Friday, December 16, 2016

ভঙ্গুৰ (গল্প)

অৱশেষত সেই আকাংক্ষিত দিনটো আহিল পৰিল। প্ৰেগনেন্সী কিটটোৰ দুডাল আঁচৰ পৰা আৰম্ভ হোৱা সপোনটো তেজ মঙহৰ ৰূপ লৈ তাইৰ কোলালৈ অহাৰ ক্ষণটো। উগুল-থুগুল পুলকিত মন, কিছু ভয় ! কৃষ্ণাই তাইৰ বহু দিনৰ পৰা সামৰি সুতৰি থোৱা নিজৰ বেগটো, কেৱল মাক আৰু নৱজাতকৰ বস্তু পোৱা দোকানখনৰ পৰা নিজে কিনি অনা কণ-কণ চোলা, তাই অনা চাৰিকোণীয়া কেঁচুৱা ধৰা কাপোৰবোৰ, কোমল কম্বলদুখন, ফ্লানেলকাপোৰবোৰ, সৰু সৰু হাতমোজা দুযোৰ, অকণমানি নেইল কাটাৰটো ইত্যাদি ভৰাই থোৱা সেই বিশেষ বাস্কেটটো লৈ কোঠাটোত সোমাল দুয়ো। পুৰনা চাদৰ, বিচনা চাদৰ তৰপে তৰপে জাঁপি শাহুৱেকে সী থোৱা কেঁঠাকেইখন তাইক চাবলৈকে নিদিলে নাপাই বুলি। পুৰণিকলীয়া মানুহগৰাকীয়ে গম নোপোৱাকৈ ইমানবোৰ বস্তু কিনি আনিছে তাই আৰু গৌৰৱে। পায়-নাপায়বোৰ কেতিয়াবাই নিজৰ পৰা নিলগাই থৈছে দুয়ো।
গৌৰৱ নতুন আলহীজনৰ প্ৰতি তাইতকৈ বেছি সচেতন। আগতেই বুক কৰি থোৱা আছিল যদিও তাই বিচনাখনত শৰীৰটো স্থাপন কৰাৰ সময়তে তেওঁ স্নানাগাৰত সোমাই পৰীক্ষা কৰিলে, সকলো বিচৰা ধৰণে পৰিষ্কাৰ হৈ আছেনে নাই। সকলো পৰীক্ষা কৰাৰ পাছত সন্তুষ্ট হৈ তেৱোঁ কৃষ্ণাৰ ওচৰতে বহিলহি। তাই ভাগৰত চকু মুদি বেৰত আউজি বিচনাত বহি আছে।লিফ্টৰ পৰা তিনিটা কোঠাৰ বাট পাৰ হৈ আহোঁতেও ভাগৰ লাগে কৃষ্ণাৰ! গৌৰৱৰ ওঁঠেৰে মিহি হাঁহি এটা বাগৰি গ'ল। আৰু মাত্ৰ কিছু ঘন্টা ! তাৰ পাছত কৃষ্ণাই ইমানদিনে বৈ থকা সপোনৰ ভাৰ সি নিজে ল'ব পাৰিব। অকণমানি জীয়া তেজ মঙহৰ সপোনটো ! এটা অদ্ভুত শিহৰণ বৈ গ'ল দেহৰ মাজেৰে।
ক'লা দীঘল পোণ চুলিকোচাই, জোঙা নাকটো অথবা আয়ত চকুদুটাই তাইৰ শৰীৰত প্ৰকৃতিয়ে সানি দিয়া কেঁহৰাজ বৰণটোক কোনোমতে হৰুৱাব পৰা নাছিল। বাচি বাচি অনা গুলপীয়া ফ্ৰকটো সদায় গৌৰীৰ। বগা ,পাতল নীলা অথবা ধোঁৱা বৰণীয়া ফ্ৰকবোৰ সদায় কৃষ্ণাৰ।
“নাকে মুখে ছোৱালীজনী ভালেই আছিল, কিয় যে ৰংটো এনেকুৱা হ'ল। আপোনালোকৰ পৰিয়ালত কোন ইমান ক'লা মানুহ আছেনো?"
সেইখিনি কথা শেষ নহওঁতেই তাইৰ মাকক দেউতাকে মাতটো ডাঙৰকৈ উলিয়াই কয়,
" হেৰা তোমাক চাহ একাপ খোজা নাছিলোঁ?"
তেনেকৈয়ে দেউতাকে শুনি বেয়া পোৱা বিষয়টো তল পৰে। কিন্তু মাক? গাভৰু হোৱাৰ পাছত একেলগে আটাইকেউজন গ'লে দেউতাকে নুশুনাকৈ মাকে তাইক কয় "বিয়াঘৰত তই গৌৰীৰ ওচৰত নাথাকিবি।"
তাই মৰহি যায়। তাই ওচৰলৈ গ'লে গৌৰী ইচল-সিচলকৈ তাইৰ পৰা দূৰলৈ আতৰি যায়। তাই সেইটো কাম কৃষ্ণাৰ ভালৰ বাবেই কৰিছিল যাতে তাইৰ লগত কৃষ্ণাক নতুনকৈ তুলাচনীৰে জুখিব নোৱাৰে কোনেও। কৃষ্ণা ডাঙৰ তাইতকৈ। বহু কথাত তাইৰ ওপৰত গৌৰীৰ ভাগ্য নিৰ্ভৰ কৰে।
এনেকৈয়ে এসময়ত কেৱল দেউতাক আৰু কিতাপেই তাইৰ সহমৰ্মী হৈ পৰিছিল। গুলপীয়া গালৰ মানুহজনী যেন কেৱল গৌৰীৰহে মাক!
তাইৰ মাৰ্কশ্বীট গৌৰীতকৈ সদায় গধুৰ ।
তথাপি, "পঢ়াই শুনাই ইমান ভাল ছোৱালীজনী ! ৰংটো অকণ...!"
কেতিয়াবা দেউতাকে মাকক কয়
" হেৰা ময়ো দেখোন তাইৰ নিচিনাই ক'লা, তুমি ইমান বগীজনী হৈ মোলৈ বিয়া হৈ আহিছিলা দেখোন!"
দেউতাকৰ হাঁহি থকা মুখখন দেখি খঙত গৰজি উঠে মাক " মতা মানুহ আৰু মাইকী মানুহ একে নহয় নহয়"।
মতা মানুহ আৰু মাইকী মানুহ একে নহয় ! দেউতাক ক'লা হোৱাৰ পাছতো মাকৰ নিচিনা ৰূপৱতী তেওঁৰ সংগিনী। কাৰণ দেউতাকৰ বৰণটোৱে দেউতাকৰ চৰকাৰী চাকৰিটোৰ ওচৰত কেতিয়াবাই হাৰ মানিছে। কৃষ্ণা প্ৰতিটো পৰীক্ষাতে জিলিকি ৰৈছিল, দেউতাকৰ দৰে বা দেউতাকতকৈ ভাল চাকৰি এটা পোৱাৰ জোখেৰে। তথাপি ক'লা বৰণটোৱে গধুৰ মাৰ্কশ্বীটখনক সদায় হৰুৱাই আহিছিল। যিমানেই হৰুৱাইছিল সিমানেই তাইৰ জেদ বাঢ়িছিল।
গৌৰীয়ে কেতিয়াও মুখেৰে নকৈছিল কিন্তু তাইৰ কিছুমান কামে সোঁৱৰাই থাকিছিল। গুলপীয়া, কমলাৰঙী লিপষ্টিকবোৰ তাই চাই থকাৰ পৰা হাতৰ পৰা নি ড্ৰেছিং টেবুলত সজাই থৈছিল "তোক ভাল নালাগিব নেকি লগালে" । নিজৰ ভগ্নী বুলি, তাই একো ভাবি কোৱা নাছিল বুলি তাই পাহৰিব চেষ্টা কৰিছিল।
সেই যে গোটেই বছৰ তাইৰ পৰা নিলগে নিলগে থকা নিবেদিতাই পৰীক্ষাৰ দুদিন আগত নোট নিদিয়াৰ কাৰণে তাইক গালি দিছিল " তোৰ ছালখন যেনেকুৱা ক'লা, মনতো তাতকৈ বেছি ক'লা.. ভূতুনীজনী ! কয়লাও বগাহে অকণ তোতকৈ"!
মনটি দেই পুৰি নিয়া কথাখিনিয়ে সলনি কৰা মুখখন একমাত্ৰ দেউতাকেহে ধৰা পেলাইছিল। সদায় কোৱাৰ দৰে কৈছিল
"কয়লাত যে হীৰা লুকাই থাকে বহুতে নাজানে অ' মাজনী।"
তাই এম. এচ. চি পাছ কৰি কাষৰ কলেজখনতে সোমাই থাকি বিভিন্ন পৰীক্ষাবোৰৰ প্ৰস্তুতি চলাই থকাৰ সময়তে বিয়া হোৱা গৌৰীৰ আঠবছৰীয়া ছোৱালীজনী যে জেঠায়েকৰ দৰেই কৃষ্ণবৰ্ণা। কৃষ্ণাই ভগৱানক খাটে কণমানিজনীৰ বাবে, তাইকো মনোবল দিয়ক ! গৌৰীৰ মুখত মাকৰ মুখৰ ছায়া দেখি বুকুখন মোচৰ খাই উঠে তাই!
ৰভাতলত হাঁহি হাঁহি জিলিকি থকা গৌৰীক দেখি কেনে এক বিষাদে গ্ৰস্ত কৰিছিল তাইক। মুহুৰ্ততে মনটো ডাঠ কৰি বিয়াৰ কামত মনোযোগ দিছিল। বিয়া হৈ কেচুঁৱাৰ মাক হৈ ছোৱালী তৃতীয়মান পায় মানে কৃষ্ণাক দেখিলে মানুহে "আয়ৈ দেহি, ছোৱালীজনীৰ বিয়াখন নহ'লগৈ আৰু" বুলি কোৱা আৰম্ভ কৰিছিল। মুখেৰে নহ'লেও চকুৰে তাকেই প্ৰকাশ কৰিছিল। প্ৰশাসনিক বিষয়া হোৱাৰ পাছতো তাইৰ প্ৰতি মানুহৰ সহানুভূতিবোৰ দেখি তেতিয়া তাইৰ সেইবোৰ মানুহলৈ দয়াও নোপজা হৈছিল। পুখুৰীৰ পৰা সাগৰলৈ জঁপিয়াইছিল তাই ইতিমধ্যে।
গৌৰীৰ কৃষ্ণ বৰ্ণৰ কেচঁৱাকণক তাই ওমলাই থাকোতে তাইৰ মাকৰ বগা মুখখনে কেঁহেৰাজ বৰণ ধৰিছিল, কিন্তু একো কোৱা নাছিল।
তাইতকৈ কেইবছৰমান ডাঙৰ, তাইৰ লগতে প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হোৱা গৌৰৱৰ লগত যেতিয়া প্ৰেমবিবাহ কৰিছিল তেতিয়া একেখিনি মানুহেই সিহঁতৰ যোৰাটো "পাভ যোৰা" বুলি কৈছিল। ৰভাতলিত গৌৰীক দেখি গৌৰীৰ বিয়াৰ দিনা তাইক গ্ৰাস কৰিব খোজা সেই বিষাদখিনি সেইদিনা তাই যেন গৌৰীৰ মুখত দেখা পাইছিল। সেয়া ডেৰবছৰ আগৰ কথা।
নীলা গাউন পিন্ধি অপাৰেচন থিয়েটাৰলৈ আগবাঢ়ি যোৱা কৃষ্ণাক দুৱাৰমুখলৈকে গৌৰৱে আগবঢ়াই দিলে। কাষতে থকা দেউতাকে তাইৰ কান্ধত লাহেকৈ হাতখন থ'লে, তাই সমৃদ্ধ হ'ল সেই যাদুকৰী শক্তিৰে যিয়ে সদায় তাইক আগুৱাই যাবলৈ সাহস দি আহিছে।
কেঁচুৱাৰ কান্দোনত চিলিমিলি টোপনিৰ পৰা সাৰ পাইছিলেই কৃষ্ণাই, তাইক চিজাৰিয়ান কৰা ডাক্টৰগৰাকীয়ে
"কৃষ্ণা, কৃষ্ণা চোৱা তোমাৰ ছোৱালী হৈছে। একেবাৰে তোমাৰ দৰে ধুনীয়া"
বুলি কোৱা কথাষাৰত চকু মেলি চালে তাই। বগা, তেজ, বিজলুৱাৰে আবৃত অকণমানি জীয়া পুতলা এটাৰ পোহৰে কম পোহৰ যেন লগা অপাৰেচন কক্ষটো পোহৰাই তুলিছে! পুতলাটোৰ পেটৰ পৰা গোবৰত লেটি পেটি হোৱা পঘাৰ বৰণৰ শকত নাড়ীডাল ওলমি আছে। পুতলাটোক নমাহে তাইৰ লগত বান্ধি ৰখা পঘাডাল!
"তোৰ ছোৱালীজনী বগা হ'ল দে,.. ভবাই নাছিলোঁ"
কেঁচুৱাটো কোলাত লৈ লৈ মাকে কোৱা কথাষাৰত তাইৰ কেতিয়াও নুঠা খং এটা উঠিল, তথাপি নিৰৱে চকু মুদি পৰি থাকিল। পেটৰ চিলাইকেইটাই অসহযোগ কৰিছে খংটোৰ লগত।বিষ!
কেঁচুৱা চাবলৈ অহা তাইৰ মামীয়েকে বহা আনখন বিচনাত কেঁচুৱাটো শুৱাই দি মাকে মামীয়েকক গৌৰৱে আনি থোৱা মিঠাই আৰু ক'ল্ড ড্ৰিংকচ যাঁচিছে।
তাই কিতাপত পঢ়িছিল, জন্মতে অসূৰ্যস্পৰ্শা কেঁচুৱাবোৰ গুলপীয়াই থাকে। লাহে লাহে বৰণ সলায়। কেঁচুৱাটোৰ এমাহ হওঁ হওঁ হৈছে, এক অদ্ভুত অসন্তুষ্টিয়ে মাজে মাজে তাইক বিমৰ্ষ কৰি তোলে। কেঁচুৱাটোৰ গুলপীয়া বৰণটো সলনি হোৱা নাই যে ! তাইৰ দৰে কিচকিচিয়া ৰং এটাহে বিচাৰিছিল তাই সন্তানটোৰ। কৃষ্ণবৰ্ণা হোৱাৰ বাবে তাই যিখিনি নাপালে সেইখিনি সন্তানক দিয়াৰ, মাক হিচাপে ঢাল হৈ নিজৰ মাকক দেখুওৱাৰ হাবিয়াস কৰিছিল।
চিকিৎসকে পৰামৰ্শ দিছে কোনো বাহিৰা মানুহক লগাই যেন কেচুঁৱাটো মালিচ নিদিয়ে। দিলে মাকে দিব। তেতিয়া মাক আৰু সন্তানৰ মাজৰ সম্পৰ্ক আৰু গভীৰ হয়। তাই আগতেই অৱশ্যে জানিছিলেই কথাটো।
নতুনকৈ হাঁহিবলৈ শিকা ছোৱালীটিক ভৰিদুখন দীঘলকৈ মেলি তাতে গাৰু এটা পাৰি শুৱাই লৈ তাই মালিচ কৰি আছিল। ক্ষণে ক্ষণে এঙামুৰি মাৰি তেজৰ বৰণ লোৱা ছোৱালীজনী চাই চাই ভোল গৈছিল গৌৰৱ। প্ৰতিস্থিত নোহোৱাৰ বাবে বয়সতকৈ পলমকৈ বিয়া পতা গৌৰৱে কোনোদিন তাইক গাৰ বৰণক লৈ একো কোৱা নাছিল বাবে তাৰ হাতত ধৰি সংসাৰ কৰিবলৈ আগবাঢ়িছিল তাই। ধন্য হৈছিল তাই। তেঁৱেই আছিল দেউতাকৰ পাছতেই পৃথিৱীৰ দ্বিতীয়জন মানুহ!
"ধুনীয়া হ'ব দিয়া তাই ন? একদম পৰীৰ দৰে। ৰাজকুমাৰীৰ দৰে ডাঙৰ কৰিম চাবাছোন তাইক। দুজন এ. চি. এচ. অফিচাৰৰ ছোৱালী তাই ! বগা ৰাজকুমাৰী, মোৰ ছোৱালী!!!"
মালিচ কৰি থকা হাতদুখন ৰৈ গ'ল কৃষ্ণাৰ ! আচৰিত হৈ গৌৰৱলৈ চালে। সি তেতিয়াও জীয়েককে চাই আছিল। হঠাৎ অচিনাকি যেন লগা তাৰ মিঠাবৰণীয়া মুখখনত তাইৰ মাকৰ মুখখনে দোলা দি আছেহি। সেই পুৰণা দুখটোৱে তাইৰ মুখত পুনৰ ছানি ধৰিলেহি !

No comments:

Post a Comment