Friday, December 16, 2016

http://www.xahitya.org/2016/10/15/editorial-utpala-kaur/



by  October 15, 2016 5 comments
      কলীয়া ডাৱৰ আৰু ঝিলিৰ মাতে গভীৰ আৰু জয়াল কৰি তোলা বৰ্ষণমুখৰ চুটি ৰাতিবোৰ দীঘল হৈ কুঁৱলীৰ সাঁজ পিন্ধালৈকে বুকুত যে কেনে সুন্দৰ সময় কিছু সাৱটি ল’য় সেই কথা নুবুজিছিলো৷ শেৱালিৰ সুবাসৰ মধুৰতা, নীল আকাশত শুভ্ৰ ডাৱৰৰ লুকা-ভাকু, গলিত ৰূপৰ দৰে জোনাকেও সেয়া যে শৰত শিশুমনে বুজিব পৰা নাছিল। এটা বছৰৰ পৰা আন এটা বছৰলৈ কেৱল এটাই অপেক্ষা আছিল– “দুৰ্গা পূজা”ৰ । পুতলা, সাপ বেলুন, পেঁপা, প্লাষ্টিকৰ চচমা, জেলেপী আৰু পঠা মাংসৰে ভৰা দিনকেইটা! বেলবৰণৰ দিনাৰ পৰা যে দশমীলৈ দিনকেইটা ইমান সোনকালে শেষ হৈ যায়। দশমীৰ দিনা ঘৰৰ আগেৰে অঞ্চলটোৰ পূজা দুখনৰ প্ৰতিমা ভাসনিৰ বাবে নিওঁতে দেখি শোকে খুন্দা মাৰি ধৰিছিল। আজিকালি দুৰ্গা পূজাই নতুন ৰূপ পালে। শেৱালিত, কঁহুৱা বা দুবৰিত নিয়ৰকণাতকৈ শ্বপিং মলৰ “ষ্টক ক্লিয়েৰেন্স ছেল আৰু অফাৰ”এ, পূজামণ্ডপৰ কৌতুহল বিজ্ঞাপনে আৰু বাতৰি কাকত/আলোচনীত পূজাৰ বৰ্ধিত কলেৱৰৰ বিজ্ঞাপনে শৰতৰ খবৰ আগতীয়াকৈ দিয়ে। পূজাৰ জাক-জমকতা, বৈদ্যুতিক চমকেৰে বিভিন্ন পূজা মণ্ডপৰ মাজত হোৱা প্ৰতিযোগিতাই আধ্যত্মিকতাক পিছ পেলোৱাৰ উপক্ৰম কৰিছে। বহুজাতিক কোম্পানীয়ে আমাক টোপ দি দৌৰাইছে, আমি টোপৰ পাছে পাছে দৌৰিছো, দৌৰোতে দিনচেৰেক আগলৈকে সাহাৰ্য শিবিৰত অনাহাৰে, অনিদ্ৰাই বানে গ্ৰাস কৰা আপোন ঘৰখনলৈ মনত পেলাই কঢ়া হুমুনিয়াহকেইটাক তল পেলাইছো অথবা আওকাণ কৰিছো।
ছাত্ৰীজীৱনত দেখা এটা ঘটনাই এতিয়াও বিবেকত দংশন কৰে। নৱম শ্ৰেণীমানত পঢ়ি থাকোতে আমাৰ গাঁৱৰ ডাঙৰ বৰগছ এডালৰ তলত নতুনকৈ দোকান এখন বহিল। কুকিচ, বৈয়ামত থোৱা বিস্কুট, ডালমুট, চাধা, কমলা টেঙাৰ মৰ্টন পোৱা, পৰিপাটিকৈ মাটিৰে ইকৰাৰ বেৰ লেপি সজা ঘৰ এটা। আগফালে দোকান। ভিতৰতে দোকানীজনো থাকে ৰাতি। দোকানীজনক সকলোৱে “বেজ বুঢ়া” বুলি মতা হ’ল; বেজালি কৰিছিল বোলে! এদিন দেখিলো গছডালৰ তলত দহ বছৰমান বয়সৰ ছোৱালী এজনীয়ে মুঢ়া পাৰি পঢ়ি আছে। ছোৱালীজনী অনাথ আৰু “বেজবুঢ়া”ই তাইক তুলি লৈছিল। তাৰ দুবছৰৰ পাছত গুৱাহাটীত পঢ়িবলৈ আহি বন্ধত ঘৰলৈ ঘূৰি যাওঁতে দোকানখন নেদেখিলোঁ। মাক সোধাত কথা সলাই থ’লে। পাছত ওচৰৰ বান্ধৱীৰ পৰা গম পালো ছোৱালীজনী ঢুকাল। তাই ঢুকুৱাৰ পাছত বেজ বুঢ়া গাঁও এৰি পলাল। ছোৱালীজনী ষষ্ঠমানত পঢ়ি থাকোঁতে অন্তঃসত্বা হৈছিল, দেউতাকৰূপী পাষণ্ডজনে মনে মনে গাঁৱলীয়া ঔষধেৰে তাইৰ গৰ্ভপাত কৰিবলৈ চেষ্টা কৰিছিল।
মা দুৰ্গাই শক্তি, দুৰ্গতিনাশিনী, পুৰুষে বলে নোৱাৰা দানৱ দমনকাৰী সেই আদ্যশক্তি,হিন্দুৰ উপাস্য দেৱী।
বাতৰিকাকতৰ মাজৰ পৃষ্ঠাৰ ক্ষুদ্ৰ স্থান এটুকুৰাই যেতিয়া “যৌতুকৰ বাবে নাৰীক অগ্নিদগ্ধ কৰা, শালীনতা হানি কৰা অথবা নাৰীৰ জীৱনলৈ অন্যধৰণেৰে  ভাবুকি অনা ” আদি অমানবীয় বাতৰিবোৰ কঢ়িয়াই আনে তেতিয়াই এই শক্তি পূজা অৰ্থ আৰু আমাৰ সমাজখনৰ পাৰ্থক্যটো ভাবিবলৈ বাধ্য হওঁ।
জন্মৰে পৰা, (নহয় জন্মৰ আগৰে পৰা) আমাৰ দেশত কন্যা শিশু বৈষম্যৰ বলি হয়। সুস্থ সবল শিশুয়েই আচলতে সমাজ এখনৰ আৰ্থ-সামাজিক অৱস্থাৰ মাপকাঠি। সমাজত একৰ পৰা পাঁচবছৰীয়া শিশুৰ মৃত্যুৰ হাৰে বহু কথাই নিৰ্ণয় কৰে। ভাৰত এনেকুৱা এখন দেশ য’ত উল্লেখিত বয়স সীমাৰ ভিতৰৰ শিশুৰ মৃত্যুৰ হাৰ ল’ৰা শিশুৰ তুলনাত ছোৱালীৰ সংখ্যা বহু বেছি। এই সংখ্যা উচ্চবিত্ত সমাজতকৈ নিম্নবিত্ত শ্ৰেণীৰ মাজত আকৌ বেছি। বহু কঠোৰ আইন প্ৰণয়ন কৰাৰ পাছতো যৌতুকৰ নিচিনা কুপ্ৰথা বিলুপ্ত হোৱা নাই, সেয়ে নিম্ন বা মধ্যবিত্ত শ্ৰেণীৰ কন্যাশিশুবোৰক বহু পৰিয়ালে বোজাস্বৰূপ জ্ঞান কৰে আৰু প্ৰতিটো ক্ষেত্ৰতে পৰিয়ালৰ ল’ৰা শিশুৰ তুলনাত বৈষম্যৰ বলি হয়। প্ৰাপ্তবয়স্ক নৌহওঁতে বিয়া দিয়া কোমল বয়সীয়া অযত্নপালিত ছোৱালীবোৰ সন্তান জন্ম দিবলৈ গৈ অকালতে বাৰ্ধক্যক আকোঁৱালি লয় অথবা মৃত্যুমুখত পৰে। নিজৰ পৰিয়ালতে, আপোনজনৰ হাততে যৌন নিৰ্যাতনৰ বলি হৈ গোটেই জীৱন এটা ৰুগীয়া মন কঢ়িয়াই ফুৰা ছোৱালীবোৰৰ কথা কোৱাই নাযায়। নাৰীৰ কল্যাণৰ অৰ্থে বহু আইন প্ৰবৰ্তন কৰা হৈছে যদিও যাক এই আইনসমূহৰ বেছি প্ৰয়োজন তেওঁলোক আইন সম্পৰ্কে সজাগ নহয়, অথচ যাক প্ৰয়োজন নাই সেইসকলে নিজৰ স্বাৰ্থত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ফলত আইনসমূহ প্ৰণয়নৰ উদ্দেশ্য পূৰণ হোৱা নাই। শিক্ষা আৰু সজাগতাৰ অভাৱেই ইয়াৰ মূল কাৰণ। আকৌ কঠোৰতম হিচাপে প্ৰনয়ণ কৰা আইন কুব্যৱহাৰৰ ফলত পুনৰ শিথিল কৰিবলৈ ন্যায়পালিকা বাধ্য হৈছে। বহুক্ষেত্ৰত আইন কঠোৰ যদিও ন্যায়পালিকাৰ মুৰব্বীজনৰ সেই পুৰণিকলীয়া মানসিকতা হেঙাৰ হৈ থিয় দিছে।
“তিনি তালাক”, বহুগামী আৰু “নিকাহ হালালা”ই মুছলিম নাৰীৰ মৰ্যাদা অৱদমনৰ কাৰণ, বেআইনী আৰু অসাংবিধানিক বুলি দাবী জনাই একাংশ ইছলামধৰ্মী মহিলাই উচ্চতম ন্যায়ালয়ত কৰা আবেদন গৃহীত হোৱাৰ উপৰিও এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সঁহাৰি জনাই প্ৰশংসনীয় পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে । সকলো ধৰ্মৰ সকলো “পাৰ্চনেল ল'” বিলোপ কৰি সমগ্ৰ নাৰীৰ বাবে এক আইন প্ৰৱৰ্তন কৰিবলৈ “ল’ কমিছন অব ইণ্ডিয়া”ই গণভোটৰ আয়োজন কৰিছে।  বিষয়টো অত্যন্ত স্পৰ্শকাতৰ যদিও সফল হ’লে ভাৰতীয় নাৰীৰ বাবে এক নতুন যুগৰ সূচনা হ’ব।
কিন্তু আইনে কি কৰি দিব পাৰিব যদিহে আমাৰ মানসিকতাৰ সলনি নহয়? নিৰ্ভয়াকাণ্ডৰ পাছতো নাৰীজনিত অপৰাধ কমক চাৰি বাঢ়িছেহে। বিয়া দিয়াৰ পাছত ছোৱালী এজনীৰ ঘৰ কোনখন? মাকৰ ঘৰখন নহয়, সামান্য মতবিৰোধ হ’লে স্বামীৰ ঘৰখনো নিজৰ নহয়। অথচ আইনে পৈতৃকসম্পত্তিত ছোৱালীক সমঅধিকাৰ দিছে। স্বাৱলম্বী নহ’লে স্বামী পৰিত্যক্তা নাৰীৰ আমাৰ সমাজত কোনো “ঘৰ” নাই। বাতৰি কাকতৰ সৰু সৰু সেই বাতৰিবোৰে কি সূচায় ? অসমৰ বিভিন্ন থানাত নিতৌ ৰেজিষ্টাৰ হোৱা যৌতুকৰ গোচৰবোৰে কি সূচায়? তাৰে অৰ্ধেক ( উচ্চতম ন্যায়ালয়ে কোৱাৰ দৰে Legal Terrorism) মিছা বুলি ধৰিলেও বাকী অৰ্ধেক? মৃত্যুবোৰ? সমগ্ৰ ভাৰতৰ কথা ক’বলৈ নাযাওঁ, অসম এতিয়াও যৌতুকমুক্ত হৈ আছেনে ?
এই লেখাটো পঢ়ি থকা সকলো নাৰীকে ওপৰত কোৱা সমস্যাসমূহৰ পৰা মুক্ত বুলি ধৰিছো৷ কিন্তু এই এমুঠিমান নাৰীয়ে সমগ্ৰ সমাজক প্ৰতিনিধিত্ব নকৰে। নিজকে সজাগ, শিক্ষিত আৰু মুক্ত মনৰ বুলি ভাবি আগবাঢ়ো আহক। আমাৰ কন্যা-ভগ্নী-মাতৃৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰো। কন্যাশিশুটিৰ মুখত মা দুৰ্গাক বিচাৰি লওঁ। অন্যথা শক্তি পূজা এক প্ৰহসন হৈয়ে থাকিব।
sign-utpala
অসম বাণী (শিতান -নতুন প্ৰজন্ম, ১৯৯৬)


দৈনিক অসম, ১৯৯১
বৰ্তমান( মাহেকীয়া আলোচনী, ১৯৯৭)





আমি অসমৰ জনগণ, জুলাই,২০১৪
সাতসৰী ডিচেম্বৰ ২০১৬




প্ৰান্তিক ১৬ ডিচেম্বৰ, ২০১৬

(একমিনিটৰ গল্প)

নিয়ম
নৱমীৰ ঘৰ আজি
ওদুলি-মুদুলি! ননদৰ বিয়া..! নৱমীৰ গাত ত’তেই নাই । ইমান ব্যস্ত তাই…
ডাঙৰ বৌয়েক যে !
“ নৱমী, তামোল থোক ঢাকিলা নে গামোচাৰে?”
“নৱমী, ফুল সঁজোৱা ল’ৰা কেইটাই চাহ খাইছিলনে ?”
“নৱমী.....অমুক….. নৱমী তমুক ! ”
সকলোফালে দায়িত্ব সামৰি তৎ নাই তাইৰ!
…. ….,
চহৰৰ আটাইতকৈ দক্ষ বিউটিচিয়ানে সজাইছে ৰিয়াক। লগতে নৱমী আৰু জয়াকো, নৱমীৰ সৰু জাকক। নতুন পাটৰ সাঁজত তাইক সকলোতকৈ ধুনীয়া লাগিছে। বিয়াৰ আগৰ ৰূপ লাৱণ্যই হাজাৰ ধুমুহাৰ মাজতো লগ এৰা নাই নৱমীৰ।
আজি ৰিয়াৰ জোৰোণ।
আঢ্যৱন্ত পৰিয়ালটো অতিকৈ উদাৰ… ৰিয়াৰ দৰেই নৱমী আৰু জয়াই মৰম আৰু সন্মান পায় ঘৰখনত।
নিজৰ ভনীৰ দৰেই মৰমৰ ৰিয়াই হাতখন খামুচি ধৰি আছে নৱমীৰ। ভাবীস্বামীৰ সৈতে পুৰণা বন্ধুত্ব যদিও এনে ক্ষণত সকলোৰে কলিজা কঁপে! সচৰাচৰ হোৱাৰ দৰে আজিও ৰিয়াৰ বাবে ডাঙৰ সকাহ হৈ আছে তাই।
“কইনা উলিয়াই দিব লাগে, বাৰ বজাৰ আগতে কামখিনি হ’ব লাগে”
দৰাৰ ভনীয়েক লচপচকৈ সোমাই আহি ক’লে কথাষাৰ।
তাইৰ ফালে চাই পুনৰ ক’লে
“বৌ উলিয়াই আনক ৰিয়াবৌক.. সময় হৈছে নহয়!”


নৱমীয়ে লাহেকৈ উৰণিখন অলপ ঠিক কৰি দি ৰিয়াক থিয় হোৱাত সহায় কৰি দিলে..
দুইবাহুত ধৰি দুৱাৰৰ ফালে আগবাঢ়োঁতেই
“ নৱমী, তোমাক বুমনে বিচাৰি আছিল চোৱাচোনগৈ.. কিবা লাগে নেকি বাবাটোক”।
মাহীশাহুয়ে দৃঢ়ভাবে কোৱা কথাষাৰত যন্ত্ৰবৎ তাই ৰিয়াক এৰি বুমনক বিচাৰি বেলেগ কোঠালৈ সোমাই গ’ল।বুমনক বিচাৰি বিচাৰি পালেগৈ ৰিয়াৰ কাষত বহি থকা জয়াৰ নিচেই ওচৰত…..মড়লৰ কাষত !
প্ৰবল উৰুলি ধ্বনিৰ মাজত আঙুঠিৰে ৰিয়াৰ শিৰত সেন্দুৰ পিন্ধোৱা হৈছে, বুমনে তন্ময় হৈ চাইছে.. ৰিয়াৰ কাষত বহি থকা জয়াৰ শিৰৰ সেন্দুৰখিনি দগ্ মগাই জিলিকিছে!

এনেকুৱা সময়তে চ’ৰাঘৰৰ দেৱালত মালা পিন্ধি ওলমি থকা ফ’টোখনে তাইলৈ চাই আনদিনাৰ দৰে অাকৌ মিচিকিয়ালে….যেন কাণে কাণে ক’লে “একো নহয়, মই আছো নহয়!”

(দেওবৰীয়া খবৰত প্ৰকাশিত)

[একমিনিটৰ গল্প]

কুটুম


নকইনাজনীৰ খাৰুৰ ৰুনুক জুনুক শব্দৰ গুঞ্জনক তল পেলাই হুলস্থুল এখন আৰম্ভ হ'ল ঘৰখনত। নতুন নতুন গোন্ধাই থকা লগত অনা
ড্ৰেছিং টেবুলখনৰ ওপৰত তিনিদিনীয়া কইনাকজনীয়ে পিন্ধি থকা আঙুঠি পাঁচোটা খুলি গা ধুবলৈ গৈছিল। তাৰে বোলে তিনিটা আঙুঠি নাই। নাই বোলোতে নায়েই আৰু, কতোৱেই নাই! বহি বহি সকলো আচবাবৰ তললৈ ঝাৰু সোমোৱাই সাৰি সাৰি চালে মিনতি আৰু মাজনীয়ে। কাগজৰ টুকুৰা, শুকান পাণ, চাহ খোৱা প্লাষ্টিকৰ গিলাচহে এসোপামান ওলাল।
নতুন কইনাজনীয়ে ভয় খাইছে, কোনোবাই কোৱাকুই কৰিছে বোলে বিয়া ঘৰত এনেকৈ বস্তু থ'ব নাপায়েই, কিমান মানুহৰ আহযাহ হৈ থাকে। যদিওবা সকলো ঘৰৰে মানুহ।
মিনতি আৰু মাজনী আজি ঘৰলৈ ঘুৰি যোৱাৰ কথা আছিল। আজি প্ৰায় দহদিনেই হ'ল সিহঁত বিয়ালৈ বুলি বৰজনাকে পঠোৱা গাড়ীখনত উঠি বৰজনাকৰ টাউনৰ ঘৰখনত উঠা।আহিয়েই মিনতিয়ে পাকঘৰ আৰু মাজনীয়ে বাকী ঘৰৰ কামবোৰ চম্ভালি ললেহি বুলিহে জাকে বাহিৰৰ কামবোৰ কৰিবলৈ, বিয়াৰ খবৰ ল'বলৈ অহা মানুহক মাতষাৰ ভালকৈ দিবলৈ পাৰিলে। মিনতিৰ গিৰিয়েকে ভৰ বয়সতে তাইক এৰি থৈ যোৱাৰ পাছত বৰজনাকেই মাক জীয়েকৰ একমাত্ৰ ভৰষা। গতিকে সকামে-নিকামে আহি গোটেইখন সাধ্যমানে সামৰি লোৱাটো তাইৰ কৰ্তব্যৰ ভিতৰতে পৰে বুলি তাই আজিলৈকে মানি আহিছে।
দুপৰীয়া হওঁ হওঁ হওঁতেই জাকে মিনতিক মাত নি ক'লে "নিলে নিলে আৰু, উপায়টো নাই। ভাতকেইটা উঠাই দিয়াগৈ অ'। হুলস্থুলত কাৰো একো খোৱাই নহ'ল আজি। মাজনী তয়ো যা অ', মাৰক লাগি ভাগি দেগৈ অকণ। সোনকালে ভাতকিটা খাওঁ !"
আঞ্জাখন মাজনীক চাবলৈ দি বৰজনাকৰ ঘৰৰ, নিজৰ এইকেইদিনৰ কোঠাটোলৈ মিনতি কিবা এটা বিচাৰি সোমাল।
কোঠাটোত ঘৰলৈ যামগৈ বুলি ৰাতিপুৱাই সামৰি ভৰাই থোৱা কাপোৰৰ বেগটোত কাপোৰবোৰ তেনেই তল ওপৰ হৈ আছে।

(দেওবৰীয়া খবৰত প্ৰকাশিত)
ভঙ্গুৰ (গল্প)

অৱশেষত সেই আকাংক্ষিত দিনটো আহিল পৰিল। প্ৰেগনেন্সী কিটটোৰ দুডাল আঁচৰ পৰা আৰম্ভ হোৱা সপোনটো তেজ মঙহৰ ৰূপ লৈ তাইৰ কোলালৈ অহাৰ ক্ষণটো। উগুল-থুগুল পুলকিত মন, কিছু ভয় ! কৃষ্ণাই তাইৰ বহু দিনৰ পৰা সামৰি সুতৰি থোৱা নিজৰ বেগটো, কেৱল মাক আৰু নৱজাতকৰ বস্তু পোৱা দোকানখনৰ পৰা নিজে কিনি অনা কণ-কণ চোলা, তাই অনা চাৰিকোণীয়া কেঁচুৱা ধৰা কাপোৰবোৰ, কোমল কম্বলদুখন, ফ্লানেলকাপোৰবোৰ, সৰু সৰু হাতমোজা দুযোৰ, অকণমানি নেইল কাটাৰটো ইত্যাদি ভৰাই থোৱা সেই বিশেষ বাস্কেটটো লৈ কোঠাটোত সোমাল দুয়ো। পুৰনা চাদৰ, বিচনা চাদৰ তৰপে তৰপে জাঁপি শাহুৱেকে সী থোৱা কেঁঠাকেইখন তাইক চাবলৈকে নিদিলে নাপাই বুলি। পুৰণিকলীয়া মানুহগৰাকীয়ে গম নোপোৱাকৈ ইমানবোৰ বস্তু কিনি আনিছে তাই আৰু গৌৰৱে। পায়-নাপায়বোৰ কেতিয়াবাই নিজৰ পৰা নিলগাই থৈছে দুয়ো।
গৌৰৱ নতুন আলহীজনৰ প্ৰতি তাইতকৈ বেছি সচেতন। আগতেই বুক কৰি থোৱা আছিল যদিও তাই বিচনাখনত শৰীৰটো স্থাপন কৰাৰ সময়তে তেওঁ স্নানাগাৰত সোমাই পৰীক্ষা কৰিলে, সকলো বিচৰা ধৰণে পৰিষ্কাৰ হৈ আছেনে নাই। সকলো পৰীক্ষা কৰাৰ পাছত সন্তুষ্ট হৈ তেৱোঁ কৃষ্ণাৰ ওচৰতে বহিলহি। তাই ভাগৰত চকু মুদি বেৰত আউজি বিচনাত বহি আছে।লিফ্টৰ পৰা তিনিটা কোঠাৰ বাট পাৰ হৈ আহোঁতেও ভাগৰ লাগে কৃষ্ণাৰ! গৌৰৱৰ ওঁঠেৰে মিহি হাঁহি এটা বাগৰি গ'ল। আৰু মাত্ৰ কিছু ঘন্টা ! তাৰ পাছত কৃষ্ণাই ইমানদিনে বৈ থকা সপোনৰ ভাৰ সি নিজে ল'ব পাৰিব। অকণমানি জীয়া তেজ মঙহৰ সপোনটো ! এটা অদ্ভুত শিহৰণ বৈ গ'ল দেহৰ মাজেৰে।
ক'লা দীঘল পোণ চুলিকোচাই, জোঙা নাকটো অথবা আয়ত চকুদুটাই তাইৰ শৰীৰত প্ৰকৃতিয়ে সানি দিয়া কেঁহৰাজ বৰণটোক কোনোমতে হৰুৱাব পৰা নাছিল। বাচি বাচি অনা গুলপীয়া ফ্ৰকটো সদায় গৌৰীৰ। বগা ,পাতল নীলা অথবা ধোঁৱা বৰণীয়া ফ্ৰকবোৰ সদায় কৃষ্ণাৰ।
“নাকে মুখে ছোৱালীজনী ভালেই আছিল, কিয় যে ৰংটো এনেকুৱা হ'ল। আপোনালোকৰ পৰিয়ালত কোন ইমান ক'লা মানুহ আছেনো?"
সেইখিনি কথা শেষ নহওঁতেই তাইৰ মাকক দেউতাকে মাতটো ডাঙৰকৈ উলিয়াই কয়,
" হেৰা তোমাক চাহ একাপ খোজা নাছিলোঁ?"
তেনেকৈয়ে দেউতাকে শুনি বেয়া পোৱা বিষয়টো তল পৰে। কিন্তু মাক? গাভৰু হোৱাৰ পাছত একেলগে আটাইকেউজন গ'লে দেউতাকে নুশুনাকৈ মাকে তাইক কয় "বিয়াঘৰত তই গৌৰীৰ ওচৰত নাথাকিবি।"
তাই মৰহি যায়। তাই ওচৰলৈ গ'লে গৌৰী ইচল-সিচলকৈ তাইৰ পৰা দূৰলৈ আতৰি যায়। তাই সেইটো কাম কৃষ্ণাৰ ভালৰ বাবেই কৰিছিল যাতে তাইৰ লগত কৃষ্ণাক নতুনকৈ তুলাচনীৰে জুখিব নোৱাৰে কোনেও। কৃষ্ণা ডাঙৰ তাইতকৈ। বহু কথাত তাইৰ ওপৰত গৌৰীৰ ভাগ্য নিৰ্ভৰ কৰে।
এনেকৈয়ে এসময়ত কেৱল দেউতাক আৰু কিতাপেই তাইৰ সহমৰ্মী হৈ পৰিছিল। গুলপীয়া গালৰ মানুহজনী যেন কেৱল গৌৰীৰহে মাক!
তাইৰ মাৰ্কশ্বীট গৌৰীতকৈ সদায় গধুৰ ।
তথাপি, "পঢ়াই শুনাই ইমান ভাল ছোৱালীজনী ! ৰংটো অকণ...!"
কেতিয়াবা দেউতাকে মাকক কয়
" হেৰা ময়ো দেখোন তাইৰ নিচিনাই ক'লা, তুমি ইমান বগীজনী হৈ মোলৈ বিয়া হৈ আহিছিলা দেখোন!"
দেউতাকৰ হাঁহি থকা মুখখন দেখি খঙত গৰজি উঠে মাক " মতা মানুহ আৰু মাইকী মানুহ একে নহয় নহয়"।
মতা মানুহ আৰু মাইকী মানুহ একে নহয় ! দেউতাক ক'লা হোৱাৰ পাছতো মাকৰ নিচিনা ৰূপৱতী তেওঁৰ সংগিনী। কাৰণ দেউতাকৰ বৰণটোৱে দেউতাকৰ চৰকাৰী চাকৰিটোৰ ওচৰত কেতিয়াবাই হাৰ মানিছে। কৃষ্ণা প্ৰতিটো পৰীক্ষাতে জিলিকি ৰৈছিল, দেউতাকৰ দৰে বা দেউতাকতকৈ ভাল চাকৰি এটা পোৱাৰ জোখেৰে। তথাপি ক'লা বৰণটোৱে গধুৰ মাৰ্কশ্বীটখনক সদায় হৰুৱাই আহিছিল। যিমানেই হৰুৱাইছিল সিমানেই তাইৰ জেদ বাঢ়িছিল।
গৌৰীয়ে কেতিয়াও মুখেৰে নকৈছিল কিন্তু তাইৰ কিছুমান কামে সোঁৱৰাই থাকিছিল। গুলপীয়া, কমলাৰঙী লিপষ্টিকবোৰ তাই চাই থকাৰ পৰা হাতৰ পৰা নি ড্ৰেছিং টেবুলত সজাই থৈছিল "তোক ভাল নালাগিব নেকি লগালে" । নিজৰ ভগ্নী বুলি, তাই একো ভাবি কোৱা নাছিল বুলি তাই পাহৰিব চেষ্টা কৰিছিল।
সেই যে গোটেই বছৰ তাইৰ পৰা নিলগে নিলগে থকা নিবেদিতাই পৰীক্ষাৰ দুদিন আগত নোট নিদিয়াৰ কাৰণে তাইক গালি দিছিল " তোৰ ছালখন যেনেকুৱা ক'লা, মনতো তাতকৈ বেছি ক'লা.. ভূতুনীজনী ! কয়লাও বগাহে অকণ তোতকৈ"!
মনটি দেই পুৰি নিয়া কথাখিনিয়ে সলনি কৰা মুখখন একমাত্ৰ দেউতাকেহে ধৰা পেলাইছিল। সদায় কোৱাৰ দৰে কৈছিল
"কয়লাত যে হীৰা লুকাই থাকে বহুতে নাজানে অ' মাজনী।"
তাই এম. এচ. চি পাছ কৰি কাষৰ কলেজখনতে সোমাই থাকি বিভিন্ন পৰীক্ষাবোৰৰ প্ৰস্তুতি চলাই থকাৰ সময়তে বিয়া হোৱা গৌৰীৰ আঠবছৰীয়া ছোৱালীজনী যে জেঠায়েকৰ দৰেই কৃষ্ণবৰ্ণা। কৃষ্ণাই ভগৱানক খাটে কণমানিজনীৰ বাবে, তাইকো মনোবল দিয়ক ! গৌৰীৰ মুখত মাকৰ মুখৰ ছায়া দেখি বুকুখন মোচৰ খাই উঠে তাই!
ৰভাতলত হাঁহি হাঁহি জিলিকি থকা গৌৰীক দেখি কেনে এক বিষাদে গ্ৰস্ত কৰিছিল তাইক। মুহুৰ্ততে মনটো ডাঠ কৰি বিয়াৰ কামত মনোযোগ দিছিল। বিয়া হৈ কেচুঁৱাৰ মাক হৈ ছোৱালী তৃতীয়মান পায় মানে কৃষ্ণাক দেখিলে মানুহে "আয়ৈ দেহি, ছোৱালীজনীৰ বিয়াখন নহ'লগৈ আৰু" বুলি কোৱা আৰম্ভ কৰিছিল। মুখেৰে নহ'লেও চকুৰে তাকেই প্ৰকাশ কৰিছিল। প্ৰশাসনিক বিষয়া হোৱাৰ পাছতো তাইৰ প্ৰতি মানুহৰ সহানুভূতিবোৰ দেখি তেতিয়া তাইৰ সেইবোৰ মানুহলৈ দয়াও নোপজা হৈছিল। পুখুৰীৰ পৰা সাগৰলৈ জঁপিয়াইছিল তাই ইতিমধ্যে।
গৌৰীৰ কৃষ্ণ বৰ্ণৰ কেচঁৱাকণক তাই ওমলাই থাকোতে তাইৰ মাকৰ বগা মুখখনে কেঁহেৰাজ বৰণ ধৰিছিল, কিন্তু একো কোৱা নাছিল।
তাইতকৈ কেইবছৰমান ডাঙৰ, তাইৰ লগতে প্ৰশাসনিক সেৱালৈ নিৰ্বাচিত হোৱা গৌৰৱৰ লগত যেতিয়া প্ৰেমবিবাহ কৰিছিল তেতিয়া একেখিনি মানুহেই সিহঁতৰ যোৰাটো "পাভ যোৰা" বুলি কৈছিল। ৰভাতলিত গৌৰীক দেখি গৌৰীৰ বিয়াৰ দিনা তাইক গ্ৰাস কৰিব খোজা সেই বিষাদখিনি সেইদিনা তাই যেন গৌৰীৰ মুখত দেখা পাইছিল। সেয়া ডেৰবছৰ আগৰ কথা।
নীলা গাউন পিন্ধি অপাৰেচন থিয়েটাৰলৈ আগবাঢ়ি যোৱা কৃষ্ণাক দুৱাৰমুখলৈকে গৌৰৱে আগবঢ়াই দিলে। কাষতে থকা দেউতাকে তাইৰ কান্ধত লাহেকৈ হাতখন থ'লে, তাই সমৃদ্ধ হ'ল সেই যাদুকৰী শক্তিৰে যিয়ে সদায় তাইক আগুৱাই যাবলৈ সাহস দি আহিছে।
কেঁচুৱাৰ কান্দোনত চিলিমিলি টোপনিৰ পৰা সাৰ পাইছিলেই কৃষ্ণাই, তাইক চিজাৰিয়ান কৰা ডাক্টৰগৰাকীয়ে
"কৃষ্ণা, কৃষ্ণা চোৱা তোমাৰ ছোৱালী হৈছে। একেবাৰে তোমাৰ দৰে ধুনীয়া"
বুলি কোৱা কথাষাৰত চকু মেলি চালে তাই। বগা, তেজ, বিজলুৱাৰে আবৃত অকণমানি জীয়া পুতলা এটাৰ পোহৰে কম পোহৰ যেন লগা অপাৰেচন কক্ষটো পোহৰাই তুলিছে! পুতলাটোৰ পেটৰ পৰা গোবৰত লেটি পেটি হোৱা পঘাৰ বৰণৰ শকত নাড়ীডাল ওলমি আছে। পুতলাটোক নমাহে তাইৰ লগত বান্ধি ৰখা পঘাডাল!
"তোৰ ছোৱালীজনী বগা হ'ল দে,.. ভবাই নাছিলোঁ"
কেঁচুৱাটো কোলাত লৈ লৈ মাকে কোৱা কথাষাৰত তাইৰ কেতিয়াও নুঠা খং এটা উঠিল, তথাপি নিৰৱে চকু মুদি পৰি থাকিল। পেটৰ চিলাইকেইটাই অসহযোগ কৰিছে খংটোৰ লগত।বিষ!
কেঁচুৱা চাবলৈ অহা তাইৰ মামীয়েকে বহা আনখন বিচনাত কেঁচুৱাটো শুৱাই দি মাকে মামীয়েকক গৌৰৱে আনি থোৱা মিঠাই আৰু ক'ল্ড ড্ৰিংকচ যাঁচিছে।
তাই কিতাপত পঢ়িছিল, জন্মতে অসূৰ্যস্পৰ্শা কেঁচুৱাবোৰ গুলপীয়াই থাকে। লাহে লাহে বৰণ সলায়। কেঁচুৱাটোৰ এমাহ হওঁ হওঁ হৈছে, এক অদ্ভুত অসন্তুষ্টিয়ে মাজে মাজে তাইক বিমৰ্ষ কৰি তোলে। কেঁচুৱাটোৰ গুলপীয়া বৰণটো সলনি হোৱা নাই যে ! তাইৰ দৰে কিচকিচিয়া ৰং এটাহে বিচাৰিছিল তাই সন্তানটোৰ। কৃষ্ণবৰ্ণা হোৱাৰ বাবে তাই যিখিনি নাপালে সেইখিনি সন্তানক দিয়াৰ, মাক হিচাপে ঢাল হৈ নিজৰ মাকক দেখুওৱাৰ হাবিয়াস কৰিছিল।
চিকিৎসকে পৰামৰ্শ দিছে কোনো বাহিৰা মানুহক লগাই যেন কেচুঁৱাটো মালিচ নিদিয়ে। দিলে মাকে দিব। তেতিয়া মাক আৰু সন্তানৰ মাজৰ সম্পৰ্ক আৰু গভীৰ হয়। তাই আগতেই অৱশ্যে জানিছিলেই কথাটো।
নতুনকৈ হাঁহিবলৈ শিকা ছোৱালীটিক ভৰিদুখন দীঘলকৈ মেলি তাতে গাৰু এটা পাৰি শুৱাই লৈ তাই মালিচ কৰি আছিল। ক্ষণে ক্ষণে এঙামুৰি মাৰি তেজৰ বৰণ লোৱা ছোৱালীজনী চাই চাই ভোল গৈছিল গৌৰৱ। প্ৰতিস্থিত নোহোৱাৰ বাবে বয়সতকৈ পলমকৈ বিয়া পতা গৌৰৱে কোনোদিন তাইক গাৰ বৰণক লৈ একো কোৱা নাছিল বাবে তাৰ হাতত ধৰি সংসাৰ কৰিবলৈ আগবাঢ়িছিল তাই। ধন্য হৈছিল তাই। তেঁৱেই আছিল দেউতাকৰ পাছতেই পৃথিৱীৰ দ্বিতীয়জন মানুহ!
"ধুনীয়া হ'ব দিয়া তাই ন? একদম পৰীৰ দৰে। ৰাজকুমাৰীৰ দৰে ডাঙৰ কৰিম চাবাছোন তাইক। দুজন এ. চি. এচ. অফিচাৰৰ ছোৱালী তাই ! বগা ৰাজকুমাৰী, মোৰ ছোৱালী!!!"
মালিচ কৰি থকা হাতদুখন ৰৈ গ'ল কৃষ্ণাৰ ! আচৰিত হৈ গৌৰৱলৈ চালে। সি তেতিয়াও জীয়েককে চাই আছিল। হঠাৎ অচিনাকি যেন লগা তাৰ মিঠাবৰণীয়া মুখখনত তাইৰ মাকৰ মুখখনে দোলা দি আছেহি। সেই পুৰণা দুখটোৱে তাইৰ মুখত পুনৰ ছানি ধৰিলেহি !
একমিনিটৰ গল্প

#ভুল
আহিনে ভুমুকি মাৰিছে। দিনবোৰ চুটি হৈ পৰিছে। আকাশত তুলাৰ দৰে পাতল, শুকুলা মেঘবোৰে ওমলিছে। খিৰিকীখনৰ কাষত বহি তাইৰ মনটো গধুৰ হৈ পৰিছে। কিমান দিন যে ধনক দেখা নাই!
ফোনটো হাতত লৈ মাকলৈ লগালে তাই...
"নাই অ' সি, গাটো বেয়া, ছৰ্দি লাগিছে...শুই উঠাই নাই.."
তাইৰ বুকুখন খালী খালী লাগে।
তাইৰ মাত শুনিলে ধনে কান্দে। তাই শুনে। কিন্তু মাকে তাইক শুনিবলৈ নিদিয়েে সেই কান্দোন।
*********
স্কুটীখনৰ ছাবিটোৰ সংলগ্ন ছাবিটোৰে ৰুমৰ, (নহয়) তাইৰ নতুন ঘৰখনৰ দুৱাৰ খুলিলে তাই। বেগটো কান্ধত লৈ থকা অৱস্থাতে মেট্ৰিকত বিৰাশী শতাংশ পোৱাৰ বাবে পোৱা চৰকাৰে দিয়া কম্পিউটাৰটো অন কৰি বাথৰুমত সোমাল।
"খিটিং"কৈ হোৱা শব্দটোত তাই মুখ মচি মচিয়েই মাউচটোত হাত বোলালে।
পপ্ আপ স্ক্ৰীণখন দেখি তাইৰ ওঁঠৰ একোণেদি হাঁহি এটা সৰকি গ'ল..
........তেনেতে ফোনটো বাজিল। আছলতে ফোনটো সদায় এইসময়তে বাজে।
"মা, অ মা" বুলি "ৰিংট'ন" হিচাপে "কাষ্টমাইজ" কৰি ৰখা ধনৰ মাতষাৰৰ লগতে তাৰ মুখখনো স্ক্ৰীণৰ পৰা তাইৰ আঙুলিৰ পৰশত নোহোৱা হৈ পৰিল।
আজি তাইৰ ওঠৰ বছৰীয়া জন্মদিন।
#স্মৃতি

তেতিয়া মই বাইদেউৰ ঘৰত থাকি কলেজত পঢ়ি আছো। ভাগিন দুটা। ল'ৰাটো ডাঙৰ, দ্বিতীয় নে তৃতীয় মানত। বিৰাট দুষ্ট। স্কুলৰ পৰা আহি কেতিয়াও নুশুৱে। হাজাৰ মানা কৰিলেও নাকে-কাণে ভাতকেইটা গুজি খেলিবলৈ দৌৰ মাৰে। কাষৰ মানুহঘৰৰ কাণসমণীয়া তিনিটা ল'ৰা-ছোৱালী আৰু তেওঁলোকৰ সিফালে থকা দুজনী দক্ষিণ ভাৰতীয়মূলৰ যঁজা ছোৱালী। আন্ধাৰ হোৱালৈকে আটাইকেইটাই খেলি ৰাতি পঢ়া টেবুলত বহাৰ লগে লগে টোপনিয়াবলৈ ধৰে, কেতিয়াবা ভাত নোখোৱাকৈয়ে শুই যায়। ফলত পঢ়া-শুনা কৰিব নোৱাৰে। সদায় একে কথা।
কাষৰ মানুহঘৰ আৰু সিফালৰ ঘৰটোৰ মাজত এখন তিনিফুটমান ওখ দেৱাল আছিল, সিহঁতে তাত এটা এটাকৈ উঠে আৰু ক'তো নধৰাকৈ খোজকাঢ়ি সিটো মূৰলৈ গৈ তাতে নামি আকৌ দৌৰি ইটো মূৰলৈ আহে... আকৌ উঠে..। তেনে কৰোঁতে ঠেলা-হেঁচাত কোনোবাটো পৰে বা কাজিয়াও লাগে কিন্তু খেলখন চলি থাকে। এদিন আমাৰ কাষৰ ঘৰৰ তিনিটাৰ ভিতৰত আটাইতকৈ সৰুজনৰ ঠেলা-হেঁচাত পৰি হাত এখন ভাঙিল। কন্দা-কটা , হুৱা-দুৱা লাগিল। লৰাজনৰ দেউতাক ঘৰতে আছিল, ঘটনা দেখি চিঞৰি চিঞৰি আটাইকেইটাকে ধমকি দিবলৈ ধৰিলে। তেওঁৰ আকৌ খংটো কম, চিঞৰটো বেছি। কম ধতুৱা ডাঙৰ মানুহৰো কলিজা কঁপি যাব চিঞৰ শুনিলে। সৰুকেইটা ফৰিং চিটিকা দি ঘৰাঘৰি গ'ল। আমাৰ সিওঁ দৌৰি আহি ভিতৰ সোমাল। বিৰাট ভয় খাইছিল সি। কাৰণ সেইকেইটাই দেউতাকৰ ধমক খাই ইয়াত গাতে দোষটো জাপি দিছিল, ইহে হাতখন ভাঙিল বুলি ঠেলা মাৰি।
হাত ভঙাৰ কথাটো পাছত গম পাই আমি, মানে মই আৰু বাইদেৱে তাক কলো "ৰহ, তাৰ হাতখন ভাঙিলি, দেউতাকে পুলিচত দিলে গম পাবি "। বচ, সি ইমান ভয় খালে যে সিজনৰ প্লাষ্টাৰ খোলাৰ ২১দিন হৈ যোৱাৰ পাছতো, মুঠতে এমাহমান স্কুল যোৱাৰ বাহিৰে বাহিৰলৈ নোলোৱা হ'ল-- দেউতাকে দেখে বুলি আৰু দেখিলে পুলিচ মাতি আনে বুলি। বাহিৰত কিবা কাৰণত থাকিলেও সি দেউতাকজনৰ মাত শুনিলে ভিতৰলৈ দৌৰ মাৰে..এদিন ৰাতিপুৱা সি ভিনদেউৰ স্কুটাৰত উঠি স্কুললৈ যাবলৈ ওলাইছে তেনেতে ৰাস্তাৰে গৈ থকা সেই হাত ভঙা ল'ৰাজনৰ দেউতাকে তাক দেখি মাত দিলে " কি হে! তোমাক ইমান দিনে দেখা নাই যে.. আজিকালি খেলিবলৈ নাহা নেকি ?"
বেচেৰা, সেইদিনাৰ পৰাহে সি অন্তেষপুৰৰ পৰা ওলাল আৰু পুনৰ আগৰ দৰে খেলিবলৈ যোৱা হ'ল। (মই তেতিয়া উচ্চতৰ মাধ্যমিকত পঢ়ি আছিলো, তাতে ঘৰৰ সৰু। সি চব কথাতে মোৰ লগত প্ৰতিযোগিতা কৰি থাকে। নতুন কলম এটা কিনিলে সি আগতে লিখি চাবই, নতুন চেণ্ডেলযোৰ সি আগতে পিন্ধি দৌৰিব চেষ্টা এটা কৰিবই, মই পঢ়িবলৈ বহিলেই তাৰ মোৰ পঢ়াটেবুলত তাৰ কিবা কাম ওলাবই.. অকণমানি ভাগিনীজনী মানে তাৰ ভনীয়েকজনীক মৰম কৰা দেখিব নোৱাৰে সি.. মুঠতে সেই এমাহ সি ঘৰত সোমাই থাকিব লগা হোৱা চাবলৈ পায় মই যে কি সুখ পাইছিলোঁ, এতিয়া ভাবিলে বিৰাট হাঁহি উঠে :D :D )
 (এক মিনিটৰ গল্প)

দেৱালী
মাকে পানীত তিয়াই উঠাই থোৱা মাটিৰ চাকিকেইটা কণমানি হাতখনে লিৰিকি-বিদাৰি আছিল। তাইৰ হেঁপাহৰ উৎসৱটো সমাগত। স্কুলত "প্ৰিয় উৎসৱ"ত সদায় তাই দেৱালীৰ কথা লিখি আহিছে।
তেনেতে ডাঙৰজনী ছোৱালীয়ে মাকক সুধিলে
:মা, এইবাৰ বোলে আমি দেৱালীত ব'ম ফুটাব নোৱাৰিম? স্কুলত বাইদেৱে কৈছে?
শলিতা বটি থকা মাক
:উমম..নোৱাৰিবা
চাকি লিৰিকি থকা কণমাণি হাতখন ৰৈ গ'ল।
:কিয়?
:কাৰণ এইটো দিনতে কিছুমান বেয়া মানুহে ডাঙৰ ডাঙৰ ব'ম ফুটাইছিল আৰু সেইকাৰণে বহুত মানুহ ঢুকাইছিল..
:তাতে কি হ'ল?..আমিটো ফুটুৱা নাই! আমি ফুলঝাৰীহে জ্বলাম.. ফুলঝাৰী জ্বলালে কাৰোবাৰ কিবা হয় নেকি?
শলিতা বটি থকা বয়সস্থ হাতখন এইবাৰ স্থবিৰ হৈ পৰিল।
কণমাণিজনীৰ জন্মৰ আগতে ঘটা সেই অভিশপ্ত দিনটোৰ কথা তাইক বুজাই দিবনে সেই ঘটনাৰ পৰা তাইক দূৰত ৰাখিব...বুজি নাপালে তেওঁ।
 (এক মিনিটৰ গল্প--দেওবৰীয়া খবৰত প্ৰকাশিত)

ৰুক্মিনী

দীঘলকৈ পৰি থকা ৰাস্তাটোৰে মাজনিশাৰ নিস্তব্ধতা ফালি আগবাঢ়ি যোৱা নৈশবাছখনত বিভিন্ন ভংগীমাত যাত্ৰীবোৰ নিদ্ৰাত ঢলি পৰিছে। আগদিনালৈকে সপোন হৈ থকা মানুহজনৰ কান্ধত মূৰ পেলাই, হাতত হাত থৈ তাই শুবলৈ যত্ন কৰিছে। সমাজ, লাজ, ভয় চলি থকা বাছখনে পিছপেলাই থৈ অহা ৰাস্তাৰ কাষৰ গছবোৰৰ দৰেই ক'ৰবাতে ৰৈ গ'ল যেন..
হুলস্থূলত লাহেকৈ চকু মেলিলে তাই। অচিনাকি বাচ ষ্টেণ্ড এটা! চাহৱালা, পেপাৰৱালাৰ চিঞৰ। লাহেকৈ মূৰটো ডাঙি চালে তাই, কান্ধটোৰ গৰাকীৰ চকুৱে চকুৱে পৰিল। লাজতে গৰম হৈ পৰা কাণদুখনে বাহিৰৰ নতুন সুৰুজটোৰ উত্তাপ তাইৰ মনলৈকে কঢ়িয়াই লৈ আনিলে।
আজিৰ পৰা তাই এই কান্ধটোৰ গৰাকীয়ে তাইক উপহাৰ দিয়া বেলি এটা কঢ়িয়াব তাইৰ কপালত!
(এক মিনিটৰ গল্প) 
#বিশ্বাস
বাৰে বাৰে চকুহালে আমনি দিছে মোক! কাৰুণ্যৰ সাগৰ একোখন হৈ মোক চাই আছে... সেই কাৰুণ্যই আইনাখনৰ মাজেৰে মোৰ হৃদয়ত খুন্দিয়াইছেহি!
খলা-বমা ৰাস্তাটোৰে মই সাৱধানে চলাই নিয়া ট্ৰেকাৰখনৰ পিছৰ চিটত গৰ্ভৱতী মানুহ এগৰাকী বহিছে। কাষতে বহিছে সেই কৰুণ চকুহালিৰ গৰাকী। তিনিবছৰ আগলৈকে মই পাগল হোৱা বা মোক পাগল কৰা সেই চকুহাল!
নিজৰ কৰিম কৰিম বুলি ভাবি থাকোঁতেই মহেন দোকানীৰ হৈ যোৱা চকুহাল! বহুদিন লাগিছিল বিশ্বাস হওঁতে, এনেকুৱাও হয় ?
পকেটত গান গাই উঠা ম'বাইলটো নিঃশ্চুপ কৰি কাণত লওঁতেই সিফালৰ পৰা কোমলতা বৈ আহিল
: হেৰা, কেঁচা কমলা পালে লৈ আনিবাছোন.. ইম্মান খবলৈ মন গৈছে ..
:ও..হ'ব দিয়া
চকুহাল নেদেখা হোৱাকৈ মই আইনাখন ঘুৰাই দিলোঁ।
কেঁচা কমলা ক'ত পোৱা যাব বাৰু? ..নহলে যে মোৰ সন্তানৰ মুখেৰে লেলাউটি বৈ থাকিব!
 (এক মিনিটৰ গল্প)
ইমান যে মনটো বেয়া লাগে, মাৰ দিনে দিনে ডাঙৰ হৈ অহা পেটতো দেখি। শোৱাৰ পৰা পটকৈ উঠিব নোৱাৰে, মাটিৰ পৰা হাউলি একো এটা তুলিব নোৱাৰে। মোক কোলাত ল'ব নোৱাৰে।
:মা নহলে দে'তা আহিলে ভাত খাম
:মা বা দে'তা আহিলে ৰাতিৰ সাজটো পিন্ধিম. . .
ৰাতিটো দীঘল হৈ আহিছে। আজি প্ৰথমৰাতি মই মোৰ মাৰ ওচৰত নাই।
কেতিয়া যে মোৰ টোপনি আহি গ'ল মই গমেই নাপালোঁ।
*******
হস্পিটেলৰ চিৰিৰে মই মামাৰ কোলাত উঠি গৈ আছোঁ। বহুত দেৰিৰ পাছত মোৰ মাক মই দেখা পাম। মামাই কিনি দিয়া চিপচৰ পেকেটতো মায়ে খুলি দিলেহে মই খাম..
কোঠাটোৰ বিচনাত কাপোৰৰ টোপোলা এটি সাৱটি মা শুই আছে, দেউতাই মোক কোলাত লৈ গালত চুমা খাই খাই মাৰ কাষত....
"চোৱাছোন এইয়া কোন?"
কুমলীয়া, গুলপীয়া কণমানি মুখ এখন মাৰ বুকুত সোমাই আছে।
দেউতাৰ কান্ধত মুখখন গুজি দিলোঁ, মোৰ ওঁঠযোৰ ইমান অবাধ্য হৈছে! মোৰ চকুত ভাঁহি উঠা চকুপানীখিনি দেউতাৰ চাৰ্টটোৱে শুহি ল'লে।
#ভগ্ন (এক মিনিটৰ গল্প)
নতুন ৰাতিটো পুৱাল।
লাজ লাজকৈ তাই তাৰ ফালে চালে। ল'ৰা-ল'ৰিকৈ কাপোৰবোৰ ভৰাওঁতে লগত দাঁত ঘঁহা ব্ৰাছকেইডাল ভৰাবলৈ পাহৰিলে দুয়ো।
"ৰ'বা, মই আহি আছোঁ"
সি দোকানলৈ গ'ল।
"এইডালৰ দাম ২৪ টকা, এইডালৰ ১৫ টকা"।
হাঁহি হাঁহি ২৪ টকীয়া ডাললৈ থাপ মাৰোঁতে সেইডাল তাই ঢুকি নোপোৱাকৈ ওপৰলৈ ডাঙি আনখন হাতেৰে ১৫ টকীয়া ব্ৰাছডাল জোৰকৈ হাতত গুজি দিলে ৰাতি স্বৰ্গৰ সপোন দেখুওৱা মানুহজনে। জোৰেৰে মৰা বাথৰুমৰ দুৱাৰৰ শব্দতহে তাইৰ সম্বিৎ উলটি আহিল।
বিষবৃক্ষডালৰ বীজটো তেতিয়াৰ পৰাই আছিল তাৰ মনত। তাইহে পলমকৈ বুজি পালে।
ডিভোৰ্চৰ নটিচখন হাততলৈ তাইৰ চকু সেমেকি আহিল।
অনুভৱ


#মুখত হাঁহি বিৰিঙোৱা কিছুমান স্মৃতি!!


# আঘোন মাহত পথাৰত ধান কটাৰ পাছত নৰাৰ ওপৰত দৌৰা-দৌৰি কৰি অথবা কাবাডী-গুডু খেলি গধুলি হাত-ভৰি ধুবৰ সময়ত কাটি চিৰলা-চিৰিল দিয়া ভৰিত পানী লাগোতে হোৱা চেকচেকনিখিনি!
# দোৰোণ শাকৰ বগা কণমানি ফুলটো লাহেকৈ চিঙি গুড়িৰ ফালে লাহেকৈ চুপি দি পোৱা মিঠা সোৱাদটো! সেইকামটো জবাফুলতো কৰিছিলোঁ।
# বৰদৈচিলাই সৰাই থৈ যোৱা আমকলি খাই ওঁঠৰ চাৰিওফালে ঘাঁ লগা!
# দোকান দোকান খেলি চন্দন গুটি বেছোতে কোনোবা এজনীয়ে মোক পাঁচ পইছা দিবলৈয়ে থাকিল।
# ফাগুণ মাহৰ পচোৱা বতাহত উৰি ফুৰা শিমলু তুলা ধৰিবলৈ জঁপিয়াই জঁপিয়াই পিছে পিছে দৌৰা!
# কেইবাদিনো পেনপেনীয়া বৰষুণত আমনি লাগি তিনিডাল বাঢ়নী কাঠীত ৰঙা জলকীয়া খুচি চোতালত কাঠীকেইডাল খুচি থোৱা
# বৰষুণত পিছলি পৰিলে কাৰোবাক সহানুভুতি দেখোৱাতকৈ "ওপৰলৈ চা" বুলি চিঞৰা!
# ৰঙালাওৰ বাকলি ছাগলীকেইজনীক খুৱাই সিহঁতৰ গালতে কাণখন লগাই চোবোৱা শব্দটো শুনা!
# কাউৰীমণি বা শেৱালিফুলেৰে বনগুটিৰ ঠাৰিডালত সীউৱা মালাডাল!
# বেছি বৰষুণ দিলে পদূলিৰ বাটচৰাৰ দুয়োফালে থকা পুখুৰীদুটাৰ মাজত খান্দি দিয়া লুইটোৰে বৈ যোৱা পানীখিনিত ডৰিকণা মাছ চোৱা...
# সোনকালে স্কুল গৈ (এল পি) কিতাপ থৈ স্কুলৰ পিছফালৰ পথাৰত মিঠা মিঠা চেঁচু বিচৰা!
......কিমান যে স্মৃতি। :)
(এক মিনিট) #পাশৱিক
"ঐ! ভৰিখন মালিচ কৰি দে বুলি কৈছো নে? "
তাই নুশুনাৰ ভাও জুৰি টিভি চাই থাকিল।
"কি কৈছো শুনা নাই তই?"
জুলাই মাহৰ উৎকট গৰম। তাইৰ মালিকক মিঠাতেলেৰে এই গেলা গৰমত কলাফুল মালিছ কৰি দিব লাগে। তাইৰ ঘিণ লাগে, দহবছৰীয়া কোমল হাতেৰে আঠাৱন বছৰীয়া কলাফুলত হাত দিবলৈ । চুটি, বৰমাকৰ ভনীয়েকৰ জীয়েকৰ পুৰণা ফ্ৰকটো পিন্ধিয়েই তাই বৰতাকৰ আগত ওলাবলৈ লাজ লাগে!
"আহিবিনে?"
"অ বৰমা! টিভিত কি দিছে চাৱকহিছোন"
বৰমাক আহি ওলাই পাকঘৰৰ পৰা : "কি নো?"
হঠাৎ পট পৰিবৰ্তন হয়।
" ঐ, তই বাচন কিয় ইমান লেতেৰাকৈ ধুৱ?"
দহবছৰীয়া গালখনত আঠাৱন বছৰীয়া হাতৰ চৰ। উদ্দেশ্য সিদ্ধি নোহোৱাৰ প্ৰতিদান!!
(একমিনিটৰ গল্প)
বাৰ বছৰতে ৰূপান্তৰ হোৱা গাওঁখনত সোমায়েই তাই অনুভৱ কৰিলে একোয়েই স্থৱিৰ নহয় পৃথিৱীত, একমাত্ৰ তাইৰ মনটোৰ বাহিৰে..
কৈশোৰৰ হাঁহিবোৰ চুকে-কোণে ভাঁহি থকা গাঁওখন অচিনাকিৰ দৰে লাগিেছ।
জীৱনত কেতিয়াও আকৌ ভৰি নিদোঁ বুলি ভবা ঘৰখনলৈ মাকৰ সেই দুখত টল্ মল্ চকুদুটিয়ে টানি লৈ আনিলে তাইক। তাইক বয়সস্থ মানুহজনৰ জীয়েকজনীৰ মাক হ'বলৈ বাধ্য কৰি দেউতাক জিকিল। তাইৰ মুখ নোচোৱাকৈ পৃথিৱী এৰি গুছি যোৱা দেউতাকৰ
জেদ !
তাইৰ লাজ লাজ লাগিছে ওপজা ঘৰখনত ভৰি দিবলৈ।
সেইটো ৰাজু। নীহকূলীয়া ৰাজু। তাইৰ পদূলি, ৰাজুহঁতৰ পদূলি সমুখা-সমুখি। তাইক দেখি অচিনাকি মানুহৰ দৰে চাইছে সি। লাহে-লাহে তাৰ চেলাউৰিযোৰ নাচিছে। হয়, খং উঠিলে তাৰ চেলাউৰিকেইডাল নাচে ! জানিছিল নহয় এতিয়াও মনত আছে তাইৰ ৰাজুৰ লগত তাৰ পেহীয়েকৰ ঘৰত কটোৱা সেই সপোন যেন সাতোটা দিন আৰু সাতোটা ৰাতি !
সেই যে কৈছিল তাই কাঠগৰাত উঠি ---"মোৰ বয়স সোতৰ বছৰ ,..সি মোক ফুচুলাই লৈ গৈছিল.."
.........হেণ্ডকাফ লগাই টানি নিয়া ৰাজুৰ তাইলৈ ঘুৰি চোৱা কৰুণ চকুযূৰি ..সেইযুৰিয়ে এতিয়াও দহে তাইক, তাক কেনেকৈ বুজাই তাই, তাইৰ মমতাময়ী হাতত সেই বয়সস্থ মানুহজনৰ পুত্ৰৰ হাত!