নষ্টালজিয়া:
ঊল-শলাবোৰ কলৈ গ'ল?
ঊল-শলাবোৰ কলৈ গ'ল?
আহিন-কাতিৰ আমোলমোল শেৱালিৰ গোন্ধ মাৰ নাযাওঁতেই চুৱেটাৰ, শ্বলবোৰ, বছৰে বছৰে
উম দি বাৰ্ধক্যক আঁকোৱালি লোৱা এৰী চাদৰবোৰ উলিয়াই ৰ'দত দিয়া হৈছিল। নেফথেলিনৰ বলবোৰ বুকুতে সাৱটি গোটেই গ্ৰীষ্মকালটো ট্ৰাংকত বন্দী হৈ থকাৰ পাছত ৰ'দৰ মুখ দেখিছিল ঊণৰ কাপোৰবোৰে। সিহঁতে নাজানে সিহঁত কাৰ দেহৰ পৰা বিছিন্ন হৈ আহে আৰু সেইটো নজনাকৈয়ে ওৰেটো জীৱন অইন কাৰোবাক আঁকোৱালি থাকি উমাল কৰি যায় সান্নিধ্য!
বাঢ়ি অহা ল'ৰা-ছোৱালী থকা ঘৰত বাঢ়নীয়া শৰীৰবোৰৰ লগত তাল মিলাব নোৱাৰা চুৱেটাৰবোৰ খুলি পেলোৱা হৈছিল নতুবা আগৰ বছৰ প্ৰিয়জনক গুঁঠি দিয়া চুৱেটাৰটোৰ ডিজাইনটো মনৰ মতন
নহলে বা আকাৰৰ হীন-দেঢ়ি হলেই খুলি পেলোৱা হৈছিল। কঁকালৰ পৰা গুঁঠি আনি ডিঙিত শেষ
কৰা চুৱেটাৰটো খুলিবলৈ যাত্ৰা উভটনি হ’ব লাগে অৰ্থাৎ ডিঙিৰ পৰা খুলি ক্ৰমান্বয়ে
কঁকাল পাবগৈ লাগে।
আগতে শীতৰ এনেকুৱা দিনকেইটাত য'তেই বহে তাতেই মা'য়ে আধা খোলা
চুৱেটাৰ একোটা লৈ বহে। মুঢ়াত বহি আঁঠুদুটা বহলাই তাত খুলি যোৱা ঊলবোৰ পকাই যায়।
যিমানে পাক দিব সিমানেই চুৱেটাৰটোৰ 'ঘৰ'বোৰ সৰি সৰি চুৱেটাৰটোৰ আকৃতি সৰু হৈ পৰে। তাৰ পাছৰ কাম ওৰে ৰাতি ঊলখিনি পানীত ভিজাই থোৱা। আঁঠুত পকাই নেছা কৰা ঊলখিনিত গাঁঠি দি
জঁট লাগিব নোৱাৰাকৈ ভিজোৱা হয়। পিছদিনা পুৱাৰ ৰ'দ ওলোৱাৰ লগে লগে ঊলৰ নেছাবোৰ
দুডাল কাঠৰ মাৰিত ওলমাই ৰ'দত দি শুকোওৱা হয়। আগৰবাৰ
চুৱেটাৰৰ ৰূপত থাকোতে নিভাঁজ ঊলখিনিৰ দেহত পৰা ভাঁজবোৰ গুচাবলৈ চেষ্টা কৰা হয়। যেন পূৰ্বজন্মৰ স্মৃতিবোৰ ধুই-পখালি পেলোৱাৰহে আয়োজন সেয়া! কাঠদুডাল ব্যৱহাৰ কৰাৰ নিয়মো আছিল এটা। এটা অৱলম্বন লৈ, (মায়ে প্ৰায়ে ডাইনিং
টেবুলৰ গধুৰ কাঠৰ চকীদুখন এই কামৰ বাবে উলিয়াই লৈছিল। আমাৰ দৰে সাধাৰণ মানুহৰ ঘৰৰ এনে চকীবোৰ আছিল গধুৰ আৰু সৰলৰৈখিক ডিজাইনৰ, কাঠৰ বাবে লৈছিল দুৱাৰত ব্যৱহাৰ কৰা শালকাঠৰ দাং দুডাল) চকীৰ ওপৰৰ অংশত এডাল দাং দি ঊলৰ নেছাটো তাত
ওলমাই দিছিল। সিডাল দাং আকৌ ঊলখিনিৰ ওলমি থকা অংশৰ মাজেৰে সোমোৱাই ওলমাই
দিছিল যাতে শালকাঠৰ টানত ভিজা ঊলবোৰৰ ভাঁজবোৰ শুকালে নোহোৱা হৈ পৰে। কিন্তু ক'তনো এবাৰ ভাঁজ লগাৰ পাছত পুনৰ আগৰ ৰূপলৈ ঘুৰি যাব? যেনেকৈ বয়সে গৰকা দেহ, মাতৃৰ গৰ্ভ অথবা ওৰেই ৰাতি ফুলাই বান্ধি থোৱা বেলুনে পুনৰাই আগৰ ৰূপ নাপায়। তেনেকৈয়ে ঊলবোৰৰো বয়স হয়। বলিৰেখা পৰে। শুকোৱাৰ পাছত নেছাবোৰ আকৌ আঁঠুত মেৰিয়াই তাৰ পৰা ঊলৰ 'বাৰ নম্বৰ'ৰ মিহি শলাৰে 'ৰিব' ডাল আৰম্ভ কৰে( মাহঁতৰ ভাষাত, অইন অৰ্থ আছে যদি এই লেখকৰ অজ্ঞাত)। 'ৰিব' হ'ল চুৱেটাৰৰ তলৰ ডাঠকৈ গুঁঠা অংশখিনি। এঘৰ/দুঘৰ বা
তাতকৈ বেছি চিধাকৈ, এঘৰ/দুঘৰ বা তাতকৈ বেছি (বা চিধাকৈ গুঁঠাঘৰ কেইটাতকৈ কম বা বেছি)ওলোটাকৈ গুঁঠা চুৱেটাৰটোৰ আৰম্ভণিখিনি সাধাৰণতে দুই বা তিনি ইঞ্চিৰ হয়। মুঠতে
কেইঘৰ চিধা আৰু কেইঘৰ উলোটাকৈ গুঁঠিব আৰু কেইটা ৰঙৰ ঊল থাকিব সেইয়া ডিজাইনটোৰ
ওপৰত নিৰ্ভৰ কৰে। চুৱেটাৰৰ প্ৰাক্তন গৰাকীতকৈ যদি আগন্তুক গৰাকীৰ দেহৰ আকাৰ ডাঙৰ হয় বা একাধিক ৰঙৰ ঊলৰ প্ৰয়োজন হয় তেনেহলে একাধিক সৰু ও পুৰণা চুৱেটাৰে প্ৰাণ আহুতি দিব লাগিছিল। 'ৰিব' গুঠা হোৱাৰ পাছত শলাৰ নম্বৰ সলনি হয়, সম্ভাব্য গৰাকীৰ
দেহৰ ভাঁজে ভাঁজে উম সানিবলৈ হাত আৰু শলাৰ নাচোনত চুৱেটাৰটোৱে লাহে লাহে প্ৰাণ পাবলৈ ধৰে।.... আৰু মাজে মাজে সেইগৰাকীক মাতি আনি পিঠিত, পেটত, বুকুত বা হাতত দি জুখি চোৱা হয়, হাত আৰু ডিঙি ‘ভাঙিবলৈ’ আৰু কেইশাৰী গুঁঠিব লাগিব! জহকালিও গুঁঠিছিল চুৱেটাৰ কেতিয়াবা , কিন্তু লেহেমীয়া আছিল গতি। নতুন
ডিজাইন চাবলৈ মাক দেউতাই চহৰৰ পৰা হিন্দী আলোচনী কিনি আনি দিছিল। সেইবোৰ আলোচনী
'শীত' বিশেষ সংখ্যা হিচাপে প্ৰকাশিত হৈছিল; য'ত ঊণৰ বিভিন্ন পোছাকৰ ডিজাইন
আৰু শীতকালত হোৱা শাক-পাছলিৰে ৰান্ধিব পৰা বিভিন্ন খাদ্যৰ ৰন্ধন প্ৰণালী থাকিছিল। 'মনোৰমা' বুলি সেই আলোচনী এতিয়াও বজাৰত উপলব্ধ।
তাৰ পৰা চাই চাই গুঁঠে...পোন্ধৰ ঘৰ ৰঙা, তাৰ পাছত পাঁচ ঘৰ নীলা আকৌ ৰঙা...।
দুপৰীয়াৰ ভাতসাঁজ খাই মুখৰ তামোলখন শেষ নহঁওতেই হাতত ঊল-শলা লৈ ওচৰ-চুবুৰীয়া
খুড়ীহঁত, জেঠাইহঁত আহি ওলায়। নজনাটো আনগৰাকীৰ পৰা শিকে, নিজে শিকাই বা নতুন
ডিজাইন তুলি ধৰাৰ চেষ্টা অব্যাহত থাকে।
খৰখেদাকৈ গুঁঠা চুৱেটাৰটো সেই শীততে পিন্ধিব পৰা হয়গৈ। তাৰোপৰি বায়েক/ককায়েকৰ
পুৰনা চুৱেটাৰ ভনীয়েক/ভায়েকে পিন্ধি দৈনন্দিন কামবোৰ কৰিব পৰা হয়গৈ। বিয়া-
সবাহলৈ বুলিহে নতুন চুৱেটাৰ গুঁঠা কামটো 'কৰ্প’ৰেট অফিচ'ৰ টাৰ্গেট পূৰণ কৰাৰ দৰে
খৰখেদাকৈ কৰিব লাগে। নব্বৈ দশকৰ আৰম্ভণিতে প্ৰথম কলেজলৈ যাওঁতে ফাঁচীবজাৰৰ
গোৱেংকাৰ কাপোৰৰ দোকানৰ পৰা চুৱেটাৰ কিনি পিন্ধা মনত পৰে। তেতিয়া গুৱাহাটীৰ
নিচিনা ঠাইত ঘৰত গুঁঠা চুৱেটাৰৰ সলনি কিনা চুৱেটাৰৰ প্ৰচলন বাঢ়িবলৈ ধৰিছিল। মাঘত ধান ওহোৱাৰ দৰে, বহাগত গামোচা বোৱাৰ দৰে শীতত
চুৱেটাৰ গুঁঠাটো অৱধাৰিত আছিল আমাৰ শৈশৱত, আমাৰ ঘৰবোৰত। চুৱেটাৰ গুঁঠিবলৈ জনাটো ছোৱালীবোৰৰ বিবাহ প্ৰাৰ্থীত্বত এটা অতিৰিক্ত গূণ বুলি গণ্য কৰা হৈছিল। আমি চুৱেটাৰ গুঁঠিবলৈ নিশিকি হাতত কিতাপ লৈ বহি থাকোঁতে 'শহুৰৰ ঘৰত কি কৰি খামগৈ' বুলিও প্ৰশ্ন উঠিছিল।
যোৱাবছৰ আমাৰ মা'য়ে 'বাৰ নম্বৰ'ৰ শলা এযোৰ কিনি আনি দিবলৈ কৈছিল। ফাঁচিবজাৰৰ সকলো সম্ভাব্য দোকানত বিচাৰি বিচাৰিও নাপালোঁ। ফ্ৰকৰ হুক, বুতাম, বেজী, সূতাৰ পৰা বেগ/পেণ্টত লগোৱা চেইন, কেঁচীলৈকে পোৱা দোকান এখনৰ দোকানী এগৰাকীয়ে ক'লে "আজিকালি কোনে চুৱেটাৰ গুঁঠি পিন্ধে বাইদেউ! শলা বিচাৰি মানুহ নাহেও কোনো। বিক্ৰী নোহোৱা 'সামান' (বস্তু) ৰাখি কি কৰিম?'
হয়তো! মাহঁতৰ হাতৰ ঠাৰত নাচি থকা ঊল-শলাবোৰ আমাৰ বাবে অতীত হৈ পৰিল। কাৰণ আমাৰ প্ৰজন্মৰ বেছিভাগেই সিহঁতৰ লগত খেলিবলৈ আাৰু সিহঁতক আপোন কৰিবলৈ নিশিকিলোঁ। আমাৰ আঙুলিয়ে মোবাইল, কম্পিউটাৰৰ মাজেৰে 'অনলাইন শ্বপিং চাইট'ত ..চকুৱে দোকানত সজাই থোৱা 'উম' বিচাৰিবলৈ শিকিলে...। ঊল-শলাৰ লগে লগে চলা পিছ চোতালৰ মেলখনো সোঁৱৰণী হৈ পৰিল।
(লেখাটো 13/12/17 ৰ দৈনিক অসমৰ বুধবৰীয়া বুলনিত প্ৰকাশ পাইছে)