Friday, February 2, 2018

সাধাৰণ পাঠকৰ দৃষ্টিৰে 'আৰু এদিন এনেকৈয়ে'
                                                                  



 ইণ্টাৰনেটৰ ব্যৱহাৰৰ বহুল প্ৰসাৰৰ জৰিয়তে ব্লগ, ফেচবুক আদি চ'চিয়েল মিডিয়া আমাৰ দৈনণ্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। দৈনন্দিন ব্যস্ততাৰ মাজত এইবোৰ মাধ্যমে কেৱল আমাক এৰি থৈ অহা বন্ধু, আত্মীয়ৰ কাষলৈ লৈ যোৱাই নহয়, ব্যস্ত জীৱনবোৰক গতিময় কৰিছে। ভাৱ প্ৰকাশৰ  এখন মঞ্চ দিছে। সময়ৰ অভাৱত বা ব্যস্ততাৰ অজুহাতত কিতাপ এখন হাতত লৈ বহিবলৈ নোপোৱা একাংশ মানুহে হাতৰ টিপতে লৈ ফুৰা মোবাইলটোৰ জৰিয়তে পঢ়া-শুনা অথবা সাহিত্যচৰ্চা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। ইউনিক'ডত অসমীয়াত লিখিবলৈ সহজ হোৱাৰ পৰা অসমীয়া ছপা মাধ্যমৰ সমান্তৰালকৈ আন এখন আপাত পৃথিৱীৰ সৃষ্টি হৈছে। সীমিত সংখ্যক ছপা মাধ্যমৰ হেতু প্ৰতিভা বিকাশৰ সুবিধা নোপোৱা বহু সম্ভাৱনাশীল মানুহে এইবোৰ 'ভাৰ্চুৱেল' মাধ্যমক ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে লৈছে। তেনে এজন তৰুণ লেখক 'ল দিগন্ত কুমাৰ ভট্টাচাৰ্য।

শব্দৰ সৈতে খেলা কৰাৰ সক্ষমতা সকলোৰে নাথাকে। মৌলিক লেখনিৰ সৃষ্টিৰ প্ৰতিভা জন্মগতভাৱে মানুহে লাভ কৰে। পেশাগত ভাৱে সাহিত্যৰ বিষয়ৰ সৈতে জড়িত ব্যক্তিয়ে সেই দিশত নিজকে আগুৱাই লৈ যাব খোজা পথ সুচল হয়। বহুতে সাহিত্যৰ পুথিগত সূত্ৰৰ পৰা নিজকে নিলগাই ৰাখি বিভিন্ন বৃত্তিৰ সৈতে জড়িত হৈ থাকিও সাহিত্যচৰ্চা অব্যাহত ৰাখে। তেনে ব্যক্তিৰ পৰা আমি প্ৰকৃত জীৱনবোধ সমৃদ্ধ লেখনি পাওঁ। পেশাত এজন অভিযন্তা আৰু অসমৰ পৰা বহুবছৰ আঁতৰি থাকিও অসমীয়া শব্দেৰে খেলি ভাল পোৱা দিগন্তৰ এককভাৱে প্ৰকাশ পোৱা 'আৰু এদিন এনেকৈয়ে'খনে তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰিলে। এইখন লেখকৰ এককভাৱে প্ৰকাশিত প্ৰথম কিতাপ। সৰুৰে পৰা লেখা-মেলা কৰা আৰু সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা দিগন্ত কুমাৰ ভট্টাচাৰ্যৰ এই গল্প সংকলনখনৰ প্ৰকাশক সঞ্জীৱন প্ৰকাশনযি নতুন আৰু প্ৰতিভাৱান লেখকৰ লেখনিকহে অগ্ৰাধিকাৰ দি আহিছে। মুঠ পোন্ধৰটা গল্প সন্নিবিষ্ট কিতাপখনৰ প্ৰচ্ছদ ডিজাইন কৰিছে মঞ্জিৎ ৰাজখোৱাই।

কিতাপখনৰ প্ৰথম গল্পটো 'ইয়াত এখন ঘৰ আছিল' এজন অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰ জীৱনবোধক লৈ ৰচিত। সমগ্ৰ জীৱন নিজৰ দুই পুত্ৰক 'মানুহ' কৰাৰ দৌৰত ব্যস্ত হৈ থকা কৃপাল বৰ্মণে সেই দৌৰৰ অন্তত আকংক্ষিত লক্ষ্যপ্ৰাপ্তি কৰিলে, দুই পুত্ৰ পঢ়ি শুনি ভালকৈ দুৰ চহৰত প্ৰতিষ্ঠিত হ'ল। ইমান দিনে ভাড়াঘৰত থাকি জীৱন সংগ্ৰাম কৰা বৰ্মণে অৱসৰ পাছত দুই পুত্ৰৰ সহায়ত কিনা 'নিজৰ' ফ্লেটটোলৈ স্থানান্তৰিত হয়। আগৰ ঠেক, পুৰণা ভাড়াঘৰটোৰ সুখ-শান্তি নতুন আড়ম্বৰপূৰ্ণ ঘৰটোৱে কিন্তু তেওঁক দিব নোৱাৰিলে। নিজৰ ভাল লগা সময়বোৰ তথা সুখবোৰ যেন ভাড়াঘৰটোতে তেওঁ এৰি থৈ 'ল। সযতনে ৰাখি থোৱা, পুত্রই সৰু থাকোঁতে অঁকা দেৱালৰ আঁকবাকবোৰত যেন দুই পুত্ৰদ্বয়ৰ শৈশৱ দেখিবলৈ পাইছিল তেওঁ। পুৰণা ঘৰটোৰ দেৱালত ঠেকা খাই খাই শিশুৰ কলকলনিবোৰ বৈ থাকিছিল যেন! সেয়ে পুৰণা সেইঘৰটোৰ মোহে টানি লৈ গৈছিল বর্মনক। চিনাকি ৰাস্তাটোৰ প্ৰতিখন দোকান, দোকানৰ মিঠাই থোৱা আলমাৰীবোৰ, ৰাস্তাটোৰ খলা-বমাবোৰ সদায় প্ৰত্যক্ষ কৰি কৰি অভ্যস্ত হৈ পৰা বৰ্মণে সেইভাড়াঘৰটোত উপস্থিত হওঁতে তাত সেইঘৰটোৰ কোনো চিন মোকাম নাছিল। আছিল কেৱল এক ভগ্নস্তূপ, সেয়া যেন ইটাবালিৰ ধংসস্তুপ নহয়, বৰ্মনৰ সুখ, মৰম আৰু সন্তানৰ সাহচৰ্যৰে উমাল সময়খিনিৰহে ধংসস্তুপ আছিল। বিচিত্ৰ মানুহৰ মন। যি প্ৰাপ্তিৰ বাবে ঢপলিয়াই থাকে সেই প্ৰাপ্তিয়েও পূৰ্ণতা দিব নোৱাৰে। প্ৰাপ্তিৰ কক্ষপথত বিচ্যুত হোৱা সৰু সৰু কথাবোৰহে জীৱনৰ প্ৰকৃত সম্পদ সেয়া ফুটাই তোলাত লেখক সফল হৈছে। দ্বিতীয় গল্পটো হৈছে 'ৰত্ন হাজৰিকাৰ মানিবেগটো'এই গল্পটোৰ বিষয়বস্তুও সদ্য পত্নীহাৰা এজন বৃদ্ধ ব্যক্তিৰ স্মৃতি কাতৰতা। দুৰাৰোগ্য ৰোগে কাঢ়ি নিয়া পত্নীৰ বিধ্বস্ত মুখখনতকৈ বিয়াৰ পাছৰ সেই ৰঙীন দিনবোৰ আৰু সেইবোৰ দিনৰ সংগী পত্নীগৰাকীকহে স্মৰণ কৰি নিজকে জীপাল কৰি ৰাখে তেওঁ। 'মানিবেগ' বোলা বস্তুটো এক বিলাসীতা বুলি ভবা দিনবোৰতে শালপতিৰ পৰা পোৱা চামৰাৰ বেগটোৱে টকা-পইছা, দৰকাৰী কাগজ-পাতিবোৰ থানথিন লগাই সাঁচি থোৱাৰ দৰে হাজৰিকাৰ সোণালী দিনৰ স্মৃতিবোৰ কিন্তু থানথিত লগাই নথলে। পত্নীৰ বিয়োগৰ পাছতে হেৰাই যোৱা বেগটোত থোৱা পত্নীৰ গাভৰুকালৰ ফটোখন চাবলৈ নাপাই হোৱা অস্থিৰতা আৰু পো-বোৱাৰীৰ পৰা লুকুৱাই থোৱা সেই অস্থিৰতা শাম কাটি আশাভংগ হৈছে এমাহৰ পাছত ঘৰৰে টেবুল এখনৰ তলত হেৰাই পোৱা বেগটোত যেতিয়া পত্নীৰ ফটোখন উৱঁলি গৈ মুখখনৰ চিন-মোকাম নোহোৱা হৈ পৰিছিল। লেখকৰ বৰ্ণনা মনোগ্ৰাহী আৰু সাৱলীল, সেয়ে বিষয়বস্তু গতানুগতিক হলেও পাঠকক ধৰি ৰাখিব পাৰে। কৰ্পৰেট জগতৰ জাকজমকতাৰ আঁৰৰ পৃথিৱীখন স্পষ্টভাবে ফুটি উঠিছে 'মই কেনে আছো' গল্পটোত। সন্তান কর্মক্ষম হৈ স্বনিৰ্ভৰশীল হ'লে পিতৃ-মাতৃয়ে বিচাৰে সেই সন্তানে তেওঁলোকৰ যত্ন লওক, সময় দিয়ক আৰু প্ৰয়োজনত সকলো কাম-বন এৰি থৈ তেওঁলোকৰ কাষলৈ দৌৰি আহক-এনে ভাৱধাৰা এটি সাধাৰণতে মানুহৰ মাজত বা সাধাৰণতে অন্য গল্প, উপন্যাস অথবা চিনেমা আদিত দেখিবলৈ পোৱা যায়। এনে পৰিস্থিতিত সন্তানৰ পক্ষতো চৰ্চা কৰা দেখা নাযায়। এই গল্পটোত তাৰ বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে। অশেষ ইচ্ছা থকাৰ স্বত্বেও প্ৰয়োজনত পত্নী, মাতৃৰ কাষত থিয় দিবলৈ সুযোগ নোপোৱা কৰ্পৰেট এক্সজুকিউটিভৰ ব্যস্ত জীৱন আৰু অন্তৰ্দ্বন্দ্বৰ এখন স্পষ্ট ছবি ফুটি উঠিছে।

"আচলতে পকা চুলিকেইডাল নহয়, কেতিয়াবা মোৰ এই বগা ৰংটো দেখিহে অসহ্য লাগে।..." । 'জীৱনৰ ৰং' গল্পটোৰ এইশাৰী বাক্যই গল্পটোৰ বহু কথাই কৈ যায়। নায়কে অৰ্থাৎ মূল চৰিত্ৰটোৱে বিধবা আৰু নিজতকৈ বয়সত ডাঙৰ প্ৰেয়সীৰ জীৱনলৈ দাম্পত্যৰ ৰং চটিয়ায়। কিন্তু গল্পটোৰ শেষাংশত নায়ক প্ৰথম অংশৰ দৰে শক্তিশালী হৈ ধৰা নিদিলে। পৰিস্থিতিয়েহে 'বিধবা বিবাহ'খন সম্পন্ন হোৱাত আগভাগ ললে, তাত নায়কৰ চেষ্টা শূণ্য। কিন্তু মসৃণ বৰ্ণনাই সুখপাঠ্য কৰি তোলা গল্‌প এইটো।

'চোৰ আহিছে ধৰ ধৰ' স্বাদ আনকেইটাতকৈ সামান্য বেলেগ, এডভেন্সাৰ ধর্মী। ৰাতুলৰ প্ৰাক্তন প্ৰেমিকা মাধুৰীক পুনৰ লাভ কৰিবলৈ প্ৰেমিকাৰ ঘৰতে থাকি প্ৰেমিকাৰ স্বামী মাধেৰ আগত কৰা অভিনয় তথা গোপন অভিসাৰ যাৰ বিষয়ে তেনেই অজ্ঞ আছিল মাধে। মাধে চোৰে পত্নীৰ মন ৰাখিবলৈ চুৰি বৃত্তি এৰি কৰ্ম কৰি খাবলৈ আৰম্ভ কৰি নিজকে সলনি কৰিছিলহে, তেতিয়াই পত্নী মাধুৰী প্ৰেমিক ৰাতুলৰ সৈতে গুছি গৈছিল। গাওঁবুঢ়াক গোচৰ দিবলৈ গৈহে অনুভৱ কৰিছিল তেওঁৰ অলক্ষিতে ইমান দিনে চলি থকা গোপন খেলখনৰ কথা। আগৰাতি যেতিয়া ৰাতুলে ষড়যন্ত্ৰ কৰি মাধেক অত্যধিক মদ্যপান কৰাই আছিল তেতিয়া তেওঁ দেখিছিল পত্নীৰ কপালৰ আধা মচা সেন্দুৰৰ ফোঁটটো, যিয়ে ৰাতুল আৰু মাধেৰ পত্নীৰ অবৈধ সম্পৰ্কটো প্ৰতিকীৰূপত প্ৰকাশ কৰিছে। পেটৰ দায়ত কৰা চৌৰ্য কৰ্মৰ বাবে নিতৌ বিভিন্ন ধৰণেৰে বিভিন্নজনৰ দ্বাৰা লাঞ্চিত হোৱা মাধে চোৰৰ পত্নীক হৰণ কৰি নিয়া খবৰটো দিওঁতে ৰস পাই হাঁহি উৰুৱাই দিয়া গাওঁবুঢ়াজনৰ দৰে তৰাং মনোবৃত্তিৰ, দ্বায়িত্বপূৰ্ণ পদবীত থাকিও দ্বায়িত্ব জ্ঞানহীন মানুহৰ সংখ্যা আমাৰ সমাজত কম নহয়। চোৰ বাবেই ন্যায়ৰ যোগ্য নহ'ল মাধে! পঢ়ি ভাল পালোঁ।
'একত্ৰিছ ডিচেম্বৰৰ সন্ধিয়া'ই আবেগিক কৰি তুলিলে। কাৰোবাৰ সুখৰ মুহূৰ্ততে আন কাৰোবাৰ জীৱনলৈ অমানিশা নামি আহিব পাৰে। জীৱন বৰ অনিশ্চয়তা আৰু স্বাৰ্থপৰতাৰ খেল। ক্ষণে ক্ষণে ৰং সলোৱা জীৱনৰ হাঁহি-কান্দোন সুষমভাৱে উপস্থাপন কৰিছে লেখকে। প্ৰতিজন বিবেকবান পাঠকৰ মগজুত টুকুৰিয়াই যাব এইটো গল্পই! অসমৰ সাংস্কৃতিক জগতলৈ নীৰৱে অনেক বৰঙণি যোগাই জীৱনৰ কৰ্মক্ষম সময়খিনি পাৰ কৰি দিয়া বহু শিল্পীয়ে অবৰ্ণনীয় অভাৱ-অনাটনত জীৱনৰ শেষ সময়ছোৱা কটাবলগীয়া হয়। তেওঁলোকৰ প্ৰতিভা তথা সমাজলৈ বৰঙণিয়ে যথোপযুক্ত স্বীকৃতি নাপায়। তেনেকৈয়ে তেওঁলোক ইতিহাসত পৰিণত হয়। তেনেকুৱা শিল্পী এজনৰ দুৰ্দশাৰ এখন ছবি ফুটাই তোলাত গল্পকাৰ সফল হৈছে 'মহেন ঢুলীয়াৰ ঢোল' নামৰ গল্পটোত। আৰ্থিক নাটনিয়ে জুৰুলা কৰা মহেন ঢুলীয়াই যেতিয়া সম্বৰ্ধনা সভাৰ পৰা ঘূৰি আহোঁতে টেক্সিখনৰ তেলৰ দাম দিবলৈ পইচা মিলাবলৈ চাৰি বছৰীয়া নাতিয়েকৰ চুৱেটাৰ কিনিবলৈ বুলি থোৱা পইচাকেইটাও দিবলগীয়া হ'ল তেতিয়াই যেন গোটেই জীৱন সাঁচি থোৱা ঢোলৰ প্ৰেমৰ বিপৰীতে সংগোপনে থিতাপি লোৱা ক্ষোভৰ উদ্গীৰণ ঘটিল। ফলত জ্বলাবলৈ বুলি চোতালৰ মাজত জ্বলি থকা জুইকুৰাৰ কাষলৈ ঢোলটো টানি নিয়ে।'খবৰ' গল্পটোত শিক্ষিত নিবনুৱা এজনৰ মানসিক অৱস্থা বুজোৱাত লেখক সফল হৈছে। 'সময়ো যে থমকি ৰয়', 'টাইমিং', 'কালি, আজি আৰু..' আটাইকেইটা গল্পই আমাৰ নিচিনা সাধাৰণ মানুহৰ গল্প। আশা, আশা ভংগৰ হাহাকাৰ, দুখ, সুখ, হাঁহি, কান্দোনবোৰ যেন বিচাৰি পাওঁ চৰিত্ৰবোৰৰ মাজত।
সংকলনটোত আমি ভাল পোৱা আটাইতকৈ ভাল গল্প দুটা হল 'আইনষ্টাইন আৰু এযোৰ জোতা' 'আৰু সমাপ্তিৰ আৰম্ভণি'এটা সাধাৰণ প্ৰয়োজনীয় বস্তু সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ  ৰুচি তথা সামৰ্থ্যৰ মাপকাঠি হ'ব পাৰে। কাৰোবাৰ এৰেহাই কাৰোবাৰ সপোন 'ব পাৰে! 'আইনষ্টাইন আৰু এযোৰ জোতা' সেয়ে এটা মৰ্মস্পৰ্শী গল্প। এই গল্প এসময়ত প্ৰান্তিক আলোচনী, তাৰ পাছত অসমৰ আগশাৰীৰ এক প্ৰকাশন প্ৰতিষ্ঠানআঁকবাকএ প্ৰকাশ কৰা 'বছৰৰ গল্প'ত পঢ়ি আপ্লুত হৈছিলোঁ। গল্পৰ পৰীক্ষা-নিৰীক্ষা তথা জটিলতাৰ পৰা দূৰত থকা গল্পকাৰজনৰ লেখন শৈলীৰ বিপৰীতে যোৱা গল্প হ''সমাপ্তিৰ আৰম্ভণি'উচ্চশিক্ষিতা মূল নাৰী চৰিত্ৰটোৰ উচ্চশিক্ষিত আৰু ডাঙৰ চহৰত কৰ্মৰত প্ৰেমিকৰ ঠেক চিন্তাই দিয়া মানসিক অৱসাদ আৰু তাৰ পৰা মুক্তি পাবলৈ সদায় দেখি থকা সাধাৰণ ল'ৰা এজনৰ সৈতে হোৱা কাল্পনিক কথা-বতৰাই গল্পটো আগবঢ়াই নিছে আৰু শেষলৈ এক সফল সমাপ্তিৰে নায়িকাক প্ৰেমিকক এৰি নিজক ভাল পাবলৈ শিকাইছে। গ্ৰন্থখনৰ শিৰোনাম শীৰ্ষক গল্পটো অৰ্থাৎ 'আৰু এদিন এনেকৈয়ে'ত সততা আৰু দুৰ্নীতিৰ মাজৰ অঘোষিত যুজঁখন আৰু ইয়াৰ ফলাফল স্পষ্টকৈ প্ৰতিফলিত হৈছে। শেষলৈ সততাৰেই জয় হৈছে, সেই চেতনাই গল্পৰ নায়কক পিতৃৰ সততাই আনি দিয়া বৈষয়িক সুখৰ অভাৱে দিয়া ক্ষোভ আঁতৰাই এক যোগাত্মক জীৱন যাত্ৰা আৰম্ভ কৰাত সহায়ক হৈছে।
 কিছুমান গল্পৰ পটভূমি সাম্প্ৰতিক সময়ত কৈ বহু পিছপৰা, যেনে 'মাজতে বোৱঁতী নৈ' শীৰ্ষক গল্পটো 1950চনৰ বৰ ভুঁইকপৰ পাছৰ পটভূমিত ৰচিত। পটভূমিৰ বৰ্ণনা পঢ়িলে শ্ৰদ্ধেয় লক্ষ্মীনন্দন বৰাদেৱৰ 'গঙা চিলনীৰ পাখি' আদি উপন্যাসত বৰ্ণিত গ্ৰাম্য পৰিৱেশ এটি চকুত ভাঁহি উঠে। এই গল্পটো সুন্দৰকৈ আগবাঢ়ি গৈ গল্পটোৰ পঞ্চম ভাগৰ শেষৰ অংশটোত সামান্য উজুটি খালে। ইয়াত যি সময়ৰ কথা বৰ্ণিত হৈছে সেই সময় অসমীয়া সমাজত এগৰাকী আঢ্যৱন্ত ঘৰৰ বোৱাৰীয়ে জীৱনৰ বিয়লি বেলাত প্ৰাক্তন প্ৰেমিকৰ সৈতে গাঁৱৰ এমূৰে থকা প্ৰেমিকৰ দোকানলৈ সদায় সময় কটাবলৈ যোৱাটো কিছু অবাস্তৱ যেন লাগিল। অৱশ্যে এয়া আমাৰ ব্যক্তিগত মতামত।
 গল্পবোৰৰ বেছিভাগৰে মূল চৰিত্ৰবোৰ পুৰুষ। সকলো গল্পতে পাঠকলৈ মেচেজ নাই। চৰিত্ৰ চয়ন, ভাষাৰ লালিত্য, প্ৰতিকী বৰ্ণনা তথা সুক্ষ্ম পৰ্যবেক্ষণৰ বাবে গল্পবোৰ সুপঠিতব্য। গল্পকাৰৰ এই যাত্ৰা থমকি নৰওক!

***

No comments:

Post a Comment