৰ হৈ গালদুখন ক'লা হৈ পৰিছে!
    ফাৰ্ষ্ট চেমৰ পৰা সিহঁতৰ প্ৰগাঢ় প্ৰেম।কলেজৰ প্ৰত্যেকটো ক'ৰিডৰ, খালী ক্লাছৰুম, লাইব্ৰেৰী, কেন্টিন, নেহৰু পাৰ্ক, গুৱাহাটীৰ প্ৰায়কেইটা চিনেমা হল, ৰেষ্টুৰেন্ট…সকলোৱে বিভিন্ন সময়ত সিহঁতৰ প্ৰেমৰ সাক্ষী হৈছে। জীৱনে মৰণে একেলগে থকাৰ পণ লৈছিল সিহঁতে।
    তাৰ ঢেৰ সপোন। ৰাণীৰ দৰে ৰাখিব তাইক। খালী তাক কিছু সময় লাগে! ব্যৱসায় কৰিব সি।
স্বাধীনচিতীয়া ব্যৱসায় । কাৰো তলতীয়া হৈ কাম নকৰে । মমিক সি ইমান ভাল পাইছিল, কিন্তু তাই তাক বুজি নাপালে! এতিয়া তাই তাক এৰি মাক দেউতাকে পচণ্ড কৰা ধনী ল'ৰাৰ লগত বিয়া হ'ব ওলাইছে। প্ৰীতিৰ বহল চকু কেইটা সেমেকি গ'ল। কোমল হাতদুখনৰ মাজত নীলাভৰ হাতএখন ভৰাই থ'লে তাই।
' বেচেৰাটো!
  ইমান ষ্ট্ৰাগল কৰিছে তাই সিহঁতৰ সপোনবোৰ বাস্তবায়িত কৰিবলৈ। কিন্ত সি? তাই ঠিকেই সন্দেহ কৰিছিল। যিদিনা তাই তাক তাইৰ বিয়াৰ কথা কৈছিল সেইদিনাৰ পৰা তাই অনুভৱ কৰিছিল সি যেন দিনে দিনে সলনি হ'ব ধৰিছে! কিন্তু তাইৰ অন্ধ মৰমে তাইক যেন ধৃতৰাষ্ট্ৰৰ দৰে কৰি তুলিছিল ।
তাৰ ফোন বিজি থাকে।কিয় সুধিলে খং উঠে! ময়ূৰীয়ে কওঁতে তাই বিশ্বাস কৰা নাছিল। তাই তাইৰ বয়ফ্ৰেণ্ডৰ লগত চিনেমালৈ যাওঁতে নীলাভকো দেখিছিল… ফাৰ্ষ্ট চেমৰ সেইজনীৰ লগত।
আহি কওঁতে মমিয়ে তাইক বেয়া পাইছিল।
    মাহীয়েকৰ বিয়াত পংকজে তাইক দেখি পচণ্ড কৰিছিল। মাহীয়েকৰ জৰিয়তে অহা প্ৰস্তাৱত মাক দেউতাক সন্মত হৈ মমিৰ বিয়াৰ কথা আগবঢ়াইছিল। তাইৰ প্ৰচণ্ড আপত্তি স্বত্বেও ! হৈ যোৱা পাঁচোটা চেমিষ্টাৰত বৰ এটা ভাল ৰিজাল্ট কৰা নাই মমিয়ে। যেনেতেনে বি.এ. পাছৰ লেবেলটো নামৰ পাছত লাগিলেই হ'ব। পঢ়ি শুনি পূৰ কৰিবলৈও কোনো বিশেষ সপোন নাই, কেৱল নীলাভৰ লগত জীৱনটো কটাবলৈ পাৰিলেই হ'ল। মমিৰ কেৰিয়াৰক লৈ মাক
দেউতাকৰো একো বিশেষ সপোন নাই, আছিল যদিও তাইৰ মাৰ্কশ্বীটে কঢ়িয়াই অনা নম্বৰ দেখি সেয়া মনতে নিৰ্বাপিত হ'ল। পংকজৰ দৰে ধনী ল'ৰা এটা পোৱাৰ সপোন এটা তাইৰো সৰুৰ পৰা নথকা নহয়, আছিল। কিন্তু কলেজৰ জনপ্ৰিয়, সুদৰ্শন সহপাঠী নীলাভক লগ পোৱাৰ আগলৈহে। যি ল'ৰা কলেজৰ বহু ছোৱালীৰ সপোনত বাস কৰে তেনে ল'ৰাৰ সপোনত যদি বাস কৰাৰ সৌভাগ্য তাইৰ হয় , ইয়াতকৈ আৰুনো কি লাগিছিল তাইক?


  ট্ৰেকাৰখনৰ পিছফালে একেবাৰে শেষৰ ছিটটোত মমি বহি ল'লে। জীৱনত এনেকৈ হাৰি যাব নোৱাৰে তাই! তাইৰ প্ৰেম যে সঁচা আছিল সেয়া প্ৰমাণ কৰি থৈ যাব। নিজৰ ভুল বুজি গোটেই জীৱন কান্দিলেও ঘূৰাই নাপাব তাইক নীলাভে। পিছফাল এৰি থৈ অহা ৰাস্তাটোৰ ফালে চাই চপচপীয়া হৈ পৰা চকুকেইটাত ৰুমালখন হেঁচি ধৰিলে।
  খন্তেকতে পৰ হৈ পৰা পৃথিৱীখনৰ অন্যফালে থকা দুখন মুখে তাইক আমনি কৰিছে।সেই দুখন মুখ তাইৰ মাক দেউতাকৰ।তাইৰ সকলো আব্দাৰ পূৰ কৰি অহা মাক দেউতাকেও অৱশেষত তাইক নুবুজিলে।পংকজৰ পক্ষ ল'লে। বিয়াৰ কথা বতৰা ঠিক হোৱাৰ পাছৰে পৰা নীলাভৰ লগত বিয়া হ'ম বুলি আঁকোৰগোজ হৈ থকা মমিয়ে মাক দেউতাকৰ লগত ভালকৈ মাতবোল নাই কৰা। আকৌ চকু পানীৰে ওপচি পৰিল তাইৰ।

   শৰাইঘাট দলঙত ভীষণ ট্ৰেফিক জাম লাগিছে। জালুকবাৰীৰ বাইপাছ সংযোগী অভাৰব্ৰীজৰ কাম চলি থকাৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা লৰচৰ নকৰে গাড়ীয়ে। দলঙত উঠাৰ পাছতে গাড়ীৰ পৰা নামিল তাই। গাড়ীৰ লানিৰ কাষে কাষে তাই খোজকাঢ়ি আগবাঢ়িল। নদীৰ মাজ মান পাওঁতে তাই মূল ৰাস্তাৰ পৰা দলঙৰ তেনেই কাষলৈ গ'ল। ৰেইলিঙত ধৰি তললৈ চালে… বিশাল মহাবাহু বুকুত চাকনৈয়া কঢ়িয়াই দলঙৰ প্ৰকাণ্ড খুটাবোৰত খুন্দিয়াই খুন্দিয়াই প্ৰবাহমান হৈ আছে ।
নিজৰ বুকুৰ ঢপঢপনি তাই নিজে শুনিবলৈ পাইছে।নীলাভ আৰু প্ৰীতিয়ে সেয়া হাতত ধৰা ধৰিকৈ আহি আছে হাঁহি হাঁহি। তাইক তেনেকৈ দেখি সি আচাৰ মাৰি প্ৰীতিৰ হাতৰ পৰা এৰা খাই তাইৰ ফালে দৌৰিছে…আৰু তাই সি তৰ্কিব নাপাওঁতেই, ওচৰ আহি নৌপাওঁতেই …!
  কিছুসময় শূণ্যত ভাঁহি থাকিল তাই ।পানীত জপংকৈ শব্দ এটা হ'ল।উশাহ ল'ব পৰা নাই, নাকে মুখে পানী সোমাইছে।সমস্ত শক্তিৰে শৰীৰটো উজাবলৈ চেষ্টা কৰিছে। সাঁতুৰি শৰীৰটো ভহাঁবলৈ চেষ্টা কৰিছে। বাৰে বাৰে ডুব গৈছে।চেষ্টা কৰি কৰি ভাগৰ লাগিছে। পানীয়ে দৈত্য এটাৰ দৰে হেঁচি ধৰিছে তাইক!

   দোকমোকালিতে নৈৰ ঘাটটোত হুৱাদুৱা লাগিল। অদ্ভূত ঘটনা ঘটিছে। নৈৰ বালিত গাভৰু ছোৱালী এজনীৰ দেহ এটা লাগি আছে। মৰা নে জীয়া কোৱা টান। মাছুৱৈ দুজনমানে ডাঙি পাৰলৈ লৈ আহিল শৰীৰটো। পেটটো ঢুলঢুলীয়াকৈ ফুলি আছে। হাত ভৰিবোৰ শেঁতা পৰিছে। ইজন সিজনকৈ বহুতো মানুহ গোট খাইছে!
 যেতিয়া চেতনা ঘূৰাই পালে তাই নিজকে কোনোবা এখন নাৰ্চিংহোমৰ বিচনাত আৱিষ্কাৰ কৰিলে।তাইৰ কাষত কান্দি কান্দি চকু ফুলি যোৱা মাক দেউতাক। দুৰ্বল দৃষ্টিৰে দেউতাকৰ মুখলৈ চালে। তেওঁ কান্দি কান্দি কৈছে
"মাজনী ভাল পাইছানে? আমাক ক্ষমা কৰা মাজনী…তুমি যি ক'বা আমি সেইমতেই কৰিম। আজিয়েই পংকজৰ দেউতাকক ফোন কৰি…"
কেৰেককৈ দুৱাৰখন খুলি এখোজ দুখোজ কৈ কোনোবা সোমাই আহিছে।
নীলাভ!!!
মাক দেউতাক দুয়ো সিহঁতক এৰি কোঠাৰ বাহিৰলৈ গ'ল। তাইৰ বিছনাতে সি লাহেকৈ বহিল। কেনুলা লগোৱা হাতখন লাহেকৈ হাতত তুলি ল'লে। আনখন হাতেৰে তাইৰ গাল এখনত হাত ফুৰাই দিলে
"আই লাভ য়ু… প্ৰমিজ কৰা, আজিৰ পৰা যেন কেতিয়াও মোক এৰি নোযোৱা" কথাষাৰ কৈ তাৰ ওঁঠে তাইৰ কপাল স্পৰ্শ কৰিলে। স্বৰ্গপ্ৰাপ্তিৰ গভীৰ সুখত আৰোহন কৰি তাই চকুদুটি মুদি দিলে!
"এই লড়কী! ক্যা কৰ ৰহী হ' য়ঁহা ?
চক্ খাই তাই ঘূৰি চালে। জলফাই ৰঙী পোছাকত পিচফালে ৰাইফল উলোমাই লৈ থকা ওখ , মোচ থকা হটঙা ডেকা এজন। তাইৰ ফালে এখোজ দুখোজ কৈ আগবাঢ়ি অহাত তাই খৰধৰকৈ দলঙৰ একেবাৰে কাষলৈ গৈ জাঁপ মাৰি দিলে। কিন্তু দোপাট্টাখন কিহবাত লাগি ধৰাত তাই তললৈ সৰি নপৰিল। ঘূৰি চাই দেখে আন এজন একেই হটঙা মানুহ! দোপাট্টাখনৰ সৈতে তাইৰ হাত এখন শক্তিশালী হাতে জপটিয়াই ধৰিছে।
তাৰ পাছৰ ঘটনা তেনেই চমু। ঘটনাৰ আধাঘণ্টাৰ পাছত মাৰুতি ভেনত দুই বীৰাংগনাৰ মাজত বহি তাই জালুকবাৰী থানা গচকাৰ কিছু দেৰিৰ পাছতে বৰদেউতাকৰ ল'ৰা পিংকুৰ লগত মাক দেউতাক আহি হাজিৰ!
থানাখনৰ আচহুৱা অস্বস্তিকৰ পৰিবেশত নিজৰ মানুহ দেখি দেউতাকক সাৱট মাৰি ধৰিলে তাই।
"মাজনী তুমি কিয় তেনেকুৱা কৰিবলৈ ওলাইছিলা ? আমাক ক্ষমা কৰা মাজনী…তুমি যি ক'বা আমি সেইমতেই কৰিম। আজিয়েই পংকজৰ দেউতাকক ফোন কৰি…"
"নহয় দে'তা নহয়…মোক মাফ কৰা……তোমালোকে যি ক'বা তাকেই কৰিম মই! দে'তা……"
বহুত দেৰি উচুপি উচুপি শান্ত হোৱাৰ পাছত, ৰেষ্টুৰেণ্ট এখনত চিলি চিকেন, ফ্ৰাইদ ৰাইচ খাই ঘৰলৈ উভটে মানে গধূলিয়েই হ'ল সিহঁতৰ ।
গৈ থাকোঁতে শৰাইঘাট দলঙৰ ওপৰতে ঘড়ীটো চাই তাইৰ মনত পৰিল আজি "কালাৰ্চ টিভি "ত দিয়া " থাপকি প্যাৰ কি" খনত "থাপকিৰ মেহেন্দি ৰচম " আছে। সিহঁত ঘৰ গৈ পায় মানে আৰম্ভই হৈ যাব!!
উৎপলা কৌৰ   /৩/১২/২০১৫/ গুৱাহাটী
প্ৰেমৰ বতৰত এটা ঘৃণাৰ গল্প।।(১৩/২/২০১৬)
ধুইমেলি দিয়া কাপোৰ ঘণ্টা পাৰ নৌহওঁতেই শুকাই খৰখৰীয়া দিছে।
পোণাকণ আহিবৰ সময় হৈছে স্কুলৰ পৰা। দুপৰীয়াটো মানে যেন তালৈ বাট চাই থকা, সি খাই থাকোঁতে তাৰ কাষতে বহি তাৰ স্কুলৰ কথা শুনি থকাহে!
………
“সদায় দাইল শাক ভাজি বনাৱ যে মাংস কিয় নান মা?”
“আনিম দে…এতিয়া এয়াকে খাছোন”
“মা পৰীক আজি অংক বাইদ’ৱে পিটিলে”
“কিয়?”
“বেগত মাকৰ লিপিষ্টিক লৈ গৈছিল বোলে। মমিয়ে দেখা পায় বাইদ’ক কৈ দিলে”…
ভাত গৰাহ খৰ খৰকৈ চোবাই গিলি সি পুনৰ ক’লে “ নেওঁতা নোৱাৰে তাই, ইচ্টাইল কৰিব আহে”। পানীৰ জগটোৰ পৰা পানী বাকি ঘঁহি ঘঁহি হাতখন ধুৱাই দিলে তাই তাক।
পাকঘৰৰ পৰা টিৰটিৰাই ল’ৰি ওলাই যোৱা ল’ৰাটোক উদেশ্যি তাই এনেই চিঞৰিলে “বাহিৰলৈ নেযাবি, বতাহ বৰ”
শেষৰখিনি কওঁতে ছাগে সি খেলিবলৈ পদুলিৰ বাজ পালেগৈ।
পৰীয়ে লিপষ্টিক নিয়াৰ কথাটো মনত পৰি তাইৰ হাঁহি উঠি গ’ল। পৰী নিৰেনৰ জী।নিৰেনৰ কথা মনত পৰাত ফাগুণৰ ধূলিৰ অসস্তিকৰ ধুমুহাজাক তাইৰ ভিতৰলৈকে সোমাই আহিল।
সেউজীয়া পাৰিৰ চাদৰ, মুগাৰ মেখেলা সেউজীয়া ব্লাউজ পিন্ধি নমিতা আৰু তাইৰ বান্ধৱীহঁত আহি থাকে। সিহঁতৰ হাঁহি, টুকুৰা টুকুৰ কথাৰে বতাহ সংপৃক্ত হৈ পৰে। ল’ৰাবোৰে চাইকেল লৈ আগবাঢ়ে।ল’ৰা জাকৰ মাজৰ পৰা কোনোবাই সুঁহুৰিয়াই সিহঁতক জোকাই থৈ যায়। ল’ৰাজাক পাৰ হৈ যোৱাৰ পাছত সিহঁতে আকৌ খিলখিলাই হাঁহে!
স্কুলৰ কেঁকুৰিটো পাৰ হোৱাৰ পাছত বিশেষ এখন চাইকেল টিলিঙা মাৰি সিহঁতক লগ দিয়েহি। বিশেষ সেই চাইকেলৰ গৰাকী আহি পোৱাৰ লগে লগে নমিতা পিচ পৰে। প্ৰীতিহঁত নিৰ্দিষ্ট ব্যৱধানত আগবাঢ়ে। তাই টেনত থাকোঁতে কাহিনীটোৱে গজালি মেলিছিলহে ।তাই আৰু নিৰেনে মিলি আৰম্ভ কৰিছিল। নিৰেনৰ বিয়াৰ কথা চলিছিল। তাইৰ মেট্ৰিক পৰীক্ষাৰ পাছতেই কিবা এটা কৰিম বুলি কৈছিল।
কথাবোৰ মনত পৰি তাইৰ সদায় অহাৰ দৰে থু অলপ জোৰেৰে শব্দ কৰি পেলাই দিবলৈ মন গ’ল।
বতাহে কাম বঢ়াইছে তাইৰ। পানী অলপ চটিয়াই চটিয়াই তাই চোতালখন সাৰিছে। সৰাপাতবোৰ পুনৰ উৰিছে। অবাধ্য পাতকেইটা পুনৰ সাৰি তাই জাবৰ পেলোৱা পাছিত ভৰাইছে।
টিঁট্ টিঁট্ কৈ হৰ্ণ মাৰি স্কুটাৰ এখন পাৰ হৈ গ’ল।এই হৰ্ণ বিশেষভাবে তাইৰ পদুলিত বাজে আজিকালি। এয়া নিৰেনৰ স্কুটাৰৰ হৰ্ণ ।সদায় তাইৰ পদুলিত বাজে। অকল তাৰেই নহয় আৰু বহুতৰ গাড়ীৰ হৰ্ণো বাজে। বিশ বছৰ বয়সতে বৈধব্যই আঁকোৱালি লোৱা নমিতাৰ পদুলিত। নিৰেনৰ ভায়েক বলেনৰ গাড়ীৰ হৰ্ণো বাজে আজিকালি। গুণ্ডা বলেন।তাইৰ গাৰে যেন কুমজেলেকুৱা এজাক বগুৱা বাই উঠে।
স্কুল চুটীৰ সময়টো তাই ঘড়ী নোচোৱাকৈৱে গম পায়। নিৰেনে জীয়েকক স্কুটাৰত উঠাই ঘৰলৈ আহোঁতে বজাই যোৱা হৰ্ণটোতে তাই গম পায়। কেতিয়াবা তাৰ ঘৈণীয়েকো থাকে লগত, সেইদিনা হৰ্ণ নাবাজে!
নৰেন গাঁৱত নথকা দিন এটাতে ঘটিছিল ঘটনাটো। তাই স্কুলৰ পৰা আহি আছিল। লগত বান্ধৱী। ৰাস্তাৰ কাষত ক’ত জোপ লৈ আছিল জানো? বলেন আৰু সবিতাৰ হঠাৎ আবিৰ্ভাৱ! তাইৰ গালত বলেনৰ কঠিন হাতৰ চৰ! সবিতাৰ চুলিঘটা! তাইৰ দোষ? নিৰেনৰ পত্নী হোৱাৰ সপোন কিয় দেখিব তাই?
তাইৰ বাবে তাইৰ মাকে ঢেৰ অত্যাচাৰ সহিবলগীয়া হ’ল দেউতাকৰ পৰা। বাৰে বাৰে চিঠি দিয়াৰ পাছতো নিৰেনে এটা খবৰো নল’লে তাইৰ।এমাহৰ অগাপিচাকৈ দুয়োৰে বিয়া হৈ গ’ল। নিৰেনৰ পৰীৰ মাকৰ লগত।।তাইৰ সেই মদাহীটোৰ লগত। বলেনৰ ঘৰৰ পৰা তাই যৌতুকত নিয়া বিছনাখনো উপহাৰ পালে। দেউতাকে পইচা ল’লে, একো গণ্ডগোল নলগাকৈ বিয়াখন হৈ যায় যাতে বলেনহঁতৰ চিন্তা! প্ৰায় দুমাহমানৰ অন্তৰালত তাই ল’ৰা আৰু নিৰেনৰ ঘৈণীয়েক ছোৱালীৰ মাক হ’ল।তাইৰ সংসাৰৰ নিৰেনৰ সংসাৰৰ লগত নিমিলা কথাটো হ’ল ল’ৰাটো হোৱাৰ ছমাহ নৌহওঁতেই এদিন ৰাতি তাইৰ গিৰিয়েকটো এটা মৃতদেহ হৈ ঘূৰি আহিল ঘৰলৈ। ট্ৰাকে চেপেতা কৰি থৈ যোৱা মৃতদেহ!
তাই ঘূৰি আহিল ঘৰলৈ। পোণাকনক লৈ। তাৰ এবছৰৰ পাছতে মাকেও তাইক এৰি থৈ গ’ল। পোণাকনৰ বয়স এতিয়া আঠবছৰ।
নবছৰতে যে পৃথিৱীখন ইমান সলনি হ’ল।অসাৰ হৈ পৰা কোৱাৰিটোৱেদি বৈ ওলায় অহা দাইলৰ পানীকণ গামোচাৰ আগটোৱেদি মচি দিলে তাই। দাইলৰ পানীকণৰ সমান্তৰালভাৱে চকুৰেও পানী ব’বলৈ ধৰে। মেট্ৰিক নিদিয়াকৈ তাইক বিয়া দিবলৈ অমান্তি হোৱা মাকক কাটিবলৈ দালৈ খেদি ফুৰা মানুহজন এইজনেই আছিলনে?যাক দুবটলমান চুলাই কিনি হাতত দি যিকোনো ধৰণে যিকোনো কামত আনে নচুৱাইছিল সেইজনে এতিয়া তাই হাতত বাতিটো লৈ কেতিয়া কোঠাটোলৈ সোমাই আহে তালৈ অপেক্ষা কৰি থাকে। ভাবিলে তাইৰ অন্তৰ মৰহি যায় ,খং নুঠে আজিকালি।
নিৰেনৰ পাছতে বলেনৰো বিয়া হ’ল।সবিতাৰো হ’ল। বিয়াৰ ছয়বছৰৰ পাছতো বলেনৰ কোনো ল’ৰাছোৱালী নহ’ল। সবিতাৰো গিৰিয়েক ঢুকাল। শাহুৱেকৰ লগত তিস্থিব নোৱাৰি তাই ঘৰলৈ গুছি আহিল।
নমিতাৰ নিচিনা ছোৱালীৰ সমস্যাৰ শেষ নাই।যিবোৰৰ কোনো অস্তিত্বই নাই তেনে সমস্যাইয়ো ব্যতিব্যস্ত কৰি ৰাখিব পাৰে।যেনে নিৰেনৰ বা তাইৰ ঘৰৰ আগত হৰ্ণ বজোৱা আন মতামানুহৰ পত্নীসকলৰ মুখামুখী হ’লে হোৱা সমস্যা! অগঢ়ী , অনুজ্জল ছালৰ গৰাকিনী ,মেদবহুলা কিম্বা ৰূপৱতী পত্নীসকলে কিয় নমিতাক অনবৰতে সিহঁতৰ প্ৰতিদন্দ্বী বুলি ভাবে? প্ৰথমে খং উঠিছিল। খঙতে ৰাতি টোপনি নাহিছিল।অপমানিত অনুভৱ হৈছিল। কিন্তু আজিকালি আমোদ পায় তাই।ঘৈণীয়েকক দেখুৱাই “দাদা ভালনে? ” বুলি কথা পাতে।কথা পাতি মনে মনে মিচিকিয়াই হাঁহে! নাকত ঈৰ্ষাৰ সুগন্ধি লাগে তাইৰ।তাইৰ দুৰ্ভাগ্যক উপলুঙা কৰাজনক শিক্ষা এটা দিয়াৰ অভিলাষ পূৰ হয় তাইৰ।
এদিন…
নিৰেনৰ স্কুটাৰৰ পাছে পাছে অহা বলেনৰ গাড়ীখন নমিতাহঁতৰ ঘৰৰ চোতাললৈ বুলি সোমাই আহিল।গাড়ীৰ পৰা প্ৰথমে জঁপিয়াই নামিল পোণাকন।তাৰ পাছত লাহেকৈ বলেন। চুচুক্ চামাককৈ বাৰান্দালৈ উঠি আহিল সি। হাতত এখন মোনা, নমিতালৈ আগবঢ়াই দিলে। তাই হাতপাতি নোলোৱাত দুৱাৰৰ চৌকাঠৰ ভিতৰৰ ফালে থ’লে। সেমেনা সেমেনিকৈ ক’লে “সদায় ভাবোঁ খুৰাৰ খবৰ এটা ল’বলৈ আহিম।সময়েই নিমিলে”
তাই চাৎকৈ ভিতৰলৈ সোমাই গ’ল। পোণাকণে তাক ভিতৰলৈ ককাকৰ ওচৰলৈ লৈ গ’ল।
খঙে, লাজে, অপমানে তাই বহি আছিল পাছফালৰ বাৰান্দাত। পোণাকনৰ লগত সেয়া বলেন, ভিতৰলৈ সোমাই আহি তাইক ক’য়… “বাবুলৈ মাংস অকন আছিল, ৰান্ধি দিবাছোন বেয়া নোপোৱা যদি। আদা নহৰুও আছে”___
বলেন আহিলে পোণকণৰ উজলি উঠা মুখ, সৰু কুকুৰাৰ চুৰুহাৰে উজলি উঠা দেউতাকৰ মুখ, এই দুখনে নমিতাক বৰ দুৰ্বল কৰি তোলে!
_________
তাইক কাণতলীয়া চৰ সোধোৱা বলেনৰ ক’লা মটহা হাতখন তাইৰ পেটৰ ওপৰত পৰি আছে। হাতখন লাহেকৈ আঁতৰাই তাই আঁতৰি ওপৰৰ পৰা পেলাই দিলে।বিচনাৰ ওপৰতে ঢপকৈ শব্দ এটা কৰি হাতখন পৰিল। তাৰ সাৰ সুৰ নাই, দিন দুপৰতে মদ , মাংস আৰু শৰীৰ ভক্ষণ কৰি তৃপ্ত হৈ পৰি আছে। গাৰুৰ ওচৰতে থকা তাৰ ম’বাইলৰ স্ক্ৰীণখন জিলিকাই নাম এটা ভাঁহি আছে। এবাৰ বন্ধ হ’ল…আকৌ …কেইবাৰো হোৱাৰ পাছত ভোঁট্ ভোঁট্ কৈ কঁপি থকা ম’বাইলটো দৰকাৰতকৈ বেচি জোৰেৰে হেঁচি তাই বন্ধ কৰি দিলে।
মজিয়াত নামি চাদৰখন ঠিক কৰি কৰি বিচনাত লাং খাই পৰি থকা মানুহটোলৈ চালে তাই। ৰাক্ষস এটাৰ দৰে দেখিছে তাক!
নমিতাৰ লগত সন্দেহ কৰি ঘৈণীয়েকে কাজিয়া লাগি গুছি গৈছে মাকৰ ঘৰলৈ। এনে সন্দেহবাদী দন্দুৰী ঘৈণীয়েকক নিজে সৰু হৈ ঘূৰাই আনিবলৈ সি বোলে মুঠেও নাযায়।
পোণাকণ খেলৰ পৰা ঘূৰি আহিবৰ সময় হৈছে। তাই বিচনাৰ তুলিখন অকণমাণ ডাঙি তলৰ পৰা কিবা এটা লৈ খৰখেদাকৈ বাৰীৰ পিচফাল পালেগৈ। তাত গৈহে তাই মুঠিটো খুলি চালে। বহল ৰূপালী ডাঠ বকলা এখনৰ ভিতৰত গুলপীয়া বড়ি এটা খচিত কৰা আছে। বড়িটো উলিয়াই মাটিত পেলাই তাই গুড়ি হৈ মাটিৰ লগত মিহলি হৈ নোযোৱালৈকে চেণ্ডেলেৰে গচকি- মোহাৰি থাকিল।
বাসত্তৰ ঘণ্টাৰ ভিতৰত বড়িটো খাবলৈ দিছিল ৰাক্ষসটোৱে তাইক!_____

নিয়ম (একমিনিটৰ গল্প) 


নৱমীৰ ঘৰ আজি
ওদুলি-মুদুলি! ননদৰ বিয়া..! নৱমীৰ গাত ত’তেই নাই । ইমান ব্যস্ত তাই…
ডাঙৰ বৌয়েক যে !
“ নৱমী, তামোল থোক ঢাকিলা নে গামোচাৰে?”
“নৱমী, ফুল সঁজোৱা ল’ৰা কেইটাই চাহ খাইছিলনে ?”
“নৱমী.....অমুক….. নৱমী তমুক ! ”
সকলোফালে দায়িত্ব সামৰি তৎ নাই তাইৰ!
…. ….,
   চহৰৰ আটাইতকৈ দক্ষ বিউটিচিয়ানে সজাইছে ৰিয়াক। লগতে নৱমী আৰু জয়াকো, নৱমীৰ সৰু জাকক। নতুন পাটৰ সাঁজত তাইক সকলোতকৈ ধুনীয়া লাগিছে। বিয়াৰ আগৰ ৰূপ লাৱণ্যই হাজাৰ ধুমুহাৰ মাজতো লগ এৰা নাই নৱমীৰ।
আজি ৰিয়াৰ জোৰোণ।
আঢ্যৱন্ত পৰিয়ালটো অতিকৈ উদাৰ… ৰিয়াৰ দৰেই নৱমী আৰু জয়াই মৰম আৰু সন্মান পায় ঘৰখনত।
     নিজৰ ভনীৰ দৰেই মৰমৰ ৰিয়াই হাতখন খামুচি ধৰি আছে নৱমীৰ। ভাবীস্বামীৰ সৈতে পুৰণা বন্ধুত্ব যদিও এনে ক্ষণত সকলোৰে কলিজা কঁপে! সচৰাচৰ হোৱাৰ দৰে আজিও ৰিয়াৰ বাবে ডাঙৰ সকাহ হৈ আছে তাই।
“কইনা উলিয়াই দিব লাগে, বাৰ বজাৰ আগতে কামখিনি হ’ব লাগে”
    দৰাৰ ভনীয়েক লচপচকৈ সোমাই আহি ক’লে কথাষাৰ।তাইৰ ফালে চাই পুনৰ ক’লে
“বৌ উলিয়াই আনক ৰিয়াবৌক.. সময় হৈছে নহয়!”
নৱমীয়ে লাহেকৈ উৰণিখন অলপ ঠিক কৰি দি ৰিয়াক থিয় হোৱাত সহায় কৰি দিলে..
দুইবাহুত ধৰি দুৱাৰৰ ফালে আগবাঢ়োঁতেই
“ নৱমী, তোমাক বুমনে বিচাৰি আছিল চোৱাচোনগৈ.. কিবা লাগে নেকি বাবাটোক”।
     মাহীশাহুয়ে দৃঢ়ভাবে কোৱা কথাষাৰত যন্ত্ৰবৎ তাই ৰিয়াক এৰি বুমনক বিচাৰি বেলেগ কোঠালৈ সোমাই গ’ল।বুমনক বিচাৰি বিচাৰি পালেগৈ ৰিয়াৰ কাষত বহি থকা জয়াৰ নিচেই ওচৰত…..মড়লৰ কাষত !

   প্ৰবল উৰুলি ধ্বনিৰ মাজত আঙুঠিৰে ৰিয়াৰ শিৰত সেন্দুৰ পিন্ধোৱা হৈছে, বুমনে তন্ময় হৈ চাইছে.. ৰিয়াৰ কাষত বহি থকা জয়াৰ শিৰৰ সেন্দুৰখিনি দগ্ মগাই জিলিকিছে!
    এনেকুৱা সময়তে চ’ৰাঘৰৰ দেৱালত মালা পিন্ধি ওলমি থকা ফ’টোখনে তাইলৈ চাই আনদিনাৰ দৰে অাকৌ মিচিকিয়ালে….যেন কাণে কাণে ক’লে “একো নহয়, মই আছো নহয়!!
("দেওবৰীয়া খবৰত প্ৰকাশিত")
পিতা( গল্প: উৎপলা কৌৰ)



       দোকমোকালিতে কাউৰীজাকৰ হুলস্থুলত টোপনি ভাঙি গ’ল পৰমৰ।খিৰিকিৰ কাষৰ আমডালতে কাউৰী এযোৰে বাহ লৈছে। অনিচ্ছা স্বত্বেও পৰম শোৱাৰ পৰা উঠিল। আমজোপাৰ ফালৰ খিৰীকীখন খুলি দিলে।তাৰ মূৰটো ভীষণ বেয়া লাগিছে । যোৱাৰাতি অলপ পৰিমাণটো বেছি হ’ল।এনেই দোকান বন্ধ কৰি খোৱা বোৱা কৰে মানে বহুত পলম হৈ যায়। আৰু এঘণ্টামান শুব পাৰিলে দিনটো ভালে গ’ল হয়।
বতাহত আমজোপা হালি জালি নাচিছে। কেইবাজাকো শিল বৰষুণৰ ধুমুহাৰ পাছত সীমিত সংখ্যক আমকলিহে বাচিছেগৈ গছডালত ।যোৱাৰাতিও বৰষুন দিছিল।
কিবা এটাক কেন্দ্ৰ কৰি কাউৰীজাকে খুউব ৰমলিয়াইছে। ডিঙি মেলি পৰমে চালে। প্ৰকাণ্ড মলুৱা এটা বহি আছে গছডালত। আমকলি চিঙিছে, অলপমান চোবাইছে আৰু তললৈ দলিয়াইছে।
       পাহাৰৰ উপকণ্ঠত অৱস্থিত হোৱাৰ কাৰণে প্ৰায়েই বান্দৰৰ আগমন ঘটে অঞ্চলটোত। খিৰিকিখন বন্ধ কৰি পৰম বিচনাত পৰিল| নবীন নামৰ লৰাটোয়ে শুই শুইয়েই ফুচফুচাই প্ৰেমিকাৰ লগত কথা পাতিছে । কথা নহয়। তৰ্ক সেয়া। প্ৰেমিকাৰ ফোন বিজি কিয় থাকিব সেয়া লৈ কাজিয়া লাগিছে। পৰমে কেতিয়াও নিজৰ পত্নীৰ লগত কাজিয়া কৰি পোৱা নাই কাৰনে ছাগে ইমান অথন্তৰ ঘটিব ধৰিছে জীৱনত!
পৰম সৰুৰ পৰা শান্ত শিষ্ট ল’ৰা ।
        সৰুতে মাক ঢুকুৱাৰ পাছত বায়েকদুজনীৰ লগতে ডাঙৰ হৈছিল সি । বায়েকদুজনী ভিনিয়েকহঁতলৈ পলাই যোৱাৰ পাছত সি তেনেই অকলশৰীয়া হৈ পৰিছিল। তাৰ নিমাখিত স্বভাৱটোৰ বাবে গাৱঁৰ তাৰ সমবয়সীয়া অথবা একেলগে কাম কৰা ল’ৰাবোৰে তাৰ কোনো-কেছু নোহোৱা ঘৰখন আড্ডাথলীলৈ পৰিবৰ্তন কৰিবলৈ বেছি সময় নল’লে। শেলুৱৈ পৰা দমকলটোৰ পাৰত দম লাগিবলৈ ধৰা বটলবোৰ অাৰু ঘৰখনৰ জৰাজীৰ্ন ৰূপটো দেখি বায়েকহঁতেই নিজৰ পচন্ডমতে তাক ছোৱালী এজনী তেল সেন্দুৰ পিন্ধাই চপাই দিলে । তেতিয়া সি নতুনকৈ মাৰোৱাৰীৰ চাহৰ হোটেলত সহায়কাৰী কামত সোমাইছে। আৰম্ভনিতে সৰুতেই মাকক হেৰুওৱা, নিজৰ বায়েকহঁতৰ লগতেই দূৰত্ব বজাই ৰখা পৰমৰ পাৰুল, তাৰ পত্নী অহাৰ পাছত নিজৰ ঘৰখনতেই থাকিবলৈ সংকোচ লগা হৈছিল। কিন্তু তাৰ স্বভাৱৰ সম্পূৰ্ণ বিপৰীত পাৰুলক তাক সহজ কৰি লবলৈ বেছি সময়ৰ দৰকাৰ নহ’ল | পাৰুল অহাৰ পাছত এচোৱালৈ শেলুৱৈ পৰি সেউজীয়া পৰা ঘৰৰ বেৰকেইখনত গোবৰ মাটিৰ প্ৰলেপ পৰিল, পাকঘৰৰ লামলাকটু কেইটা চকচকীয়া হৈ ৰূপৰ বৰণ ল’লে| বগাৰ পৰা মটীয়া বৰণ লোৱা গামোছাকেইখন নীলৰ পৰশ পাই আকাশৰ সৰু সৰু টুকুৰাহেন হৈ কাপোৰ মেলা তাঁৰত ওলমি থকা হ’ল| ওচৰ চুবুৰীয়াৰ পদধূলা নোপোৱা ঘৰখনলৈ ইজনী সিজনী আহি মেল মাৰি পৰম নামৰ মানুহজন থকা ঠাইডোখৰ ঘৰলৈ ৰূপান্তৰিত কৰিলে।
পৰমৰ শান্ত স্বভাৱৰ কাৰনে সি কাম কৰা ভাতৰ হোটেলখনৰ বাকী কৰ্মচাৰীবোৰৰ বাবে সি আছিল এটা অঁকৰা । তাক জোকাই খং উঠাই মজা লৈছিল সিহঁতে । খং উঠিলেও একো কব নোৱাৰা পৰমৰ বিয়া হোৱাৰ দুই তিনিবছৰ হোৱাৰ পাছটো যেতিয়া সিহঁত দুটাৰ পৰা তিনিটা নহ’ল সিহঁতে জোকাবলৈ যেন নতুন বিষয় এটাহে পালে!... এটা অশ্লীল বিষয়!
       আকৌ নতুন বিষয় এটা পালে চাৰিবছৰ ল’ৰাছোৱালী নোহোৱাকৈ থকাৰ পাছত পাৰুল কাষৰ গাঁৱৰ লৰা এটালৈ পলাই যোৱাত ! উদং ঘৰখনত পাৰুলৰ মাতটো, হাঁহিটো শেহলৈ কথাই প্ৰতি দিয়া গালি গালাজবোৰ বতাহত ওপঙি ফুৰিল। দিনটো সেই পৰিবেশত কাম কৰি আহি পাৰুলৰ ভাল মাত এষাৰ নোপোৱা স্বত্বেও ঘৰখনলৈ আহি ঘৰ যেন লাগিছিল তাৰ। নিসংগতাতকৈ একে ঘৰত অচিনাকিৰ দৰে কাৰোবাৰ লগত থকা বহু ভাল।
সেই ঘটনাৰ পাছত সি বেলেগ এখন ধাবাত কামত সোমাল। ঘৰৰ পৰা দূৰত ।
তাৰ ঘৰৰ বেৰত আকৌ শেলুৱৈয়ে ঘৰ বান্ধিলে। পিৰালিলৈকে বন গজিল। বাৰীখন বনৰীয়া লতাই আৱৰি ধৰিলে। পৰম প্ৰায়েই ধাবাতে থাকে।কেতিয়াবা মোহনৰ ঘৰত থাকে। মোহন তাৰ লগতে ধাবাত কাম কৰে। ধাবাৰ কাষতে তাৰ ঘৰ।গোটেই ৰাতি খোলা থকা ধাবাখনত বহু কৰ্মচাৰীৰ লগত পাল পাতি কাম কৰিছিল সিঁহতে।টিফিনত ভৰাই মাংস, কুকুৰাৰ লিভাৰ, গাহৰিৰ খাদ্যনলী ভাজি লৈ গৈছিল। ইটো পৰ্ব শেষ হোৱাৰ পাছত মিনতিয়ে ভাত বাঢ়ি দিয়ে । মিনতি মোহনৰ ভনীয়েক। কেতিয়াবা পৰমেও বজাৰ কৰি লৈ যায়, মোহনৰ মাকৰ হাতত দিয়ে।
--- ---- --- --- --
      পৰম আৰু মিনতিৰ ল’ৰা পোণাকণে এইবাৰ স্কুললৈ গৈছে। তাৰ খৰচ বাঢ়িছে। মিনতিক অনাৰ পাছতেই ধাবাখনৰ কামটো এৰি সি চহৰত অাগতকৈ বেছি দৰমহা দিয়া ৰেষ্টুৰেন্ট এখনত সোমাইছে। মিনতিয়ে আহি এৰাবাৰীখন পুনৰ ঘৰলৈ পৰিবৰ্তন কৰিলে। গাঁৱৰ আটাইয়ে কোৱাকুই কৰিলে পাৰুলেই ঠিক নাছিল । পৰমৰ ভাগ্যত এনেহেন লক্ষী তিৰুতা এজনী আছিল ! আহিয়েই গোসাঁই হেন চেহেৰাৰ ল’ৰাৰ মাক হ’ল।কোনে ক’ব এইটো পৰমৰ ল’ৰা বুলি? কিচকিচিয়া ক'লা আঙুলিৰে কোমল গুলপীয়া গালখন চুবলৈ সংকোচ হৈছিল!
--------- --- -----
যোৱাকালিৰে পৰা পৰমৰ মনটো বেয়া। এটা দুঃচিন্তাই খুলি খুলি খাইছে তাক । সি কাকো খুলি ক’বও নোৱাৰে।
যোৱাকালি একেখন ৰেষ্টুৰেন্টতে কাম কৰা পোৱালি নামৰ ৱেইটাৰজন গাঁৱৰ পৰা ঘুৰি আহিছে। পৰমৰ গাঁৱৰ কাষৰ গাঁৱতে তাৰ ঘৰ। সি ঘৰলৈ গ’লে পৰমে ঘৰলৈ কিবাকিবি কিনি দি পঠায়।কাপোৰকানি অথবা ৰেষ্টুৰেন্টৰ পৰা লুকুৱাই ৰখা কাজু কিচমিচ অথবা জিৰা জালুক, কেতিয়াবা দৰৱ আদি!
পোৱালি পৰমৰ ঘৰত যোৱাৰ সময়ত পিংকুদা বহি আছিল। মিনতিয়ে পিংকুদাৰ লগত পোৱালিক চিনাকি কৰাই দিলে
“ এয়া মাহঁতৰ ঘৰৰ ওচৰৰ পিংকুদা.....”
অকল সেয়ে নহয় পিংকুদাই অনা ছাগলী মাংসৰে পোৱালীয়ে তাৰ ঘৰত ভাত খাই অহাৰ পাছত তাৰ মুখত কেৱল পিংকুদাৰেই কথা!
যিমানে পিংকুদাৰ নাম শুনিছে সিমানে পৰমৰ বুকুত জুই জ্বলিছে ।
পিংকুদা!!
       মোহনৰ লগত লিভাৰ ফ্ৰাই খাই থকাৰ মাজতে প্ৰায়েই সি সৰুপানী চুবলৈ পাচফালৰ বাৰীলৈ গৈছিল। তাতেই সি মিনতিৰ লগত পিংকুক বহুদিন দেখিছিল।সিহঁতৰ কথা কাকো নকবলৈ দুয়োটাই হাতে ভৰিয়ে ধৰি অনুৰোধ কৰিছিল। প্ৰেমিক প্ৰেমিকাৰ মাজত সোমোৱাটো তাৰ স্বভাৱো নহয়। সি মনে মনে থাকিল । সিহঁতৰ প্ৰেমো চলি থাকিল । তাৰ কেইমাহমানৰ পাছতে ঘটিছিল ঘটনাটো!
মিনতিয়ে ঘৰৰ চিলিঙত ওলমিব লওঁতেই মাকে দেখা পাইছিল। হুলস্থুল লাগিছিল....ওচৰ-চুবুৰীয়া মাতি কোনোমতে প্ৰাণটো বচাইছিল মাকে তাইৰ!
সকলোৰে চকুত প্ৰশ্ন! মোহনৰ চকু পকাই সোধা প্ৰশ্নৰ উত্তৰত তাই কান্দি কান্দি লাহেকৈ কৈছিল
“পৰমদা”!!
“ঘৰত ডেকা ল’ৰাৰ আড্ডা বহিলে এইবোৰ হ’বই” ... চুবুৰীয়াৰ মন্তব্য!
“এতিয়া সি ছোৱালীজনী বৰবাদ কৰি এৰি দিলে নহ’ব নহয়!”
        মুখেৰে মাতিব নোৱাৰা পৰমে মুখৰ মাত দিব নোৱাৰাকৈয়ে মিনতিক সেন্দূৰ পিন্ধালে…. সেইৰাতিয়েই, ৰাইজক সাক্ষী কৰি। পিচদিনা এৰাবাৰী যেন হৈ পৰা ঘৰখনৰ সন্মুখত ৰিক্সাৰ পৰা নামিল পৰম, নিজে নামি লাহেকৈ মিনতিক হাতত ধৰি নমাই দিলে।
        একলা দুকলাকৈ বাঢ়ি অহা মিনতিৰ পেটটোলৈ চাই তাৰ তাইৰ প্ৰতি থকা খং বিৰাগ লাহে লাহে কমিল। ছমাহৰ পাছতে কেঁচুৱাৰ কান্দোনে ঘৰখনৰ নিৰৱতা খং আদিক বহু দুৰলৈ খেদি পঠিয়ালে!
          
     কণমানিটোৰ নিতৌ নতুন কথাই মিনতিৰ সেই তাৰ বুকুত মৰা মৰকামোৰটোৰ কবৰৰ ওপৰত কেতিয়ানো সংগোপনে মায়াজাল ৰচিলে সি গমেই নাপালে। তাৰ মাতষাৰ , তাৰ হাঁহি ,তাৰ গাৰ গোন্ধ, তাৰ আবদাৰবোৰ, অসুখ হ'লে ছুটী লৈ তাক বুকুত সোমোৱাই থাকি ভাল পোৱা অনুভূতিবোৰ একোডাল অদৃশ্য নাগপাশ হৈ তাক ধৰাশায়ী কৰিছে যেন ! সেই নাগপাশৰ পৰা মুক্ত হ'লেই যেন পৰমৰ জীৱনত একো নাবাছিবগৈ।
কাষতে টুল এখনত বহি কাটিং ব’ৰ্ডত খচ্ খচ্ কৈ পিঁয়াজ কাটি থকা চামচুলক জুই উঠি থকা চাও চাওৰ পেনখন ল’ৰাই ল’ৰাই সি ক’লে
     “ঐ তোৰ ৰুমৰ কাষতে খালী ৰুমটো যে আছিল...মানুহ আহিল নেকি তালৈ? বৌয়েৰহঁতক ইয়ালৈকে লৈ আঁহো বুলি ভাবিছোঁ।”