Friday, December 16, 2016

[একমিনিটৰ গল্প]

কুটুম


নকইনাজনীৰ খাৰুৰ ৰুনুক জুনুক শব্দৰ গুঞ্জনক তল পেলাই হুলস্থুল এখন আৰম্ভ হ'ল ঘৰখনত। নতুন নতুন গোন্ধাই থকা লগত অনা
ড্ৰেছিং টেবুলখনৰ ওপৰত তিনিদিনীয়া কইনাকজনীয়ে পিন্ধি থকা আঙুঠি পাঁচোটা খুলি গা ধুবলৈ গৈছিল। তাৰে বোলে তিনিটা আঙুঠি নাই। নাই বোলোতে নায়েই আৰু, কতোৱেই নাই! বহি বহি সকলো আচবাবৰ তললৈ ঝাৰু সোমোৱাই সাৰি সাৰি চালে মিনতি আৰু মাজনীয়ে। কাগজৰ টুকুৰা, শুকান পাণ, চাহ খোৱা প্লাষ্টিকৰ গিলাচহে এসোপামান ওলাল।
নতুন কইনাজনীয়ে ভয় খাইছে, কোনোবাই কোৱাকুই কৰিছে বোলে বিয়া ঘৰত এনেকৈ বস্তু থ'ব নাপায়েই, কিমান মানুহৰ আহযাহ হৈ থাকে। যদিওবা সকলো ঘৰৰে মানুহ।
মিনতি আৰু মাজনী আজি ঘৰলৈ ঘুৰি যোৱাৰ কথা আছিল। আজি প্ৰায় দহদিনেই হ'ল সিহঁত বিয়ালৈ বুলি বৰজনাকে পঠোৱা গাড়ীখনত উঠি বৰজনাকৰ টাউনৰ ঘৰখনত উঠা।আহিয়েই মিনতিয়ে পাকঘৰ আৰু মাজনীয়ে বাকী ঘৰৰ কামবোৰ চম্ভালি ললেহি বুলিহে জাকে বাহিৰৰ কামবোৰ কৰিবলৈ, বিয়াৰ খবৰ ল'বলৈ অহা মানুহক মাতষাৰ ভালকৈ দিবলৈ পাৰিলে। মিনতিৰ গিৰিয়েকে ভৰ বয়সতে তাইক এৰি থৈ যোৱাৰ পাছত বৰজনাকেই মাক জীয়েকৰ একমাত্ৰ ভৰষা। গতিকে সকামে-নিকামে আহি গোটেইখন সাধ্যমানে সামৰি লোৱাটো তাইৰ কৰ্তব্যৰ ভিতৰতে পৰে বুলি তাই আজিলৈকে মানি আহিছে।
দুপৰীয়া হওঁ হওঁ হওঁতেই জাকে মিনতিক মাত নি ক'লে "নিলে নিলে আৰু, উপায়টো নাই। ভাতকেইটা উঠাই দিয়াগৈ অ'। হুলস্থুলত কাৰো একো খোৱাই নহ'ল আজি। মাজনী তয়ো যা অ', মাৰক লাগি ভাগি দেগৈ অকণ। সোনকালে ভাতকিটা খাওঁ !"
আঞ্জাখন মাজনীক চাবলৈ দি বৰজনাকৰ ঘৰৰ, নিজৰ এইকেইদিনৰ কোঠাটোলৈ মিনতি কিবা এটা বিচাৰি সোমাল।
কোঠাটোত ঘৰলৈ যামগৈ বুলি ৰাতিপুৱাই সামৰি ভৰাই থোৱা কাপোৰৰ বেগটোত কাপোৰবোৰ তেনেই তল ওপৰ হৈ আছে।

(দেওবৰীয়া খবৰত প্ৰকাশিত)

No comments:

Post a Comment