কেলেণ্ডাৰ
এখন বহু আকাংক্ষিত চিনেমা। অসমত ইন্টাৰনেট সেৱা জনপ্ৰিয় হোৱাৰ বহু আগতেই এনাজৰী ডট কম
ৱেবচাইটৰ জৰিয়তে পুৰণা অসমীয়া গান, চিনেমা, গল্প, কবিতা, কিতাপ, ঐতিহাসিকভাৱে
গুৰুত্বপূৰ্ণ ফটো ইত্যাদি ডিজিটেলাইজ কৰি
অসমীয়া সংস্কৃতিৰ বহুমূলীয়া সম্পদ সংৰক্ষণ আদিৰ দৰে মহান কামত ব্ৰতী উদীয়মান পৰিচালক হিমজ্যোতি তালুকদাৰৰ
পৰিচালনাৰ প্ৰথম চিনেমা এইখন, কেলেণ্ডাৰ।
মছলাধৰ্মী, বলিউডী চিনেমাৰ
অনুকৰণত নিৰ্মান কৰা তথা স্বকীয়তা নথকা চিনেমা কোনো ৰুচিশীল দৰ্শকে কেতিয়াও আদৰি নলয়। অসমত
অসমীয়া চিনেমাৰ আদৰ কম আৰু এচাম মুষ্টিমেয় দৰ্শকৰ
ওপৰত ভৰসা কৰি, আগ্ৰহী আৰু চলচিত্ৰ
প্ৰেমী পৰিচালক-প্ৰযোজকে লাভালাভৰ অংক নকৰাকৈ
নিৰ্মাণ কৰা কিছু সংখ্যক
অসমীয়া চিনেমাই বিগত সময়চোৱাত দৰ্শকক মোহিত কৰিছে।
কথানদী, বকুল, মাজ ৰাতিৰ কেতেকী, বিউটিফুল লাইভচ, অন্তৰীণ আদি চিনেমাই ৰুচিশীল
দৰ্শকক পুনৰ হললৈ টানি লৈ গৈছে। মনত সাঁচ বহুৱাই যোৱা এইবোৰ চিনেমাৰ তালিকাত নিজৰ স্থান দখল কৰিব
সক্ষম হোৱা চিনেমা হিচাপে 'কেলেণ্ডাৰ' পৰিগণিত হৈছে।
কেলেণ্ডাৰৰ কাহিনীভাগ আমাৰ অসমীয়া মধ্যবিত্ত ঘৰ এখনৰ দাপোন স্বৰূপ। জীৱনৰ বিয়লি বেলাত উপনীত হোৱা হিতেশ কাকতি(অৰুণ শৰ্মা) আৰু মনোৰমা কাকতিয়ে একমাত্ৰ পুত্ৰ(গুঞ্জন ভ্বৰদ্বাজ)ক অসমৰ বাহিৰত চাকৰি কৰিবলৈ পঠিয়াই সন্তানৰ অনুপস্থিতিয়ে তেনেই ৰিক্ত কৰি দিয়া জীৱন একোটা গতানুগতিক ভাবে কটাইছে। হেঁপাহৰ ভোগালী বিহুলৈ বুলি পো-বোৱাৰী অহাৰ খবৰে স্থবিৰ হৈ পৰা পিতৃ-মাতৃৰ দিনবোৰ খৰস্ৰোতা নৈৰ দৰে চঞ্চলা কৰি তোলে। উৎসাহেৰে বিভিন্ন আয়োজন চলে। কিন্তু সময়ৰ মূৰত ব্যস্ততাৰ বাবে বোৱাৰীয়েক নাহিল আৰু পুতেকেও দুৰাতিৰ বাবে আহি হঠাৎ উৰুকাৰ দিনৰ পুৱাই এৰাতি থাকিয়েই গুচি যাবলগীয়া হ'ল। হেঁপাহেৰে উৰুকালৈ বুলি বজাৰ কৰি অনা মোনাদুটা চোতালতে পেলাই পুতেকক গাড়ীত উঠাবলৈ যোৱাৰ দৃশ্যটোত অৰুণ নাথৰ অভিনয় অতি হৃদয়পৰশা। কেলেণ্ডাৰত দাগ দি দি পুতেকলৈ অপেক্ষা কৰা দিনকেইটাই যেন ভেঙুচালি কৰি একাকীকত্বৰ নিৰ্জন দ্বীপত পুনৰ এৰি থৈ গ'ল দুয়োকে।
এদিন সামান্য যেন লগা অসুস্থতাতে নিদ্ৰাৰত অৱস্থাতে মনোৰমা কাকতিৰ মৃত্যু হয়। তাৰ পাছত আলমাৰীত পোৱা এটা ফোন নম্বৰ, এটা মেডিকেলৰ ফাইলে ইমান দিনৰ কেলেণ্ডাৰৰ দাগবোৰৰ প্ৰকৃৎ উদ্দেশ্যবোৰ পোহৰলৈ আনিলে। প্ৰতিটো তাৰিখত দিয়া দাগবোৰত পত্নীৰ বাবে ডাক্তৰৰ চেম্বাৰৰ কিছুমান নিৰ্মম সত্যইও অপেক্ষা কৰিছিল, যি আছিল অজ্ঞাত হিতেশ কাকতিৰ বাবে। ৰোগৰ বোজা বহন কৰিও মৃত্যুৰ আগদিনালৈকে প্ৰতিটো দিনেই তেওঁ স্বামী আৰু পুত্ৰৰ সুখৰ বাবে ভবিষ্যতৰ আঁচনি তৈয়াৰ কৰি থৈ গ'ল। নিজৰ মৃত্যুৰ পাছত নিসংগ হৈ পৰিবলগীয়া স্বামীৰ বাবে বৃদ্ধাশ্ৰমৰ ঠিকনা বিচৰা, অনাদৃত হৈ পৰিবলগীয়া হেঁপাহৰ ঘৰখন এনেই পৰি থকাতকৈ পুতেকে চাকৰি এৰি পিতৃ-মাতৃৰ অজ্ঞাতে আৰম্ভ কৰা ব্যৱসায়ত
ভোগা লোকচান পূৰাবলৈ ঘৰখন বেচি পোৱা টকা কেইটা তাক দিয়া.. ।
ইয়াকে কয় জীয়াই থকা, যেনেকৈ আছিল মনোৰমা কাকতি। মৃত্যুৰ বিকল্প নথকা জীৱনটোত মৃত্যুৰ দিন গণি দুখী হোৱাতকৈ জীয়াই থকা দিনকেইটা জীৱনক উদযাপন কৰা! গুঁঠি শেষ নহবও পাৰে বুলি জানিও প্ৰিয়জনলৈ মাফলাৰ গুঁঠা! ডাঙৰ হোৱা নিজে নেদেখিবও পাৰে বুলি জানিও গছপুলি ৰোৱা!
প্ৰথমে এটা দৃশ্যই খোকোজা লগাইছিল, যেনে নিশা জুই পুৱাওতে মনোৰমা কাকতিয়ে ঘৰত পিন্ধি থকা কাঢ়া ইস্ত্রি মৰা মুগাৰ মেখেলাখন। পিছমুহূৰ্ততে মনলৈ আহিল, এগৰাকী দ্বায়িত্বশীল ৰুচিপূৰ্ণ মহিলা যি দূৰত থকা পুত্ৰৰ অভাৱ পূৰাবলৈ গছপুলি লালন-পালন কৰে, স্বামীয়ে মুছলমান হোৱাৰ বাবেই ভেদভাব ৰখা বনকৰা মহিলা ফাতেমা(ৰিমঝিম ডেকা)ৰ সৈতে কোনো ভেদ-ভাৱ নাৰাখে, তেওঁ ঘৰত পৰিপাটীকৈ কাপোৰসাজ পিন্ধাটো একো অস্বাভাবিক নহয়। আমাৰ দৃষ্টিত এইবোৰেই চৰিত্ৰটোৰ বৈশিষ্ট্য আৰু চিনেমাখনৰ মূল উপজীৱ্য। মধ্যবিত্তৰ হা-হুমুনিয়াহ তথা অসন্তুষ্টি আমাৰ চিনেমা, নাটকৰ নতুন বিষয় নহয়, কিন্তু মনোৰমা কাকতিৰ চৰিত্ৰটো এক নৱ উপস্থাপন, মৰি মৰিও জীয়াই থাকি আনক জীৱনৰ বাট দেখুৱাই থৈ যোৱা চৰিত্ৰ এইটো।
চলচিত্ৰৰ কাৰিকৰী কথাবোৰৰ জ্ঞান নাই, কিন্তু চৰিত্ৰ আৰু পৰিবেশবোৰ সামান্য পঢ়িব পাৰোঁ। গাঁৱৰ ঘৰ এখন হোৱাৰ স্বত্বেও ভোগালীৰ উৰুকাৰ আগনিশা মুকলি আকাশৰ তলত, চোতালত (ডাঙৰ বাৰাণ্ডা এখন থকাৰ পাছতো) 'ৰেডিমেড' চৌকাত পিঠা পোৰা কথাটো বিসদৃশ যেন লাগিল।
অতি কম সংলাপ, সীমিত দৃশ্য থকাৰ পাছতো দৰ্শকক বহু কথা কৈ থৈ যোৱা, কেৱল চাৰিটা চৰিত্ৰই ফুটাই তোলা নিটোল কাহিনী এটাৰে কেলেণ্ডাৰ এখন আমাৰ নিচিনা দৰ্শকৰ মনৰ খোৰাক দিবলৈ সক্ষম হোৱা সফল চিনেমা। 'কেলেণ্ডাৰ'ৰ লগত জড়িত আটাইলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ থাকিল।
(published on 07/03/2018 in Janambhumi Weekly)
***