Friday, December 16, 2016

(এক মিনিটৰ গল্প) 
#বিশ্বাস
বাৰে বাৰে চকুহালে আমনি দিছে মোক! কাৰুণ্যৰ সাগৰ একোখন হৈ মোক চাই আছে... সেই কাৰুণ্যই আইনাখনৰ মাজেৰে মোৰ হৃদয়ত খুন্দিয়াইছেহি!
খলা-বমা ৰাস্তাটোৰে মই সাৱধানে চলাই নিয়া ট্ৰেকাৰখনৰ পিছৰ চিটত গৰ্ভৱতী মানুহ এগৰাকী বহিছে। কাষতে বহিছে সেই কৰুণ চকুহালিৰ গৰাকী। তিনিবছৰ আগলৈকে মই পাগল হোৱা বা মোক পাগল কৰা সেই চকুহাল!
নিজৰ কৰিম কৰিম বুলি ভাবি থাকোঁতেই মহেন দোকানীৰ হৈ যোৱা চকুহাল! বহুদিন লাগিছিল বিশ্বাস হওঁতে, এনেকুৱাও হয় ?
পকেটত গান গাই উঠা ম'বাইলটো নিঃশ্চুপ কৰি কাণত লওঁতেই সিফালৰ পৰা কোমলতা বৈ আহিল
: হেৰা, কেঁচা কমলা পালে লৈ আনিবাছোন.. ইম্মান খবলৈ মন গৈছে ..
:ও..হ'ব দিয়া
চকুহাল নেদেখা হোৱাকৈ মই আইনাখন ঘুৰাই দিলোঁ।
কেঁচা কমলা ক'ত পোৱা যাব বাৰু? ..নহলে যে মোৰ সন্তানৰ মুখেৰে লেলাউটি বৈ থাকিব!

No comments:

Post a Comment