(এক মিনিটৰ গল্প)
ইমান যে মনটো বেয়া লাগে, মাৰ দিনে দিনে ডাঙৰ হৈ অহা পেটতো দেখি। শোৱাৰ পৰা পটকৈ উঠিব নোৱাৰে, মাটিৰ পৰা হাউলি একো এটা তুলিব নোৱাৰে। মোক কোলাত ল'ব নোৱাৰে।
:মা নহলে দে'তা আহিলে ভাত খাম
:মা বা দে'তা আহিলে ৰাতিৰ সাজটো পিন্ধিম. . .
ৰাতিটো দীঘল হৈ আহিছে। আজি প্ৰথমৰাতি মই মোৰ মাৰ ওচৰত নাই।
কেতিয়া যে মোৰ টোপনি আহি গ'ল মই গমেই নাপালোঁ।
*******
*******
হস্পিটেলৰ চিৰিৰে মই মামাৰ কোলাত উঠি গৈ আছোঁ। বহুত দেৰিৰ পাছত মোৰ মাক মই দেখা পাম। মামাই কিনি দিয়া চিপচৰ পেকেটতো মায়ে খুলি দিলেহে মই খাম..
কোঠাটোৰ বিচনাত কাপোৰৰ টোপোলা এটি সাৱটি মা শুই আছে, দেউতাই মোক কোলাত লৈ গালত চুমা খাই খাই মাৰ কাষত....
"চোৱাছোন এইয়া কোন?"
কুমলীয়া, গুলপীয়া কণমানি মুখ এখন মাৰ বুকুত সোমাই আছে।
দেউতাৰ কান্ধত মুখখন গুজি দিলোঁ, মোৰ ওঁঠযোৰ ইমান অবাধ্য হৈছে! মোৰ চকুত ভাঁহি উঠা চকুপানীখিনি দেউতাৰ চাৰ্টটোৱে শুহি ল'লে।
No comments:
Post a Comment