Sunday, October 20, 2019


 

 

 

গল্প:

 

স্বস্তি (প্ৰান্তিক আলোচনীত প্ৰকাশিত)

 

                                                                            

 

                                                                      

শইকীয়াই কাক কাক যে কোৱা নাই, কাক কাক যে অনুৰোধ কৰা নাই আজি নমাহে। ক’তনো নমাহ? ডাক্তৰে ভাল খবৰটো দিয়াৰ পৰাই আচলতে অনুসন্ধান, মানুহক অনুৰোধ কৰাৰ পৰ্বটো আৰম্ভ হৈছিল। কিন্তু পোৱা জানো ইমান সহজ? অফিচৰ পিয়ন, অফিচৰ বাহিৰত চাহ বেচা দোকানী, অফিচ সৰা-মোচা কাম কৰিবলৈ অহা বাইগৰাকী, যিমান চিনাকি ড্ৰাইভাৰ, পিয়নজাতীয় গ্ৰাম্যমূলৰ মানুহ আছে সকলোকে দেখিলেই ক’য় শইকীয়াই। কেইজনক হাজাৰ-বাৰশ টকা দিলেও গাঁৱলৈ গৈ বিচাৰিবলৈ। অনাৰ পাছত আকৌ উপহাৰৰ টোপ! কিন্ত্ত নাই। দৰৱত দিবলৈও নাই। সকলোৰে উত্তৰবোৰ এনেকুৱা, বোলে ইমান দূৰলৈ নাহে, স্কুলতে আজিকালি 'মিডডে' মীল' খাবলৈ পাই, ফ্ৰী শিক্ষা, কিতাপ পত্ৰ, পৰিয়াললৈ চৰকাৰৰ চাৰিটকীয়া চাউল ইত্যাদি ।
শইকীয়ানীৰ ওকালি অহা, সকলোতে বেয়া গোন্ধ পোৱা দিনবোৰ পাৰহৈ ঘন্টাৰ মূৰে মূৰে যিহকে-তিহকে খাওঁ খাওঁ লাগি থকা দিনবোৰ পালেহি। সেইবোৰ পাৰহৈ মাটিত বহিব নোৱাৰা, কেনেবাকৈ বহিলে আকৌ কাৰো সহায় নহ’লে উঠিব নোৱাৰা দিনবোৰ পাৰহৈ এদিন হস্পিতেলত ভৰ্তি হ’লগৈ। তলপেটত চিলাই লৈ চাৰিদিন পাছত বাবাটোক লৈ ঘৰো সোমালহি এদিন। সেইখিনি সময়ত শইকীয়াৰ শাহুৱেক আছিলহি বুলিহে! এমাহমান থাকি তেৱোঁ যাবলৈ ওলাল। আচল সমস্যা তেতিয়াহে আৰম্ভ হল। কেঁচুৱাৰ কাপোৰ ধোৱা আদি কামবোৰ ডাইপাৰ জাতীয় বস্তুৱে কমালে যদিও ল’ৰাটো নিজে বিচনাত বাগৰ সলাব হোৱাৰ পৰা সাংঘাতিক অসুবিধা এটা আৰম্ভ হ’ল। 'পাৰ্টটাইমাৰ'গৰাকীয়ে ঘৰ-দুৱাৰ সৰা-মোছা কৰি, শাক পাছলি কাটি-কুটি থৈ যায় যদিও তাই যোৱাৰ পাছত আৰু শইকীয়া অফিচলৈ যোৱাৰ পাছত শইকীয়ানীৰ বিলৈ-বিপত্তি নোহোৱা হ’ল। তাতে শইকীয়ানী ‘পাৰফেকচ্যনিষ্ট’ মানুহ। এলা-খেলা কাম পচন্দ নহয়। ৰন্ধাৰ পাছত বাৰ্ণাৰটো, পাকঘৰৰ টাইলচবোৰ চিকচিকাই নাথাকিলেওটো হয়! সদায় ফাৰ্ণিচাৰৰ ওপৰত পৰা ধূলিখিনি নোমোহাৰিলেওটো হয়। কেচুঁৱাটোৰ কেঁথাবোৰ জ্যামিতিৰ সুত্ৰ মানি সমানকৈ নাজাপিলেও হয়। এনেবোৰ কথাকেই লৈ শইকীয়াৰো অশান্তি। কেঁচুৱা থকা ঘৰত অলপ এৰা-ধৰা কৰি চলিব পাৰিব লাগিব বুলি শইকীয়াই অন্ততঃকৰণে বিশ্বাস কৰে। বুজালেও লেতেৰা, ধোদ বুলি শেষত অলিখিত প্ৰমাণপত্ৰ এখন হে পাইগৈ!
এনেকুৱা দিন পৰিল যে ল’ৰাটোক এৰি বাথৰুমলৈও যাব নোৱাৰা হ’ল। ল’ৰাটোৰ টোপনি একেবাৰে কম। কাষৰ কোঠাৰ লাইটৰ চুইছ দিলে, পেপাৰখনৰ পৃষ্ঠা সলালে, আনকি আঙুলি ফুটালেও টোপনি ভাঙে তাৰ! প্ৰথমে কথাবোৰ শুনি মানুহে কৈছিল, চোকা মগজুৰ ল’ৰা-ছোৱালীৰ টোপনি কম হয়। কথাটো শুনি শইকীয়ানীৰ প্ৰথমে ভালেই লাগিছিল। শইকীয়াইও উফাইদাং মাৰি শুনাইছিল শইকীয়ানীক,
-বুইছা, ই মোৰ দৰে চোকা হ’ব! চাবা!
শইকীয়াৰ সকলো পৰীক্ষাতে ৰিজাল্ট ভাল যদিও বন কৰা ছোৱালী এজনী গোটাব নোৱাৰাৰ কথাটো ঢাকিবলৈ এই পঢ়াত চোকা হোৱাৰ অস্ত্ৰপাত নিক্ষেপ কৰি থকা বুলি যিদিনাই শইকীয়ানীয়ে অনুভৱ কৰিলে সেইদিনাৰ পৰাই সেইষাৰ কথা ওলালে প্ৰায়ে চকু-মুখেৰে শইকীয়ানীয়ে অগ্নি বৰষা হ’ল। সেই অস্ত্ৰ নিষ্ফল হোৱাত শইকীয়াই আকৌ ইমান দিনে ছোৱালী বিচাৰি পাতি থোৱা বৰশীবোৰ জাৰি-জোকাৰি চালে, ক’ৰবাত কেনেবাকৈ কিবা লাগিছে নেকি বুলি! নাই, ক’তো নাই!
শইকীয়াই সোনকালে ঘৰ সোমাই পাকঘৰত সোমোৱা কৰিলে। নহ’লে দিনটো টোপনি কম ল’ৰাটোৰ লগত লাগি থাকি ৰাতিলৈ ভাত ৰান্ধিবলৈ পালে শইকীয়ানীৰ মুখখন এই উদ্গীৰণ হওঁ হওঁ কৰি থকা আগ্নেয়গিৰিটোৰ দৰে হৈ থাকে। ৰাতি ভাতকেইটা ৰান্ধিলে অন্ততঃ নিশাটো শান্তিৰে টোপনি মাৰিব পাৰে। নহলে পুতেকে ৰাতিও কেইবাবাৰো সাৰ পায় আৰু শইকীয়ানীয়ে নিচুকাই থাকে। অবশ্যে পিছদিনা পূৱাই শইকীয়া উঠিয়েই পুত্ৰধনক ৰাস্তালৈ ফুৰাব লৈ যোৱাৰ সময়তে শইকীয়ানীক অলপ শুই ল’বলৈ দিয়ে। নিজে অলপ দেৰিলৈকে শুম বুলি থাকিলেও ল’ৰাই নাকে-কাণে আঙুলি সোমোৱাই উঠিবলৈ বাধ্য কৰে।
তেনেকৈয়ে ল’ৰা নমহীয়া হৈ অ’ত ত’ত ধৰি থিয় দিব পৰা হ’ল। এতিয়া কথাবোৰ আৰু ভয়ানক হ’ল, কাৰণ তাক অলপ দেৰিৰ বাবেও অকলে এৰিব নোৱাৰা অৱস্থা হ’ল। এদিন দেওবাৰে তাক শইকীয়াৰ লগত থৈ গাধুবলৈ শইকীয়ানী সোমোৱাৰ সময়তে পেপাৰ পঢ়ি থকা শইকীয়াৰ কাষতে খেলি থকা ল’ৰাটো মুখ থেকেচা খাই পৰি দিনটো ওঁঠযোৰ বৰলে কামোৰাৰ দৰে ফুলি থাকিল। তাৰ পিছৰ দেওবাৰৰ কথা।
অফিচৰ পিয়ন গজেনৰ লগতে তাই আহি ওলালহি। পিন্ধনত পুৰনি স্কাৰ্ট এটা আৰু পুৰণি চুৱেটাৰ এটা। প্ৰথম জানুৱাৰীৰ হাড় কঁপা শীতত আঁঠুৰ পৰা তললৈ উদং, ভৰিত এযোৰ সস্তীয়া ৰঙা হাৱাই চেণ্ডেল। ৰঙা জপৰা চুলিবোৰ ৰবৰ এডালেৰে বান্ধি থৈছে। ক্ষীণকায় ছোৱালীজনীৰ বয়স বাৰবছৰ মান যেনহে লাগে। তাইক দেখি উৎফুল্লিত শইকীয়াৰ মনটো দমি গ’ল। গজেনক সুধিলে, হেৰা, সৰু ছোৱালী দেখোন। ইমান সৰু ছোৱালী ৰাখিলে 'চাইল্ডলাইন'ৰ মানুহে ধৰিব দেখোন হে! টিভিত দেখুৱাই নাক-কাণ তেনেই কাটিব ?
‘নাই দাদা, পোন্ধৰ বছৰ হৈছে এইৰ। ভালকৈ খাব পালে, শকত-আৱত হ’লে ডাঙৰ যেন লাগিব দিয়ক তাইক।”
হাতত পলিথিনৰ পেকেট এটা লৈ চুচুক-চামাককৈ ৰৈ থকা ছোৱালীজনী দেখি শইকীয়ানীৰ মনৰ ভিতৰত কি চলিছে শইকীয়াই ধৰিব পৰা নাই। ছোৱালীজনী অহিব বুলি খবৰটো দিওঁতে মুখখন জিলিকি উঠিছিল। উৎফুল্লিত হৈ কৈছিল বোলে ৰাতিপুৱা উঠিয়েই দুটা শালিকা দেখি ভাবিছিলোৱেই বোলো আজি ভাল খবৰ আহিবই! মুখৰ সেই উজ্জ্বলতাৰ আধাও নাই এতিয়া।
দুটা বেডৰুমৰ অকমানি ফ্লেটটোৰ ড্ৰয়িং ৰুমত মুঢ়া এটাত কুচি-মুচি বহি থকাৰ পৰা তাইক শইকীয়ানীয়ে পিছফালে থকা বাৰাণ্ডা নামৰ ঠেক ঠাইখনৰ ৱাশ্বিং মেশ্বিন, ল’ৰাটোৰ গা ধোৱা প্লাষ্টিকৰ টৌটোয়ে আগুৰিব নোৱাৰাকৈ থকা সামান্য খালী ঠাইডোখৰত মুঢ়া এটা পাৰি সতীৰ্থ সকলো কাপ আৰু প্লেট ভাঙি নিসংগ হৈ পৰা কাপটোত চাহ একাপৰ সৈতে কিবা কিবি খাবলৈ দি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি থাকিল।
ভালকৈ থাকিবি, বাইদেৱে যেনেকৈ শিকাই তেনেকৈ কাম বোৰ শিকিবি, বাবাটোক মৰম কৰিবি, মই আহিয়েই থাকিম নহয় জাতীয় কথা কেইটামান কৈ গজেন গুছি গ’ল। গজেন যোৱাৰ পাছত তাইক পিন্ধি অহা কাপোৰ -কানি তিয়াই গা ধুবলৈ নিৰ্দেশ দিলে শইকীয়ানীয়ে। পুৰনি বাল্টি এটাত আধা বাল্টি গৰম পানীও দিলে শইকীয়াৰ কথামতে। শইকীয়াই কওঁতে প্ৰথমে ঘোপাকৈ চাৱনি এটা দিছিল যেন কাম কৰা মানুহৰ ঠাণ্ডা নালাগেই, কিন্তু বুধিয়ক শইকীয়াই সন্ধিৰ বাঁহ বুধিৰে কাটিব জানে। লগে লগে নাকটো মোহাৰি ক’লে বোলে তাইৰ চৰ্দী জ্বৰ হ’লে আমাৰ বাবাৰো হ’ব নহয়! সৰু ল’ৰা-ছোৱালীৰ সোনকালে ‘ইনফেকচ্যন’ হয়। শইকীয়ানী পতিয়ন গ’ল যেনিবা। অকল পতিয়ন যোৱাই নহয় কথাটো এনেকৈ মনত সোমাল যে গধূলি শইকীয়াক বজাৰলৈ তাইলৈ গৰম কাপোৰ আনিবলৈ পঠিয়াই দিলে। শইকীয়াও সাধাৰণতে তেওঁলোকে বাবাটোৰ কাপোৰ-কানি কিনা দোকানখনলৈ গৈ ঊলৰ ব্ৰেণ্ডেড পায়জামা দুটা, চুৱেটাৰ এটা, মোজা এযোৰৰ লগতে কাপোৰ ধোৱা চাবোন, গাত সনা ক্ৰীম এটাও আনি হাতত দিলেহি। শইকীয়ানীয়ে মূৰে কপালে হাত দিলে বোলে কাম কৰা ছোৱালীক ইমান দামী কাপোৰ দিয়াৰ কি প্ৰয়োজন? বৰুৱাহঁতৰজনীক দেখা নাই কেনেকৈ ফুটপাথৰ কাপোৰ পিন্ধাই থ’য়? মিচিকিয়াই হাঁহি এটা মাৰি ক’লে, মোৰ দেখোন ছোৱালী চোৱা মানা আছে? কেনেকৈনো চাওঁ লোকৰ গাভৰু ছোৱালীজনীয়ে কি পিন্ধে কি নিপিন্ধে? নিষ্ফল খং এটা সামৰি থোৱা যেন লাগিল শইকীয়ানীয়ে, যিটোৱে শইকীয়াক পেটে-পেটে বৰ আমোদ দিলে।
ছোৱালীজনী অহাৰ পৰা শইকীয়াই বুজি নাপায় কি কথাত শইকীয়ানীৰ মুখ ফুলি এপাছি হৈ যায় হঠাতে। এদিন ফুচফুচাই তাই নুশুনাকৈ শইকিয়াক ক’লে বোলে তাই কিজানি সদায় গা নুধুৱে বুইছা? তুমি কেনেকৈ জানিলা বুলি উলোটাই সোধা প্ৰশ্নত শইকীয়ানীয়ে ক’লে, আজি ইমান দেৰি বাহিৰত কাণ পাতি থাকিলোঁ, তাই বাথৰুমত পানী পেলোৱাৰ শব্দ শুনা নাপালোঁ।
-হে ভগৱান! ক’ত সময় পোৱা এইবোৰ কৰিবলৈ? আগতে দেখোন চাহ একাপ খাবলৈ সময় নাপাওঁ বুলি সদায় আপত্তি কৰিছিলা?
– মনে মনে থাকা। মোৰটো এতিয়া সন্দেহেই হৈছে, তাই পায়খানা কৰি ভালকৈ হাত ধুৱে নে নাই বুলি।
শইকীয়া চিন্তিতভাৱে মনে মনে থাকিল এইবাৰ।
আন এদিন, শইকীয়া অফিচৰ পৰা আহি টিভিটো অন কৰি বহিছে। পাকঘৰত ধুবলৈ দিয়া মাছখিনি খৰখেদাকৈ ধুই তায়ো আহি মুঢ়া এটা লৈ তেওঁলোকৰ কাষত বহিলহি। তাইক দেখি শইকীয়ানীৰ মুখখনত গোটেই পৃথিৱীৰ অস্বস্তিবোৰে ভিৰ কৰিলেহি। ‘যাছোন, বাবাক খেলাগৈ অকণ’ বুলি শইকীয়ানীয়ে কোৱা কথাষাৰত তাই অতি ধীৰে সুস্থিৰে থিয় হৈ , টি ভিলৈ চাই চায়েই শইকীয়ানীৰ পৰা ল’ৰাটোক কোলাত লৈ ভিতৰলৈ উঠি গল। তাই যোৱাৰ পাছত শইকীয়ানীয়ে ফুচফুচাই শইকীয়াক ক’লে, “বৰ বেয়া বুইছা তাইৰ চাৱনি। বাবাক খুউৱাৰ সময়তো চাই থাকে কেনেকৈ। কালি সি খায়েই বমি কৰি দিছে জানানে?”
-এহ! কিনো মুৰ্খৰ দৰে কথা কোৱা হে? তাৰ গাটো ভাল নাই ছাগে। ডাক্তৰক ফোন কৰিব লাগিছিল আকৌ!
বচ, ফুলিল নহয় মুখখন! পিছদিনালৈকে ওফোন্দ পাতি থকা পত্নীক মনাবলৈ সৰু কথা এটাতে ছোৱালীজনীক ধমকি এটা দি শইকীয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হ’ল। আচলতে ছোৱালীজনীয়েও বাবাক পুতলা এটা লৈ খেলায় আছিল। তেনেকুৱাতে তাইক অইন এটা কাম পাচোতে তাইও “নোৱাৰো এতিয়া” বুলি গেঙেৰি মাৰি উঠাত শইকীয়াৰ খং উঠিছিল। শইকীয়াৰ খংটোও সিমান বেছি নহয়, কিন্তু পত্নীৰ গোমোঠা মুখ দেখিলে তেওঁৰ বৰ অশান্তি হৈ থাকে। সেয়ে.. শইকীয়াই ধমকিটো দিয়াৰ পাছতে কথাবোৰ বেলেগ হ’ল। তাই পিছফালৰ বাৰাণ্ডাৰ ৱাশ্বিং মেশ্বিনটোৰ কাষত গৈ কান্দিবলৈ ধৰিলে। শইকীয়ানীয়ে পাকঘৰৰ পৰা চিঞৰি চিঞৰি নাপাই যেতিয়া তাইক তাত কান্দি থকা অৱস্থাত আবিষ্কাৰ কৰিলেগৈ তেতিয়াহে মৃদু উত্তেজনা এটাৰ সৃষ্টি হ’ল ঘৰখনত।
দুয়ো ওচৰলৈ গৈ বুজালে তাইক, তোক নিজৰ নিচিনা ভাবোঁ কাৰণেহে কিবা এটা কলোঁ। তাতেই ইমান কান্দিব লাগেনে? বহু দেৰি উচুপি উচুপি কন্দাৰ পাছত এসময়ত তাইৰ কন্দা বন্ধ হ’লগৈ। তাৰ পিছত মুখখন বাথৰুমত ধুই আহি সৰু কাগজৰ টুকুৰা এটা আনি দিলেহি শইকীয়াৰ হাতত। ভালকৈ চাই দেখে একা-বেঁকা আখৰেৰে ফোন নম্বৰ এটা লিখা আছে। গধুৰ মাত এটা উলিয়াই তাই ক’লে, দাদা ফোন লগাই দিয়াচোন।
-কাৰ নম্বৰ এইটো?
-আমাৰ ওচৰৰ দাদা এজনৰ। আমাৰ ভাইটিক মাতি দিব। কথা পাতিম মাৰ লগত। শইকীয়া-শইকীয়ানীয়ে পৰস্পৰৰ মুখলৈ চালে। চাৰি চকুৰ মিলনত অনেক কথা বতৰাৰ আদান-প্ৰদান হ’ল। গালি খাই তাই গুছি গ’লে গজেনে বেয়া পাব, আকৌ কেতিয়াবা তাক ছোৱালীৰ বিচৰাৰ কথা ক’ব পৰা নাযাব। গতিকে গৰমে গৰমে মাকৰ লগত কথা পাতিব দিয়া উচিত নহ’ব। হাজাৰ দুখীয়া হলেও মাকৰ মন! এনেও তাইক আনি দিয়াৰ বাবে গজেনক ইতিমধ্যে যথেষ্ট পইছা দিয়া হৈছে। সেয়ে শইকীয়াই অলপ কিবা ভাবি নম্বৰটো মোবাইলত ডায়েল কৰিলে। “the number you have dialled does not exist.”
কথাষাৰ তাইক শুনাই দিলে স্পীকাৰটো লাউড কৰি। ‘তোক নম্বৰটো ভুলকৈ দিলে কিজানি বুইছ? ‘-শইকীয়ানীৰ কথাত তাই একো নামাতিলে।
আমন-জিমনকৈ পাছফালৰ বাৰাণ্ডালৈ গৈ ৰেইলিঙত ধৰি থিয় দি আকাশলৈ চাই থাকিল তাই- দৃষ্টি তেনেই উদাস! তাৰ পাছৰ দুদিনো যেতিয়া সেই নম্বৰত ফোন নালাগিল তেতিয়া এদিন শইকীয়াই নিজে গজেনক ফোনটো লগাই তাইক কথা পাতিবলৈ লগাই দিলে। তাই পাছফালৰ বাৰান্দালৈ গৈ লাহে লাহে কথা পাতিলে। গজেনক ক’লে শইকীয়াই ধমকি দিয়াৰ কথা। কওঁতে অকণ কান্দিলেও তাই। কিন্তু তাইৰ কান্দোনক আওকাণ কৰি সি ক’লে “তই এইকণ গালি দিওঁতে ইমান হাহাঁকাৰ কৰিব লাগে নে? ঘৰত দুষ্টামি কৰিলে মাৰে নিপিটিছিল জানো? ইমান কিয় অশান্তি কৰ? ভালকৈ থাকচোন”
হয়, মাকে মাৰিছিলতো কেতিয়াবা তাইক। পাছত যে মাতি নি মৰমো কৰে। আলফুলকৈ চুলি আঁচুৰি বেণী গুঁঠি দিয়ে। তাইৰ বাইদেৱেকৰ নিচিনাতো নহয় তাইৰ মাক, তেওঁ যে তাই চুলিখিনি আঁচুৰিবলৈ মেলি লোৱা দেখিলে পাছফালৰ বাৰাণ্ডালৈ যা বুলি হুলস্হূল কৰে! ভায়েকৰ সৈতে একেলগে খোৱা-বোৱা কৰোঁতে তাইকতো কোনোদিন কোৱা নাই মাকে ভায়েকৰ মুখ লাগিব বুলি! বাইদেৱে কামৰ কথাৰ বাহিৰে তাইৰ লগত দিনটো একো কথাই নাপাতে। তাইৰ মাকতো তেনেকুৱা নহয়! হাজিৰা কৰিবলৈ গ’লে মাকে সময় নাপায়, কিন্তু অহাৰ পাছত কথাৰ মেটমৰা পেৰা এটা সিহঁতৰ আগত খুলি দিয়েহি! কাৰ ঘৰত কোন আলহী আহিছে, অমুকটো খোৱা বস্তু ৰান্ধিবলৈ কি কি সামগ্ৰী লাগে ইত্যাদি। প্ৰায়ে মাকে পলিথিনৰ পেকেটত ভৰাই নিজে নাখাই সিহঁত দুটালৈ খোৱাবস্তু লৈ আনে। ক’ত সেই আপোনত্ব? তাইৰ বাইদেৱেকক কিবা এটা সুধিলে তাই উত্তৰ পায় “যা, তই এইবোৰ জানি কি কৰিবি?” যদি এইবোৰ কথা বেলেগ, তেনেহলে তাইক দাদা-বাইদেৱে দিয়া ধমকিটো কেনেকৈ একে হ’ল? আচৰিত! গজেনৰ লগত কথা পতাৰ পাছত কথাবোৰ কিছু সলনি হ’ল। তাই গহীন হল। আগৰ দৰে টিভি নোচোৱা হল। বাবাই কিবা খোৱাৰ সময়ত তাই সেই কোঠাত নোসোমোৱা হল।
বাবাক নিজৰ ভাইটোৰ দৰে ভাবিবি, মালিকক নিজৰ দাদা-বাইদেউ বুলি ভাবিবি, ঘৰখন নিজৰ বুলি ভাবিবি ইত্যাদি কথাৰ মূল স্বৰূপবোৰ তাই বুজি উঠিছে। সেইয়া অকল তাই ভাবিব লগা কথা, পইছাৰ প্ৰয়োজন আছে তাইৰ ঘৰত। মাকৰ কুঁৱাৰ পাৰত পিচলি পৰি ভঙা ভৰিখন ভাল নোহোৱাকৈ তাই উভটি যাব নোৱাৰে।
চাৰিমাহৰ পাছত এদিন দেওবাৰ এটাত পুৱা নমান বজাতে কলিংবেল বাজিল। পাকঘৰত লুচি-ভাজি কৰি থকাৰ পৰাই তাই গৈ দুৱাৰখন খুলি দিলেগৈ। সন্মুখত মিচিকিয়া হাঁহি এটি লৈ সেয়া তাইৰ মাক থিয় দি আছে। লগত ভায়েক। তাইৰ মনৰ আনন্দ মুখত স্পষ্ট হৈ পৰিল। আনহাতে শইকীয়ানীৰ মুখখন তেজ নথকা মানুহৰ দৰে শেঁতা পৰি গ’ল। আনদিনাতকৈ সোনকালে দেওবৰীয়া বজাৰৰ পৰা ঘুৰি অহা শইকীয়াৰ মুখখনো অনুজ্জ্বল।
-আপুনি আহিম বুলি খবৰটো দিব লাগে আকৌ। আমি দিনটোৰ কাৰণে এফালে যোৱাৰ কথা আছিল, ভাগ্যে নগ’লোঁ বুলিহে!’
তাইৰ আচৰিত লাগিল, দাদাইছোন দিনত খাবলৈ মাংস আনিবলৈহে গৈছিল।
মাকৰ লগত গুছি যাব পাৰিব বুলি তাইৰ উৎফুল্লিত হোৱা মনটো দমি গ’ল যেতিয়া মাকে মাটিত, পীৰা আদি চাপৰ ঠাইত মাকক বহিবলৈ মানা কৰা বুলি ক’লে। মাকৰ বয়স হৈছে, চৰকাৰী হস্পিটেলৰ ডাক্তৰে কৈছে কথাবোৰ। তাই মাকৰ ভৰিত লগোৱা প্লাষ্টাৰ খুলিলেই উভটি যোৱাৰ কথা আছিল।
এসময়ত মাক আৰু ভায়েকক পেট ভৰাই মাংস-ভাত খুৱাই এপাৰ্টমেণ্টটোৰ গেটলৈ নামি গৈ তাই আগবঢ়াই থৈ আহিলগৈ। সামান্য লেকেচিয়াই লেকেচিয়াই গৈ থকা মাকক পিচফালৰ পৰা চাই চাই, বাৰে বাৰে তাইলৈ উভটি চোৱা মাক-ভায়েকে কেকুঁৰিটো ঘুৰাৰ পাছত তাই উভটি আহিল। চতুৰ্থ মহলাৰ নিজৰ ফ্লেটৰ বাৰাণ্ডাৰ পৰা তাই উভটি অহা চাই থকা শইকীয়াৰ বুকুখন কোনোবাখিনিত বিষাল। তাই দিয়া ফোন নম্বৰটো সদায় এটা অংক কমাই নটা নম্বৰ মাৰিহে ডায়েল কৰিছিল শইকীয়াই, কথাটো তাই যে কোনোদিন নাজানিব!
ভিতৰত ল’ৰাটোৱে শিশুৰ অবুজ ভাষাত কিবাকিবি কৈছে। শইকীয়ানীয়ে শুনি হাঁহিছে, মুখখন আগতকৈ উৎফুল্লিত, সপ্ৰতিভ! তাই আহি ওপৰ পালে। মুখত কলীয়া ডাৱৰ, দেখিও নেদেখাৰ ভাও ধৰিলে শইকীয়াই। তেওঁৰ দৃষ্টি শইকীয়ানীৰ মুখত। বনকৰা ছোৱালীজনীৰ মাক অহাৰ সময়ত দেখা বিবৰ্ণতাৰ সলনি শুভ্ৰ কঁহুৱা হালি-জালি নাচিছে শইকীয়ানীৰ মুখত।
***


No comments:

Post a Comment