Monday, July 25, 2016

মৰমৰ দেউতা! (১)


মই পঢ়া এল পি স্কুলখন আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ মান দূৰত আছিল ।কেতিয়াবা কোনোবাই ঘৰৰ পৰা চাইকেলেৰে থৈ আহিছিল। বেছিভাগদিন লগৰ পদুমী, ভোগেশ্বৰী, কাষৰ খুৰাৰ ছোৱালী ৰুবী ,ববী ৰুমি আদিৰ লগত খোজকাঢ়ি গৈছিলোঁ।আমাৰ ঘৰৰ পৰা ডেৰশমিটাৰমান পকী ৰাস্তা, বাকীডোখৰ শিলগুটি-বালি দিয়া ৰাস্তা।
পদুমীহঁতে খালী ভৰিৰে স্কুল যায়। মোক যাবলৈ নিদিয়ে দেউতাই। মোৰ ইমান মন যায়, তথাপি নিদিয়ে।
এদিন কি কৰিলোঁ, দেউতাক দেখুৱাই চেণ্ডেল পিন্ধি ঘৰৰ পৰা ওলাই ৰৈ আছোঁ পদুমীহঁতলৈ, সিহঁত আহি পোৱাৰ লগে লগে ৰাস্তাৰ কাষত থকা জাৰ্মানী বনৰ জোপোহাৰ মাজত হাৱাই চেণ্ডেলযোৰ লুকুৱাই সিঁহতৰ লগত খোজ ললোঁ। ডেৰশমিটাৰ যোৱাৰ পাছত মোৰ স্পীড কমি আহিল, সিহঁত একেই স্পীডত গৈ থাকিল। খুপি খুপি গৈ আছোঁ। সিহঁত স্কুল পাওঁ পাওঁ হ'ল। মই দুশমিটাৰমান অতিক্ৰম কৰিছোহে! হঠাৎ জাৰ্মানী বনৰ মাজত লুকুৱাই থৈ অহা চেণ্ডেলযোৰ আহি মোৰ আগত থপকৈ পৰিল।
কাষতে ব্ৰেক মাৰি চাইকেল এখনো ৰ'লহি।
"বাবা"!
ক'লে 'উঠ'
চেণ্ডেল পিন্ধি উঠিলোঁ, সময়ত চাইকেলৰ পৰা স্কুলৰ সন্মুখত নামিলোঁগৈ।
(এনেকুৱা নহয় যে মই পদুমীহঁতৰ নিচিনা খালী ভৰিৰে থাকিব নোৱাৰিছিলোঁ, তাৰ কাৰণ আছিল।)
************************
চাৰি-পাঁচ বছৰ মান বয়সত মোৰ " ৰিউমেটিক ফিভাৰ" বুলি কিবা এটা বেমাৰ হৈছিল।(এতিয়া সেইটোক বেমাৰ বুলি নাভাবে কোনেও) বিৰাট ভৰিৰ বিষ। ইকাটি সিকাটি হ'ব নোৱাৰোঁ।শীতকালি। দেউতাই ৰ'দ ল'লে বিষটো কমিব বুলি ঘণ্টাৰ পাছত ঘণ্টা ৰ'দত মোক কোলাত লৈ বহি থাকিছিল। মানুহে খবৰ ল'বলৈ আহি
" আয়ৈ দেহি.. অমুক তমুক " বুলি মাহঁতক শান্ত্বনা দিছিল। (যেন সেয়া মোৰ অন্তিম সময়)
ৰহা চাপৰমুখৰ নিচিনা ঠাইত উন্নত চিকিৎসাৰ ব্যৱস্থা নাছিল।কোনোবা এজন ডাক্টৰে বোলে কৈছিল " আজি ৰাতিটো ভালকৈ চাই থাকিব...ভাল দেখা নাই"!
ডাক্টৰ কৃষ্ণ বৰা বুলি নগাওঁ চিভিল হস্পিতেলৰ ডাক্টৰ এজনক মাতি আনিলে দেউতাই। তেওঁৰ ঘৰ আমাৰ গাঁৱতে। বেমাৰৰ লক্ষণ শুনি তেওঁ আহিয়েই মোক বেজী এটা দিলে(মোৰ মনত নাই) সেই ৰাতিয়েই মই নিজেই ইকাটি সিকাটি হ'ব পাৰিলোঁ।তেওঁৰ দিহামতে এবছৰ মাহে মাহে "পেনিদিউৰ" ইন্জেকশ্বন লৈ সুস্থ হলোঁ।
ইন্জেকশ্বনটো দিওঁতে হাড় ভেদি যোৱা যেন লাগে।
যিদিনা দেউতাই হিচাপতকৈ বেছি মৰম কৰে, ৰহালৈ ফুৰিবলৈ ওলাবলৈ কয় আৰু চাইকেলৰ আগত কুশ্বন বান্ধি লয় মোৰ বুকুৱে ধান বানিবলৈ আৰম্ভ কৰে।
তেনেকৈয়ে ৰহা ডিচপেনচেৰী পাওঁ, কম্পাউণ্ডাৰে মোৰ লগত ধেমালি কৰে। অলাগতিয়াল কথা কৈ ফুচুলাব আৰম্ভ কৰে। মোৰ চকু মস্ত সেই চিৰিন্জটোত।আইনাৰ সৰু দৰৱৰ খোলাটো টঙনিয়াই টঙনিয়াই ভাঙে, চিৰিন্জটোলৈ ঔষধখিনি শুহি আনে, তাৰপাছত সৰু বটলটোৰ ৰবৰৰ সাঁফৰখনৰে বেজীটো সোমোৱাই
দিয়ে। লাহেকৈ মোক দেউতাই কান্ধত পেলাই কোলাত লয়। পিঠিত আৰু আঁঠুৰ ওচৰত টিপা মাৰি ধৰে লৰচৰ কৰিব নোৱাৰাকৈ।
কান্দি কান্দি এটা সময়ত আইনাৰ ৰবৰৰ সাঁফৰৰ বটলটো শ্লেট মচিবলৈ পানী নিম বুলি কৈ লৈ চাইকেলত উঠি গুছি আহোঁ ঘৰলৈ।
সেইৰাতি জ্বৰ উঠে। কেতিয়াবা মা টোপনি যায়। দেউতা সাৰে থাকি মোৰ জ্বৰ চাই থাকে!
‪#‎বাবা‬!!

No comments:

Post a Comment