Saturday, June 16, 2018


সময়, বিশ্বাস, স্পৰ্শ ইত্যাদি..


১৯৯১ চনৰ কথা। মই মেট্ৰিক পাছ কৰি কটন কলেজত আবেলিৰ শাখাত নাম লগাইছোঁ। ক্লাছবোৰ তেতিয়া নিয়মীয়াকৈ আৰু সম্পূৰ্ণ ৰুটিন অনুসৰি হৈছিল। পাণবজাৰৰ কিতাপৰ দোকানৰ ওচৰত থকা পদাৰ্থ বিজ্ঞান বিভাগ আৰু অসমীয়া বিভাগৰ ক্লাছৰ পাছত দীঘলী পুখুৰীৰ পাৰ থকা প্ৰাণীবিদ্যা আৰু উদ্ভিদ বিদ্যা বিভাগৰ ক্লাছ থাকিলে ছাত্ৰ-ছাত্ৰীসকলৰ দৌৰি দৌৰি কি গতি হয় সেয়া ভুক্তভোগীয়েহে বুজে। সেইটো শাখাৰ বাবে কলেজ হোষ্টেলৰ ব্যৱস্থা নাছিল। তেতিয়া আমাৰ কলেজ বাছ আছিল আৰু ঘৰৰ কাষৰ চিটি বাছ ষ্টপেজত নামিবগৈ পাৰিছিলো। প্ৰথমদিনা ক্লাছ কৰি শেষ হৈছে, গুৱাহাটীৰে এগৰাকী বান্ধৱী যাৰ লগত সেইদিনাহে প্ৰথম বন্ধুত্ব হৈছিল তাই সুধিলে, "তুমি বাছত যাবানে?" .. "নাযাওঁ নেকি, ঘৰৰ পৰা কোনোবাই নিবলৈ আহিব পাৰে" বুলি কথাটো মোৰ মুখৰ পৰা ওলাল কি নোলাল তাই "ঠিক আছে" বুলি দৌৰ মাৰি ইতিমধ্যে ষ্টাৰ্ট দি থোৱা বাছত উঠিলগৈ। অতি কম সময়ৰ ভিতৰতে বাছকেইখনে নতুন ছাত্ৰ-ছাত্ৰীবোৰ বুকুত বান্ধি লৈ সেই স্থান এৰিলে আৰু ইমান দেৰি ছাত্ৰ-ছাত্ৰীৰ মাত-কথা-হাঁহিৰে মুখৰ হৈ থকা ঠাইডোখৰ নিজান হৈ পৰিল। ঘৰৰ পৰা কোনোবা আহিছে বুলি ইফালে-সিফালে বিচাৰিলো যদিও কোনো অহা নাছিল, কাৰণ আহিলে ক্লাছ শেষ হোৱাৰ আগতে আহি ৰৈ থাকে। তেতিয়াহে মোৰ বিপদ হ', দীঘলীপুখুৰীটোৰ পাৰত পোহৰ অতি কম আছিল, হয়তো ওখ ওখ গছবোৰে কাৰণে ষ্ট্ৰীট লাইটবোৰ ঢাকি থোৱাৰ কাৰণে। দুই-এজন মানুহ, দুই-এখন গাড়ী অতি ব্যস্ততাৰে পাৰ হৈ গৈছে। ইফালে মই গুৱাহাটীৰ ৰাস্তাত সেইদিনা প্ৰথমবাৰৰ কাৰণে অকলে, তাকো সাঁজ লাগি ভঙাৰ পাছত। বয়সো কম, আজিৰ দৰে জনবহুলো নাছিল তেতিয়াৰ গুৱাহাটী। ৰাস্তাটোৰ যিফালে চাওঁ সেইফালেই পুখুৰীটোৰ কাৰণে একেই যেন লাগে। সাধাৰণতে ভয়-ভীত নকৰা মইজনীৰো অকণমান ভয় লাগিল। বহু সময় ৰাস্তা হেৰুৱাৰ ভয়ত একে ঠাইতে ৰৈ থাকিলোঁ। অচিনাকি মানুহক সোধাটোও নিৰাপদ নহয় যেন লাগিল। "ক্ৰীং..ক্ৰীং ক্ৰীং... ডিটেক্টিভ 'অমুকে' ৰিচিভাৰটো ক্ৰেডেলৰ পৰা তুলি কাণত ল'লে.." জাতীয় ৰহস্য গল্পত পঢ়া বাক্যকেইটা অাৰু চিনেমাত দেখা লেণ্ডলাইনৰ ফোনকেইটাতে ফোনৰ লগত সম্পৰ্ক শেষ আছিল। কিছুদেৰি তাতেই ৰৈ থাকি তাৰ পাছত এফালে লাহে লাহে আগুৱাই গৈ দেখিলো সেইফালে ৰাস্তাটো অলপ চিনাকি চিনাকি লাগিছে। আগবাঢ়ি গৈ আছো যদিও একো আও-ভাও পোৱা নাইতেতিয়াই মনত এটা বুদ্ধি খেলালে। এবাৰ খালী ৰিক্সা এখন কাষদি যাওঁতে মাতত যথেষ্ট আত্মবিশ্বাস সানি সুধিলো মই থকা ঠাইখনলৈ কেইটকা ল'সি বোলে ৰাতি হৈছে, ঠাইডোখৰৰ দিশটো তাৰ ঘৰলৈ ওলোটা পৰি যায়, সেয়ে সি নাযায়। তেনেকৈ কেইবাজনক সোধাৰ পাছত এজনে ভাৰাটো অলপ বেছিকৈ দিলে যাম বুলি ক'লে। জাঁপ মাৰি উঠিলোঁ আৰু ক'লোঁ মাছখোৱাৰ ভিতৰেদি নিব দেই। কটনৰ মূল বিল্ডিং, ৰসায়ন বিভাগ, অসমীয়া বিভাগ পাৰ হৈ পাণবজাৰ সোমালোঁ। তেতিয়া দোকানবোৰ এখন এখনকৈ বন্ধ কৰিবলৈ ধৰিছে। চিনি পোৱা নাই মই ঠাইডোখৰ। ৰিক্সা গৈ যেতিয়া ফাঁচী বজাৰ পালে, জেইলৰ ওখ দেৱালখন দেখিলোঁ তেতিয়াহে মুখলৈ পানী আহিল। সেইখিনি ইতিমধ্যে মোৰ চিনাকি ঠাই, কাৰণ বাইদেউ, যাৰ ঘৰত থাকি পঢ়িছিলোঁ, তেওঁৰ শান্তিপুৰৰ ঘৰৰ পৰা প্ৰায়েই আমি ফাঁচীবজাৰলৈ সেই ৰাস্তাৰে আহিছিলো। যি কি নহওক ঘটনাটো এতিয়া মনত পৰিলে মই নিজক লৈয়ে সুখ অনুভৱ কৰোঁ, ইমান এটা প্ৰতিকূল পৰিবেশতো বিশেষ বিচলিত নোহোৱাকৈ উপস্থিত বুদ্ধিৰে সৰু ঠাই এখনৰ পৰা অহা ষোল্ল বছৰীয়া ছোৱালী এজনী হোৱাৰ পাছতো কেনেকৈ মই সুকলমে ঘৰ ওলাইছিলোঁ। অৱশ্যে এতিয়া অলিয়ে-গলিয়ে ঘূৰি ফুৰা গুৱাহাটীখনতে এসময়ত মোৰ লগত তেনেকুৱা ঘটনা ঘটিছিল বুলি মনত পৰিলে হাঁহিও উঠে, কিন্তু দিনত দেখা বাট-পথবোৰবোৰ নিশা বেলেগ যেন লাগে সেয়া সঁচা আৰু তেনে পৰিস্থিতিত যিকোনো মানুহৰ লগত নতুন ঠাইত এনেকুৱা ঘটনা ঘটিব পাৰে। ঘটনাটো জীয়ৰীদুজনীক মাজে মাজে কৈ শিকাও নতুন ঠাইলৈ গ'লে বাটৰ চাইনবোৰ্ডবোৰত ঠাইখনৰ নাম পঢ়িব লাগে, তিনিআলি-চাৰি আলিবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে।

স্কুলত ছয়জনী বান্ধৱীৰ আমাৰ গ্ৰুপ এটা আছিল। স্কুলৰ পৰা আহোঁতে একেলগে ওলাওঁ, সিহঁত ঘৰে ঘৰে সোমাই যোৱাৰ পাছত মই অকলশৰে দুই কিলোমিটাৰমান খোজকাঢ়ি আহিব লাগিছিল। আমাৰ গাঁওখন দূৰত আছিল আৰু গাঁৱৰ বেছিভাগ ল'ৰা-ছোৱালী গাঁৱৰ ওচৰৰ অইন এখন স্কুলত পঢ়িছিল। মোক যাওঁতে কেতিয়াবা চাইকেলত দাদা বা দেউতাই থৈ আহে, কেতিয়াবা অইন চিনাকি মানুহৰ চাইকেল বা স্কুটাৰত উঠাই দিয়ে। নহ'লে প্ৰায় তিনি কিলোমিটাৰ মান খোজকাঢ়ি যাব লাগে। আহোঁতেও খোজকাঢ়ি আহোঁ। স্কুলতে ভোক লাগে আমাৰ। সেয়ে প্ৰায়ে লগৰ কেইজনীয়ে লগতে লৈ যায়, "আহ, আমাৰ ঘৰত ভাত খাই যাবি। মই নতুন ছবি আঁকিছোঁ বা নতুন ফুল ৰুইছোঁ বা পঢ়া টেবুলখন অইন এঠাইত ধুনীয়াকৈ সজাইছো চাবি ব'ল"। মইও সোমাই দিওঁ, ভাত খাওঁ, ছবি চাওঁ আৰু তাৰপাছত আৰামত কিতাপৰ টিনৰ বাকচটো লৈ ঘৰলৈ আহি থাকোঁতেতিয়ালৈ কিছুমান মানুহ গধূলি সাঁজলৈ বজাৰ কৰিবলৈ চাইকেল মাৰি মোৰ বিপৰীত দিশে যাবলৈ আৰম্ভ কৰে। চিনাকি হ'লে মোক সোধে, তোৰ স্কুল এতিয়াহে ছুটী হৈছে নেকি অ?  অচিনাকি কিছুমানে সুধি যায়, তুমি 'অমুক'ৰ জীয়েক নেকি? ইমান দেৰি যে?"ঘৰত মায়ে সোধে "আজি কাৰ ঘৰত ভাত খাই আহিলি?  "সদায় সদায় লোকৰ ঘৰত কিয় সোমাৱ" বুলি গালি দিছিল যদিও কেতিয়াও কোৱা নাছিল বা ক'বলগীয়া হোৱা নাছিল "দিন কাল বেয়া। যাৰে-তাৰে ঘৰত নোসোমাবি, অকলে নাহিবি"। সপ্তমমানলৈ এনেকুৱা দিনবোৰ চলিছিল কিয়নো তাৰ পাছত চাইকেলেৰে অহা-যোৱা কৰিছিলোঁ।

আজিকালি আমি কল্পনা কৰিব পাৰোনে, আমাৰ ছোৱালীয়ে আমাক নোকোৱাকৈ বান্ধৱীৰ ঘৰত সোমাই ঘৰলৈ পলমকৈ আহিব আৰু আমি অভিভাৱকসকলে অকণো উদ্বিগ্ন নোহোৱাকৈ গতানুগতিকভাৱে দৈনন্দিন কাম-কাজত ব্যস্ত থাকিম? জীৱিকাৰ তাড়নাত কৰ্মব্যস্ত পিতৃ-মাতৃয়ে যাক বিশ্বাস কৰি নিজৰ শিশুটিৰ সংগী কৰি থৈ যায় সময়ত সিহঁতেই আটাইতকৈ ডাঙৰ শত্ৰু হৈ দেখা দিয়ে। সেইবোৰ শিশুয়ে পিতৃ-মাতৃতকৈ সেই সংগীজনৰ লগত বেছি সময় কটাবলৈ পায়। সেয়ে বহু সময়ত দেখা যায় সিহঁতে সৰু সৰু কথাবোৰৰ কাৰণে মাকতকৈও সেই সংগীজনৰ ওপৰত নিৰ্ভৰশীল হৈ ভাল পায় আৰু দুৰ্ভাগ্যবশতঃ সেইবোৰ সংগীৰ দ্বাৰাই সেই বিশ্বাসৰ অজুহাততে সিহঁত অপহৃত হয়। 

বহু ব্যক্তিগত খণ্ডৰ স্কুলত 'প্লে' গ্ৰুপ' বুলি এটা শ্ৰেণী থাকে য'ত দুইৰ পৰা চাৰে তিনিবছৰীয়া শিশুবোৰক খেলিবলৈ পঠোৱা হয়। ঘৰত সহায়কাৰীৰ লগত অকলে সময় কটোৱাতকৈ সমনীয়া শিশুৰ সৈতে শিক্ষয়িত্ৰীৰ ছত্ৰছায়াত থাকি সামাজিক হোৱাৰ, নৃত্য-গীত, শিশু কবিতা(Rhymes), নিজে টিফিন খাবলৈ শিকা আদি সৰু সৰু কথাবোৰ শিকিবলৈ তথা তুলনামূলকভাৱে নিৰাপদে থাকক বুলিয়েই বহু ব্যস্ত অভিভাৱকে বাধ্যত পৰি সেইবোৰ ক্লাছত ভৰ্তি কৰি দিয়ে। খেলিবলৈ আৰু অন্য যাৱতীয় দৰকাৰী অভ্যাসবোৰ মৰমেৰে শিকোৱালৈকে ঠিকেই থাকে। কিন্তু সকলো শিশু একেই নহয়, নহয় সিহঁতৰ ঘৰুৱা পৰিবেশো য'ত সিহঁতে ডাঙৰ হৈ আহিছে। সেয়ে প্ৰত্যককে বেলেগ বেলেগ ধৰণেৰে ব্যৱহাৰ কৰা আৰু যতন লোৱা জৰুৰী যিটো কথা বহু 'ভাল' বুলি নাম থকা স্কুলতো দেখিবলৈ পোৱা নাযায়। এগৰাকী বান্ধৱীৰ তিনি বছৰীয়া ছোৱালীজনীয়ে এদিন স্কুলত কান্দিলে, কন্দাৰ দিনা বান্ধৱীয়ে ছোৱালী স্কুলৰ পৰা অানিবলৈ যাওঁতে শিক্ষয়িত্ৰীয়ে মাতি নি ক'লে যে তাই কান্দি থাকে, দুদিনমান স্কুললৈ নপঠাব। স্কুললৈ অহাৰ পাছত শিশুটিৰ জ্বৰ হৈছিল কাৰণে তাই কান্দিছিল। জ্বৰ ভাল পোৱাৰ পাছত যি দিনা স্কুল  'ল সেইদিনাও একেই অভিযোগ, কৈছে আপুনি থৈয়ে গুছি নাযাব, কান্দিলে ঘৰলৈ লৈ যাব। কন্দাৰ অজুহাতত চাৰিদিন শিশুটি স্কুলৰ পৰা মাকে ঘুৰাই আনিলে। তিনিদিন তাইৰ স্কুলৰ বাৰান্দাত মাক বহি থাকিলে। তাৰ পিছদিনাও একেই অভিযোগ দিওঁতে বান্ধৱীয়ে ক'লে, সদায় সদায় ঘুৰাই নিবলৈতো স্কুলত দিয়া হোৱা নাছিলে। শিশু এটিয়ে কান্দিলে তাইক নিচুকোৱাৰ সলনি যদি মাৰ-পিট কৰা হয়, সেই শিশুয়ে নাকান্দি কি কৰিব?" শিশুটিয়ে ঘৰত মাকক কোৱা মতে তাই কান্দিলে "মনে মনে থাক।" বুলি দুই-এঢকা দিয়া হয় আৰু প্ৰথম দিনা স্কুললৈ গৈ এবাৰো নকন্দা কণমানিজনীয়ে ভয় খাই সদায় স্কুললৈ গৈয়ে "ঘৰলৈ যাম", "মাৰ ওচৰত যাম" কৈ কান্দিবলৈ ধৰে। বান্ধৱীৰ কথা শুনি শিক্ষয়িত্ৰীয়ে তাপ মাৰিলে, হয়তো ভবা নাছিল ইমান কণমাণি শিশুটিয়ে ঘৰত কৈ দিব। পিছদিনাৰ পৰা তাই কান্দিছে বুলি অভিযোগো নহা হ'ল। আন এগৰাকী শিশুৰ কথা শুনিছিলোঁ, শ্ৰেণী শিক্ষয়িত্ৰীৰ ওচৰত ঘৰুৱা টিউচন নকৰে কাৰণে তেওঁৰ  ওচৰত টিউচন কৰা ক্লাছ কেপ্তেইনে অইন শিশুক মাৰ-পিট কৰিলেও অভিযোগত গুৰুত্ব নিদিয়েস্কুলৰ এইবোৰ কথা সৰু কথা বুলি এৰি দিয়া যায়। বাকী বাতৰি কাকত মেলিলেই, টিভি খুলিলেই পোৱা খবৰবোৰৰ কথা বেলেগেই। বুজাবলৈ দিগদাৰ, তথাপি প্ৰাথমিক আৰু মধ্য ইংৰাজী শ্ৰেণীত পঢ়ি থকা দুই জীয়ৰীক শিকাও কেনেকৈ বাচি থাকিব পাৰি কোনোবা বিকৃত মানসিকতাৰ মানুহৰ পাশৱিক অাচৰণৰ পৰা। শিকাই অপৰাধবোধত ভোগোঁ, এই ধুনীয়া পৃথিৱীখনত সিহঁতৰ কণমানি পৃথিৱীবোৰ আমি সংকূচিত কৰি আনিছো। কোমল মনবোৰত সন্দেহৰ বীজ সোমোৱাই দিছোঁ। মমত্বৰ স্পৰ্শবোৰ আৰু পাশৱিক স্পৰ্শবোৰৰ পাৰ্থক্য অনুভৱ কৰিবলৈ নোৱাৰাকৈ ডাঙৰ কৰিছো সিহঁতক। 

যোৱা জুলাই মাহত চিনাকি পৰিয়াল এটা দিল্লীলৈ গৈছিল। ইণ্ডিয়া গেট চাবলৈ যোৱাৰ দিনা তেওঁলোকৰ হাতত আছিল উটকট্ গৰমৰ পৰা সাময়িক সকাহ পাবলৈ একোটি আইচক্ৰীম। তাত থকা ৰিম'ট চালিত তিনিচকীয়া ৰংবিৰঙী গাড়ীবোৰ দেখি আইচক্ৰীম খাই থকা তেওঁলোকৰ আঠ বছৰীয়াজনীৰ উজলি উঠা চকু দুটি দেখি মাকে ক'লে, "আগতে খাই লোৱা, তাৰ পাছত উঠিবা"। কথাষাৰ কৈ খুউব বেছি দহ চেকেণ্ড তাইৰ পৰা চকু আঁতৰাওতেই ছোৱালী গৈ সেই গাড়ীত উঠি কোনোবাখিনি পালেগৈয়ে। পিছে পিছে ৰিম'ট লৈ চেঙেলীয়া ল'ৰা এটা। বান্ধৱীৰ মগজে কাম কৰে মানে সেই ঠাইত থকা গোলাকাৰ পাৰ্কখনৰ বৃত্তাকাৰ ৰাস্তাত গাড়ীখন দৃষ্টিৰ দূৰ হ'ল। তাৰ পাছত মাকে পিছে পিছে দৌৰি দৌৰিও লগ নাপায় হে নাপায়, ইমান খৰকৈ গাড়ী চলিছে! ভগৱান হয়তু সুপ্ৰসন্ন আছিল, কিছুদূৰ যোৱাৰ পাছত গাড়ীখনৰ ৰিম'টটোৰ যান্ত্ৰিক বিজুটি ঘটিল। গাড়ীখন ৰৈ গ'ল আৰু ভীতিগ্ৰস্ত শিশুটি নামি মাকৰ ফালে দৌৰি আহিল। বান্ধৱীয়ে ল'ৰাটোক ধমক দিয়াত সি হাঁহি হাঁহি পইছা নোলোৱাকৈ আঁতৰি গ'ল। 

কিছুমান ক্ষেত্ৰত সময় তীব্ৰভাৱে সলনি হৈছে। যেনে শিশুৰ প্ৰতি কৰা অপৰাধমূলক কাৰ্যৰ গ্ৰাফডাল তীব্ৰভাৱে উৰ্ধগামী হৈছে। অনবৰতে কিছুমান লুলোপ চকু, কিছুমান ভয়ানক হাতোৰাই অবোধ শিশুবোৰৰ সৰলতাক অনুসৰণ কৰি থাকে। সেইবোৰ চকু আৰু চাৱনি চিনাকি মানুহৰ ভিতৰতে থাকে। শিশুয়ে নজনাকৈ সিহঁতৰ লগত অপৰাধ ঘটি থাকে। অপৰাধীৰ সৈতে বলি হোৱা শিশুটিৰ সামাজিক সম্পৰ্ক তথা পৰিচয়ৰ হেঁচাত কথাবোৰ গাপ লাগে। মনত আখেজ পুহি ৰাখি পাছলৈ আৰু বেছি অৱহেলা কৰে বুলি বহু সময়ত শিশুৰ সৈতে স্কুলত হোৱা শিশুৰ অনুকূলে নোযোৱা কথাবোৰ অভিভাৱকে নিজৰ মাজতে আলোচনা কৰি থৈ দিয়ে কিয়নো স্কুল এখন নিজৰ সকলো সা-সুবিধা চাইহে সন্তানৰ বাবে নিৰ্বাচন কৰা হয়। আপত্তি কৰিলেই "স্কুলৰ পৰা লৈ যাওক" জাতীয় কথা শুনাৰ ভয়! নিজৰ শিশুটিক কোনেও সমাজ সংস্কাৰৰ 'গিনিপিগ' কৰিব নোখোজে। কিন্তু বহু পিতৃ-মাতৃয়ে অনুভৱ কৰিব নোৱাৰে তেওলোকৰ সন্তানটি ইতিমধ্যে তেওঁলোকৰ সপোন পূৰণ কৰাৰ পথত গিনিপিগ' হৈ পৰিছে। অলপতে এজন প্ৰখ্যাত আৰু মোৰ প্ৰিয় গায়কে তেওঁৰ শিষ্যাৰ সৈতে কৰা অবাঞ্চিত, দৃষ্টিকটু ব্যৱহাৰৰ ভিডিঅ এটা চ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু এগৰাকী সচেতন অধিবক্তাই গায়কজনৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছিল। ঘটনাটোৱে আমাৰ মানুহবোৰক দুভাগত ভগাই পেলাইছিল। এভাগে অধিবক্তাগৰাকীক সমৰ্থন কৰিছিল আৰু আনচামে গায়কজনক, লগতে গোচৰ ৰুজু কৰা অধিবক্তাগৰাকীৰ চৰিত্ৰহনন(মহিলা ওপৰত আখেজ পুৰোৱাৰ নিষ্ফল অস্ত্ৰবোৰৰ এপাত হৈছে চৰিত্ৰহনন)পৰ্যন্ত কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কথা হ'ল ঘটনাটোত গায়কজনক গায়কসত্বাটোৰ পৰা আঁতৰাই মানুহ হিচাপে আমি চাব নোৱাৰাৰ এই বদগুণটোৰ কাৰণে এনেবোৰ অবাঞ্চিত ব্যৱহাৰে অস্বীকৃত বৈধতা পায় আৰু তাতেই অইন তেনেকুৱা অজস্ৰ অপৰাধে গঁজালি মেলে।

The National Crime Record Bureau তথ্য অনুসৰি ভাৰতত শিশুজনিত অপৰাধ যেনে বাল্য বিবাহ, বলাৎকাৰ, অপহৰণ আৰু বেশ্যাবৃত্তিত জড়িত কৰিবৰ বাবে শিশু-সৰবৰাহ আদি অপৰাধবোৰ ২০০৫ চনৰ পৰা ২০১৫ লৈ ৩০০% শতাংশ বৃদ্ধি পাইছে। ‘CRY – Child Rights and You"  বুলি অন্য এটা বেচৰকাৰী সংস্থাৰ মতে এই পৰিসংখ্যা ৫০০% !! উত্তৰ প্ৰদেশ এই ক্ষেত্ৰত সৰ্বোচ্চ স্থানত আছে। অসমত হোৱা শেহতীয়া ঘটনাবোৰ যেনে স্কুলৰ পৰা 'বিশেষভাবে সক্ষম' শিশুক অপহৰণ, আদিশ্ৰী বুলি কণমানিজনীৰ নিজৰ ঘৰৰ পৰাই অপহৰণ (যাক মহানগৰ পুলিচ অতি বিচক্ষণতাৰে অতি কম সময়ৰ ভিতৰতে উদ্ধাৰ কৰিছিল)শেহতীয়া শিশু ধৰ্ষণ-হত্যাৰ ঘটনাবোৰে সূচায় অসমো এই ক্ষেত্ৰত ক্ষীপ্ৰভাৱে আগুৱাই গৈ আছে। নিজৰ কন্যাটিক সচেতন কৰা, আত্মৰক্ষাৰ কৌশল শিকোৱা ইত্যাদিতকৈ ল'ৰা শিশু এটিক নাৰীক সন্মান কৰিবলৈ আৰু মূল্যবোধৰ শিক্ষা দিয়াটোহে জৰুৰী। হৰিণাই বনত নিজকে মাংসভোজী জন্তুৰ পৰা গা বচাই থাকিবলগীয়া হোৱাৰ দৰে সভ্য সমাজ এখনত পুৰুষৰ পৰা নাৰীয়ে নিজকে বচাই চলিবলৈ সষ্টম হৈ থাকিবলগীয়া হোৱাটো সেইচাম পুৰুষ তথা তেওঁলোকৰ মাতৃসকলৰ বাবে চৰম লজ্জাজনক কথা!

(Published in Dainink Assam, 13june'18 issue)

***