"মই মোৰ দেউতাৰ ছোৱালী"
আজিকালি সন্তান এটি জন্ম হোৱাৰ লগে লগে পিতৃ-মাতৃৰ এটা প্ৰয়োজনীয় কাম হ'ল সন্তানটিৰ নাম এটি দিয়া। সেয়ে প্ৰথমে গণকৰ কাষলৈ গৈ জন্মৰ
সময় আদি দি গ্ৰহ-নক্ষত্ৰৰ বিচাৰ কৰি আদ্যাক্ষৰটো আনে আৰু সেইমতে নাম এটি দিয়া হয়।
শিখ ধৰ্মটো এই নিয়মটো আছে। শিখৰ পঞ্চ "ক" বৈশিষ্ট্যপূৰ্ণ পাঁচজন
ব্যক্তিয়ে বিশেষ এটা লোৰ বাছনত লোৰ কৃপাণেৰে মন্থন কৰি বিধিগতভাবে তৈয়াৰ কৰা
বাটাচাৰ পানী চেলেকাই নৱজাতক এটিক পবিত্ৰ 'শ্ৰীগুৰু গ্ৰন্থছাহিব'ৰ পৰা নামৰ আদ্যক্ষৰ বাছি দিয়ে আৰু
সেইসময়ত তাত উপবিষ্ট বয়োজেষ্ঠজনে নিমিষতে মুখলৈ অহা নাম এটা দি দিয়ে। সেয়ে শিখসকলৰ
নামবোৰ পুৰুষ মহিলা নিৰ্বিশেষে প্ৰায় একেই। একে নামৰে একাধিক ব্যক্তি এটা পৰিয়ালতে
থকাৰ নজিৰো আছে। সেই একে পদ্ধতিৰে অমুকীৰে নাম উত্তম কৌৰ ৰখা হৈছিল। পাছত এল পি
স্কুলত নাম লিখিবলৈ যোৱাৰ দিনা স্কুলৰ চিনাকি, প্ৰিয় বাইদেউ এগৰাকীয়ে বোলো ছোৱালীজনীক কিয় ল'ৰাৰ নাম দি থৈছা বুলি মাক ধমক দিহে বৰ্তমানৰ নামটোৰে নামাকৰণ কৰিলে মোক। আজিকালি
সন্তানৰ নামবোৰ অলপ অইনতকৈ বেলেগকৈ ৰাখিবলৈ পিতৃ-মাতৃয়ে যৎপৰোনাস্তি চেষ্টা চলায়।
একে সাৱধানতাৰে নিজৰ ছোৱালীদুজনীৰো নাম ৰাখিছিলোঁ। পিছে কি হ'ব? নতুনকৈ দিয়া নাম এটা দুই-চাৰিবছৰৰ পাছত
পুনৰ 'কমন' অৰ্থাৎ নতুনত্ব নথকা নাম একোটা হয়গৈ! কিছুলোকে উপাধিত আবদ্ধ
হৈ নাথাকি কাব্যিক শব্দৰ সমষ্টিৰে শুৱলা নাম এটিৰে সন্তানৰ নামাকৰণ কৰে। সেয়া বাৰু
ব্যক্তিগত কথা। সেই নামবোৰ শুনিবলৈ বৰ ভালো লাগে।
বহুতে পিতৃৰ উপাধিৰ লগতে নামটোও দি দিয়ে। মাতৃপ্ৰধান সমাজকেইখন বাদ দি ভাৰতীয় সমাজ
ব্যৱস্থাত সাধাৰণতে সন্তানে পিতৃৰ উপাধি লোৱাটো নিয়ম। নমাহ গৰ্ভত ৰাখি জন্ম দিয়া
সন্তানটোক কিয় নিজৰ উপাধিটো দিব নোৱাৰে সেয়া বিশেষ পৰিস্থিতিত নপৰিলে মাতৃসকলৰ
বিচাৰ্যৰ বিষয় নহয়।
এবাৰ বৰ খৰখেদাকৈ এফালে গৈ থাকোঁতে মণিমা(প্ৰকৃত নাম
বেলেগ)ক লগ পাইছিলোঁ। তাইৰ কপালত দগমগীয়া সেন্দুৰ। চাৰি/পাঁচবছৰীয়া ছোৱালী এজনীক
হাতত ধৰি ক'ৰবালৈ যাবলৈ ওলাইছে। মণিমা আমাৰ চুবুৰীয়া
এঘৰত সৰুৰে পৰা ডাঙৰ হৈছে। তাই কাম-বন কৰি সহায় কৰি দিয়া পৰিয়ালটোয়ে তাইক বিয়াও
দিছিল বুলি শুনিছিলোঁ। সৰু ছোৱালীজনী কোন সোধোঁতে তাই ক'লে সেইজনী তাইৰেই ছোৱালী। দামী পোছাক পৰিধান কৰা, পৰিপাটী ছোৱালীজনীক মৰম কৰি নামটো সোধাত 'কিবা কাশ্যপ' বুলি ক'লে। আজিকালি বহুতে
গোত্ৰও লিখে, সেয়ে একো নাভাবিলোঁ। পিছে লগে লগে মাকে
অৰ্থাৎ মণিমাই ক'লে, 'বৌ বাপেকডালৰ কথা জানে নহয়। এইৰ মুখখনেই নাচালে এদিনো
ছোৱালী হোৱাৰ বাবে, সেইকাৰণে কাশ্যপেই দি দিলোঁ আৰু! যাৰ কোনো উপাধি নাই সিয়েই
বোলে 'কাশ্যপ'।" এনেকুৱা নিয়মৰ আমাৰ একো ধাৰণা নাছিল যদিও শুনি বেয়া লাগিল তাইৰ কথাটো।
ব্যক্তিগত কথা সুধিব বেয়া পাওঁ যদিও তাই কথাখিনি ইমান খোলা-খুলিকৈ কোৱাৰ বাবে
সুধিলো তাইৰ ক'ত বিয়া হৈছিল, কি কৰিছিল, আজিকালি সিহঁত ক'ত থাকে ইত্যাদি। গম পালোঁ বেলেগ সম্প্ৰদায়ৰ ল'ৰা এজনৰ লগত প্ৰেম বিবাহ কৰিছিল। তাই যাৰ ঘৰত ডাঙৰ-দীঘল
হৈছিল তেওঁলোকে সেইজন ল'ৰালৈ তাইক বিয়া দিবলৈ খোজা নাছিল। কিন্তু
তাইৰ জেদত দিবলৈ বাধ্য হ'ল আৰু বিয়াত বিছহাজাৰ নগদ টকা যৌতুক
হিচাপেও দিবলৈও বাধ্য হ'ল। বিয়াৰ পাছৰে পৰা তাইৰ ওপৰত
শাৰিৰীক-মানসিক উৎপীড়ন চলিছিল যিবোৰ তাই ল'ৰাজনৰ প্ৰতি থকা প্ৰেমৰ বাবে সহ্য কৰি গৈছিল ঘৰত নজনোৱাকৈ। কিন্তু ছোৱালীজনী
জন্ম হোৱাৰ পৰা সি তাইৰ খবৰ লোৱা নাই, ওলোটাই কাৰোবাৰ আগত কৈ পঠাইছিল বোলে আৰু টকা দিলেহে সি
মাক-জীয়েকক গ্ৰহণ কৰিব। তেতিয়াহে তাই ইমানদিনে তাইৰ লগত হোৱা ঘটনাবোৰ ঘৰৰ মানুহৰ
আগত বেকত কৰিলে আৰু ফলত খঙতে আৰু তাইৰ আৰু কেঁচুৱাকণৰ কথা ভাবি তেওঁলোকে পুনৰ তাইক
স্বামী গৃহলৈ ঘুৰি যাব নিদিলে। শিশুটি মাকে ডাঙৰ হোৱা ঘৰখনতে ডাঙৰ হৈ কাষৰে খৰছী, ব্যক্তিগত স্কুল এখনলৈ যাবলৈও ধৰিছে। মই
লগ পোৱাৰ পাছদিনা বোলে তাইৰ জন্মদিন, সেয়ে ওচৰৰে বিলাসী বেকাৰী এখনত কেকৰ অৰ্ডাৰ দিবলৈ যাবলৈ
ওলাইছে মাক-জীয়েক। তাইৰ কথাবোৰ শুনি মই ক'লোঁ, "তোমাৰ উপাধিটো নিদিলা কিয়? জন্ম দিছা, ডাঙৰ কৰিছা, নিজৰ উপাধি দিয়াৰ তোমাৰ পূৰা অধিকাৰ আছে"। তাই
কিছুদেৰি অবাক হৈ মোৰ ফালে চাই থাকি ক'লে, 'এ...এ, বৌ নাভাবিলোঁ নহয়!" যি কি নহওক, তাই সেই সুহৃদয় মানুহঘৰ নিজৰ কাষত পাইছে বিপদৰ সময়ত, সেয়া তাইৰ ভাগ্য তথা মানুহঘৰ সঁচাকৈ
নমস্য!
ইতিমধ্যে মহাৰাষ্ট্ৰত আইন প্ৰণয়ণ হৈছে যে সন্তানে প্ৰয়োজনত
মাক বা দেউতাকৰ নাম নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। প্ৰকৃততে কোনো বিশেষ কাৰণত
কোনো আদালতে বাৰণ নকৰালৈকে সন্তানে মাতৃৰ উপাধি গ্ৰহণত বাধা নাই। তথাপি
পিতৃতন্ত্ৰই পিন্ধাই থোৱা শিকলি চিঙি উপৰত উল্লেখ কৰা পৰিবেশতো মাকে সন্তানক নিজৰ
উপাধি দিয়াৰ কথা ভাবিব নোৱাৰে!
বিবাহৰ পাছত মহিলাসকলৰ একাংশই নিজৰ পিতৃৰ উপাধি ত্যাগ কৰি
স্বামীৰ উপাধি লিখে। কিছুমানে দুয়োটাই লিখে, নিজৰো আৰু স্বামীৰো। কিছুমানে স্বামীৰ
প্ৰতি থকা মৰম-আবেগৰ বাবে লিখে, কিছুমানে স্বামীৰ
পৰিয়াল পিতৃৰ পৰিয়ালতকৈ সামাজিকভাৱে বেছি প্ৰতিপত্তশীল হ'লে সেই পৰিয়ালৰ অংশ বুলি দেখুৱাই গৌৰৱ কৰিবলৈ লিখে। বহুতে
আকৌ নিলিখেই। সেই পিতৃপ্ৰদত্ত উপাধি এৰি স্বামীৰ উপাধি নোলোৱাটো কোনো কোনো বোৱাৰীৰ
বাবে আকৌ স্বামী গৃহত মানসিক-শাৰিৰীক নিৰ্যাতন পোৱাৰ
কাৰকো হৈ পৰে। ১৯৯৫ চনত মুম্বাই পুলিচৰ তেপ্পন বছৰীয়া কৰ্মচাৰী এজনে এগৰাকী চৌত্ৰিশ বছৰীয়া যুৱতীক
বিয়া কৰায়। ১৯৯৭চনত ব্যক্তিগৰাকীয়ে বিবাহ বিচ্ছেদৰ বাবে পাৰিবাৰিক আদালতত আবেদন
কৰে আৰু ২০০৬ চনত আদালতে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে। বিচ্ছেদৰ পাছত পত্নীয়ে খোৰাকী
বৃদ্ধিৰ বাবে আবেদন কৰাত তেওঁ পত্নীয়ে তেতিয়াও তেওঁৰ উপাধি ব্যৱহাৰ কৰি থকাত
আপত্তি দৰ্শাই আদালতত আবেদন কৰে। ফলত ২০০৯চনত আদালতে পত্নীয়ে প্ৰাক্তন স্বামীৰ
উপাধি ব্যৱহাৰ কৰি থাকিলে সমাজত মানুহ তেওঁলোকৰ সম্পৰ্কটোক লৈ বিভ্ৰান্ত হোৱাৰ
আশংকা থাকে বুলি পত্নীক স্বামীৰ উপাধি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ
দিয়ে। ক্ষুণ্ণ পত্নীয়ে এই বিষয়টোত নিৰ্দেশ দিয়াটো পাৰিবাৰিক আদালতৰ অধিকাৰ
ক্ষেত্ৰৰ
(jurisdiction)
ভিতৰত নপৰে আৰু যিকোনো এটা উপাধি কোনো ব্যক্তি বিশেষৰ ‘ট্ৰেডমাৰ্ক’ নহয় যে আনে সেই
উপাধি গ্ৰহণ কৰিব নোৱাৰিব বুলি যুক্তি প্ৰদৰ্শন কৰি মুম্বাইৰ উচ্চ ন্যায়ালয়ৰ
দ্বাৰস্থ হয়। মুম্বাই উচ্চ ন্যায়ালয়েও আগৰ নিৰ্দেশকে বাহাল ৰখাত তেওঁ পুনৰ
উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। একেটা ৰায়কে বাহাল ৰাখি সৰ্বোচ্চ ন্যায়ালয়ে কোৱা
কথাখিনি সাধাৰণ ভাষাত এইয়ে যে, বিয়া
হোৱাৰ লগে লগে এগৰাকী নাৰীয়ে বহুতো কিবাকিবি লাভ কৰে। যেন, সেন্দুৰ, মংগলসুত্ৰ বা স্বামীৰ
উপাধিটো। যেতিয়ালৈকে স্বামীগৰাকীয়ে আপত্তি নকৰে তেতিয়ালৈকে পত্নীৰ সেই উপাধি
ব্যৱহাৰ কৰাত বাধা নাই। কিন্তু
স্বামীয়ে সমাজত নিজৰ ভাৱমুৰ্তি বজাই ৰাখিবলৈ পত্নীক সেই উপাধি ব্যৱহাৰ কৰাৰ
ক্ষেত্ৰত আপত্তি কৰিলে পত্নীয়ে সেই অধিকাৰ হেৰুৱায়।
ইয়াৰ আগতে পাছপোৰ্ট
সংক্ৰান্তীয় কামত প্ৰাক্তন স্বামীৰ উপাধি ব্যৱহাৰ কৰাৰ বাবে মুখামুখি হোৱা বাধা দূৰ কৰিবলৈ আন এগৰাকী নাৰী
আদালতৰ দ্বাৰস্থ হৈছিল। সেইটো 'কেচ'ত স্বামীগৰাকীয়ে পত্নীয়ে তেওঁৰ উপাধি ব্যৱহাৰ কৰাত কোনো আপত্তি নেদেখুওৱাত
আদালতৰ ৰায় মহিলাগৰাকীৰ পক্ষে গৈছিল। এগৰাকীয়ে ব্যক্তিয়ে সমাজত নিজকে কি বুলি
নামাংকণ কৰিব সেয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত বিষয় আৰু ভাৰতীয় সংবিধানৰ অনুচ্চেদ ২১ অনুসৰি সেয়া তেওঁৰ মৌলিক অধিকাৰ-এয়া আছিল আদালতৰ যুক্তি।
আমি ভাবোঁ জন্মসূত্ৰে পোৱা উপাধিটো এগৰাকী ব্যক্তিৰ প্ৰথম
পৰিচয়। বিবাহ বহু পলমকৈ হোৱা এটা সামাজিক
পৰিঘটনা। যেতিয়ালৈকে স্বামী-স্ত্ৰীৰ সম্পৰ্কটোত
মৰম-চেনেহ, আবেগ-একাত্মতা জড়িত হৈ থাকে তেতিয়ালৈ
ঠিকেই থাকে। কিন্তু বিচ্ছেদৰ পাছত স্বামীৰ উপাধিটো (যদি গ্ৰহণ কৰিছিল) নাৰীৰ আত্মসন্মানত এটা মোক্ষম আঘাত হৈ পৰে। নিজৰ শিপাডাল, যি জন্মৰে পৰা সাৰ-পানী যোগাৰ দি লহ-পহকৈ
বাঢ়ি আন এখন ঘৰলৈ চিৰদিনৰ কাৰণে গুছি যাব পৰাকৈ নাৰী এগৰাকীক সাহসী কৰি তোলে সেই
শিপাক জীৱনৰ মাজ বয়সত পোৱা সম্পৰ্ক এটাৰ কাৰণে এৰি দি আন এটাক গ্ৰহণ কৰাটো নাৰীৰ
নম্ৰতা তথা বশ্যতা স্বীকাৰ কৰা স্বভাৱৰ বহিৰ্প্ৰকাশ যেন অনুভূত হয়! উপাধিয়ে
অতিৰিক্ত সন্মান দিয়ে জানো? পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স, বেংকৰ পাছবুক আদিত থকা নামটো যেতিয়া বিবাহ বিচ্ছেদৰ পাছত
সলাবলগীয়া হয় তেতিয়া দৰকাৰী নথি-পত্ৰ লৈ দৌৰি ফুৰা এটা অদৰকাৰী কাম নহয় জানো? বিচ্ছেদৰ দিন কাৰো নাহক, সকলোৰে সংসাৰবোৰ সুখেৰে উপচি পৰক। কিন্তু
তাৰ বাবে পিতৃ প্ৰদত্ত উপাধিটো এৰা উচিত নহয়, আমি ভাবোঁ। কিয়নো ই আমাক জন্মৰে পৰা এটা
সুকীয়া পৰিচয় দি আহিছে। আইতা, মা, খুড়ীহঁতক দেখিছো তেওঁলোকৰ পিতৃ-মাতৃয়ে
চেনেহত দিয়া নামবোৰ বিয়াৰ পাছত ডাঙৰ বৌ, সৰু খু্ৰী, নছোৱালী, নগঞানী, মামনিৰ মাক, আহোমনী ইত্যাদি সম্বোধনে এসময়ত গ্ৰাস কৰি
পেলাইছিল। এতিয়াও তেনে হয় বহুতৰে লগত। বহুতে নিজৰ ঘৰুৱা নামটো স্বামী গৃহত আহি
হেৰুৱাই পেলায়। প্ৰেম বিবাহ কৰাসকলৰটো ক'বই নালাগে। পোছাকী নামটোৰে হোৱা চিনাকিৰে আৰম্ভ হোৱা
সম্পৰ্কটোত পাছলৈ সেইটোৱেই একমাত্ৰ নাম হৈ পৰে। আনৰ উপাধি গ্ৰহণ কৰিবলৈ কোনেও কাকো বাধ্য কৰিব নোৱাৰে। কিন্তু স্বেচ্ছাই গ্ৰহণ কৰাৰ পাছত কাঢ়ি
নিব পাৰে! আপুনি এতিয়া কাৰোবাৰ পত্নী হৈ আছে, কাইলৈ সেই বান্ধোন নাথাকিল বাবেই আপুনি
মন-প্ৰাণেৰে আকোঁৱালি লৈ নিজকে সমাজত চিনাকি দিয়া উপাধিটো পুনৰ কাঢ়ি লৈ যাব!
ব্যক্তিগতভাৱে নিজৰ স্বকীয়তা বজাই ৰখাত বিশ্বাস কৰোঁ। পিতৃৰ জীয়ৰী বুলি কৈ গৌৰৱ
কৰোঁ। সেয়ে জন্মৰে পৰা মোৰ এতিয়ালৈকে উপাধি একেটাই আছে। শেষৰ বক্তব্যখিনি মোৰ
ব্যক্তিগত অনুভৱ।
(published on 7/3/18 in Dainik Asam)
***
No comments:
Post a Comment