Friday, December 16, 2016

 (এক মিনিটৰ গল্প--দেওবৰীয়া খবৰত প্ৰকাশিত)

ৰুক্মিনী

দীঘলকৈ পৰি থকা ৰাস্তাটোৰে মাজনিশাৰ নিস্তব্ধতা ফালি আগবাঢ়ি যোৱা নৈশবাছখনত বিভিন্ন ভংগীমাত যাত্ৰীবোৰ নিদ্ৰাত ঢলি পৰিছে। আগদিনালৈকে সপোন হৈ থকা মানুহজনৰ কান্ধত মূৰ পেলাই, হাতত হাত থৈ তাই শুবলৈ যত্ন কৰিছে। সমাজ, লাজ, ভয় চলি থকা বাছখনে পিছপেলাই থৈ অহা ৰাস্তাৰ কাষৰ গছবোৰৰ দৰেই ক'ৰবাতে ৰৈ গ'ল যেন..
হুলস্থূলত লাহেকৈ চকু মেলিলে তাই। অচিনাকি বাচ ষ্টেণ্ড এটা! চাহৱালা, পেপাৰৱালাৰ চিঞৰ। লাহেকৈ মূৰটো ডাঙি চালে তাই, কান্ধটোৰ গৰাকীৰ চকুৱে চকুৱে পৰিল। লাজতে গৰম হৈ পৰা কাণদুখনে বাহিৰৰ নতুন সুৰুজটোৰ উত্তাপ তাইৰ মনলৈকে কঢ়িয়াই লৈ আনিলে।
আজিৰ পৰা তাই এই কান্ধটোৰ গৰাকীয়ে তাইক উপহাৰ দিয়া বেলি এটা কঢ়িয়াব তাইৰ কপালত!

No comments:

Post a Comment