Saturday, May 14, 2016



শুকান খৰখৰীয়া ফাগুণৰ দিনবোৰৰ শেষত অহা বসন্তৰ ৰিমঝিম বৰষুণৰ পৰশত নৈৰ পাৰটো তেনেই কোমল সেউজীয়াৰে ভৰি পৰিছে।হওঁতে বৰষুণ টুকটুকিয়ে বেয়া পায়।কিন্তু বৰষুণে সেউজী পোচাক পিন্ধোৱা পৃথিৱীখন তাইৰ অতি মৰমৰ! সেই সেউজীয়াৰ মোহতে নৈৰ পাৰত মগ্ন হৈ থাকোঁতেই কাণিমুণি আন্ধাৰৰ পাতল চামনি এটাই পৃথিৱীখন আৱৰি ধৰাত তাই কোবাকোবিকৈ ঘৰলৈ খোজ দিলে।
কিনকিনিয়া বৰষুণ এজাক দিছে । তাই বৰষুণত ভিজি খুউব বেয়া পায়। সেয়ে মাজে মাজে খৰখৰকৈ খোজ দিছে! মাজে মাজে দৌৰিছে।বেছি দূৰ দৌৰিবলৈ দেহাই নাটানে আজিকালি। তাতে ল’ৰা ছোৱালী জন্ম দি দি পেটটো ডাঙৰ হৈ ওলমি পৰিছে। দৌৰিলে লৰি লৰি যায়। ভাগৰ লাগিছে তাইৰ। কিহে পাইছিল ইমান দূৰ আহিবলৈ! দৌৰি দৌৰি দলঙত ভৰি দিলে তাই। বৰষুণৰ কোব মাজে মাজে কমিছে মাজে মাজে বাঢ়িছে। মাজতে ভাবিলে কাৰোবাৰ ঘৰত সোমাব নেকি? কিন্তু নাই আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। এনেকুৱা বৰষুণৰ বতৰতে বেছিভাগ বেয়া কাম সিহঁতৰ লগত ঘটে। যোৱাবছৰ এনেকুৱা বৰষুণৰ বতৰতে তাইৰ ডেকা নোদোকা নাতিটো নোহোৱা হৈছিল।তাই বুঢ়ী হ’লেও জানে যে সিহঁতৰ মঙহেই সিহঁতৰ বৈৰী!
ভাগৰে জোগৰে এটা সময়ত তাই ঘৰ পালেহি।আগফালৰ বাৰাণ্দাত কোনোৱেই নাই, তাই যে ইমান দেৰি ঘৰলৈ ঘূৰি অহা নাই সেই কথাত কাৰো ভ্ৰূক্ষেপ নাই! বয়স হল বুলি ঘৰখনত তাইৰ গুৰুত্ব এনেদৰে কমি যাব লাগে নে?
কেইদিনমান আগতে বৰদৈচিলা মাকৰ ঘৰলৈ আহোঁতে মহতিয়াই থৈ যোৱা গছৰ ডালকেইটা ফালি শুকাবলৈ ৰ’দত দি থোৱা আছিল। বৰষুণত তেনেই ভিজিল! খৰিৰ দ’মটোৰ ওপৰৰ পৰা অতি মিঠা গোন্ধ এটা আহিছে।গোন্ধটো বৰ চিনাকি। হাতেৰে খৰিৰ দমটোৰ ওপৰৰফালে খোপনি পুতি তাই গোন্ধটোৰ উৎসটোৰ সন্ধানত মুখখন আগুৱাই দিলে। খৰিৰ ওপৰত সেয়া আচাৰৰ বাবে ৰ’দায় থোৱা নিমখ সনা নেমু! মোক খা মোক খা কৰি আছে।চপাবলৈ পাহৰিলে হবলা। তাই ভালকৈ ঢুকি নাপায় হে নাপায়! বেঙা মেলি চেষ্টা কৰোঁতে কৰোঁতে এপাকত নেমুখিনি চালনীৰে সৈতে মাটিতে বাগৰি পৰিল। বোকামাটি নলগা নেমুখিনি বাচি বাচি তাই খালে। এইকণ সোৱাদৰ কাৰণে তাইৰ গৰ্ভৱতী অৱস্থাত কমখন লটি ঘটি হৈছিলনে? হ’লেও তাই কাকো খাতিৰ নকৰে! চুৰ কৰি হ’লেও আচাৰ খাই হে এৰিব!
বাৰান্দাত এতিয়াও কোনো নাই। জেওৰাখনৰ সিপাৰে খুৰীহঁতৰ বাৰান্দা। বাৰান্দাৰ লগতে সেয়া ফুলনি। ফুলনিত ৰমক জমক কৈ গোলাপ ফুলিছে।থোপাকৈ ফুলি থকা গোলাপখিনি দেখি টুকটুকি ৰ’বই নোৱাৰিলে। সাউৎকৈ গেটৰ বাহিৰ হ’ল। ফুলনি আৱৰি থকা জেউৰাত ভৰ দি তাই জিভাখন যিমান পাৰে দীঘলকৈ উলিয়াই ঘূৰাই দিলে। জিভাৰ পাকত ফুলি থকা গোলাপৰ থোপাটো নিমিষতে তাইৰ পেটত সোমাল।এইবাৰ জিভাখন ঘূৰাই হে ঘূৰাই, ফুলৰ কলিকেইটা ঢুকি নাপায়! …………
“হেই হেই যা: যা:…
অ’ মা ছাগলীয়ে গোটেই ফুল খালে। “
খুৰীয়েকৰ পুতেকে কিবা এটা তাইৰ ফালে দলিয়াই দিলে, ভাগ্যে গাত নপৰিল। তাই কলিৰ আশা বাদ দি দৌৰি ঘৰ সোমাল।
বাৰান্দাত আইতা।
“এনে দাংকাটি ছাগলী এইজনী! লোকৰ বাৰী নুলুৰিকিলে পেট নভৰে… কোন আছ এইক গড়ালত ভৰাই থ’ অ’ ।”
টুকটুকিয়ে অগত্যা গড়ালৰ ফালে মূৰ পোনালে। কিনকিনিয়া বৰষুনৰ বতাহৰ বাবে ঠাণ্ডা ঠাণ্ডা ভাব! গঁড়ালৰ দুৱাৰমুখত শুকান মাটিত গোলকৈ বহি থকা, বছৰি ছয়টামানকৈ পোৱালি দি পেটৰ দুইফাল ৰাজহাড়ৰ তলত লগ লাগোঁ লাগোঁ হোৱা কেটেঙী বগীলৈ বুলি তলমূৱা হৈ শিংকেইটা টোৱাই এক বিশেষ ভংগীত টুকটুকী চাৎকৈ ওপৰমূৱা হ’ল। দুহাতমান দূৰত থকা বগীয়ে দুই পিছঠেঙৰ মাজত নেজডাল ভৰাই “কেং” কৈ শব্দ এটা কৰি দৌৰি পলালত তাই গড়ালৰ ভিতৰ সোমাল। তাইক দেখাৰ লগে লগে যোৱা বছৰ ফুলগুৰি বজাৰৰ পৰা কিনি অনা ৰচকীজনী “বেহেহে…হে” বুলি গড়ালৰ সিটো মূৰত থকা টুকটুকিৰ ডেকা নাতিটোৰ ওচৰ পালেগৈ!
তাই লাহে ধীৰে বহিল। বাহিৰত সেয়া তাইৰ মালিক আৰু গোলাপৰ মালিকৰ ওখনা ওখনি লাগিছে। তাই লাহেকৈ উগাৰ এটা মাৰি গোলাপৰ লগতে নেমুৰ আচাৰ অকণো উলিয়াই আনিলে। চকু মুদি মুদি পাগুলি থাকোঁতে তাইৰ কজলা বৰণৰ ধুনীয়া দাড়িখিনি আন্ধাৰতে দাঁতৰ লগত ছন্দ মিলাই দুলি থাকিল
!

No comments:

Post a Comment