পাহৰিব নোৱাৰা কথা:
‘ধন-বিত
ইত্যাদি...’
এবাৰ ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ, টকা আৰু কিতাপৰ মাজত
কথাৰ কটা-কটি হৈছিল। কিতাপে টকাক কৈছিল, 'হেৰৌ টকা, তোক দেখিলে মোৰ বেয়াই
লাগে। মানুহে তোক কেনেকৈ ভাঁজ কৰি জেপত, বেগত, লুঙিৰ ভাঁজত সোমোৱাই লৈ
ফুৰে! মোক ইমান মৰম কৰি ৰাখে দেখিছ!" তেতিয়া
টকাই মিচিকিয়াই কৈছিল, "তথাপি মই পুৰণা হ'লেও কোনেও মোক কাবাৰীৱালাৰ
হাতত বিক্ৰী কৰি নিদিয়ে আৰু আজিলৈকে মই ডাষ্টবিন দেখা পোৱা নাই।“
টকা-পইছাক কথাতে হাতৰ মলি বুলি কোৱা হয়। ধন-বিত লেনদেন
কৰি মানুহ চিনিব পাৰি বুলি বিজ্ঞজনে কৈ গৈছে। সঁচাই মানুহৰ সৈতে টকা পইছা লেন-দেন
কৰিলেহে মানুহৰ আচল পৰিচয় পাব পাৰি বুলি নিজৰ অভিজ্ঞতাই কয়। প্ৰায় ষোল্লবছৰ মানৰ
আগৰ কথা। নতুনকৈ কেমেৰা থকা ম’বাইল ফোনবোৰ বজাৰত
আহিছেহে মাত্ৰ। আমাৰ কলেজীয়া পুৰণা বন্ধু এজনে বিশ নে
বাইছহাজাৰ টকীয়া দামী 'চনী
এৰিকচন'ৰ
ফোন এটা
কিনিছিল। সেইটো কিনাৰ কেইদিনমানৰ পাছত আৰু কেইজনমান বন্ধুৰ সৈতে বন্ধুজন বি. বৰুৱা
কলেজৰ ওচৰৰ ৰেষ্টুৰেন্ট এখনত খাবলৈ গ’ল। খাই আহি আটাইয়ে আমাৰ
ঘৰত আড্ডা দি থকাৰ কিছুদেৰিৰ পাছতহে গম পালে যে মোবাইল ফোনটো ৰেষ্টুৰেন্টখনতে এৰি
থৈ আহিল। তেওঁলোকে লগে লগে ৰেষ্টুৰেণ্টখনলৈ বিচাৰি
গ’ল
কিন্তু ফোনটো বিচাৰি নাপালে। মেনেজাৰজনে কৰ্মচাৰীকেইজনক মাতি আনি সুধিলে কিন্তু
কোনেও ফোনটো দেখা নাই বুলি ক’লে। তেনেতে এজনে ক’লে যে কোনোবা
কাষ্টমাৰে লৈ যাব পাৰে আৰু ভালকৈ মনত পেলোৱাত সেইখন টেবুলত মোৰ বন্ধুকেইজন
অহাৰ পাছত আন এজন সৰু কলেজীয়া ল’ৰা আহি বহিছিল আৰু সিয়েই নিব পাৰে
বুলি সন্দেহ হ’ল।
ল’ৰাজন
দোকানখনৰ নিয়মীয়া গ্ৰাহক আছিল বাবে দোকানখনৰ পৰাই ঘৰৰ ঠিকনা লৈ পিচদিনা
তাৰ ঘৰলৈ যোৱা হ’ল
আৰু দেউতাকক লগ ধৰি কথাখিনি বুজাই দিয়া হ’ল। দেইউতাকজনে
মনোযোগেৰে কথাখিনি শুনি ক’লে
“সি
ঘৰত নাই, আহিলে
মই তাক
সুধিম। সৰু ল’ৰা, ভুল হ’ব পাৰে। মোৰ ল’ৰাই মোক মিছা নকয়, যদি দি সঁচাকৈ আনিছে
মই আপোনাৰ ফোন নিজে ঘুৰাই দি থৈ আহিমগৈ।”
সঁচাকৈ গধূলি ৰেষ্টুৰেন্টখনৰ পৰা ফোন আহিল যে দেউতাকজনে
ফোনটো ঘুৰাই দি থৈ গৈছে। ষোল্লবছৰৰ আগতে বিশ-বাইছহাজাৰ
বহুত পৰিমাণৰ টকা! ইমান সততাৰে নিজ পুত্ৰৰ ভুল স্বীকাৰ কৰি ফোনটো ঘূৰাই দিছিল তেওঁ, মনত পৰিলে এতিয়াও
শ্ৰদ্ধাত মূৰ দোঁ খাই যায়।
সেই একেখিনি সময়ৰে কথা। বিজ্ঞানৰ স্নাতকোত্তৰ বন্ধু এজনে
পি চি অ’ ব্যৱসায়ৰ
লগতে মোবাইল ফোনৰ ব্যৱসায় আৰম্ভ কৰিছে। কলেজৰ প্ৰেমিকাৰ লগত প্ৰেমবিবাহ কৰিছে।
কাৰোবাক লাগিলে ফাঁচীবজাৰৰ বন্ধু ব্যৱসায়ীৰ পৰা বাকীত ম’বাইল ফোন কিনি আনি বেচি
কিছু অতিৰিক্ত উপাৰ্জন কৰে। এবাৰ ধনী প্ৰতিবেশী এজনৰ দেহৰক্ষীৰ বাবে তিনিটা মোবাইল
ফোনৰ প্ৰয়োজন হোৱাত মুঠতে প্ৰায় উনৈশহাজাৰ টকাৰ তিনিটা ফোন বাকীত আনি দিয়ে। ধনী
মানুহজনে বহুদিন পইছা উলিয়াই নিদিয়াত পইছা বিচাৰোঁতে ক’লে বোলে গোটেইকেইটা ফোন
নকলি আৰু সেয়ে তেওঁ পইচা এটকাও নিদিয়ে। পাছত ফাঁচীবজাৰৰ বন্ধু ব্যৱসায়ীৰ তাগিদাত
ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰা পত্নীয়ে 'পাৰ্চ'নেল লোন' লৈ ধাৰ মাৰিব লগা হ’ল!
চাৰিবছৰ মান আগতে সৰুকৈ এখন ৰেষ্টুৰেন্ট
দিছিলোঁ চান্দমাৰীত। সদায় বাকীখোৱা দুজনমান ল’ৰা, ওচৰৰ ক'ৰ্প'ৰেট অফিচত কাম কৰে। কম
কম পইছাৰ বাকী
খায়, দেৰিকৈ
হ’লেও
বাকী মাৰে। সেয়ে বাকী দিয়াৰ কাৰবাৰটো চলি থাকিল নিয়মীয়া গ্ৰাহক বুলি।
এবাৰ কেইবামাহৰ বাকী খাই তেওঁলোক দোকানলৈ নহা হ’ল। ৰাস্তাত আমাক দেখিলে
বা আমাৰ কোনোবা কৰ্মচাৰী দেখিলে মুখ ঘুৰাই দিয়া হ'ল। কেইবামাহৰ পাছত
ব্যক্তিগত কাৰণত ৰেষ্টুৰেন্টখন বন্ধ কৰি দিব লগা হ’ল। সেই ল’ৰাকেইজনক ৰাস্তাত
বিলাসী গাড়ী চলাই ফুৰা দেখিবলৈ পাইছিলো একেখিনি সময়তে!
2014
চনৰ
চেপ্তেম্বৰ মাহত মোৰ বান্ধৱী এগৰাকীয়ে মোৰ পৰা টকা অলপ ধাৰে লৈছিল। এসপ্তাহৰ
পাছত ঘুৰাই দিয়াৰ কথা আছিল। কিন্তু এবছৰেও ঘুৰাই নিদিয়াত মই মোৰ ঘৰত
সহায়িকা হিচাপে থকা ছোৱালীজনীক খুজিবলৈ পঠালো কাৰণ পইচাৰ পৰিমাণটো সিমান
কমো নাছিল অাৰু নিজে খুজিবলৈ গ'লে তাই লাজ পাব বুলি
বেয়া লাগে। দুদিন পঠোৱাৰ
পাছতো তাই “দি
আছোঁ” “দি আছোঁ”কৈ নিদিলে ঘুৰায়। মোৰো
বেছি খুজি থাকিবলৈ
লাজ লাগিল বাবে বাদ দিলোঁ। এতিয়া শুনিবলৈ পাইছো তেওঁ বোলে লেনদেনত খুবেই
বেয়া। তেওঁৰো ৰেষ্টুৰেণ্টৰ ব্যৱসায় আছে আৰু দৰমহা ভালকৈ নিদিয়াৰ বাবে তেওঁৰ
দোকানত কৰ্মচাৰী বেছিদিন নিটিকে। পইচা-পাতিৰ কথা ৰাজহুৱা কৰিবলৈ বেয়া
পাওঁ, কিন্তু
পইচা অদৰকাৰীওটো নহয়! এবাৰ খোজোতেই লগে লগে দি দিয়া বিশ্বাসটো তেওঁ ভংগ
কৰিলে সামান্য কেইটামান টকাৰ কাৰণে। আগতে সৰু সৰু কথাতে মোক ফোন কৰা বান্ধৱীয়ে
আজিকালি মোক দেখিলে অন্যফালে মুখ ঘুৰায়। কিন্তু সেইকেইটা পইছাৰ মোহ মই
যে কেতিয়াবাই এৰিলোঁ। মাজে মাজে কিটি পাৰ্টী কৰি থকা বান্ধবীৰ ফটো ফেচবুকত
দেখিলে কথাবোৰ মনত পৰে!
মই মানুহৰ প্ৰধানকৈ দুটা
ৰূপ দেখিছোঁ। এটা
পইছা ধাৰলৈ লোৱাৰ আগৰ আৰু আনটো পইছা লৈ ধাৰ নমৰাৰ পাছৰ। সময়মতে, সসন্মানে ধাৰ মৰা
মানুহো আছে। কিন্তু বহুতেই পইছা লোৱাৰ পাছত বহুদিনীয়া সম্পৰ্ক এটা কেইটামান পইছাৰ
বিনিময়ত নষ্ট কৰিবলৈ অকণো সংকোচবোধ নকৰে। সেয়ে আজিকালি পইছাৰ লেনদেনৰ পৰা সততে দূৰতে
থাকোঁ। লেনদেন কৰি সম্পৰ্ক বেয়া কৰাতকৈ নকৰি সম্পৰ্ক বেয়া হ'লে হওক বোলা কথাষাৰতহে
বিশ্বাসী আজিকালি!
(Published in niyamiya barta)
No comments:
Post a Comment