Friday, December 15, 2017

নষ্টালজিয়া:
ঊল-শলাবোৰ কলৈ গ'ল?

আহিন-কাতিৰ আমোলমোল শেৱালিৰ গোন্ধ মাৰ নাযাওঁতেই চুৱেটাৰ, শ্বলবোৰ, বছৰে বছৰে
উম দি বাৰ্ধক্যক আঁকোৱালি লোৱা এৰী চাদৰবোৰ উলিয়াই ৰ'দত দিয়া হৈছিল। নেফথেলিনৰ বলবোৰ বুকুতে সাৱটি গোটেই গ্ৰীষ্মকালটো ট্ৰাংকত বন্দী হৈ থকাৰ পাছত ৰ'দৰ মুখ দেখিছিল ঊণৰ কাপোৰবোৰে। সিহঁতে নাজানে সিহঁত কাৰ দেহৰ পৰা বিছিন্ন হৈ আহে আৰু সেইটো নজনাকৈয়ে ওৰেটো জীৱন অইন কাৰোবাক আঁকোৱালি থাকি উমাল কৰি যায় সান্নিধ্য!
বাঢ়ি অহা ল'ৰা-ছোৱালী থকা ঘৰত বাঢ়নীয়া শৰীৰবোৰৰ লগত তাল মিলাব নোৱাৰা চুৱেটাৰবোৰ খুলি পেলোৱা হৈছিল নতুবা আগৰ বছৰ প্ৰিয়জনক গুঁঠি দিয়া চুৱেটাৰটোৰ ডিজাইনটো মনৰ মতন
নহলে বা আকাৰৰ হীন-দেঢ়ি হলেই খুলি পেলোৱা হৈছিল। কঁকালৰ পৰা গুঁঠি আনি ডিঙিত শেষ
কৰা চুৱেটাৰটো খুলিবলৈ যাত্ৰা উভটনি হ’ব লাগে অৰ্থাৎ ডিঙিৰ পৰা খুলি ক্ৰমান্বয়ে
কঁকাল পাবগৈ লাগে।
আগতে শীতৰ এনেকুৱা দিনকেইটাত য'তেই বহে তাতেই মা'য়ে আধা খোলা
চুৱেটাৰ একোটা লৈ বহে। মুঢ়াত বহি আঁঠুদুটা বহলাই তাত খুলি যোৱা ঊলবোৰ পকাই যায়।
যিমানে পাক দিব সিমানেই চুৱেটাৰটোৰ 'ঘৰ'বোৰ সৰি সৰি চুৱেটাৰটোৰ আকৃতি সৰু হৈ পৰে। তাৰ পাছৰ কাম ওৰে ৰাতি ঊলখিনি পানীত ভিজাই থোৱা। আঁঠুত পকাই নেছা কৰা ঊলখিনিত গাঁঠি দি
জঁট লাগিব নোৱাৰাকৈ ভিজোৱা হয়। পিছদিনা পুৱাৰ ৰ'দ ওলোৱাৰ লগে লগে ঊলৰ নেছাবোৰ
দুডাল কাঠৰ মাৰিত ওলমাই ৰ'দত দি শুকোওৱা হয়। আগৰবাৰ
চুৱেটাৰৰ ৰূপত থাকোতে নিভাঁজ ঊলখিনিৰ দেহত পৰা ভাঁজবোৰ গুচাবলৈ চেষ্টা কৰা হয়। যেন পূৰ্বজন্মৰ স্মৃতিবোৰ ধুই-পখালি পেলোৱাৰহে আয়োজন সেয়া! কাঠদুডাল ব্যৱহাৰ কৰাৰ নিয়মো আছিল এটা। এটা অৱলম্বন লৈ, (মায়ে প্ৰায়ে ডাইনিং
টেবুলৰ গধুৰ কাঠৰ চকীদুখন এই কামৰ বাবে উলিয়াই লৈছিল। আমাৰ দৰে সাধাৰণ মানুহৰ ঘৰৰ এনে চকীবোৰ আছিল গধুৰ আৰু সৰলৰৈখিক ডিজাইনৰ, কাঠৰ বাবে লৈছিল দুৱাৰত ব্যৱহাৰ কৰা শালকাঠৰ দাং দুডাল) চকীৰ ওপৰৰ অংশত এডাল দাং দি ঊলৰ নেছাটো তাত
ওলমাই দিছিল। সিডাল দাং আকৌ ঊলখিনিৰ ওলমি থকা অংশৰ মাজেৰে সোমোৱাই ওলমাই
দিছিল যাতে শালকাঠৰ টানত ভিজা ঊলবোৰৰ ভাঁজবোৰ শুকালে নোহোৱা হৈ পৰে। কিন্তু ক'তনো এবাৰ ভাঁজ লগাৰ পাছত পুনৰ আগৰ ৰূপলৈ ঘুৰি যাব? যেনেকৈ বয়সে গৰকা দেহ, মাতৃৰ গৰ্ভ অথবা ওৰেই ৰাতি ফুলাই বান্ধি থোৱা বেলুনে পুনৰাই আগৰ ৰূপ নাপায়। তেনেকৈয়ে ঊলবোৰৰো বয়স হয়। বলিৰেখা পৰে। শুকোৱাৰ পাছত নেছাবোৰ আকৌ আঁঠুত মেৰিয়াই তাৰ পৰা ঊলৰ 'বাৰ নম্বৰ'ৰ মিহি শলাৰে 'ৰিব' ডাল আৰম্ভ কৰে( মাহঁতৰ ভাষাত, অইন অৰ্থ আছে যদি এই লেখকৰ অজ্ঞাত)। 'ৰিব' হ'ল চুৱেটাৰৰ তলৰ ডাঠকৈ গুঁঠা অংশখিনি। এঘৰ/দুঘৰ বা
তাতকৈ বেছি চিধাকৈ, এঘৰ/দুঘৰ বা তাতকৈ বেছি (বা চিধাকৈ গুঁঠাঘৰ কেইটাতকৈ কম বা বেছি)ওলোটাকৈ গুঁঠা চুৱেটাৰটোৰ আৰম্ভণিখিনি সাধাৰণতে দুই বা তিনি ইঞ্চিৰ হয়। মুঠতে
কেইঘৰ চিধা আৰু কেইঘৰ উলোটাকৈ গুঁঠিব আৰু কেইটা ৰঙৰ ঊল থাকিব সেইয়া ডিজাইনটোৰ
ওপৰত নিৰ্ভৰ কৰে। চুৱেটাৰৰ প্ৰাক্তন গৰাকীতকৈ যদি আগন্তুক গৰাকীৰ দেহৰ আকাৰ ডাঙৰ হয় বা একাধিক ৰঙৰ ঊলৰ প্ৰয়োজন হয় তেনেহলে একাধিক সৰু ও পুৰণা চুৱেটাৰে প্ৰাণ আহুতি দিব লাগিছিল। 'ৰিব' গুঠা হোৱাৰ পাছত শলাৰ নম্বৰ সলনি হয়, সম্ভাব্য গৰাকীৰ
দেহৰ ভাঁজে ভাঁজে উম সানিবলৈ হাত আৰু শলাৰ নাচোনত চুৱেটাৰটোৱে লাহে লাহে প্ৰাণ পাবলৈ ধৰে।.... আৰু মাজে মাজে সেইগৰাকীক মাতি আনি পিঠিত, পেটত, বুকুত বা হাতত দি জুখি চোৱা হয়, হাত আৰু ডিঙি ‘ভাঙিবলৈ’ আৰু কেইশাৰী গুঁঠিব লাগিব! জহকালিও গুঁঠিছিল চুৱেটাৰ কেতিয়াবা , কিন্তু লেহেমীয়া আছিল গতি। নতুন
ডিজাইন চাবলৈ মাক দেউতাই চহৰৰ পৰা হিন্দী আলোচনী কিনি আনি দিছিল। সেইবোৰ আলোচনী
'শীত' বিশেষ সংখ্যা হিচাপে প্ৰকাশিত হৈছিল; য'ত ঊণৰ বিভিন্ন পোছাকৰ ডিজাইন
আৰু শীতকালত হোৱা শাক-পাছলিৰে ৰান্ধিব পৰা বিভিন্ন খাদ্যৰ ৰন্ধন প্ৰণালী থাকিছিল। 'মনোৰমা' বুলি সেই আলোচনী এতিয়াও বজাৰত উপলব্ধ।
তাৰ পৰা চাই চাই গুঁঠে...পোন্ধৰ ঘৰ ৰঙা, তাৰ পাছত পাঁচ ঘৰ নীলা আকৌ ৰঙা...।
দুপৰীয়াৰ ভাতসাঁজ খাই মুখৰ তামোলখন শেষ নহঁওতেই হাতত ঊল-শলা লৈ ওচৰ-চুবুৰীয়া
খুড়ীহঁত, জেঠাইহঁত আহি ওলায়। নজনাটো আনগৰাকীৰ পৰা শিকে, নিজে শিকাই বা নতুন
ডিজাইন তুলি ধৰাৰ চেষ্টা অব্যাহত থাকে।
খৰখেদাকৈ গুঁঠা চুৱেটাৰটো সেই শীততে পিন্ধিব পৰা হয়গৈ। তাৰোপৰি বায়েক/ককায়েকৰ
পুৰনা চুৱেটাৰ ভনীয়েক/ভায়েকে পিন্ধি দৈনন্দিন কামবোৰ কৰিব পৰা হয়গৈ। বিয়া-
সবাহলৈ বুলিহে নতুন চুৱেটাৰ গুঁঠা কামটো 'কৰ্প’ৰেট অফিচ'ৰ টাৰ্গেট পূৰণ কৰাৰ দৰে
খৰখেদাকৈ কৰিব লাগে। নব্বৈ দশকৰ আৰম্ভণিতে প্ৰথম কলেজলৈ যাওঁতে ফাঁচীবজাৰৰ
গোৱেংকাৰ কাপোৰৰ দোকানৰ পৰা চুৱেটাৰ কিনি পিন্ধা মনত পৰে। তেতিয়া গুৱাহাটীৰ
নিচিনা ঠাইত ঘৰত গুঁঠা চুৱেটাৰৰ সলনি কিনা চুৱেটাৰৰ প্ৰচলন বাঢ়িবলৈ ধৰিছিল। মাঘত ধান ওহোৱাৰ দৰে, বহাগত গামোচা বোৱাৰ দৰে শীতত
চুৱেটাৰ গুঁঠাটো অৱধাৰিত আছিল আমাৰ শৈশৱত, আমাৰ ঘৰবোৰত। চুৱেটাৰ গুঁঠিবলৈ জনাটো ছোৱালীবোৰৰ বিবাহ প্ৰাৰ্থীত্বত এটা অতিৰিক্ত গূণ বুলি গণ্য কৰা হৈছিল। আমি চুৱেটাৰ গুঁঠিবলৈ নিশিকি হাতত কিতাপ লৈ বহি থাকোঁতে 'শহুৰৰ ঘৰত কি কৰি খামগৈ' বুলিও প্ৰশ্ন উঠিছিল।
যোৱাবছৰ আমাৰ মা'য়ে 'বাৰ নম্বৰ'ৰ শলা এযোৰ কিনি আনি দিবলৈ কৈছিল। ফাঁচিবজাৰৰ সকলো সম্ভাব্য দোকানত বিচাৰি বিচাৰিও নাপালোঁ। ফ্ৰকৰ হুক, বুতাম, বেজী, সূতাৰ পৰা বেগ/পেণ্টত লগোৱা চেইন, কেঁচীলৈকে পোৱা দোকান এখনৰ দোকানী এগৰাকীয়ে ক'লে "আজিকালি কোনে চুৱেটাৰ গুঁঠি পিন্ধে বাইদেউ! শলা বিচাৰি মানুহ নাহেও কোনো। বিক্ৰী নোহোৱা 'সামান' (বস্তু) ৰাখি কি কৰিম?'
হয়তো! মাহঁতৰ হাতৰ ঠাৰত নাচি থকা ঊল-শলাবোৰ আমাৰ বাবে অতীত হৈ পৰিল। কাৰণ আমাৰ প্ৰজন্মৰ বেছিভাগেই সিহঁতৰ লগত খেলিবলৈ আাৰু সিহঁতক আপোন কৰিবলৈ নিশিকিলোঁ। আমাৰ আঙুলিয়ে মোবাইল, কম্পিউটাৰৰ মাজেৰে 'অনলাইন শ্বপিং চাইট'ত ..চকুৱে দোকানত সজাই থোৱা 'উম' বিচাৰিবলৈ শিকিলে...। ঊল-শলাৰ লগে লগে চলা পিছ চোতালৰ মেলখনো সোঁৱৰণী হৈ পৰিল।
(লেখাটো 13/12/17 ৰ দৈনিক অসমৰ বুধবৰীয়া বুলনিত প্ৰকাশ পাইছে)

Tuesday, December 12, 2017

এচিড, লক্ষ্মী আৰু আইন
উৎপলা কৌৰ

মানৱ সভ্যতাই প্ৰযুক্তিৰ নতুন জখলাত আগবঢ়াৰ লগে লগে অপৰাধৰো আধুনিকীকৰণ
চলিছে। জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ এক নিকৃষ্ট উদাহৰণ- এচিড আক্ৰমণ। বিভিন্ন
উদ্যোগত উৎপাদনমূলক কামত,শিক্ষানুষ্ঠানত শিক্ষামূলক কামত, পৰিষ্কাৰ-পৰিচন্নতাৰ বাবে ঘৰুৱা কামত ব্যৱহৃত এচিডক মানুহৰ হিংসা-ক্ষোভ পূৰণৰ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ কম খৰচত, কম সময়ত মানুহৰ জীৱন
মুহুৰ্ততে অন্ধাকাৰাচন্ন কৰি দিব পৰা যায় ইয়াৰ সহায়ত। বজাৰত সহজে উপলব্ধ গাঢ় চালফিউৰিক
এচিড, হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিড সাধাৰণতে এনে অপৰাধৰ বাবে ব্যৱহৃত
হয়।

জীৱদেহৰ সংস্পৰ্শত আহিলে এনে এচিডে সংহাৰী ৰূপ ধৰে আৰু ছাল, ছালৰ তলৰ চৰ্বী
তথা মাংসৰ তৰপ, কেতিয়াবা প্ৰাথমিক চিকিৎসা লাভত পলম 'লে হাড়লৈকে বিস্তৰ ক্ষতি কৰি দেহৰ স্বাভাবিক গঠন স্থায়ীভাবে বিকৃত কৰি পেলায়।
সাধাৰণতে মুখখনক লক্ষ্য কৰি এচিড দলিওৱা হয়। হঠাতে বিকৃত হৈ পৰা দেহ-মুখ, গলিত
চকুৰ পতা তথা অন্ধত্ব লাভ কৰি ইমানদিনে সুস্থ জীৱন যাপন কৰি থকা ব্যক্তি এগৰাকীক
মানসিকভাবেও ভাঙি পেলায়। বেছিভাগ এচিডজনিত অপৰাধৰ লক্ষ্য নাৰী,
কাৰণ নাৰী এগৰাকীৰ দেহ-মুখকে নাৰীৰ সম্পদ বুলি ভবা এচাম বিকৃত মানসিকাতাৰ
মানুহ এই পৃথিবীত আছে যি নাৰীক নিজে ভবাৰ দৰে লাভ নকৰিলে বা অন্য ন্যস্ত স্বাৰ্থ
সিদ্ধি নহ'লে এনে অপৰাধৰ সম্পন্ন কৰি নিজৰ পুৰুষত্ব সাব্যস্ত কৰে।

মানবতাক লজ্জানত কৰা এই অপৰাধ সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পাবলৈ ধৰিছে। সমীক্ষামতে বাংলাদেশত
এই অপৰাধ আটাইতকৈ বেছি সংঘটিত হয়। নেপাল, আফগানিস্থান, পাকিস্তান, কম্বোদিয়া
ইত্যাদি অন্যান্য চাউথ এছিয় দেশসমূহত এনে ঘটনা সঘনাই দেখিবলৈ পোৱা যায় আৰু বছৰি এনে ঘটনা
সংখ্যাত বৃদ্ধি পাবলৈ ধৰিছে।

উদাৰহৰণবোৰ অপ্ৰাসংগিক যদিও ইয়াৰ অন্তৰালত থকা কাৰণ আৰু অপৰাধী, বলি হোৱা ব্যক্তিসকলক লক্ষ্য
কৰিলে এনে ঘটনাৰ ভয়াবহতাৰ অনুভবে শিহৰিত কৰি তোলে। মথুৰাৰ অৰ্জুনপুৰাৰ ইৰশ্বাদ
নামৰ ব্যক্তিজনৰ বিবাহ প্ৰস্তাব নাকচ কৰা গাভৰু ছোৱালীজনী ৰাতি ঘৰৰ ছাদৰ ওপৰত
মাকৰ লগত শুই থাকোঁতে প্ৰতিবেশীৰ ঘৰৰ দেৱাল বগাই ইৰ্শ্বাদ আৰু তেওঁৰ পৰিয়ালৰ
কেইজনমানে আহি তাইৰ মুখত এচিড ঢালি দিয়াৰ লগতে অতিৰিক্তখিনি জোৰ কৰি খুৱাই
দিয়ে। মাকে সাৰ পাই বাধা দিওঁতে তেওঁক বলপূৰ্বক ধৰি বাহুত চোকা অস্ত্ৰৰে
আক্ৰমণ কৰাৰ লগতে তেওঁকো এচিডেৰে আক্ৰমণ কৰে। ছমাহ হস্পিটেলত মৃত্যুৰ সৈতে
যুঁজি এসময়ত ছোৱালীটিয়ে হাৰ মানে সেইয়া ২০১৪ চেপ্তেম্বৰ মাহৰ কথা। শীলা
বুলি ছোৱালীজনীয়ে প্ৰেমবিবাহ কৰিছিল প্ৰতিবেশী যুবকজনৰ সৈতে যি প্ৰেম দুদিনতে
অন্তৰ্ধান হৈছিল আৰ্থিক অনাটনত পৰি। কিন্তু শীলাই হাৰ মনা নাছিল আৰু বহু
চেষ্টাৰ ফলত এটা চাকৰি যোগাৰ কৰি লোৱাৰ ফালত সংসাৰৰ ৰথখন সুকলমে মসৃণভাবে
আগবাঢ়িবলৈ ধৰোতেই শীলাৰ কাৰ্যালয়ৰ উৰ্ধতন বিষয়া এগৰাকী তেওঁৰ প্ৰেমত পৰে। সেই
প্ৰেমে চাকৰি জীৱন দুৰ্বিসহ কৰি তোলাত এসময়ত চাকৰিৰ পৰা অব্যাহতি লয়। কিন্তু
সেই বিষয়াজনে সহজে এৰি নিদিলে শীলাক। তাই প্ৰেম প্ৰত্যখ্যানৰ মূল্য দিব লগীয়া
'ল। সেইটো চাকৰি এৰি নতুন এটাত যোগদান কৰাৰ সময়তে সেইবিষয়াজনৰ দ্বাৰা সৃষ্ট
পাকচক্ৰত পৰি তাইক আকৌ পুৰণা চাকৰিটোকে কৰিবলৈ বাধ্য 'ল। বিভিন্ন কামৰ
অজুহাতত সদায় দেৰিলৈকে অফিচত ৰাখি থোৱা শীলাক এদিন অস্বাভাবিক ভাবে সোনকালে
ছুটী দিয়া 'ল। সেইদিনা ঘৰলৈ উভটাৰ পথত বাছষ্টেণ্ডতে তাইৰ মুখলৈ এচিড নিক্ষেপ
কৰা হয়। ২০১২ চনত উত্তৰ প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱত পৰিয়ালৰ সদস্যৰ বিবাহ
অনুষ্ঠানত ভাগ 'বলৈ যাওঁতে বিবাহবাহৰত সৃষ্টি হোৱা পাৰিবাৰিক কণ্ডলৰ ফল
স্বৰূপে ললিতা বেনবাঁসীক তেওঁৰে সমন্ধীয় ককায়েকে মুখত এচিড ঢালি দিম বুলি
ভাবুকি দিছিল। খঙতে দিয়া ধমকি বুলি ভাবি তাই পাহৰি পেলাইছিল, কিন্তু সেই ধমকিক
সত্যতাত পৰিণত কৰি সেই ঘটনাৰ পাঁচ মাহৰ পাছত, এদিন সান্ধ্য ভ্ৰমণ কৰি থাকোঁতে
দুজন মুখাধাৰী ব্যক্তিয়ে আহি বলপূৰ্বক মাটিত বগৰাই মুখত এচিড ঢালি থৈ যায়
বেণবাঁসীক। আন এটা ঘটনাত দুবাৰকৈ চুৰিকাঘাটৰ পৰা নিজকে কথমপি ৰক্ষা কৰা আৰতি
ঠাকুৰে এদিন মুম্বাইৰ এটা ৰেল ষ্টেচনত নিজৰ দেহেৰে বৈ যোৱা, কোনোবাই দলিয়াই
দিয়া পনীয়া পদাৰ্থখিনিয়ে তাইৰ মুখৰ মঙহ যে গলাই লৈ গৈছে অনুভৱ কৰিছিল। তাইৰ
মাক আৰু তাই সেইখিনি সময়ত ভাৰাঘৰ এটাত আছিল। সেই ভাৰাঘৰৰ মালিকনীয়ে
মৰম-চেনেহেৰে তাইক পুনৰ সাহসী 'বলৈ উদগনি দিয়াই নহঞয় নিুজৰ পুত্ৰৰ সৈতে বিবাহ
পাশত আবদ্ধ কৰি জীৱনত আগুৱাই নিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তুবিপদত সহায়
সহানুভূতি দেখুওৱাৰ কথা বেলেগ আৰু, বিবাহৰ কথা বেলেগ। আৰতিয়ে সেই প্ৰস্তাব
তৃতীয়বাৰৰ বাবে নাকচ কৰাৰ পাছত এটা আইটি কোম্পানীত তাই চাকৰিত কৰ্মৰত অৱস্থাত
এদিন চাকৰিৰ পৰা ঘৰলৈ ঘুৰি অহি থাকোঁতে তাইৰ ওপৰত আকৌ সৰুকৈ এটা আক্ৰমণ হয়।
উপায় নাপায় আৰতিয়ে মাক আৰু সৰু ভগ্নীক লৈ মুম্বাইৰ আন এটা অঞ্চলৰ ভাড়াঘৰ এটালৈ
স্থানান্তৰিত হয়। তাতো এদিন তাইৰ ওপৰত আক্ৰমণ চলে। পুলিচে সেই ঘটনাটো সাধাৰণ
ডকাইটিৰ ঘটনা বুলি বিশেষ অনিসন্ধান নকৰাকৈ সামৰি থৈ দিয়ে। নতুন ঠাইডোখৰত
থাকিবলৈ লোৱাৰ কথা কেৱল আগৰ ভাৰাঘৰৰ মালিকনীয়ে জানিছিল আৰু সেইগৰাকীৰ পুত্ৰক
এদিন ষ্টেচনৰ বাহিৰত থিয় হৈ থকা দেখি আৰতিৰ মনত সন্দেহৰ উদ্ৰেক হয়। কিন্তু তাৰ
পাছতেই এচিড আক্ৰমণৰ বলি হয় আৰতি। পাছত পুলিচে সেই মালিকনী আৰু পুতেকক
গ্ৰেপ্তাৰ কৰে। অপাৰেচন (যি অতি ব্যয়বহুল) কৰি পুনৰ আগৰ দৰে মুখ এখন পাবলৈ
পূঁজি গোটোৱাত আৰু দোষীক শাস্তি দিবলৈ আৰতিৰ যুঁজ এখন অহৰ্নিশে চলি আছে। কোৰাণ
অধ্যয়নৰ পাঠ্যক্ৰম কৰিবলৈ ৰেচমা কুৰেশ্বিয়ে ভগ্নী গুলচনৰ সৈতে মুম্বাইৰ পৰা
এলাহাবাদলৈ গৈ আছিল। স্বামী পৰিত্যক্তা গুলচন নিজৰ পুত্ৰক নিজৰ জিম্মালৈ
বিচাৰি স্বামীৰ ওপৰত গোচৰ দিছিল। এবাৰ সেই পাঠ্যক্ৰমৰ পৰীক্ষা দিবলৈ যাওঁতে
গুলচনৰ স্বামীয়ে আন তিনিজন ব্যক্তিক লগত লৈ তেওঁলোকক আগুৰি ধৰে। হাতত বটল দেখি
সম্ভাব্য বিপদৰ কথা অনুমান কৰিয়েই গুলচনে বটলটো কাঢ়ি দলিয়াবলৈ চেষ্টা কৰোঁতে
বটলত থকা এচিড পৰি নিজে আঘাতপ্ৰাপ্ত হয় আৰু বাকীখিনি কাঢ়ি লৈ তেওঁলোকে ৰেশমাৰ
মুখলৈ দলিয়াই পলায়ন কৰে। চিকিৎসালয়ত উপযুক্ত চিকিৎসা নাপায় দহজনীয়া পৰিয়ালটো
থকা দুকোঠলীয়া ঘৰটোলৈ লৈ আনি অবৰ্ণনীয় দুখ কষ্টৰ মাজত দিন কটাবলগীয়া ঘটনাটো
ঘটিছিল ২০১৪ চনৰ মে মাহত। নাজমা জাগিৰদাৰে তেওঁৰ তিনিভগ্নী চাইৰা, দৌলত আৰু
ৰেশমাক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ দিওঁতে বায়েকৰ উগ্ৰ স্বভাৱ তথা ইতিমধ্যে তেওঁলোকৰ
মাকৰ মাটি-বাৰী বিক্ৰী কৰা সংক্ৰান্তীয় মনোমালিন্যৰ কাৰণে তিনিও একেলগে যোৱাৰ
সিদ্ধান্ত লৈছিল আৰু জ্যেষ্ঠ ভগ্নীৰ হাতৰ ঘৰুৱা সুস্বাদু খাদ্য খাই "বায়েকক
কিমান ভুল বুজিছিল সিহঁতে " বুলি ভাবি থাকোঁতেই বায়েক আৰু ভিনিয়েকে দলিয়াই
পঠিওৱা এচিডে সৃষ্টি কৰা ধোঁৱাইহে তেওঁলোকৰ সেই ভুল ধাৰণাটো ভংগ কৰিছিল।
ভগ্নীয়ে ভগ্নীৰ ওপৰত আক্ৰমণ, তাকো সম্পত্তি লৈ- ঘটনাটোৱে তোলপাৰ লগাইছিল দেশৰ
সংবাদ মাধ্যম। আনকি কণমাণিজনীও সাৰি নগ' এই নৃসংশতাৰ পৰা ,কিন্তু সেয়া কেইদিন
মানলৈহে, তাৰ পাছত সকলো গতাতনুগতিক। তিনিমাহ জেলত থাকি জামিনত ওলাই আহে নাজমা
অাৰু মাজে মাজে আদালতে দিয়া তাৰিখমতে আদালতত উপস্থিত হৈ সমাজৰ অইন দহজনৰ দৰে
সাধাৰণ জীৱন যাপন কৰি আছে। উত্তৰ প্ৰদেশৰ নিজৰ গাওঁখনৰ নিজৰ ঘৰখনত শুই আছিল
ৰূপা। সতীয়া মাকে ঘৰত কোনো নথকা তেনে এক সময়তে মুখত এচিড ঢালি দিয়ে আৰু প্ৰায়
এক দীৰ্ঘ সময় (ছয়ঘন্টা) কোনো প্ৰাথমিক চিকিৎসা অবিহনে থাকিবলৈ বাধ্য কৰে। ছয়
ঘন্টাৰ পাছত উভটি অহা খুৰাকে তাইক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়,
কিন্তু তাত উন্নত চিকিৎসাৰ ব্যৱস্থা নথকাত চফদৰজং হস্পিটেললৈ লৈ যায় আৰু পেশাত
নাপিতৰ কাম কৰা খুৰাকে ৰূপাৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হয়। চৰকাৰৰ ফালৰ পৰা
কোনো ধৰণৰ সহায় নাপায় হতাশ হৈ পৰে খুৰাক, ইফালে সতীয়া মাকে জামিনত ওলাই আহি
স্বাভাবিক জীৱন যাপন কৰি আছে নিজৰ পিতৃগৃহত। এইয়া নাৰীৰ ওপৰত হোৱা আক্ৰমণ। বহু পুৰুষো এনে আক্ৰমণৰ বলি হয়। (কথাখিনি যুগুতাবলৈ তথ্য বিচাৰোতে বহুকেইটা ঘটনা পালোঁ ' নাৰীয়ে পুৰুষক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এচিডেৰে আক্ৰমণ কৰিছে, তাত ভুক্তভোগী পুৰুষজনৰ নাম উল্লেখ আছে কিন্তু নাৰী হোৱাৰ হেতুকেই অপৰাধীগৰাকীৰ নাম উল্লেখ নাই; বিষয়টো বেলেগ বাবে ইয়াতে এৰিছোঁ) এইবোৰ ঘটনাই বিভিন্ন বাতৰি কাকতত
স্থান পাইছিল বাবে জ্ঞাত, কিন্তু আন বহুতো ঘটনা সংবাদ মাধ্যমে ঢুকি নাপায়। এক বেচৰকাৰী সুত্ৰ অনুসৰি ভাৰতত বছৰি ১০০০ মান এনে ঘটনা সংঘটিত হয়। আনকি যোৱা কেইমাহমানৰ আগত গুৱাহাটীতে মহিলা অধিবক্তা এগৰাকী এনে আক্ৰমণৰ বলি হৈছিল।

সকলো নৃসংশ ঘটনাই ঘটাৰ লগে লগে সকলোকে জোকাৰি যায়, কিছুদিন চৰ্চাত থাকে, তাৰ
পাছত আন সকলো কথা পাহৰি যোৱাৰ দৰে মানুহে, সমাজে পাহৰি যায়। নিজৰ জীৱনটো, নিজৰ
বিসদৃশ-বিকৃত চেহেৰাটোৰে এসময়ত সমাজ, আত্মীয়-পৰিজনৰ দ্বাৰা বিবৰ্জিতা হয় বলি
হোৱা ব্যক্তিগৰাকী। কেতিয়াও আৰু এটা সাধাৰণ মানুহৰ জীৱন-যাপন কৰিবলৈ সক্ষম নহয়গৈ
অথবা আমাৰ সমাজে নিদিয়ে আৰু নিসঙ্গতাই তেওঁলোকৰ সঙ্গী হৈ পৰে। এনে আক্ৰমণৰ বলি
হোৱাৰ পাছত প্ৰয়োজন হোৱা চিকিৎসা অতি ব্যয়বহুল। চিকিৎসাৰ নামত সৰ্বস্বান্ত
হোৱাৰ লগতে দোষীক শাস্তি দিবলৈ আদালতলৈ তাঁত-বাতিবোৰ আছেই!
এচিড আক্ৰমণে কেৱল শৰীৰটো বাহ্যিকভাবে ক্ষতিগ্ৰস্ত কৰাই নহয়, ভুক্তভোগীগৰাকীক
ডিপ্ৰেছন, ইনচমনিয়া, স্মৃতি বিভ্ৰম, শাৰীৰিক-মানসিক দুৰ্বলতা, পুনৰ আক্ৰমণৰ
বলি হোৱাৰ ভীতিবিহ্বলতা ইত্যাদি বিভিন্ন ধৰণৰ মানসিক ব্যাধিয়ে আকোঁৱালি 'য়।
আগতে তেওঁলোকক অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ প্ৰদানৰ কোনো চৰকাৰী
কাৰ্য্সূচী দেখা নগৈছিল, চৰকাৰৰ ফালৰ পৰাও কোনো অৰ্থনৈতিক সাহাৰ্যৰ নিয়ম নাছিল
যেতিয়ালৈ আন এগৰাকী এচিড আক্ৰমণৰ বলি লক্ষ্মী হাতে-কামে লাগি পৰা নাছিল।

লক্ষ্মী:

১৯৯০চনৰ ১জুনত দিল্লীত এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহন কৰা লক্ষ্মী আগৰৱালা
নামৰ ছোৱালীজনীক পোন্ধৰ বছৰ বয়সত, ২০০৫চনত ৩২ বছৰীয়া গুড্ডু ওৰফে নায়িম খান নামৰ যুবকে
প্ৰেমত প্ৰত্যাখ্যিত হৈ তেওঁৰ ভাতৃ ইমৰাণ আৰু ইমাৰণৰ বান্ধৱী ৰাখীৰ সহায়ত মুখত
এচিড নিক্ষেপ কৰে। লক্ষ্মীৰ চিকিৎসাৰ নামত আৰু দোষীক শাস্তি দিয়াৰ নামত
সৰ্বস্বান্ত হোৱা পৰিয়ালটোক আদালতে দোষী গুড্ডুক দহবছৰ আৰু ৰাখীক এনেকুৱা
অপৰাধৰ ষড়যন্ত্ৰ কৰা অৰু দোষীক সহায় কৰাৰ বাবদ সাত বছৰ সশ্ৰম কাৰাদণ্ড দি কিছু
সকাহ দিয়ে। ইয়াৰ পাছত লক্ষ্মীয়ে নিজকে এচিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ হকে কাম কৰাত নিজকে
নিয়োজিত কৰে। ২০১৪ চনত সাহসিকতাৰ বাবে আন্তৰাষ্ট্ৰীয় বটা লাভ কৰে আৰু NDTV
Indian of the Year হিচাপেও নিৰ্বাচিত হয়। লক্ষ্মীৰ সাহসত মোহিত হৈদিৱা এণ্ড
ভিভানামৰ মহিলাৰ সাজপাৰ তৈয়াৰ কৰা কোম্পানীটোয়ে তেওঁক 'ব্ৰেণ্ড এম্বেছাদৰ'
হিচাপে নিৰ্বাচিত কৰে। সেইখিনি সময়তে লক্ষ্মী আলোক দিক্ষীত বুলি সাংবাদিক এজনৰ
সান্নিধ্যলৈ আহে আৰু আলোকে লক্ষ্মীৰ ব্যক্তিত্বত মোহিত হৈ জীৱন সংগী হিচাপে নিৰ্বাচন
কৰে। দুয়ো লিভ-ইন সম্পৰ্কত বান্ধ খাই আৰু পিহু নামৰ শিশু কন্যা সন্তান এটিৰ
পিতৃ-মাতৃ হয়। "ষ্টপ এচিড এটেক" নামৰ এন জি এটাৰ জৰিয়তে এচিড আক্ৰমণৰ বলি হোৱা ব্যক্তিসকলৰ হকে দুয়ো কাম কৰি গৈছে। এনে ঘটনাৰ বলি হৈ লজ্জিত, শংকিত তথা ভীতিবিহ্বল হৈ পৰি সমাজৰ পৰা নিজকে বিছিন্ন কৰি পেলোৱা মানুহক উৎসাহিত কৰি ঘৰৰ বাহিৰলৈ উলিয়াই আনি, সমাজৰ এজন বুলি অনুভৱ কৰাই আন দহজনৰ দৰে সাধাৰণ জীৱন-যাপন কৰিবলৈ, জীয়াই থকাৰ নতুন উদ্যম দিবলৈ লক্ষ্মীয়ে এটা টেলিভিছন শ্ব'ৰো আৰম্ভনি কৰে।
আইন:
মুক্তভাবে এচিড বিক্ৰী বন্ধ কৰা, দোষীক আইনৰ আওতালৈ আনিবলৈ নতুন আইন প্ৰবৰ্তন
কৰা অথবা ইতিমধ্যে থকা ভাৰতীয় দণ্ডবিধি আইন(The Indian Penal Code) আৰু ভাৰতীয় সাক্ষ্যবিধি আইন(The
Indian Evidence Act) সংশোধন কৰা অৰু ভুক্তভোগীক বিত্তীয় তথা মানসিকভাবে
পুনৰোত্থানৰ বাবে সাহাৰ্য আগবঢ়োৱা আদিক সামৰি উচ্চতম ন্যায়ালয়ত ২০০৬চনত এখন
ৰাজহুৱা স্বাৰ্থজড়িত আবেদন(Public Interest Litigation) দাখিল কৰে আৰু সেই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে
কেন্দ্ৰীয় চৰকাৰলৈ কথাটো গুৰুত্বসহকাৰে লৈ যাৱতীয় পদক্ষেপ 'বলৈ সময়সীমা বান্ধি দি
নিৰ্দেশ জাৰি কৰে। কিন্তু আদালতে বান্ধি দিয়া সময়সীমাৰ ভিতৰত কোনো ফলপ্ৰসু কাৰ্যপন্থা 'বলৈ
অপৰাগ হোৱা চৰকাৰৰ ওপৰত ন্যায়ালয় অসন্তুষ্ট হয়। অৱশ্যে ইতিমধ্যে উচ্চতম
ন্যায়ালয়ে দিয়া এক ৰায়ত ১৮ বছৰ তলৰ কোনো ব্যক্তিক আৰু ফটো পৰিচয় পত্ৰ অবিহনে
এচিড বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। লক্ষ্মী তথা তেওঁৰ সহযোগীসকলে "শ্বুট এচিড"
নামৰ কাৰ্যসূছীৰ অধীনত তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত এতিয়াও যে এই নিষেধাজ্ঞা
পালন কৰা হোৱা নাই সেয়া বাৰম্বাৰ প্ৰমাণ হোৱাই ভাৰতত আইন কানুনৰ শিথিলতাকে
প্ৰমাণ কৰে।

লক্ষ্মীৰ ইচ্ছা আৰু নেৰানেপেৰা চেষ্টাত ভাৰতীয় দণ্ধবিধি আইনৰ ধাৰা ৩২৬ত দুটা
উপধাৰা সংযোগ কৰা হয় ৩২৬() ধাৰা অনুসৰি “Acid” includes any substance which
has acidic or corrosive character or burning nature that is capable of
causing bodily injury leading to scars or disfigurement or temporary or
permanent disability. এই ধাৰাৰ অধীনত এচিড আক্ৰমণকাৰীৰ কমেও দহ বছৰ কাৰাবাস
আৰু সৰ্বোচ্চ জৰিমনাসহ যাবজ্জীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তি ' পাৰে। ৩২৬() ধাৰাই এচিডেৰে আাক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ অপৰাধৰ(attempted acid throwing) বাবে
শাস্তিৰ বিধি দিছে আৰু সেইমতে নূন্যতম পাঁচবছৰ আৰু জৰিমনাসহ সৰ্বোচ্চ সাত বছৰ
পৰ্যন্ত কাৰাবাস ' পাৰে।

ইয়াৰ ওপৰিও উচ্চতম ন্যায়ালয়ে প্ৰতিজন এচিড আক্ৰমণৰ বলি হোৱা ব্যক্তিলৈ তিনিলাখ
কৈ আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ আৰু ঘটনাৰ পোন্ধৰ দিনৰ ভিতৰত ইয়াৰে এক লাখ পোৱাটো
সুনিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিছে।

বিজ্ঞান-প্ৰযুক্তিৰ উপহাৰ মানবজাতিৰ কল্যাণৰ বাবে হওক। মানৱতাক লজ্জানত কৰি মানুহকে জীৱন্ত মৃতদেহলৈ ৰূপান্তৰিত কৰিবলৈ নহয়-এয়ে আমাৰ কাম্য!








 (Published in Janambhumi weekly 30th August'17)