Friday, February 2, 2018

ধোঁৱা” (গল্প)
নৈৰ ফালৰ খিৰীকিখনেৰে সোমাই অহা ফেৰফেৰীয়া বতাহজাকে মাজে মাজে নীনাৰ হাড়লৈকে কঁপাই তুলিছে। ফেব্ৰুৱাৰী মাহে শীতৰ প্ৰকোপ কমাইছিল যদিও আৱতৰীয়া বৰষুণজাকে পুনৰ নমাই আনিলে। ডাঙৰ হলটোৰ মুকলি, এঠাইত থোৱা বাৰ-বি-কিউটোত জ্বলি থকা কয়লাকেইডোখৰ বতাহজাকৰ পৰশত ৰঙাকৈ জিলিকি উঠিল। দুই-এটা মিহি ফট্ ফট্ শব্দেৰে ফুটিবলৈ আৰম্ভ কৰাত নীনাই গৈ খিৰিকীখন বন্ধ কৰি দিলে। বাটাৰৰ সৈতে পোৰা মাংসৰ লোভনীয় গোন্ধ এটা ঘৰখনত বিয়পি পৰিছে। সৰু টুলখন টানি আনি তাই জুইকুৰাৰ কাষতে বহিল। শ্লীভলেছ ব্লাউজেৰে জিয়া পাখিহেন শাৰীখনে তাইক উম দিব পৰা নাই, তথাপিও শীতক ৰুধিবলৈ তাই আজি কাপোৰৰ অাশ্ৰয় নলয়। জুইৰ কাষত বহি নিজে একুৰা জুই যেন হৈ ৰাজীৱলৈ অপেক্ষা কৰি আছে।
হাতৰ তলুৱা দুখন ইখনৰ ওপৰত সিখন ঘঁহি তাই বাৰ-বি-কিউটোৰ ওপৰত মেলি ধৰিলে। কোমল উম এটাই সাৱটি ধৰিলে তাইক। কাষৰ ডাইনিং টেবুলত সজাই থোৱা সামগ্ৰীখিনি চালে তাই। সকলো আয়োজন সমাপ্ত। বিদেশী স্কটচ্ হুইচকী, ফলমূল, সুগঢ়ী, সিহঁতৰ অভিজাত ফ্লেটটোৰ অন্যান্য অাচবাবৰ সৈতে খাপ খোৱা গিলাছ, চ'ডা...।
'থং'(চেপেনা)ডালেৰে কয়লা কেইটা পুনৰ সামান্য লৰাই-চৰাই দিলে তাই। ইতিমধ্যে কোঠাটোৰ পৰা শীত গুছি কুহুমীয়া হৈ পৰিছিল বতাহ। তাই উঠি গৈ ড্ৰয়িং ৰুমৰ গধূৰ পৰ্দাখন ডাঙি খিৰিকীৰে তললৈ চালে। ৰাস্তাটো ভালকৈ দেখা পাই এইখন খিৰিকীৰে। নৈপৰীয়া পথটো প্ৰায় জনশূন্য। ৰাস্তাৰ সিপাৰে নৈখন ধূসৰ হৈ আছিল। কালিলৈকে ধূলিয়ে ধূসৰ কৰিছিল। আজি হয়তো সেয়া কুঁৱলী আছিল। আন্ধাৰ হোৱাৰ আগে আগে তাই দেখিছিল। আজি তাই সোনকালে ঘৰলৈ ঘুৰিছিল কেৱল এই বিশেষ সময়কণৰ আয়োজনৰ বাবে। তাই পুনৰ ঘূৰি আহি অইন এপাত চেপেনাৰে মাংসকেইডোখৰ লুটিয়াই দিলে। ঘড়ীটো চালে, ৰাজীৱ অফিচৰ পৰা ঘুৰিবৰ সময় হৈছে।
কলিং বেলৰ শব্দত তাই বেডৰুমলৈ দৌৰি গ'ল। তাইৰ নিখুঁত সৌন্দৰ্যক উজলায় তুলিব পৰাকৈ তাই নিজকে সজায়েই থৈছিল। আইনাত এবাৰ ঘুৰি পকি নিজকে চাই ধুনীয়া, ঢৌ খেলা চুলিখিনিত এবাৰ আঙুলি বোলাই ওলায় গ'ল। দুৱাৰত ৰাজীৱ। তাইৰ ভুৱন বোলোৱা হাঁহিটোৱে আশ্বৰ্যচকিত কৰি পেলালে তাক। তাইকে চাই চাই দুৱাৰৰ চৌকাঠত ধৰি সি বাহিৰতে ৰ'ল।
:কি হ'ল নাহা নেকি ভিতৰলৈ?
:ক'ৰবালৈ যোৱা নেকি?
:কিয়?
:ইমান সাজি-কাছি আছা যে?
:ইছ..! সাজোন-কাছোন কেৱল ক'ৰবালৈ যাবলৈহে নেকি?
:নহ'লে?
হাতত ধৰি তাক ভিতৰলৈ টানি আনি তাই দুৱাৰখন বন্ধ কৰি দিলে। ভিতৰলৈ আহি সি সিখন হাতেৰে তাইৰ কঁকালত মেৰিয়াই ধৰিলে। তাৰ নিজৰে বিশ্বাস হোৱা নাই। ইমান ধুনীয়া লাগিছে তাইক আজি! সদায় অফিচৰ পৰা ঘূৰি আহি লগ পোৱা, নাইটী পিন্ধি দুৱাৰ খুলি দিয়া ভাগৰুৱা নীনা নহয় এয়া। সেই বিয়াৰ আগৰ নীনা নামৰ চঞ্চলা নৈখনহে যেন...। তাৰ বাহুবন্ধনৰ পৰা ওলাই তাই বাৰ-বি-কিউটোৰ ওচৰলৈ গ'ল। সিও পিছে পিছে গ'ল। আয়োজন দেখি তাৰ মনটোৱে গোটেই আগৰ বছৰকেইটাত ভ্ৰমি আহিলগৈ এবাৰ। ক'তা! আজিছোন একো বিশেষ দিন হয় যেন লগা নাই। নীনাক আকৌ আলফুলে পাছফালৰ পৰা মেৰিয়াই ধৰিলে সি। কাণত মুখখন লগাই ভয়ে ভয়ে সুধিলে 'আজি কিবা অাছিল নেকি?" কথাষাৰ সুধি সি কিছুদেৰি টলকা মাৰি থাকিল। কাৰণ প্ৰশ্নটো বৰ সাংঘাটিক। ই নীনাৰ মুড এক মুহুৰ্ততে সলনি কৰি দিব পাৰে যদিহে আজি বিশেষ কিবা দিন আছিল আৰু সেই বিশেষত্ব কি সেয়া যদি সি পাহৰিছে। ছেঃ! তাৰ আজিকালি ঘৰ আৰু নীনাৰ কথা একোৱেই মনত নাথাকে। পিছে তেনে একো নহ'ল। তাই ঠাইতে লাহেকৈ তাৰ ফালে ঘূৰিল। তাৰ বুকুতে নিজকে হাউলাই লাহে লাহে ক'লে, 'কিয়, একো 'অকেজ্যন' নথকাকৈ আমি চেলিব্ৰেট কৰিব নোৱাৰো নেকি? তোমাৰ মনত আছে আমি 'লাষ্ট' কেতিয়া এনেকৈ সময় কটাইছিলো? লাইফটো ইমান ব'ৰ হৈ গৈছে। অফিছ, চেম্বাৰৰ নামত আমি দুয়ো দুয়োৰে পৰা ইমান আঁতৰি গৈছো? তোমাৰ বেয়া নালাগে?"
সঁচাকৈ বহুতদিন সিহঁতে ভালকৈ কথাই পতা নাই। এনেকৈ সময় কটোৱাটো দূৰৰ কথা। যি নীনাৰ ক্ষন্তেক সংগৰ বাবে সি বিয়াৰ আগতে ব্যাকুল হৈ থাকিছিল আজি তাইৰ উপস্থিতিয়ে তাৰ ওপৰত কোনো প্ৰভাৱেই নেপেলায়। নীনা!...আস... কিমান দিন সি তাইক মৰমেৰে কাষ চপাই লোৱা নাই! ফ্ৰেছ হৈ বাথৰুমৰ পৰা সি ওলাই মানে নীনা ডাইনিং কোঠাত ব্যস্ত আছিল। সি অহাৰ লগে লগে তাইৰ পদুম ঠাৰি যেন হাতেৰে ধৰি থকা গিলাছটোৰ ঈষৎ ৰঙীণ পানীখিনিয়ে তাৰ ওঁঠ স্পৰ্শ কৰিলে। ইমান ভাল লাগিছে আজি তাৰ নিজৰ ঘৰখন। নীনাই সদায় যদি সাজি-কাছি তাক স্বাগতম জনালেহয়! সি বহুদিনৰ মূৰত তাইক ভালকৈ আপাদমস্তক চালে। তাইৰ ঢৌ খেলোৱা চুলি, আয়ত আবেদনময় চকু, মিহি গাৰ ছাল, নিৰ্মেদ শৰীৰ একেই আছে। খুব যতনেৰে 'মেইনটেইন' কৰিছে তাই সকলোবোৰ। পাতল সেউজীয়া শাৰীয়ে ঢাকিব নোৱাৰা তাইৰ খামুছীয়া কঁকালটোত চকু পৰি সি শিঁহৰিত হৈ পৰিল। ইতিমধ্যে কেইবা গিলাছো পানীয় তাৰ উদৰস্থ হৈছে। নীনাৰ চঞ্চলা শৰীৰটোৰ সৈতে যেন কোঠাটোৰ অইন বস্তুবোৰেও নাচিবলৈ ধৰিছে। তাৰ বাগৰি পৰো পৰো যেন লাগিল। কাষতে থকা নীনাক ঠাপ মাৰি ধৰিলে। তাইও যেন এইটো মুহুৰ্তলৈহে বাদ চাই আছিল।
:নীনা, মোৰ জান
:হুমমম
:ইমান ধুনীয়া তুমি..
:ইছ...ছ
:অ' জান... লৱ ইউ
:মিছা..
:কি মিছা?
:মোক ভাল নোপোৱা আজিকালি..
ৰাজীৱৰ বাহুবন্ধন কঠিন হ'ল। কাণত ফুচফুচাই ক'লে নীনাক..
:কিয় তেনেকৈ কোৱা জান?.. আই ৰিয়েলি লৱ ইউ...
:হয় নেকি?
:ও আকৌ..সেইটো ক'ব লাগে নেকি?
:এটা কথা কোৱাছোন
:উমমম... তাইৰ চুলিত নাকটো গুজি থাকি সি ক'লে।
:মোক বেছি ভাল পোৱা নে ৰিত্বিকাক ভাল পোৱা?
নীনাৰ পিঠিত বগাই থকা ৰাজীৱৰ হাতখন থমকি ৰ'ল। "কি? কি কৈছা?"
:মোক বেছি ভাল পোৱা নে ৰিত্বিকাক বেছি ভাল পোৱা?
:কি যে সোধা নহয়.. ইয়াত ৰিত্বিকাৰ কথা ক'ৰ পৰা ওলাল অাকৌ?
নিঃশব্দে হাঁহিলে নীনাই..
:ৰিয়েলি?? মুখখন তাৰ ডিঙিৰ পৰা গুছাই চকু তুলি তাৰ চকুত থ'লে..
:ৰিত্বিকাৰ কথা উলিয়াব নালাগে?
ৰাজীৱৰ চকুত কৌতুহল। নীৰৱ। তাই আকৌ ক'লে, "কিয় নালাগে তাইৰ কথা উলিয়াব?"
:তোমাৰ আৰু মোৰ মাজত তাইৰ কথা ক'ৰ পৰা আহিল?
:কিয়? তাইতো অলৰেডী আমাৰ মাজত সোমাইছে। নাই সোমোৱা নেকি? মই চব জানো..
:চব জানা? কি জানা? তাইক সামান্য ঠেলি সি তাইৰ মুখলৈ চালে। ৰহস্যময় হাঁহি তাইৰ মুখত।
হাঁহিটোৱে তাক শেলি গ'ল। অহ! এয়া নীনাৰ কি ৰূপ!
সি আকৌ সাৱটি ধৰিলে তাইক। "প্লিজ জান, ইমান ধুনীয়া মুডটো অফ নকৰিবা..আহানা.."। তাই পুনৰ তাৰ বাহুবন্ধনত। তাৰ গালতে নাকটো লগাই ক'লে, "প্লিজ, অভিনয় নকৰিবানা..মই সকলো গম পাইছো। ৰিত্বিকাৰ ঘৰৰ বাইজনীয়ে মোক সকলো কৈছে। তুমি যোৱামাহত ট্যুৰত যাওঁ বুলি যে তাইৰ ফ্লেটত সোমাই আছিলাগৈ মই সেয়াও জানো!.... চব জানো মই..চব..তাই আনকি দৰকাৰ হ'লে বাইজনীয়ে কোৰ্টত সাক্ষী দিম বুলিও কৈছে।"
গাটো বৰ দুৰ্বল যেন লাগিল ৰাজীৱৰ। অসহায় দৃষ্টিৰে তাইলৈ চালে। মুখৰ ভাষা হেৰাল। তাক যেন এসোপা মানুহৰ আগতে নীনাই উলংগ কৰি দিলে। তাইক কাষতে পোৱাৰ বাসনাই তালৈ চাই ভ্ৰুকূটি কৰিছে। সি নীনাক হেৰুৱাব নেকি বাৰু? পৰিয়ালৰ মানুহে গম পালে তাৰ মান-সন্মান ক'ত থাকিব? থৰ লাগি থাকোতেই তাই আকৌ তাক সাৱটি ধৰিলেহি। নিজকে বহুত সংযত কৰি সি ক'লে,
:কি যে কোৱা জান.. কোৰ্টৰ কথা কিয় কৈছানো? তুমি মই নহলে থাকিব পাৰিবা?
:তুমি যদি পাৰা মই কিয় নোৱাৰিম?
:মই নোৱাৰোঁ... লৱ ইউ..প্লিজ
এনেকুৱা কথা নক'বা
:নাযাওঁ, কেতিয়াও কোৰ্ট নাযাওঁ...ভাল পাওঁ তোমাক.. তোমাক এৰি থাকিব নোৱাৰোঁ। কিন্তু.. কিন্তু তুমি মোৰ বাহিৰে অইন এজনী ছোৱালীক কেনেকৈ চুব পাৰিলা? কেনেকৈ?... মই পাগল হৈ গৈছিলোঁ প্ৰথমে কথাবোৰ শুনি.. কেনেকৈ সম্ভৱ! তাইৰ কথাবোৰ কঁপি কঁপি ওলাইছে। নীনাই কান্দিছে! সি পুনৰ সাৱটি ধৰিলে তাইক।
:নাকান্দিবা প্লিজ..নাকান্দিবা..মোৰ ভুল হৈছিল..
:উমম..জানো ভুল হৈছিল। সকলোৱে ভুল কৰে। কিন্তু ইমান ভাল পাওঁ তোমাক, কেনেকৈ মানি লওঁ তুমি তোমাৰ এই শৰীৰটো মোৰ বাহিৰে আন কাৰোবাক দিছা বুলি...? .
: চৰী... আই এম চৰী..
:ইমান ডাঙৰ cheat কৰি চৰী ক'লেই সকলো নোহোৱা হৈ নাযায়... মই সহ্য কৰিব নোৱাৰিলো তোমাৰ ৰিত্বিকাৰ লগত সম্পৰ্কৰ কথা...সেই কাৰণে মই..
: কি? কি সেইকাৰণে মই..?
:মই...মই ...ম্মই এদিন তোমাৰ বন্ধু শুভমৰ লগত শুই দিলোঁ.... তাৰ পাছত মোৰ সকলো খং কমি গ'ল জানা? হিচাপ 'বৰাবৰ' হৈ গ'ল আমাৰ.. মোকো তুমি মাফ কৰিবা...তাৰ ডিঙিত নাক-ওঁঠ ঘঁহি ঘঁহি তাই ক'লে। পৃথিৱীখন যেন স্তব্ধহে হৈ পৰিল ৰাজীৱৰ।
:কি? কি কলি? কুকুৰণী..!
সি ঠেলা মাৰি আঁতৰাই দিয়াত নীনাই কেইফুটমান দূৰত গৈ কোনোমতে নিজকে চম্ভালি ল'লে। ডাইনিং টেবুলখনৰ চকীত ধৰি তাই তাৰ ফালে চাই দুৰ্বোধ্য হাঁহি এটা মাৰিলে। সেই হাঁহিটোৱে তাৰ চকুত জ্বলি থকা জুইকুৰাত ঘিউ হে ঢালিলে যেন! থৰক-বৰক খোজেৰে সি তাইৰ ফালে আগুৱাই গ'ল। নিচা লাগিছে তাৰ, ভীষণ নিচা। "তোক আজি শেষেই কৰি দিম মই! শুভমৰ লগত শুইছ তই? ৰাজীৱ বৰুৱাৰ ৱাইফে বেলেগ মতাৰ লগত শুইছে.. থুই (অশ্লীল)!" কথাবোৰো দোৰোল খাইছে তাৰ। পৃথিৱীখন শুইছে শীতৰ আমেজ লৈ। সিহঁতৰ মাত কথাবোৰ বাহিৰলৈ নাযাবলৈ নীনাই ডাইনিং টেবুলৰ ওপৰত থকা ৰিমোটটোৰে হোম থিয়েটাৰটো অন কৰি মধ্যমীয়া ভলিউমত থ'লে। যাতে বাহিৰলৈ শব্দবোৰ গ'লেও দুটা শব্দৰ সংমিশ্ৰণত শব্দবোৰ অবোধ্য হৈহে যায়। নীনাৰ কাষ পাই ৰাজীৱে টেবুলৰ ওপৰত ফল-মূলৰ সৰু পাছিটোৰ কাষৰ পৰা চুৰিখন উঠাই ল'লে আৰু সেইখন নীনাৰ ডিঙিৰ কাষলৈ নিবলৈ ধৰিলে। কথা বিষম দেখি তাই জোৰেৰে ঠেলা মাৰি দিলে তাক। নিচাগ্ৰস্ত ৰাজীৱে সমতা ৰাখিব নোৱাৰি দেহাটো কেইবাটাও ভাঁজ লগাই অৱশেষত মজিয়াত বাগৰি পৰিল। হাতৰ পৰা সৰি মাটিত পৰি ৰোৱা চুৰিখন এইবাৰ নীনাই সাউৎকৈ উঠাই ল'লে আৰু এখোজ-দুখোজকৈ তাৰ ফালে আগবাঢ়িল। তাকে দেখি ৰাজীৱ বাগৰি থকাৰ পৰা উঠিব খুজিছিল, তাই ঠেলা মাৰি দিয়াত আকৌ বাগৰি পৰিল। চকুদুটা তাইৰ খঙতে বহল হৈ গৈছে। তাকে দেখি আত্মসমৰ্পণ কৰা হৰিণাৰ দৰে হৈ পৰিছে ৰাজীৱ নামৰ ছয়ফুটীয়া, পেশীবহুল সুদৰ্শন ডেকাজন। অত্যধিক সুৰাপান কৰাৰ বাবে তাৰ পুৰুষ দেহাটোৱে ক্ষীণাংগী যুৱতী এগৰাকীৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছে।
চুৰিখন তাৰ ডিঙিৰ সোঁমাজত লগাই দাঁত কৰচি তাই ক'লে, "লাভ নাই..উঠিবলৈ চেষ্টা কৰি লাভ নাই তোৰ.. আৰু এইখনৰে মই তোক একো নকৰোঁ। অলৰেডি তই মৃত্যু পথৰ যাত্ৰী। তোৰ ড্ৰিংকছত পইজন মিলাই দিছো মই" খঙত কথাখিনি কৈ তাই ফোঁপাইছে।
কাতৰ দৃষ্টিৰে ৰাজীৱে তাইৰ ফালে চালে। মুখমণ্ডলৰ কঠোৰ অভিব্যক্তি ঢাকি আকৌ হাঁহিলে তাই বেঁকাকৈ। যেন কোনোবা নাটকৰ অভিনেত্ৰী তাই।
:ডা. নীনা চলিহাক ঠগি সাৰি যোৱা ইমান সহজ নহয় মি. ৰাজীৱ বৰুৱা। ইউ হেভ টু পে' ফৰ দিছ"
বিষ মিলোৱাৰ কথা শুনি ৰাজীৱে তাইক কাকুতি-মিনতি কৰিবলৈ ধৰিলে।
:প্লিজ নীনা, টেক মি টু হস্পিটেল..প্লিজ..নীনা... আই ড'ণ্ট ৱাণ্ট টু ডাই
তাৰ কথাবোৰ কান্দি কান্দি কোৱাৰ দৰে ওলাইছে। তাৰ এই শোচনীয় ৰূপ দেখি জিলিকি উঠিছে নীনাৰ চকু! খিলখিলাই হাঁহি উঠিল তাই। "হস্পিটেল? মই বিষ দিম, ময়েই হস্পিটেল নিম তোক? তই নিজে পাগল নে মোক মূৰ্খ বুলি ভাব মি. বৰুৱা? Dr. নীনা চলিহাক চিনি নাপালি আজিলৈকে? ইমান সহজ? হু??.. নীনা চলিহাৰ চকুত ধূলি দি সাৰি যাব পৰা নাই আজিলৈকে কোনো আৰু তই এক্সপেক্ট কৰিছ মই তোক ইমান সহজে এৰি দিম?'
:প্লিজ নীনা, প্লিজ..মোক মাফ কৰা..মই ৰিত্বিকাক বেলেগ অফিচলৈ ট্ৰান্সফাৰ কৰি দিম..আমি নতুনকৈ স্টাৰ্ট কৰিম লাইফটো...প্লিজ, মোক মৰিবলৈ নিদিবা...
:চুপ! একদম চুপ!! কি কৈছিলি মোক? (অশ্লীল)? তই বেলেগ ছোৱালীৰ লগত শুলে মই মাফ কৰি দিব লাগে আৰু মই শুলে মই (অশ্লীল) হৈ যাওঁ? ডা. নীনা চলিহা কি এনেকুৱা মানুহ? মন গলেই আঁকোৱালি ল'বি..মন গ'লেই cheat কৰিবি?...ন'..নেভাৰ...ইউ হেভ টু পে' ৱিথ ইয়ৰ লাইফ... এণ্ড ইউ ড'ণ্ট হেভ টু ৱৰী... তই তাত অকলে থাকিব নালাগে.. মই অতি সোনকালে ৰিত্বিকাকো পঠিয়াই আছো তোৰ ওচৰলৈ।"
এইবাৰ হাউ হাউকৈ কান্দিলে ৰাজীৱে। শান্ত-সৌম্য নীনাৰ এইয়া কি ৰূপ? আচৰিত! অবিশ্বাস্য! অকল্পনীয়! ঘৰৰ কামকৰা মানুহকো তুমি সম্বোধন কৰা নীনাই তাক তই সম্বোধন কৰি কথা কৈছে। হয়! হয়!! তাই বিষো মিলাইছে তাৰ ড্ৰিংকচত। অহ! তাৰ গাটো অৱশ হৈ আহিছে... এসময়ত নীৰৱ হৈ গ'ল ৰাজীৱ। দুই চকুৰ কোণেদি দুধাৰি লোটক কাণৰ কাষেৰে বৈ গ'ল।
****
পূৱাৰ ৰ'দজাক ওলোৱাৰ লগে লগে নৈপৰীয়া শীতল বতাহজাকত আগৰাতিৰ বৰ্ষাস্নাত গছ-বনবোৰ চিক-মিকাই হালি-জালি নাচি উঠিছে। দুদিন আগৰ ধূলিৰ তৰপবোৰ নাই এতিয়া সিহঁতৰ দেহত। মুকলি সকলো। আকাশো, বতাহো। নৈখনৰ গাতে লাগি থকা ৰাস্তাটোৰ ফালে থকা ফ্লেট এটাৰ পৰা সুগন্ধি ধুপৰ ধোঁৱা ওলাই বতাহৰ সৈতে মিলি গৈছে। ধূপডালৰ লগে লগে গুণগুণকৈ গোৱা সুৰীয়া প্ৰাৰ্থনা এফাঁকিও বতাহৰ লগত মিলি গৈছে।
মেলোঁ নেমেলোঁকৈ চকুহাল মেলিলে ৰাজীৱে। আস! ইমান গধূৰ গধূৰ লাগিছে মূৰটো। বিষ! গুণগুণনিটো ধুপৰ সুগন্ধিৰে সৈতে শোৱনি কোঠা পালেহি। গা ধুই নীনাই সদায় কিবা মন্ত্ৰ মাতি মাতি ধূপ জ্বলাই গোটেই ফ্লেটটোত ঘূৰে আৰু শেষত ড্ৰয়িং ৰূমৰ এচুকত ৱালত থকা সৰু কাঠৰ ডিজাইনাৰ থাপনাখনত থকা পিতলৰ ধূপদানিটোত গুঁজি দিয়েগৈ। সকলোফালে আধুনিকা হ'লেও থাপনা এখন পাতি ধূপ-চাকি দিয়াৰ কথাটোৰ বাবে নীনাক তাৰ বৰ ভাল লাগে। তাৰ গাঁৱৰ ঘৰত তাৰ মাকে দিছিল পূৱা-গধূলি। আস! সি মাককো বহুদিন ফোন কৰা নাই। সকলো পাহৰি গৈছে সি ৰিত্বিকাৰ জালত পৰি। ৰাজীৱে নীনালৈ চালে। গুলপীয়া ফ্ৰকটোৰে তাইক ইমান যে শান্ত যেন লাগিছে। সেই কলেজৰ নীনাজনীহে যেন, যাক এদিনো নেদেখাকৈ থাকিব নোৱাৰিছিল সি। গুণগুণাই থাকিয়েই তাৰ ফালে চাই মিছিকিয়াই হাঁহিলে তাই, হাতখনে ধূপডাল লৈ শূণ্যত তেতিয়াও বৃত্ত আঁকি আছিল। সি হাঁহো বুলিও হাঁহিব নোৱাৰিলে তাইৰ মুখলৈ চায়। গোটেইখন যেন ৰহস্যময় হৈ পৰিছে। আগদিনা নীনাৰ সেই ভয়ানক ৰূপ আৰু এতিয়াৰ ৰূপটোৰ মাজত তাৰ মগজুৱে কোনো ধৰণে সমতা ৰাখি চিন্তা কৰিব পৰা নাই। সিটো সি মৰিল বুলিয়েই ভাবি আছিল অলপ আগলৈকে।
ধূপডাল থৈ আহি নীনা তাৰ কাষতে বিছনাত বহিল। তাইৰ পাঁজিসেৰীয়া আঙুলিকেইটা গালে-মুখে ফুৰাই দিলে তাৰ। "কি হ'ল জান? মূৰ বিষাইছে?" লেনিয়াই সুধিলে তাই। অইনদিনা তাইৰ এই মাতষাৰ শুনিলেই সি যেন মৰম আকলুৱা শিশু এটি হৈ পৰে।
:তুমি ৰাতি এনেকুৱা কিয় কৰিছিলা? গহীন মাতেৰে সি সুধিলে। নীনাৰ চেলাউৰি থূপ খালে।
:"মই? কি কৰিছিলো?"
:এক্টিং নকৰিবা..পাগলামি কিয় কৰিছিলা?
:তুমি কি কৈছা মই অকণো বুজা নাই।
সি মনে মনে থাকি তাইৰ মুখলৈ চালে। তাইৰ চকুৱে মুখে কৌতুহল। সঁচাই বাৰু একো হোৱা নাছিল নেকি ৰাতি? তাৰ ভ্ৰম আছিল নেকি বাৰু?
আগদিনা পূৱাই খুৰাই থোৱা কেঁচা-পকা মিহলি ডাঢ়িবোৰত সোঁহাতখন মোহাৰি কপাল কোঁচ খুৱাই সি মনে মনে ৰ'ল। তাই দুইহাতেৰে তাৰ মুখখন তুলি ধৰি আকৌ সুধিলে "কি হৈছে কোৱাছোন? কিবা বেয়া সপোন দেখিলা নেকি? ৰাতি গোঁ গোঁৱাই কিয় আছিলা তুমি?"
:এটা কথা কোৱাছোন, ৰাতি আমি কাজিয়া লগা নাছিলো?
:কাজিয়া? ধেই!! নাই কৰা!
তাইৰ মুখত লাজ অকণ ভাঁহি উঠা দেখি তাৰ আৰু আচৰিত লাগিল। অাকৌ সুধিলে সি, "তুমি কোৱা নাছিলা তুমি শুভমৰ সৈতে..."
:ছিঃ! কি যে কোৱা নহয়! মই আৰু সেই শুভমডালৰ লগত..? তাক দেখোন মই দেখিবই নোৱাৰোঁ।
পিছমুহুৰ্ততে খিলখিলাই হাঁহি উঠিল তাই, "ঐ, সপোন দেখিছা যদি বৰুণ ধাৱানৰ লগত মোক দেখিব নোৱাৰিলা? দেখিলা সেই শুভমডালৰ লগত...ধেৎ তেৰি..বেয়া পালো যোৱা"। ৰাজীৱৰ সঁচাই বিশ্বাস হ'ল সি সপোনেই দেখিছিল। ভাগ্যে সি শুভমৰ কথাহে ক'লে, ৰিত্বিকাৰ কথা যে নকলে। যা হওক, সেই নিৰ্লজ্জ অধ্যায়ৰ ইমানতে সামৰণি পৰক। স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী মাক-দেউতাকৰ মুখদুখন মনত ভাঁহি উঠিল। কোনো কাৰণত তাৰ বাবে তেওঁলোকৰ শিৰনত হ'বলৈ নিদিয়ে সি। সকাহ পোৱা মুখখনত মিচিকীয়া হাঁহি এটা অবাধ্য হৈ ওলাই আহিল। নীনাক টানি আনি কাষ চপাই ক'লে-
"আমি ক'ৰবাত ফুৰি আহোঁ ব'লা। আজিয়েই মই টিকট কৰিম গোৱালৈ যোৱাৰ..."
'ও, হ'ব কৰিবা, এতিয়া যোৱা, ব্ৰাছ কৰাগৈ" বুলি তাক বাথৰূমলৈ ঠেলি তাই কাষৰ বেডৰুমটোলৈ দৌৰিলে; সিটো কোঠাৰ অতিথিৰ বিছনাখনতে সেউজীয়া জিঁয়া পাখিহেন শাৰীখন পৰি আছিল!
(ছুটী ছবি এখনৰ ছাঁলৈ)
***

No comments:

Post a Comment