(এক মিনিটৰ গল্প)
দেৱালী
মাকে পানীত তিয়াই উঠাই থোৱা মাটিৰ চাকিকেইটা কণমানি হাতখনে লিৰিকি-বিদাৰি আছিল। তাইৰ হেঁপাহৰ উৎসৱটো সমাগত। স্কুলত "প্ৰিয় উৎসৱ"ত সদায় তাই দেৱালীৰ কথা লিখি আহিছে।
তেনেতে ডাঙৰজনী ছোৱালীয়ে মাকক সুধিলে
:মা, এইবাৰ বোলে আমি দেৱালীত ব'ম ফুটাব নোৱাৰিম? স্কুলত বাইদেৱে কৈছে?
শলিতা বটি থকা মাক
:উমম..নোৱাৰিবা
চাকি লিৰিকি থকা কণমাণি হাতখন ৰৈ গ'ল।
:কিয়?
:কাৰণ এইটো দিনতে কিছুমান বেয়া মানুহে ডাঙৰ ডাঙৰ ব'ম ফুটাইছিল আৰু সেইকাৰণে বহুত মানুহ ঢুকাইছিল..
:তাতে কি হ'ল?..আমিটো ফুটুৱা নাই! আমি ফুলঝাৰীহে জ্বলাম.. ফুলঝাৰী জ্বলালে কাৰোবাৰ কিবা হয় নেকি?
শলিতা বটি থকা বয়সস্থ হাতখন এইবাৰ স্থবিৰ হৈ পৰিল।
কণমাণিজনীৰ জন্মৰ আগতে ঘটা সেই অভিশপ্ত দিনটোৰ কথা তাইক বুজাই দিবনে সেই ঘটনাৰ পৰা তাইক দূৰত ৰাখিব...বুজি নাপালে তেওঁ।
No comments:
Post a Comment