#স্মৃতি
তেতিয়া মই বাইদেউৰ ঘৰত থাকি কলেজত পঢ়ি আছো। ভাগিন দুটা। ল'ৰাটো ডাঙৰ, দ্বিতীয় নে তৃতীয় মানত। বিৰাট দুষ্ট। স্কুলৰ পৰা আহি কেতিয়াও নুশুৱে। হাজাৰ মানা কৰিলেও নাকে-কাণে ভাতকেইটা গুজি খেলিবলৈ দৌৰ মাৰে। কাষৰ মানুহঘৰৰ কাণসমণীয়া তিনিটা ল'ৰা-ছোৱালী আৰু তেওঁলোকৰ সিফালে থকা দুজনী দক্ষিণ ভাৰতীয়মূলৰ যঁজা ছোৱালী। আন্ধাৰ হোৱালৈকে আটাইকেইটাই খেলি ৰাতি পঢ়া টেবুলত বহাৰ লগে লগে টোপনিয়াবলৈ ধৰে, কেতিয়াবা ভাত নোখোৱাকৈয়ে শুই যায়। ফলত পঢ়া-শুনা কৰিব নোৱাৰে। সদায় একে কথা।
কাষৰ মানুহঘৰ আৰু সিফালৰ ঘৰটোৰ মাজত এখন তিনিফুটমান ওখ দেৱাল আছিল, সিহঁতে তাত এটা এটাকৈ উঠে আৰু ক'তো নধৰাকৈ খোজকাঢ়ি সিটো মূৰলৈ গৈ তাতে নামি আকৌ দৌৰি ইটো মূৰলৈ আহে... আকৌ উঠে..। তেনে কৰোঁতে ঠেলা-হেঁচাত কোনোবাটো পৰে বা কাজিয়াও লাগে কিন্তু খেলখন চলি থাকে। এদিন আমাৰ কাষৰ ঘৰৰ তিনিটাৰ ভিতৰত আটাইতকৈ সৰুজনৰ ঠেলা-হেঁচাত পৰি হাত এখন ভাঙিল। কন্দা-কটা , হুৱা-দুৱা লাগিল। লৰাজনৰ দেউতাক ঘৰতে আছিল, ঘটনা দেখি চিঞৰি চিঞৰি আটাইকেইটাকে ধমকি দিবলৈ ধৰিলে। তেওঁৰ আকৌ খংটো কম, চিঞৰটো বেছি। কম ধতুৱা ডাঙৰ মানুহৰো কলিজা কঁপি যাব চিঞৰ শুনিলে। সৰুকেইটা ফৰিং চিটিকা দি ঘৰাঘৰি গ'ল। আমাৰ সিওঁ দৌৰি আহি ভিতৰ সোমাল। বিৰাট ভয় খাইছিল সি। কাৰণ সেইকেইটাই দেউতাকৰ ধমক খাই ইয়াত গাতে দোষটো জাপি দিছিল, ইহে হাতখন ভাঙিল বুলি ঠেলা মাৰি।
হাত ভঙাৰ কথাটো পাছত গম পাই আমি, মানে মই আৰু বাইদেৱে তাক কলো "ৰহ, তাৰ হাতখন ভাঙিলি, দেউতাকে পুলিচত দিলে গম পাবি "। বচ, সি ইমান ভয় খালে যে সিজনৰ প্লাষ্টাৰ খোলাৰ ২১দিন হৈ যোৱাৰ পাছতো, মুঠতে এমাহমান স্কুল যোৱাৰ বাহিৰে বাহিৰলৈ নোলোৱা হ'ল-- দেউতাকে দেখে বুলি আৰু দেখিলে পুলিচ মাতি আনে বুলি। বাহিৰত কিবা কাৰণত থাকিলেও সি দেউতাকজনৰ মাত শুনিলে ভিতৰলৈ দৌৰ মাৰে..এদিন ৰাতিপুৱা সি ভিনদেউৰ স্কুটাৰত উঠি স্কুললৈ যাবলৈ ওলাইছে তেনেতে ৰাস্তাৰে গৈ থকা সেই হাত ভঙা ল'ৰাজনৰ দেউতাকে তাক দেখি মাত দিলে " কি হে! তোমাক ইমান দিনে দেখা নাই যে.. আজিকালি খেলিবলৈ নাহা নেকি ?"
বেচেৰা, সেইদিনাৰ পৰাহে সি অন্তেষপুৰৰ পৰা ওলাল আৰু পুনৰ আগৰ দৰে খেলিবলৈ যোৱা হ'ল। (মই তেতিয়া উচ্চতৰ মাধ্যমিকত পঢ়ি আছিলো, তাতে ঘৰৰ সৰু। সি চব কথাতে মোৰ লগত প্ৰতিযোগিতা কৰি থাকে। নতুন কলম এটা কিনিলে সি আগতে লিখি চাবই, নতুন চেণ্ডেলযোৰ সি আগতে পিন্ধি দৌৰিব চেষ্টা এটা কৰিবই, মই পঢ়িবলৈ বহিলেই তাৰ মোৰ পঢ়াটেবুলত তাৰ কিবা কাম ওলাবই.. অকণমানি ভাগিনীজনী মানে তাৰ ভনীয়েকজনীক মৰম কৰা দেখিব নোৱাৰে সি.. মুঠতে সেই এমাহ সি ঘৰত সোমাই থাকিব লগা হোৱা চাবলৈ পায় মই যে কি সুখ পাইছিলোঁ, এতিয়া ভাবিলে বিৰাট হাঁহি উঠে :D :D )
No comments:
Post a Comment